মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ছালৰ ৰোগ / শুকান বতৰত সতেজ ছালৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুকান বতৰত সতেজ ছালৰ উপায়

শুকান বতৰত সতেজ ছালৰ উপায়

চৌদিশে এতিয়া ফাগুনৰ পছোৱা বতাহ। ধুলিয়ৰি শুকান বতাহে স্বাভাৱিকতে ছাল কৰি তোলে শুকান, ৰুক্ষ। লগতে বতাহ লাগি চুলিও যথেষ্ট ফাটে। এনে অৱস্থাত আপুনি কিছু সাৱধানতা অৱলম্বন কৰি ছাল-চুলিৰ যতন ল’লেই হ’ল। এইকেইটা দিনত ছাল সতেজ হৈ থাকিবলৈ দৈনিক ভাল উন্নতমানৰ ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব। বিশেষকৈ পাতল ময়শ্বাৰাইজাৰ অধিক উপযোগী। তদুপৰি এইকেইটা দিনত খাদ্য তালিকাখনতো গুৰুত্ব দিয়া উচিত। সতেজ ফল-মূল, শাক-পাচলি আৰু প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাটো অতি দৰকাৰী। প্ৰচুৰ পৰিমাণে পানী খালে ছাল সতেজ আৰু উজ্জ্বল হৈ উঠে। এইকেইটা দিনত খাদ্য তালিকাত কেপচিকাম, মাশ্বৰূম, ষ্ট্ৰ’বেৰী, বেলিফুলৰ গুটি, মিছা মাছ আদি খাব লাগে। এনে ধৰণৰ খাদ্যসমূহে শুকান বতৰত ছাললৈ সতেজতা কঢ়িয়াই আনে।

উৎস: সম্ভাৰ।

3.15
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top