স্বাস্থ্য আৰু সৌন্দৰ্য, পৰিৱেশৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। পৰিৱেশৰ পৰা আহৰণ কৰা শুদ্ধ বায়ুৱে স্বাস্থ্য ৰক্ষাত যেনেদৰে প্ৰভাৱ পেলায়, তেনেদৰে উদ্ভিদজাত দ্ৰব্যই সৌন্দৰ্য্য ৰক্ষা আৰু শ্ৰীবৃদ্ধিত প্ৰভাৱ পেলায়। প্ৰাকৃতিক সম্পদত চহকী আমাৰ দেশত প্ৰাচীন কালৰ পৰাই সৌন্দৰ্য্য চৰ্চাত প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ হৈ আহিছে। বাদাম, খেজুৰ, বন্ধাকবি, গাজৰ আদিত থকা ভিটামিন আৰু খনিজ লৱণে ছালৰ পুষ্টি যোগায় আৰু স্বাস্থ্য ৰক্ষাত সহায় কৰে। তেনেদৰে কেকটাচ আৰু আঙুৰৰ ৰসে ছালৰ শুকান ভাৱ দূৰ কৰাত সহায় কৰে। এনেদৰে কিছুমান প্ৰাকৃতিক উপাদানে ছাল পৰিষ্কাৰ কৰি ৰাখে, কিছুমান উপাদানে তেজৰ সঞ্চালনৰ মাত্ৰা সঠিককৈ ৰাখে আৰু কিছুমানে বন্ধ ৰোমকূপ খুলি দিয়াৰ লগতে ছালখন কান্তিময় কৰি তোলে। প্ৰাকৃতিক বহু উপাদানে ছালৰ কেৱল সৌন্দৰ্য বৃদ্ধিয়ে নকৰে, বিভিন্ন ৰোগো দূৰ কৰি সামগ্ৰিকভাৱে ছালৰ স্বাস্থ্য বজাই ৰাখে।
চুলিৰ সৌন্দৰ্য্য হ্ৰাস পোৱাৰ অন্যতম কাৰণ হ’ল- মূৰৰ ছালৰ ক্ষাৰ আৰু অম্লৰ ভাৰসাম্য নষ্ট হোৱা। মূৰ চফা কৰা বিভিন্ন তীক্ষ্ণ ৰসায়নিক দ্ৰব্যৰ বাবে এনে হয়, যাৰ ফলত চুলি স্বাস্থ্যহীন হৈ পৰে। মূৰৰ ছাল চফা কৰাৰ ক্ষেত্ৰত মেহেন্দী, নেমু, শিকাকাই, মণিচাল, কনীৰ বগা অংশ, দৈ আদিৰ অদ্ভুত ক্ষমতা আছে। এইবোৰ হ’ল প্ৰাকৃতিক এনজাইম। ছাল অথবা চুলিৰ কোনো বিঘিনি নঘটোৱাকৈ এনেবোৰ দ্ৰব্যই পুষ্টি যোগায়।
উদ্ভিদজাত বা প্ৰাকৃতিক দ্ৰব্য্ ব্যৱহাৰ কৰাৰ সুফল এয়ে যে, ইয়াক শৰীৰে অতি সহজে গ্ৰহণ কৰে আৰু ইয়াৰ কোনো দুষ্প্ৰভাৱ নাই। এইবোৰ প্ৰাকৃতিক প্ৰসাধনে ছাল কমনীয় কৰা, স্বাস্থ্য বজাই ৰখা, কোমল কৰা আৰু ছালৰ ৰোগ দূৰ কৰা আদি কাৰ্য্য অনায়াসে সিদ্ধ কৰে। চন্দন, ইউকেলিপ্টাচ, লং, কৰ্পুৰ, আৰ্ণিকা আদি দ্ৰব্যই ৰোগ দূৰ কৰাৰ লগতে ছাল কান্তিময় আৰু নমনীয় কৰি তোলে। চন্দনে ৰ’দৰ কুপ্ৰভাৱ দূৰ কৰে আৰু শালমইনা, ব্ৰণ আদিৰ আক্ৰমণৰ পৰা ছালক ৰক্ষা কৰে। যিবোৰ ছাল অতি সংবেদনশীল তেনে ছালৰ বাবে লঙৰ পেষ্টৰে তৈয়াৰ কৰা ক্ৰীম উপযোগী।
এইখিনিতে এই কথা উল্লেখ কৰা ভাল যে, বৰ্তমান সৌন্দৰ্য চৰ্চাৰ উপযোগী প্ৰায়বোৰ উপাদান পোনে পোনে প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ সুবিধা নাই অথবা পৰ্য্যাপ্তভাৱে পোৱা নেযায়। দ্বিতীয়তে, এনে উপাদান বিলাকৰ বহুকেইবিধ বজাৰত কিনিবলৈ পোৱা গ’লেও তাৰ পৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়া দীঘলীয়া হোৱা বাবে মানুহৰ বাবে এক ব্যৱহাৰিক অসুবিধা আহি পৰে। সেয়ে, আন প্ৰসাধন সামগ্ৰীৰ দৰে ইয়াক প্ৰস্তুত কৰা প্ৰাকৃতিক দ্ৰব্যৰ প্ৰসাধন সামগ্ৰীয়ে সৌন্দৰ্য্য চৰ্চাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিছে। এনেদৰে বটল বা পেকেটত প্ৰস্তুত কৰা প্ৰসাধন বহু দিনলৈ ভালে থাকে। কিছুমান উদ্ভিদজাত প্ৰাকৃতিক প্ৰিজাৰভেটিভ থাকে যিবোৰ ইয়াত সংমিশ্ৰণ কৰা হয়। কিছুমান এনে দ্ৰব্য সহজে গোট মাৰে, যাৰ বাবে ইয়াৰ প্ৰয়োগ দেহত লেপনৰ দ্বাৰা কৰা হয়। তাৰোপৰি বিভিন্ন প্ৰকাৰৰ ফল, ফুল পাচলি আদিত ভাল গোন্ধও থাকে। এনেবোৰ বিশেষত্বলৈ লক্ষ্য কৰি প্ৰাকৃতিক প্ৰসাধন তৈয়াৰ কৰা হয়। ইয়াৰ বাবে ৰাসায়নিকভাৱে প্ৰস্তুত কৰা ৰস অথবা প্ৰিজাৰভেটিভৰ আৱশ্যক নহয়। আমাৰ দেশত ‘লেমন গ্ৰাছ’ নামৰ চিত্ৰনলা জাতীয় এবিধ বনস্পতি উৎপন্ন হৈ আহিছে। পুৰণি কালৰ পৰা ৰোমকূপ খোলা আৰু মুখৰ শালমইনা দূৰ কৰাত ইয়াৰ ব্যৱহাৰ হৈ আহিছে। বৰ্তমান এই গছৰ নিৰ্যাস বিদেশত তৈয়াৰ কৰা হয়। বেঙুনীয়া ৰঙৰ ফুল উৎপন্ন হোৱা লেভেণ্ডাৰ গছ, মূলতানি মাটি আৰু ব্লেক ৰ’জ মিহলাই মুখত সনা ক্ৰীম আধুনিকভাৱে প্ৰস্তুত কৰা হৈছে। ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত এনেদৰে তৈয়াৰ কৰা প্ৰসাধন সামগ্ৰী দেশ আৰু বিদেশত অতি জনপ্ৰিয়।
পৰম্পৰাগতভাৱে এনে বহু ঘৰুৱা উপাদান প্ৰসাধন হিচাবে ব্যৱহাৰ হৈ আহিছে যাৰ প্ৰয়োজনীয়তা বৰ্তমানতো অটুত আছে। উদাহৰণস্বৰূপে মৌ এবিধ বাস্তৱিকতে স্নিগ্ধতাপূৰ্ণ দ্ৰব্য। ই ছালখন আকৰ্ষণীয় কৰি তোলাৰ লগতে ছালৰ ৰোগো দূৰ কৰে। মৌ আৰু খুবানী মিহলাই লেপ তৈয়াৰ কৰি ক্ৰীমৰ দৰে ব্যৱহাৰ কৰিব পাৰি। ই ছালৰ অনাকাংক্ষিত চুলি চফা কৰাৰ লগতে ছাল কোমল আৰু উজ্জ্বল কৰি তোলে।
ভাৰতীয় পৰম্পৰাগত পুৰণিকালত চাবোন ব্যৱহাৰৰ কোনো উল্লেখ নাই। ঘেঁহুৰ আটাৰ গুৰি ভুচি, বেচন আৰু গাখীৰ মিহলাই গাৰ মলি দূৰ কৰা হৈছিল। ঘেঁহুৰ আটাৰ লগত গাখীৰৰ সৰ মিহলায়ো ছাল চাফা কৰা হৈছিল। ছালৰ সৌন্দৰ্য্য চৰ্চা আৰু কীটাণু নাশ কৰাৰ বাবে ব্যৱহাৰ কৰা হালধিৰ প্ৰয়োগ বৰ্তমানেও অটুট আছে। স্নানৰ আগতে হালধি আৰু নেমুৰ ৰসৰ মিশ্ৰণে ছাল আকৰ্ষণীয় কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰে।
কেইবিধমান উদ্ভিদজাত দ্ৰব্যৰ গুণকাৰী ৰূপ-
বাদাম
বাদাম মিহিকৈ পিহি সামান্য পানীৰে গুলি লৈ সমগ্ৰ শৰীৰত লগালে চেহেৰা উজ্জ্বল হৈ পৰে। এই ঘোল লগোৱাৰ পাছত শুকাবলৈ ধৰোতে পানীৰে ধুই পেলাব লাগে।
বাদামৰোগন
বাদাম পিহিবলৈ টান পোৱাসকলে বাদাম ৰোগন শৰীৰত লগাব পাৰে। ইয়ে ছালৰ পুষ্টি যোগায়।
তিয়ঁহ
তিয়ঁহৰ ৰসে খোলা ৰোমকূপ বন্ধ কৰে। সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱত ক’লা হৈ পৰা ছাল শীতল কৰে। সতেজ তিয়ঁহৰ ৰস, ছয় চামুচ ডিষ্টিলড বিচ হেজেল, দুই চামুচ পানী মিহলাই পাতল ঘোল তৈয়াৰ কৰি কাঁচৰ বটলত ভৰাই ফ্ৰিজত অথবা ঠাণ্ডা ঠাইত থৈ দিলে কেইবাদিনলৈ ব্যৱহাৰ আগতে বটলটো জোকাৰি ল’ব লাগে।
আলু
আলু বটি হাত, ডিঙি, চকু আৰু ক্লান্ত ভৰিত মালিচ কৰি শুকাই গ’লে ঠাণ্ডা পানীৰে ধুই পেলা লাগে। আলুৰ ৰস মুখ আৰু ডিঙিত লগাই ৰাতি শুই থাকি ৰাতিপুৱা পানীত বিচ হেজেল মিহলাই ধুই পেলালে ছালৰ হেৰোৱা কান্তি ঘূৰি আহে।
তৰমুজ
তৰমুজ পাতল পাতলৈ চকলিয়াই হাত, মুখ, ডিঙি আৰু দেহত ঘঁহি পোন্ধৰমিনিট সময় থৈ দিব লাগে। ইয়াৰ ফলত গৰমত ক্লান্ত দেহ শীতল হৈ পৰে।
নাচপতি
নাচপতিৰ সৰু সৰু টুকুৰা কৰি অথবা ৰস উলিয়াই মুখ আৰু ডিঙিত লগাই পোন্ধৰ মিনিট সময় থৈ ঠাণ্ডা পানীৰে ধুই পেলালে সতেজ অনুভৱ কৰা যায়।
সুমথিৰা
ইয়াৰ গুটি পানীত উতলাই ঠাণ্ডা কৰি সেই পানী স্কীন টনিকৰ দৰে ব্যৱহাৰ কৰিব পাৰি। দুটা বাদাম পানীত তিয়াই বটি লৈ ইয়াৰ সৈতে ২ চামুচ গাখীৰ আৰু এচামুচ গাজৰৰ ৰস, এচামুচ সুমথিৰা ৰস মিহলাই ঘন তৈয়াৰ কৰি ছালত লগাব লাগে। আধা ঘন্টাৰ পিছত ধুই পেলাব লাগে।
মৌ
আধা চামুচ মৌ, এচামুচ পাউদাৰ গাখীৰ আৰু এটা কণীৰ কুহুম মিহলাই মুখ আৰু ডিঙিত লগাই পোন্ধৰ বিশ মিনিট পিছত ধুই পেলাব লাগে। শুকান হৈ পৰা ছালৰ বাবে উপকাৰী।
নাৰিকল
ডাব নাৰিকলৰ বগা কোমল অংশ আৰু পানী সকলো ধৰণৰ ছালৰ বাবে অতি লাভদায়ক।
বিলাহী
দুচামুচ গাখীৰৰ সৰ, দুই চামুচ সতেজ বিলাহীৰ ৰস মিহলাই ঠাণ্ডা ঠাইত থৈ দিয়ক। কপাহৰ টুকুৰাৰে এই মিশ্ৰণ ৰ’দৰ পৰা আহি মুখত লগাওক। চানবাৰ্ণ দূৰ হ’ব। হাত ভৰি ৰুক্ষ হৈ পৰিলে এটা বিলাহীৰ ৰস, এটা নেমুৰ ৰস আৰু সমান মাত্ৰাৰ গ্লিচাৰিণ মিহলাই হাত আৰু ভৰিত লগাওক। হাত, ভৰিৰ ছাল কোমল হৈ পৰিব।
আপেল
ই এবিধ অম্লীয় ফল আৰু তেলেতীয় ছালৰ এবিধ উৎকৃষ্ট টনিক। আপেল টুকুৰা টুকুৰিকৈ কাটি বা ৰস উলিয়াই ছালত লগাই পোন্ধৰ মিনিট সময় ধুই পেলাব লাগে। এচামুচ আপেলৰ ৰস আৰু এচামুচ নেমুৰ ৰসো মিহলাই লগাব পাৰি।
বন্ধাকবি
বন্ধাকবিৰ পাত দুটাৰ ৰস, এক চামুচৰ চাৰিওভাগৰ এভাগ যৱৰ আটা, এক চামুচ মৌ মিহলাই মুখ আৰু ডিঙিত লগাওক। পোন্ধৰমিনিট পিছত কপাহ পানীত তিয়াই চাফা কৰক। ছালৰ শুকান ভাৱ দূৰ কৰাত সহায় হ’ব।
যৱ
সামান্য যৱৰ গুৰি, দুচামুচ নেমুৰ ৰস, সামান্য গাখীৰ মিহলাই মিশ্ৰণ তৈয়াৰ কৰি ছালত লগাওক। ভালকৈ শুকোৱাৰ পিছত ধুই পেলাওক। ছালৰ ৰক্তসঞ্চালন সঠিক কৰে আৰু ছাল চফা হৈ পৰে।
চিৰিকা (ভিনেগাৰ)
মূৰত উফি থাকিলে আধাকাপ চিৰিকা (ভিনেগাৰ) আধাকাপ পানীৰ লগত মিহলাই কপাহত তিয়াই চুলিৰ গুৰিত লগাওক। মূৰ ধোঁৱাৰ আধাঘন্টামান আগতে এনেদৰে কেইদিনমান লগালে মূৰৰ উফি নাইকিয়া হ’ব।
মেহেন্দী বা জেতুকা
চুলিত লগোৱাৰ উপৰিও হাত-ভৰিৰ জ্বলন, ঘামচি, খজুৱতিৰ বাবে এই গছৰ পাত পানীত সিজাই সেই পানীৰে আক্ৰান্ত অংগত লগালে আৰাম পোৱা যায়।
চাহ
চাহপাত পানীত সিজাত সেই পানীৰে মূৰ ধূলে চুলি সৰা বন্ধ হয়। চুলি চিকমিকিয়া কৰিবলৈ চাহপাত সিজোৱা পানীত অলপ নেমুৰ ৰস মিহলাই ল’ব লাগে।
পদিনা
ব্ৰণ, শালমইনা আদি দূৰ কৰিবলৈ কেইটামান পদিনা পাত পিহি ৰাতি শোৱাৰ সময়ত লগাই থওক। ৰাতিপুৱা ধুই পেলাওক। নিশ্চিতভাৱে ই সুফল দিব।
গাখীৰ
ছাল কোমল কৰিবলৈ এনেদৰে ব্যৱহাৰ কৰক-
১) দুই চামুচ ক্ৰীম, এক চামুচ বাদাম ৰোগন, কেইফোটামান গোলাপজল মিহলাই আধাঘন্টা সময় ছালত লগাওক।
২) কেঁচা গাখীৰ কপাহত তিয়াই সানক।
৩) দুই চামুচ গাখীৰ আৰু একচামুচ নিমখ মিহলাই লগাওক।
৪) চিৰঞ্জী, দৈ আৰু গাখীৰ সমান মাত্ৰাত মিহলাই কমেও বিছমিনিট সময় সানি থওক।
৫) ৰং উজ্জ্বল কৰিবলৈ দুটা বাদাম গাখীৰত তিয়াই পিহি লৈ ৰাতি শোৱাৰ সময়ত মুখত লগাই থওক।
৬) বুটৰ দাইল গাখীৰত তিয়াই পিহি লৈ, কেঁচা হালধি আৰু নেমুৰ ৰস মিহলাই সানক।
৭) গাখীৰ, গাজৰ, সুমথিৰাৰ ৰস আৰু মৌৰ পেষ্ট তৈয়াৰ কৰি ছালত লগাওক।
৮) কেঁচা গাখীৰ কিছু সময় ছালত ঘঁহি থাকিলে খোলা ৰোমকূপ বন্ধ হৈ পৰে।
৯) গাখীৰ আৰু নেমুৰ ৰস মিহলাই কেইদিনমান ৰাতি লগালে ছাল চকচকীয়া হয়।
১০) গাখীৰ আৰু আটাৰ মিশ্ৰণ তেলেতীয়া ছালৰ এবিধ উৎকৃষ্ট মাস্ক।
১১) শুকান ছালৰ বাবে গৰম গাখীৰ, মৌ আৰু বাদামৰ পেষ্ট উপকাৰী।
তেল
গা ধোৱাৰ পানীখিনিত দুই চামুচ অলিভ অইল আৰু কলন মিহলাই লওক। সম্পূৰ্ণ শৰীৰ চিকমিকিয়া আৰু সুগন্ধিত হৈ পৰিব।
সুগন্ধি
ৰাতিপুৱা উঠি ভাল গোন্ধযুক্ত ফুল কেইটামান গোটাই লওক। এটা বহল মুখৰ কাঁচৰ বটলত এক তৰপ ফুলৰ পাপৰি সজাই দিয়ক। তাৰ পিছত অলিভ অইলত তিয়াই লোৱা কপাহৰ টুকুৰা কেইটামান ফুলৰ পাপৰিৰ ওপৰত থওঁক। এনেদৰে আৰু এটা তৰপ সজাই লওক। এতিয়া বটলৰ সাঁফৰখন টানকৈ মাৰি পোন্ধৰদিন ৰ’দত দিয়ক। পোন্ধৰদিন পিছত এটা ধুনীয়া পাৰফিউম তৈয়াৰ হ’ব। এই সুগন্ধি কাপোৰত নলগাব। কাৰণ তেলৰ দাগ লাগিব। কপাহৰ টুকুৰাকেইটাৰে হাত, ডিঙি, কাণৰ পিছফালে সুগন্ধি লগাওক।
সৌন্দৰ্য্য চৰ্চাত ব্যৱহৃত কেইবিধমান উদ্ভিদ আৰু প্ৰাকৃতিক দ্ৰব্য
এঙ্গিলকা
এঙ্গিলকা এবিধ এৰোমেটিক গছ আৰু ইয়াৰ পাত ত্ৰিকোণযুক্ত। ইয়াৰ ফুল বগা আৰু পাতল হালধীয়া হয়। ই এক সৌন্দৰ্য্য প্ৰসাধন তৈয়াৰ কৰা বনস্পতি। ডিঙিৰ ছাল সুন্দৰ কৰিবলৈ ইয়াৰ প্ৰয়োগ কৰা হয়। এই গছত এলকহলিক পদাৰ্থও পোৱা যায়।
এবাকাডো
ইয়াত ছাল কোমল আৰু সুন্দৰ কৰা ভিটামিন পৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। এই গছৰ তেল ক্ৰীম প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
কল
ইয়াৰ প্ৰয়োগ ফেচমাস্ক হিচাবে ব্যৱহাৰ হয়। পকাকল পিটিকি ছালত লগাই শুকাই গ’লে ধুই লওক। ছাল চকচকীয়া হ’ব।
তুলসী
তুলসী গছৰ পাতেৰে ঔষধ আৰু সৌন্দৰ্য্যবৰ্ধক লোচন তৈয়াৰ কৰা হয়।
বটগছ
অধিক আয়ুসযুক্ত এই গছ ভেষজ ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত ভিটামিন ‘বি’ আৰু ‘ই’ পৰ্য্যাপ্তমাত্ৰাত থাকে। ইয়াৰ চিৰাপ ছালত সনাৰ বাবে উপযোগী।
মৌচাক
সৌন্দৰ্যবৰ্ধক সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ইয়াক ব্যাপকভাৱে প্ৰয়োগ কৰা হয়। ই ছালৰ বাবে অতি উপযোগী।
খেজুৰ
খেজুৰত যথেষ্ট পৰিমাণে প্ৰ’টিন আৰু ভিটামিন ‘বি’ পোৱা যায়। ই ছালৰ শুকানভাৱ দূৰ কৰাত সহায় কৰাৰ উপৰিও ছালত পুষ্টি যোগায়।
কেমোমাইল
জোঙা আকৃতিৰ পাত আৰু সুন্দৰ ফুলেৰে ই এবিধ ডাঙৰ গছ। এই গছৰ পৰা আপেলৰ দৰে গোন্ধ ওলায়। ইয়াৰ গা-গছ আৰু ফুল ভেষজ ঔষধ প্ৰস্তুত কৰাৰ কামত ব্যৱহাৰ হয়। গোৰোহা ফটা বা ছালৰ অন্য ৰোগ, দুৰ্বলতা আদিৰ বাবে কেমোমাইলৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। ই এবিধ টনিকো যাক মৌ মিহলাই মিঠা কৰা হয়।
কৰ্পূৰ
ই এবিধ এন্টিচেপ্টিক। মাংসপেশীৰ বিষত কৰ্পূৰ তেলেৰে মালিচ কৰিলে আৰাম পোৱা যায়।
কেলেনডাইন
ইয়াক পশ্চিমীয়া দেশত পোৱা যায়। এই গছৰ পাত তিনিকোণীয়া। গছৰ ৰং হালধীয়া আৰু গোন্ধযুক্ত। ইয়াৰ ৰসে ছালক জীৱাণু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। বিশেষজ্ঞৰ মতে কেলেনডাইন গাখীৰ আৰু পানীত থকা গুণবোৰেৰে সমৃদ্ধ এবিধ গছ।
ক্লেবাৰ্চ
বগা ৰঙৰ ফুল হোৱা এবিধ সৰু আকাৰৰ গছ। ইয়াৰ ফুল গোলাকাৰ। এই বনস্পতিৰ লোচনে ছালত টনিকৰ দৰে কাম কৰে। চুলিৰ বাবেও ই উপকাৰী।
মাকৈৰ তেল
মাকৈৰ দানাৰে এই তেল প্ৰস্তুত কৰা হয়। ইয়াত ভিটামিন এ আৰু মেগনেচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়।
ডেণ্ডীলেমন
সুন্দৰ হালধীয়া ৰঙৰ গছ। ছালৰ ৰোগৰ ঔষধ প্ৰস্তুত কৰা হয়। ইয়াক চালাড ৰূপেও খাব পাৰি। এই গছৰ ৰসে ছাল সুৰক্ষিত কৰা পুষ্টিকাৰক ক্ৰীমৰ দৰে কাম কৰে।
মূলতানি মাটি
এই মাটিৰ ৰং ঈষৎ হালধীয়া। খনিজ লৱণ পৰ্য্যাপ্ত মাত্ৰাত থাকে। ছাল চফা আৰু মোলায়েম হয়। তেলেতীয়া ছালৰ তেলভাৱ দূৰ কৰিবলৈ ই অতি উপযোগী।
আইব্ৰাইট
আইব্ৰাইট নামৰ দৰেই চকুৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ই অতি উপযোগী। এই গছৰ পাত কণীৰ আকৃতিৰ আৰু ফুল হালধীয়া আৰু বগা। পাতবোৰ তললৈ হাউলি থকা ইয়াৰ ৰসেৰে চকুৰ লোচন তৈয়াৰ কৰা হয়।
আঙুৰ
এবিধ লৱণযুক্ত ফল। ছালৰ ব্লীচিঙৰ বাবে আঙুৰৰ ৰং উপযোগী।
আখৰোট
এই গছৰ ফলৰ পৰা উৎপন্ন কৰা তেলেৰে ক্ৰীম তৈয়াৰ কৰা হয়, যিয়ে ছাল মোলায়েম কৰি তোলে।
গেলেটাইন
ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়। চুলি ৰেচম কোমল কৰি তুলিবলৈ ইয়াৰ প্ৰয়োগ কৰা নখ। নখ বৃদ্ধি আৰু সুৰক্ষাৰ বাবেও ইয়াৰ ক্ৰীম তৈয়াৰ কৰা হয়।
হলি হক্স
ইয়াৰ সহায়ত ছালৰ চিৰাপ তৈয়াৰ কৰা হয়।
লেক্টিন পাউদাৰ
এবিধ হালধীয়া ৰঙৰ পাউদাৰ। ঘিউ, কণীৰ হালধীয়া অংশ আৰু চয়াবিন মিশ্ৰণ কৰি প্ৰস্তুত কৰা হয়।
এলয়িক এচিড
ক্ৰীম অথবা লোচন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা তৰল পদাৰ্থ। এই লৱণ এক দুই ফোটাই যথেষ্ট।
পিম্পাৰনেল
এবিধ গৰু গছ আৰু পাতবোৰ কণীৰ আকৃতিৰ। বসন্ত ঋতুত ইয়াৰ ফুল ফুলে। চুলিৰ গুৰি মজবুত কৰিবলৈ, চকুৰ তলৰ বলিৰেখা দূৰ কৰিবলৈ আৰু ছালখনক সংক্ৰমণৰ পৰা বচাবলৈ ইয়াৰ সহায়ত প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হয়।
চাগুদানা
এই গছৰ ফুল জোঙা আৰু সেউজীয়া। মুখ ধোৱা চাবোন, গোৰোহা ফটা লোচন প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
সূৰুযমুখী
এই গছৰ ফুলত ছাল কোমল কৰা উপাদান পোৱা যায়। ইয়াৰ তেলে ছালক শুকান হোৱাৰ পৰা ৰক্ষা কৰে আৰু তেলৰ সহায়ত পুষ্টিকাৰক ক্ৰীম তৈয়াৰ কৰা হয়।
য়গাৰ্ট
এই তৰল পদাৰ্থ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। প্ৰাকৃতিকভাৱে ই এনজাইম গুণসমৃদ্ধ। ছালত লগোৱা ক্ৰীম প্ৰস্তুত কৰাত ইয়াক ব্যৱহাৰ কৰা হয়।
টোটেজন
ই এক জোপোহা আৰু সুগন্ধযুক্ত উদ্ভিদ। ছালৰ টনিক আৰু লোচন প্ৰস্তুত কৰাৰ কামত ব্যৱহাৰ কৰা হয়।
পিয়াঁজ
পিয়াঁজৰ ৰসেৰে মুখ ধুলে শালমইনা দূৰ হয়। ইয়াৰ ৰসৰ সৈতে মৌ মিহলাই ভেচলিন তৈয়াৰ কৰা হয়।
কেলেণ্ডুলা
এই গছৰ পাত আৰু ফুল একজিমা ৰোগগ্ৰস্ত ছালৰ বাবে উপকাৰী।
লেখিকা: অলকানন্দ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 5/27/2020
পৰিৱেশৰ উত্তৰণ
পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসা
পৰিৱেশ সংৰক্ষণৰ অংশীদাৰ হওঁ আহক
অমৰাৰো আছে ভাল গুণ