অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাত আৰু নখৰ যতন

পুৰুষেই হওক বা মহিলাই হওক আজি প্ৰতিগৰাকী ব্যক্তিয়ে সৌন্দৰ্য সম্পৰ্কে সচেতন। নাৰীসকল এইক্ষেত্ৰত আগবঢ়া। প্ৰত্যেকগৰাকী নাৰীয়ে নিজক সজাই ভাল পায়। পিছে সৌন্দৰ্য সচেতন ব্যক্তি হ’বলৈ কেৱল নিজৰ মুখমণ্ডল সুন্দৰ কৰিলেই নহ’ব। কাপোৰৰ বাহিৰত ওলাই থকা অংগসমূহো পৰিষ্কাৰ কৰি ৰাখিলেহে আনৰ চকুত সুন্দৰ হ’ব। আমাৰ হাতখন আৰু হাতৰ নখ সাধাৰণতে সকলোৰে চকুত সহজে পৰে। সেয়ে মুখৰ লগতে হাত আৰু নখৰ ওপৰতো গুৰুত্ব দিয়া উচিত আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। মহিলাসকলে নখত সুন্দৰকৈ নেইল পলিচ লগালে সৌন্দৰ্য বৃদ্ধি হ’ব।

হাতৰ যতন

  • কাপোৰ ধোৱাৰ পিছত নাইবা বাচন ধোৱাৰ পিছত সদায় হাতত লোচন বা জেল ব্যৱহাৰ কৰিব লাগে। কাৰণ চাবোনে সদায় আমাৰ ছালখন শুকান কৰি পেলায়। হাতত লোচন বা জেল লগালে চাবোনৰপৰা সুৰক্ষিত।
  • হাতৰ ছাল শুকান আৰু খহটা হ’লে কেইটোপালমান নেমুৰ ৰসত অকণমান গৰম তেল লৈ হাত দুখন লাহে লাহে মালিচ কৰিলে ছালৰ ৰং উজ্জ্বল হোৱাৰ লগতে হাতৰ গঢ়ো সুন্দৰ হয়।
  • কুহুমীয়া পানীত কেইটোপালমান ভিনেগাৰ দি পানীত অলপ সময় হাত দুখন ৰাখি পিছত কোমল শুকান টাৱেলেৰে মোহাৰি অকণমান বেবী ক্ৰীম লৈ হাত দুখনৰ অঙুলিবোৰ মালিচ কৰক।
  • অকণমান নিমখ কুহুমীয়া পানীত দি হাতখন অলপ সময় জুবুৰিয়াই থ’ব। তাৰ পিছত শুকানকৈ টাৱেলেৰে মোহাৰি ময়শ্চৰাইজাৰ লগাই আলফুলে ১০-১৫ মিনিট হাতখন পিহিব। এনেদৰে অলপ দিন কৰিলে হাতৰ ছাল কোমল হোৱাৰ লগতে উজ্জ্বল হ’ব।

নেইল পলিচৰ উপকাৰ আৰু ব্যৱহাৰ

  • নেইল পলিচে হাতৰ নখৰ উপৰি ভাগত ঢাকনি হিচাপে থাকি নখক সুৰক্ষা দিয়ে।
  • নেইল পলিচে হাত সুন্দৰ কৰাৰ লগতে নখচকুৱা (নখত হোৱা ৰোগ) হোৱাত বাধা দিয়ে।
  • ভিনেগাৰেৰে নখৰ উপৰিভাগ মাজে মাজে মোহাৰি দিলে নখ উজ্জ্বল হয়।
  • নেইল পলিচ পোন্ধৰ দিনৰ বেছি হাতত ৰখা উচিত নহয়।
  • সদায় নামী কোম্পানীৰ নেইল ৰিম’ভাৰ ব্যৱহাৰ কৰিব লাগে।
  • এবাৰ নেইল পলিচ ব্যৱহাৰ কৰাৰ পিছত ৰিম’ভাৰেৰে আঁতৰোৱাৰ লগে লগে নেইল পলিচ লগব নালাগে। কমেও ৮-১০ ঘণ্টা পিছত নেইল পলিচ লগাব লাগে।
  • কেতিয়াবা নখত নেইল পলিচ বহুদিন লগোৱাৰ কাৰণে নখৰ উপৰি ভাগত এটা দাগ বহে। নেমুৰ ৰস তুলাত লগাই ১০-২০ ছেকেণ্ড নখত ৰাখিলে দাগ আঁতৰে।
  • নেইল পলিচ লগোৱাৰ পিছত ঠাণ্ডা পানীত হাতখন জুবুৰিয়াই দুই মিনিটমান ৰাখিলে নেইল পলিচৰ ৰং উজ্জ্বল হোৱাৰ লগতে বহু দিনলৈ নেইল পলিচ ভালে থাকে।
  • দুৰ্বল নখ সোনকালে ভাঙে। বাদাম তেলৰ লগত অকণমান নিমখ মিহিকৈ গুড়ি কৰি নখৰ ওপৰত লাহে লাহে ঘঁহিলে দুৰ্বল নখ সবল হয় আৰু সোনকালে নাভাঙে।

লিখকঃ ললিতা শৰ্মা লহকৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate