অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহামাৰী ইব’লা

ইব’লা সংক্ৰামক ৰোগ বা ইব’লা হেম’ৰহেজিক ফিভাৰে সাধাৰণতে মানুহকে ধৰি স্তন্যপায়ী জন্তুক সহজে আক্ৰমণ কৰে। সম্প্ৰতি আফ্ৰিকাত ত্ৰাসৰ সৃষ্টি কৰিছে এই ইব’লা সংক্ৰামক ৰোগে। এইবিধ সংক্ৰামকে আক্ৰমণ কৰাৰ দুদিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত ভূক্তভোগীৰ গাত ইব’লাৰ লক্ষণসমূহে দেখা দিয়ে। লক্ষণসমূহ, যেনে-জ্বৰ, ডিঙিৰ খচখচনি, বাহুৰ বিষ আৰু মূৰৰ কামোৰণি। ইয়াৰ লগতে ওকালি আহিব খোজা, সঘনাই বমি আৰু ডায়েৰিয়াৰ ফলত ৰোগীৰ লিভাৰ আৰু কিড্‌নী প্ৰায় বিকল হৈ পৰে। এই পৰ্যায়ত কিছুমান ৰোগীয়ে বমি আৰু ডায়েৰিয়াৰ ফলত দেহৰ পৰা যথেষ্ট পৰিমাণে তেজ বাহিৰ হোৱাত ৰক্তহীনতাত ভূগিবলগীয়া হয়। ইব’লা ৰোগত আক্ৰান্ত হৈ থকা ফল খোৱা বাদুলি, গৰিলা, চিম্পাঞ্জী আৰু গাহৰিৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ মানুহৰ দেহলৈ বিয়পে আৰু ক্ৰমান্বয়ে ই ইজনৰ পৰা সিজনলৈ সহজে বিয়পি পৰে। ইব’লা ৰোগৰ লক্ষণসমূহৰ দৰে আন ৰোগ, যেনে-মেলেৰিয়া, কলেৰা, জ্বৰ হ’লে সাধাৰণতে এইসমূহ সহজ চিকিৎসাৰ জৰিয়তে নিৰোধী কৰি তোলা হয়। কিন্তু ইব’লাৰ ফলত আৰম্ভণিতে ইয়াৰ প্ৰতিকাৰৰ উপায় গ্ৰহণ নকৰিলে ৰোগী মৃত্যুমুখত পৰাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে। গতিকে মানুহৰ দেহলৈ এই প্ৰাণনাশক সংক্ৰামক বিয়পাৰ পূৰ্বেই প্ৰতিখন দেশৰ ৰাজ্যসমূহত ইব’লাত আক্ৰান্ত ফল খোৱা বাদুলি, গৰিলা, চিপাঞ্জী আৰু গাহৰিসমূহ চিনাক্ত কৰি সেইসমূহক সম্পূৰ্ণৰুপে নিঃশেষ অথবা সেইসমূহ যাতে কোনো কাৰণতেই মানুহৰ সংস্পৰ্শলৈ নাহে তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইব’লা ৰোগৰ কোনোধৰণৰ প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই। গতিকে এই ৰোগত আক্ৰান্ত ৰোগীৰপৰা নিজকে আঁতৰত ৰখাটোৱেই এই ৰোগ প্ৰতিৰোধৰ একমাত্ৰ উপায়। মনত ৰখা উচিত যে ৰোগীৰ শৰীৰৰ পৰা নিৰ্গত হোৱা ৰক্ত, পূঁজৰ সংস্পৰ্শলৈ আহিলেও আক্ৰান্ত হ’ব পাৰে ইব’লা ৰোগত।

ইব’লাত আক্ৰান্ত ৰোগী আশে-পাশে থকা অৱস্থাত সূৰক্ষামূলক কাপোৰ পৰিধানৰ লগতে হাত দুখনো পৰিষ্কাৰকৈ ৰাখিব লাগে। ৰোগীক আৰোগ্য কৰাকৈ কোনোধৰণৰ চিকিৎসা পদ্ধতি আৱিষ্কাৰ হোৱা নাই যদিও সময়ে সময়ে ৰিহাইড্ৰেচন থেৰাপি অৰ্থাৎ অলপ চেনি আৰু নিমখ মিহলোৱা পানী খাবলৈ দিব পাৰে। এক সমীক্ষা অনুসৰি এই ৰোগৰ আক্ৰান্ত ৫০-৯০ শতাংশ ৰোগীয়ে মৃত্যুমুখত পৰে। ১৯৭৬ চনত ছুডান আৰু কংগো গণৰাজ্যত এই ৰোগে প্ৰথমবাৰলৈ দেখা দিছিল। আফিকাৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত এই ইব’লা ৰোগৰ ভয়াবহতাৰ ৰুপ সহজে পৰিলক্ষিত হয়। ১৯৭৬ চনৰ পৰা বিগত ২০১৩ চনলৈকে প্ৰতিবছৰে প্ৰায় এহেজাৰ লোক ইব’লাত আক্ৰান্ত হৈছে আৰু চলিত বৰ্ষৰ আগষ্টলৈকে মহামাৰীৰ ৰুপ ধাৰণ কৰি ১৭৫০ জনতকৈ অধিক লোকক আক্ৰমণ কৰিছে ইব’লাই। বিশেষকৈ পশ্চিম আফ্ৰিকাৰ গিনি, ছিয়েৰা লিঅ’নি, লাইবেৰিয়া আৰু নাইজেৰিয়াত ইব’লাই ত্ৰাসৰ সৃষ্টি কৰিছে। ইব’লাত আক্ৰান্তসকলৰ ৪০-৫০ শতাংশৰ ক্ষেত্ৰতেই দেখা যায় শৌচৰ সময়ত অত্যন্ত ৰক্ত নিৰ্গত হয় আৰু এই প্ৰক্ৰিয়া লক্ষণ দেখা দিয়াৰ ৫-৭ দিনলৈ অব্যাহত থাকে।

ইব’লাৰ প্ৰকাৰ

ইব’লা সংক্ৰামক ৰোগ সাধাৰণতে চাৰিবিধ ভাইৰাছৰ বাবে হয়-

  • বুন্দিবুগিঅ’ ভাইৰাছ
  • ছুডান ভাইৰাছ
  • টাই ফৰেষ্ট ভাইৰাছ
  • ইব’লা ভাইৰাছ

এই চাৰিবিধৰ ভিতৰত ইব’লা ভাইৰাচেই অটাইতকৈ মাৰাত্মক ভাইৰাছ।

সাধাৰণ লক্ষণসমূহ

ইব’লাত আক্ৰান্ত হোৱাৰ ২-২১ দিনৰ ভিতৰত ইয়াৰ লক্ষণসমূহ দেখা দিয়ে।

  • আৰম্ভণিতে শৰীৰ দুৰ্বল যেন লাগে আৰু আন সাধৰণ বেমাৰ হোৱাৰ দৰেহে অনুভৱ হয়।
  • তীব্ৰ জ্বৰ, মূৰৰ বিষ, গাঁঠি আৰু বাহুৰ বিষ, ডিঙিৰ খচখচনি, দুৰ্বল অনুভৱ আৰু পাকস্থলীৰ বিষ আৰম্ভ হয়।
  • ইয়াৰ কিছুদিনৰ পিচতে শৰীৰৰ বিভিন্ন অংগৰ যেনে- চকু, কাণ আৰু নাকেৰে ৰক্তক্ষৰণ হ’বলৈ ধৰে।
  • কিছুসংখ্যকৰ ক্ষেত্ৰত তেজ বমি আৰু কাহিলে তেজ ওলোৱাও পৰিলক্ষিত হয়।
  • কেতিয়াবা শৌচদ্বাৰেদিও ৰক্তক্ষৰণ হব’লৈ ধৰে।

সাৱধানতা

  • ইব’লাত আক্ৰান্ত ৰোগীৰ পৰিচৰ্যা কৰাৰ সময়ত সুৰক্ষামূলক কৱচ যেনে- মাষ্ক, গ্ল’ভছ, গাউন আৰু চছ্‌মা পৰিধাণ কৰিব লাগে।
  • সঘনাই হাত ধুই পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰূৰী। অৱশ্যে যিসমূহ অঞ্চলত খোৱা পানীৰে অভাৱ, সেইসমূহ ৰোগীৰ আশে-পাশে থাকিলেও সঘনাই হত ধুই পৰিষ্কাৰ কৰাটোও অসম্ভৱ।

প্ৰতিকাৰ

  • এই ৰোগ বিয়পি পৰা অঞ্চলসমূহৰ পৰা পৰাপক্ষত আঁতৰত থাকিব লাগে।
  • আফিকালৈ যাত্ৰা কৰাৰ পূৰ্বে দেশখনত ইব’লা ৰোগৰ স্থিতিৰ সন্দৰ্ভত ‘চেণ্টাৰ্ছ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচন’ ৱেবছাইটযোগে বিতংভাৱে জানি লোৱা উচিত।
  • এই ৰোগে দেখা সময়ছোৱাত নিজকে সুৰক্ষিত ৰাখিবৰ বাবে বজাৰৰ মাংস খোৱাটো পৰিহাৰ কৰিব লাগে।
  • এই সংক্ৰমণ ৰোধৰ প্ৰতিষেধকসমূহ মানি চলাটো অত্যন্ত জৰুৰী।
  • ইব’লা ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাসকলৰ শৱ বিশেষভাৱে প্ৰশিক্ষিত দলৰ হতুৱাইহে সৎকাৰ কৰাব লাগে।

লেখিকাঃ উৰ্বশী ফুকন, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate