অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূত্ৰতন্ত্ৰৰ ৰোগ

এই ৰোগ মহিলাসকলৰ বেছি হয়।

কাৰণ

  • যদি ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচন্ন হৈ নাথাকে তেন্তে মূত্ৰতন্ত্ৰৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।
  • গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত বিভিন্ন হৰম’নৰ পৰিৱৰ্তনৰ বাবে মূত্ৰতন্ত্ৰৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হয়।
  • মহিলাৰ মূত্ৰস্থলীৰ লগত সংযোজিত প্ৰস্ৰাৱৰ নলীডালৰ দৈৰ্ঘ্য কম হোৱাৰ বাবে বাহিৰৰ জীৱাণুবোৰে সহজতে উৰ্ধগামী হৈ মূত্ৰস্থলীত প্ৰয়োগ কৰে।
  • যৌন সংগমৰ আগত আৰু পিছত পেৰিনিয়েল হাইজিনৰ প্ৰতি অৱহেলা কৰিব নালাগে।
  • শৌচদ্বাৰ আৰু প্ৰস্ৰাৱৰ দ্বাৰ চাফা কৰি নাৰাখিলে গুপ্তভাৱে থকা বেক্টেৰীয়াবোৰে আক্ৰমণ কৰাৰ ফলতো মূত্ৰতন্ত্ৰৰ ৰোগ হয়।
  • বয়সস্থ মহিলাসকলৰ দেহত ইষ্ট্ৰোজেনৰ পৰিমাণ কমি অহাৰ ফলত কিছুমান বেক্টেৰীয়াই যৌনাংগ আৰু মূত্ৰাশয়ত আক্ৰমণ কৰে।
  • মূত্ৰস্থলত থকা ষ্ট’ন, বৃক্কৰ বিভিন্ন ধৰণৰ ৰোগ, মূত্ৰতন্ত্ৰৰ বিভিন্ন অংশত হোৱা টেমুনা, মধুমেহ, বিভিন্ন ধৰণৰ যৌন ৰোগ, এইড্‌চ আদি কাৰণেও মূত্ৰাশয়ত সংক্ৰমণ হয়।

লক্ষণ

  • প্ৰস্ৰাৱৰ পথত বিষ অনুভৱ কৰা।
  • প্ৰস্ৰাৱ কৰিলে পোৰণি উঠা।
  • কঁকাল আৰু তলপেটত বিষ অনুভৱ কৰা।
  • প্ৰস্ৰাৱৰ গোন্ধ ওলোৱা।
  • সঘনাই জ্বৰ উঠা আৰু প্ৰস্ৰাৱ কৰিবলৈ লগা।
  • প্ৰস্ৰাৱ কৰিবলৈ ল’লে গাঁঠি মাৰি ধৰা।
  • খোৱাত অৰুচি হোৱা।
  • প্ৰস্ৰাৱৰ ৰং সলনি হোৱা।
  • মাজে মাজে বমি হোৱা আৰু প্ৰস্ৰাৱৰ ৰাস্তাত খজুৱতি হোৱা।

ৰোগ নিৰাময়ৰ উপায়

  • যথেষ্ট পৰিমাণে দিনে যিমান পাৰে ঠাণ্ডা পানী খাওঁক।
  • কুহুমীয়া ৰস, নেমু চৰবত আদি খাওঁক।
  • মূত্ৰাশয় সকলো সময়তে পৰিষ্কাৰ কৰি ৰাখক। বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচন্নতাক গুৰুত্ব দিয়ক। যৌনক্ৰিয়া কৰাৰ আগত আৰু পাছত যৌনাংগ ভালদৰে চাফা কৰি লওঁক।
  • মাজে সময়ে প্ৰস্ৰাৱ, ব্লাড চুগাৰ, ব্লাড ইউৰিয়া আদি পৰীক্ষা কৰাওঁক। লগতে মূত্ৰতন্ত্ৰৰ এক্স-ৰে কৰাওঁক।
  • চিকিৎসকৰ সৈতে ভালদৰে পৰামৰ্শ কৰক।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate