অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছ’ৱাইন ফ্লু:

 

ছ’ৱাইন ফ্লু কি?

 

আজিকালি ছ’ৱাইন ফ্লু ‘ইনফ্লুৱেঞ্জা-এ(H1N1)’ অথবা ‘H1N1 ফ্লু’ বুলিহে জনা যায়। আৰম্ভণিতে গাহৰিৰ পৰা মানুহলৈ ৰোগৰ সংক্ৰমণ হৈছিল আৰু এই ৰোগবিধ সৃষ্টি কৰা ভাইৰাছ গাহৰিৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ সৈতে একে বুলি ভবা হোৱা বাবে ইয়াক ‘ছ’ৱাইন ফ্লু’ বুলি কোৱা হৈছিল। বহুতে এই ৰোগক পিগ ইনফ্লুৱেঞ্জা, হেগ ফ্লু, পিগ ফ্লু, মেক্সিকান ফ্লু, নিউ ফ্লু বুলিও কোৱা হৈছে। প্ৰকৃত ছ’ৱাইন ফ্লু আচলতে ভাইৰাছৰ দ্বাৰা গাহৰিৰ শ্বাসতন্ত্ৰত হোৱা এবিধ ৰোগ। সাধাৰণতে মানুহৰ মাজত এই ৰোগ নহয়। হ’লেও তাক জুনেটিক ছ’ৱাইন ফ্লু বুলি কোৱা হয়। ২০০৯ চনৰ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ প্ৰথম ভাগত মানুহৰ মাজত ছ’ৱাইন ফ্লু ভাইৰাছ(H1N1) সংক্ৰমণৰ প্ৰথম খবৰ পোৱা গৈছিল। এই ঘটনা ঘটিছিল মেক্সিকোত। পৰৱৰ্তী সময়ত ই পৃথিৱীৰ কেইবাখনো দেশলৈ সংক্ৰমিত হৈছিল। পিচত গম পোৱা গ’ল যে মানুহৰ শৰীৰত সৃষ্টি হোৱা এইবিধ ৰোগৰ মূল কাৰক আচলতে গাহৰি, চৰাই আৰু মানুহৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ জেনেটিক পদাৰ্থ থকা ইনফ্লুৱেঞ্জা-এ(H1N1) ভাইৰাছবিধহে।

কিদৰে বিয়পে:

 

অন্য ফ্লু ভাইৰাছৰ দৰে এই ফ্লু সৃষ্টি কৰা ইনফ্লুৱেঞ্জা-এ(H1N1) ভাইৰাছ এজনৰ পৰা আনজনলৈ বিয়পে। ই অতি সোঁচৰা। এই ভাইৰাছবিধ সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কাহ আৰু হাঁচিৰ যোগেৰে বিয়পি পৰে। এইবিধ ফ্লু ভাইৰাছ থকা লোকৰ লেলাউটি, নাক, ডিঙি আদিৰ পৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তেও ই বিয়পে। কেতিয়াবা এইবিধ ফ্লু ভাইৰাছ থকা লোকৰ শৰীৰ বা আন কিছু বস্তু স্পৰ্শ কৰিলে এই ৰোগ সংক্ৰমিত হ’ব পাৰে। উপসৰ্গ দেখা দিয়াৰ ৬এদিন আগৰে পৰা অসুস্থ হোৱাৰ সাত দিন বা তাতোকৈ বেছিদিন পিচলৈ আক্ৰান্ত ব্যক্তিৰ দ্বাৰা আন ব্যক্তিৰ গালৈ সংক্ৰমণ ঘটিব পাৰে। অৰ্থাৎ আক্ৰান্ত ব্যক্তিয়ে ৰোগ হৈছে বুলি নিজে জনাৰ আগতেই আনৰ গালৈও এই ৰোগ বিয়পাব পাৰে। এটা হাঁচিয়ে বতাহত সহস্ৰ ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছে পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে নথকা লোকক সহজতে আক্ৰমণ কৰে। ভিৰ এলেকাত ইয়াৰ সংক্ৰমণ অধিক হয়। খাদ্যৰ পৰা (আনকি গাহৰিৰ মাংস) এইবিধ ভাইৰাছ নিবিয়পে।

লক্ষণ আৰু উপসৰ্গবোৰ:

 

ছ’ৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰেই মানুহৰ গাত দেখা দিয়ে। সাধাৰণতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ দুইৰ পৰা সাত দিনৰ ভিতৰত দেখা দিয়া লক্ষণবোৰ হ’ল- জ্বৰ, কাহ, মাত বহি যোৱা, ডিঙি চেকচেকাই থকা, ডিঙিৰ বিষ, গাৰ বিষ, মূৰৰ বিষ, অধ্যধিক ঠাণ্ডা অনুভৱ কৰা, নাক বন্ধ হোৱা, খোৱা-বোৱাত ৰুচি নোহোৱা আৰু ভাগৰুৱাবোধ কৰা ইত্যাদি। ছ’ৱাইন ফ্লু হোৱা কিছুমান লোকৰ ডায়েৰিয়া আৰু বমিও হ’ব পাৰে। আন সাধাৰণ ফ্লুৰ দৰে ছ’ৱাইন ফ্লু দীৰ্ঘম্যাদী হ’লে, ৰোগীৰ জটিল অৱস্থা নিউমোনিয়া আৰু এনকেফেলাইটিছ(মূৰ্ছা যোৱা, অজ্ঞান হোৱা, পেৰালাইছিছ আদি) আদি হ’ব পাৰে। নিউমোনিয়া, উশাহ-নিশাহত কষ্ট পোৱা, ডিহাইড্ৰেচন, বৃক্ক অচল হোৱা, যকৃৎ অচল হোৱা, মাল্টিঅৰ্গেন ফেইলৰ, ৰেবডোমায়োলাইছিছ, মায়োকাৰ্ডাটিছ আদি হৈও এনে ৰোগীৰ মৃত্যু হ’ব পাৰে। সাধাৰণতে শিশু (বিশেষকৈ এছপিৰিন খোৱা), গৰ্ভৱতী মহিলা আৰু শ্বাস-প্ৰশাসজনিত ৰোগ, ডায়েবেটিছ, ক্ৰনিক হাৰ্ট ডিজিছ, বৃক্ক, যকৃৎ আদিৰ পুৰণা ৰোগ থকা ব্যক্তিৰ জটিলতা হোৱাৰ আশংকা অধিক দেখা যায়।

ৰোগৰ চিনাক্তকৰণ:

 

যিহেতু ছ’ৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰে একে, সেয়েহে এই ৰোগবিধ কেৱল পৰীক্ষাগাৰত পৰীক্ষা কৰিহে থিৰাং কৰিব পাৰি। একেৰাহে সাত দিন ছ’ৱাইন ফ্লু হোৱা ৰোগীৰ সংস্পৰ্শত থকা, সাত দিনৰ ভিতৰত ছ’ৱাইন ফ্লু ৰোগী থকা ঠাই ভ্ৰমণ কৰা অথবা ছ’ৱাইন ফ্লু হোৱা ঠাইৰ কোনো ব্যক্তিৰ উযদি ফ্লুৰ লক্ষণ দেখা দিয়ে, তেন্তে তেওঁক ছ’ৱাইন ফ্লু ৰোগী হিচাপে সন্দেহ কৰা হ’ব পাৰে। কিন্তু ৰোগ নিৰ্ণয়ৰ বাবে লেব’ৰেটৰী পৰীক্ষাৰ বিকল্প নাই। আক্ৰান্ত ব্যক্তিৰ শেঙুন অথবা কফৰ ৰিয়েল টাইম পি চি আৰ পদ্ধতিৰে ইনফ্লুৱেঞ্জা-এ(H1N1) ভাইৰাছ চিনাক্ত কৰিব পাৰি।

ভেকচিন:

 

দীৰ্ঘসময়ৰ বাবে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বজাৰত Inactivated H1N1 ভেকচিন(VaxiFlu), Live Attenuated H1N1 ভেকচিন(Nasovac) আদি উপলব্ধ। ২ৰ পৰা ৮ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাত ৰাখিব লগা Inactivated H1N1 ভেকচিন(Nasovac) ০.৫ মিলিলিটাৰ ডোজত বেজী হিচাপে মাংসপেশীত মাত্ৰ এবাৰেই দিয়া হয়। আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। Live Inactivated H1N1 ভেকচিন(Nasovac) নেজেল স্প্ৰে হিচাপে ব্যৱহাৰ কৰা হয়। ভেকচিনে এশ শতাংশই ইনফ্লুৱেঞ্জা-এ(H1N1) ৰোগ প্ৰতিৰোধ নকৰে, মাত্ৰ ৰোগৰ আশংকাহে কমায়। এই ভেকচিন লোৱাৰ ১৫ দিনৰ পিচতহে সুৰক্ষা দিবলৈ আৰম্ভ কৰে। ভেকচিন লোৱাৰ আগতে বা দুই-তিনি দিনৰ ভিতৰত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ কিন্তু এই ৰোগ হ’ব পাৰে। যিহেতু সকলোকে ভেকচিন দিয়া সম্ভৱ নহয়, সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে এই ৰোগ পৰিচৰ্যা কৰা স্বাস্থ্য কৰ্মীক ভেকচিন দিয়াৰ কথা কৈছে। ইয়াৰ পিচত সম্ভৱ হ’লে ক্ৰমে গৰ্ভৱতী মহিলা, শিশু, ১৫-৪৯ বয়সৰ ব্যক্তি আৰু ৪৯-৬৫ বয়সৰ ব্যক্তিক ভেকচিন দিবলৈ কৈছে।

ছ’ৱাইন ফ্লু হ’লে কি কৰিব লাগে:

 

  • কাহোতে বা হাঁচিয়াওঁতে নাক আৰু মুখ ৰুমাল বা টিছু পেপাৰেৰে ঢাকিব লাগে। এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে-পাঁজৰে থকা লোকসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। মাষ্ক ব্যৱহাৰ কৰা উচিত।
  • ব্যৱহাৰ কৰা টিছু পেপাৰ বেয়া সামগ্ৰী পেলোৱা বাকচত পেলাব লাগে। কাহ আৰু হাঁচিওৱাৰ পিচত প্ৰতিবাৰেই হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে। নাক, মুখ, চকু আদি স্পৰ্শৰ আগত আৰু পিচতো এনেদৰে হাত ধুব লাগে।
  • পৰাপক্ষত আন লোকৰ সৈতে সীমিত সম্পৰ্ক ৰখা উচিত। মানুহৰ ভিৰ থকা ঠাইৰ পৰা আঁতৰি থাকিব লাগে। পৰাপক্ষত ঘৰতে থাকিব লাগে। শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰি ৰখাৰ বাবে কমেও আঠ ঘন্টা শুব লাগে।
  • শৰীৰত পানী কমি যোৱাটো কোনোপধ্যে হ’বলৈ নিদিবৰ বাবে দৈনিক ৮/১০ গিলাচ পানী খাব লাগে। পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে।
  • জটিলতা অনুভৱ কৰিলেই পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে।

কি কৰিব নালাগে:

 

  • ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্যালয়লৈ যাব নালাগে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ সেৱন কৰিব নালাগে।
  • য’তে-ত’তে থু, খেকাৰ আদি পেলাব নালাগে। সুস্থ ব্যক্তিৰ সৈতে হাত মিলোৱা, সাবটি ধৰা, সামাজিক চুম্বন আৰু আন অভিনন্দনমূলক স্পৰ্শ আদি কৰিব নালাগে। কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে।

চিকিৎসা:

ছ’ৱাইন ফ্লুৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰে একে। ফলত বহু সময়ত খুব পলমকৈহে ই ধৰা পৰে। জটিলতা অনুভৱ কৰিলেই চিকিৎসা সেৱা গ্ৰহণ কৰা উচিত। ছ’ৱাইন ফ্লুত আক্ৰান্ত ৰোগীক এন্টিভাইৰেল ঔষধ, যেনে- Oseltamivir(Tamiflu) অথবা Zanamivir(Relenza) আদি দি সকাহ দিয়াৰ উপৰি ৰোগীক জটিল অৱস্থালৈ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। এন্টিভাইৰেল ঔষধ সেৱন কৰাৰ উপৰি ঘৰতে হওক বা হাস্পতালতে হওক ৰোগীক আছুতীয়া কক্ষত ৰাখি জ্বৰ কমোৱা দৰব, উপৰুৱা বেক্টেৰিয়েল সংক্ৰমণ কমাবৰ বাবে এন্টিবায়টিক দিয়াৰ উপৰি শৰীৰৰ পানী আৰু ইলেক্ট্ৰ’লাইট সঠিককৈ ৰাখিবলৈ চেলাইন দিয়া, পনীয়া পুষ্টিকৰ আহাৰ আদি খাবলৈ দিব লাগে। ছ’ৱাইন ফ্লুত আক্ৰান্ত শিশুৰ শ্বাস-প্ৰশ্বাস দ্ৰুত হ’লে আৰু উশাহ লওঁতে কষ্ট পালে, ছালৰ বৰণ নীলা হ’লে, প্ৰয়োজনীয় পানী গ্ৰহণ নকৰিলে, টোপনিৰ পৰা নুঠা বা হাঁহি-মাতি নথকা, শিশুটিক ধৰিলে বা কোঁচত ল’লে বিৰক্ত হোৱা, ফ্লুৰ লক্ষণবোৰ কমি গ’লেও জ্বৰ আৰু ভীষণভাৱে কাহ থাকিলে, জ্বৰৰ লগতে গাত গুটি ওলোৱা আদি লক্ষণবোৰ দেখা দিলে অনতিপলমে চিকিৎসা কৰিব লাগে। আক্ৰান্ত বয়স্কসকলে উশাহ চুটি হোৱা আৰু উশাহ লওঁতে কষ্ট পালে, বুকুত বা পেটত বিষ বা হেঁচা মাৰি ধৰা, হঠাৎ মূৰ ঘূৰোৱা, মনত খেলি-মেলি ভাব আহি থকা, খুব বেছিকৈ বা ঘনাই বমি হৈ থকা আদি লক্ষণে দেখা দিলে জৰুৰীভাৱে চিকিৎসা কৰোৱাৰ প্ৰয়োজন। হাস্পতালত ৰোগীক আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰিব লাগে। জটিল অৱস্থাৰ সৃষ্টি হ’লে ৰোগীক আই চি ইউত ভৰ্তি কৰাব লগাও হ’ব পাৰে।

নহ’বলৈ কি কৰিব লাগে:

 

  • দৈনন্দিন কিছুমান অভ্যাস পালন কৰি এইবিধ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে।
  • সাধাৰণ সুস্বাস্থ্য বজাই ৰাখিব লাগে। ভালদৰে বেছি সময় শুব লাগে। শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব লাগে। মানসিক হেঁচাৰ পৰা আঁতৰি থাকিব লাগে। যথেষ্ট পৰিমাণে পনীয়া আহাৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে।
  • ফ্লু ভাইৰাছ থকা বুলি সন্দেহ হোৱা কোনো বস্তু স্পৰ্শ কৰিব নালাগে। এনে ৰোগ হোৱা ব্যক্তিৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা নকৰি আঁতৰি থাকিব লাগে। কাহ, নাকেৰে পানী ওলোৱা, হাঁচিওৱা, জ্বৰ আদি ধৰণৰ ইনফ্লুৱেঞ্জাৰ লক্ষণ থকা লোকৰ পৰা দূৰৈত থাকিব লাগে।
  • ছ’ৱাইন ফ্লু ৰোগীক চিকিৎসা আৰু শুশ্ৰূষা কৰি ব্যক্তিয়ে সুৰক্ষামূলক পোছাক, N-95 মাষ্ক আদি ব্যৱহাৰ কৰাৰ উপৰি প্ৰতিৰোধৰ বাবে এন্টিভাইৰেল ঔষধ Oseltamivir গ্ৰহণ কৰাৰ উপৰি প্ৰতিষেধক ভেকচিন ল’ব পাৰে।
  • বীজাণুৰ পৰা ৰক্ষা পাবলৈ প্ৰথম আৰু অতি প্ৰয়োজনীয় কথা হ’ল, হাত সঘনাই ভালদৰে ধোৱা। হাত সদায় পৰিষ্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ভালদৰে ধুব লাগে। যদি চাবোন আৰু পানী নাথাকে তেতিয়া এলকহল থকা এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা টিছু পেপাৰ বা জেল চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা যায়।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(সম্ভাৰ)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate