মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সংক্ৰামক / জাপানী এনকেফেলাইটিছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জাপানী এনকেফেলাইটিছ

জাপানী এনকেফেলাইটিছৰ বিষয়ে লিখা হৈছে

জাপানী এনকেফেলাইটিছ কি

 

এনকেফেলাইটিছ হৈছে এবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এটি ৰোগ।যিটো ৰোগে মগজুত আক্ৰান্ত কৰি মানুহক বিপদস্ংকুল অৱস্থালৈ  লৈ যাব পাৰে।

চিকিৎসা

 

এনকেফেলাইটিছ ৰোগীৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট ঔষধ নাই যদিও ৰোগীৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা কৰা হয়।উপযুক্ত সময়ত ৰোগীক চিকিৎসা কৰিব পাৰিলে ৰোগীজন সোনকালে আৰোগ্য হোৱাত সহায়ক হয়।যিহেতু ৰোগীৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি ঔষধ প্ৰয়োগ কৰা হয়,গতিকে হোমিঅ’পেথিক চিকিৎসা ব্যৱস্থাত এই ৰোগৰ সুফল পোৱা যায়।হোমিঅ’চিকিৎসা ব্যৱস্থাত ইয়াৰ উপযুক্ত চিকিৎসা ব্যৱস্থা আছে।১৯৮৭ চনত তামুলপুৰত ভয়াৱহ ৰুপ ধাৰণ কৰা জাপানী এনকেফেলাইটিছ ৰোগীক চিকিৎসাৰ বাবে গুৱাহাটীত থকা এছ জে এন হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক আৰু চিকিৎসকসকলক উক্ত স্থানলৈ লৈ গৈছিল আৰু তামুলপুৰৰ জনসাধাৰণক চিকিৎসাৰ ব্যৱস্থা কৰি যথেষ্ট সফলতা লাভ কৰিছিল।জাপানী এনকেফেলাইটিছ ৰোগ অকল অসম তথা ভাৰতৰ নহয়।পৃথিৱীৰ বিভিন্ন দেশত এই ৰোগত বছৰত লাখ লাখ মানুহৰ মৃত্যু হৈছিল।জাপান,চীন,থাইলেণ্ড ,কোৰিয়া আদিত চৰকাৰীভাৱে প্ৰয়োগ কৰা টিকাকৰণে মানুহক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিলে।অসম চৰকাৰে এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধক টিকাকৰণ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে।এনেহেন সুযোগ এটি সকলোৱে গ্ৰহণ কৰি এই মাৰাত্মক ৰোগৰ পৰা হাত সৰাৰ ব্যৱস্থা কৰিব পাৰে।জাপানী এনকেফেলাইটিছ ৰোগ সোঁচৰা নহয় অৰ্থাৎ ই এজন মানুহৰ পৰা আন এজন মানুহলৈ বিয়পি নাযায়।

লক্ষণ

 

সাধাৰণতে কিউলেক্স মহৰ দ্বাৰা এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ হ’লে দুই সপ্তাহৰ ভিতৰত মানুহজনৰ শৰীৰত ৰোগীৰ লক্ষণবোৰ প্ৰকাশ হ’ব পাৰে।জ্বৰ,বমি,মুৰ বিষায় আৰু মাংসপেশীবোৰ বিষাবলৈ ধৰে।ৰোগীজন স্থিৰ হৈ থাকিব নোৱাৰে।এনেবোৰ লক্ষণ চলি থকাৰ সময়ত ৰোগীজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যদি বেছি থাকে,তেতিয়া ৰোগীজন সুস্থ হৈ উঠে আৰু যদি ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে,তেতিয়া ৰোগৰ তীব্ৰতা বৃদ্ধি পাব আৰু ক্ৰ্মান্বয়ে মগজুত আক্ৰান্ত মগজ কাণ্ড,থেলামাছ চেৰিবেলাম,চেৰিব্ৰেল কৰ্টেক্স আদি অংশলৈ বিয়পি পৰা ৰোগীজনৰ চেতনা নোহোৱা হৈ আহিব ধৰে।এনে সময়ত ৰোগীজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিহেতু একেবাৰেই নাথাকে,গতিকে অন্যান্য ৰোগবোৰেও মানুহজনক আক্ৰান্ত কৰাৰ সুযোগ পায়।বহুতো ৰোগী দেখাত অচেতন হৈ নপৰে যদিও মৃগী ৰোগৰ দৰে সময়ে সময়ে অচেতন হৈ পৰে।এনকেফেলাইটিছ ৰোগীৰ ক্ষেত্ৰত কিছুমান আনুষংগিক লক্ষণ আহি পৰে।তাৰ ভিতৰত কাণেৰে নুশুনা ,ডিঙিৰ জঠৰতা ,পক্ষাঘাত,স্নায়ুতন্ত্ৰৰ ৰোগ ইত্যাদি।

লেখক:ডা: প্ৰাণকান্ত ভট্টাচাৰ্য (দেওবৰীয়া সম্ভাৰ)

3.24390243902
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top