অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টনচিলাইটিছ

টনচিলাইটিছ

মুখ গহ্বৰৰ ভিতৰত আলজিভাৰ দুয়োকাষে দুটি বাদাম আকৃতিৰ ‘গ্লেণ্ড’ থাকে। এই ‘গ্লেণ্ড’ দুটিকে টনছিল বুলি কোৱা হয়। এই গ্লেণ্ড আক্ৰান্ত হোৱাকে টনচিলাইটিছ বোলা হয়।

ঋতু পৰিৱৰ্তনৰ সময়ত অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত ব বৰষুণত তিতাৰ ফলত বা ঠাণ্ডা বতাহত মুক্ত অৱস্থাত স্কুটাৰ, গাড়ী আদিত ভ্ৰমণ কৰাৰ ফলত, অতিৰিক্ত ঠাণ্ডাই শৰীৰত স্পৰ্শ কৰাৰ ফলত চৰ্দিৰ লগতে টনচিলৰ স্থান আক্ৰান্ত হয়। কেতিয়বা অতিপাত জ্বৰৰ লগতো এই ৰোগৰ প্ৰকাশ পায়। ফলত আলজিভাৰ দুয়োফালে ফুলি উঠে। আক্ৰান্ত স্থান ৰঙা পৰে আৰু উক্ত স্থানত এক প্ৰকাৰৰ ছটছটে আঠাৰ দৰে বা বিজলুৱা পদাৰ্থ জমা হয় আৰু আক্ৰান্ত স্থানত বিষ অনুভৱ কৰে। এনে বিষ সেপ গিলিলে বা কিবা বস্তু খালে বেছি হয়। এই ‘গ্লেণ্ড’ দুটি মানৱ শৰীৰত বৰ্তমান থকা স্ত্বেও প্ৰত্যেক মানুহৰ এই গ্লেণ্ড দুটি আক্ৰান্ত হোৱা দেখা নাযায়। সহজে চৰ্দি লগাৰ প্ৰৱণতা থকা শিশুসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা খুব বেছি। ঋতু পৰিৱৰ্তনৰ সময়তেই সচৰাচৰ এই ৰোগে আক্ৰমণ কৰা দেখা যায়। কেতিয়াবা দেখা যায় শৰীৰৰ পৰা নিৰ্গত হোৱা ঘাম হঠাৎ ঠাণ্ডা লগাত বন্ধ হৈ যোৱাৰ ফলতো এই ৰোগ হ’ব পাৰে। কেতিয়াবা এই ৰোগ বংশগত ভাৱেও প্ৰকাশ পায়। পিতৃ-মাতৃৰ এই ৰোগৰ প্ৰৱণতা থাকিলে সন্তানৰো এই ৰোগ হ’ব পাৰে।

এই ৰোগক সাধাৰণতে দুই ভাগত ভগাব পাৰি। যেনে—

(১) নতুন আৰু

(২) পুৰণি।

নতুন ৰুপত এই ৰোগ হ’লে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত জ্বৰ, চৰ্দি আদিৰ ৰোগৰ লগত উপসৰ্গ হিচাপে এই ৰোগৰ প্ৰকাশ ঘটে। এনে অৱস্থাত টনচিলৰ লগতে আলজিভা ফুলি উঠে। ফলত খাদ্যনলীৰ মুখ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হয়। একো বস্তু ৰোগীয়ে খাব নোৱাৰা হয়। মুখৰ পৰা লেলাৱটি নিৰ্গত হয়। ৰোগীৰ মুখ মেলিব নোৱাৰা অৱস্থা হয়।

প্ৰথম অৱস্থাত সু-চিকিৎসকৰ দ্বাৰা ৰোগ নকমিলে টনচিল পকে আৰু ফাটি যায়। টনচিল পকাৰ আগতে ৰোগীৰ কঁপি কঁপি জ্বৰ হয়। কিন্তু টনচিল ফাটি যোৱাৰ পাছত সকলো যন্ত্ৰণাৰ উপশম হয়।

কিন্তু পুৰণি ৰোগত ভোগা ব্যক্তিৰ এই ৰোগ শৰীৰত লুপ্ত অৱস্থাত থাকে। আৰুপ্ৰতিবাৰ ঠাণ্ডা লগাৰ ফলতে এই ৰোগে পুন: পুন: প্ৰকাশ ঘটি ৰোগীক অশেষ যন্ত্ৰণা ভোগায়। এনে ৰোগীৰ কেতিয়াবা আক্ৰান্ত স্থান ফুলি উঠাৰ লগতেশৰীৰত জ্বৰ থাকে, ডিঙি আৰু মুখৰ ভিতৰ সম্পূৰ্ণ শুকান হৈ পৰে। ফলত ৰোগীয়ে ডিঙি ভিজাবৰ বাবে বাৰে বাৰে সেপ গিলে। কিন্তু প্ৰতিবাৰ সেপ গিলাৰ সময়তেই বিষ তীব্ৰ হৈ উঠে। ৰোগীয়ে খাব নোৱাৰা হৈ পৰে। কেতিয়াবা এই ৰোগত আক্ৰান্ত ৰোগীৰ জিভাৰ গুৰিত ডাঠ হালধীয়া লেপ উৎপন্ন হয় আৰু কোনো কোনো ৰোগীৰ কেতিয়াবে এই ৰোগ প্ৰথমে সোঁফালে আৰম্ভ্ হৈ ক্ৰমে বাঁওফালে গতি কৰে। আৰু কেতিয়বা বাওঁফালে আৰম্ভ হৈ পাছত সোঁফালে আক্ৰমণ কৰে। এনে ৰোগীৰ বিষ-বেদনা টোপনিৰ পাছত বৃদ্ধি হয়। কেতিয়াবা ৰোগীৰ আক্ৰান্ত স্থানত শুকান আৰু জ্বলাকাৰ বেদনাৰ সৃষ্টি হয়। এনে বেদনা আক্ৰান্ত ফালৰ পৰা কাণৰ ভিতৰলৈকে গতি কৰে।

এই ৰোগ দুৰাৰোগ্য ৰোগ নহয়। কিন্তু এনে ৰোগৰ প্ৰৱণতা থকা ব্যক্তিয়ে ঠাণ্ডা দিনত মুকলিকৈ ঘুৰা-ফুৰা কৰিব নোৱাৰে। কাৰণ শৰীৰত অলপ ঠাণ্ডা লাগিলেহে এই ৰোগত আক্ৰান্ত হৈ পৰে।

আজিৰ উন্নত হোমিঅ’ চিকিৎসাত এই ৰোগ অতি কম সময়ৰ ভিতৰতে নিৰ্মুল কৰাৰ লগতে এই ৰোগৰ প্ৰৱণতাকো দূৰ কৰি ৰোগীক চিৰদিনৰ বাবেই ৰোগমুক্ত কৰিব পৰা যায়।

ডা: এছ আহমেদ, নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate