অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এণ্থ্ৰাক্স

এণ্থ্ৰাক্স

বাচিলোচ এণ্থ্ৰাক্স নামৰ বেক্টেৰিয়াৰ দ্বাৰা এণ্থ্ৰাক্স ৰোগ হয়।

ক্ষতিগ্ৰস্ত হোৱা অংগ

  • সাধাৰণতে ছালৰ ক্ষতি হয়।
  • কেতিয়াবা শ্বাসতন্ত্ৰ, পাচনতন্ত্ৰ।

 

সংবহন

  • ছাল: ফোহা বা ঘাঁত ছালৰ সংস্পৰ্শ। সাধাৰণতে সংক্ৰমিত জন্তু বা এনে মাংস আৰু কেঁচা ছালৰ সংস্পৰ্শ।
  • শ্বাসতন্ত্ৰ: উশাহত বেক্টেৰিয়া থকা বায়ু গ্ৰহণ।
  • পাচনতন্ত্ৰ: সংক্ৰমিত জীৱৰ আধা সিঁজা বা কেঁচা মাংস বা গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য।
  • ব্যক্তিৰ পৰা ব্যক্তিৰ গালৈ নিশ্বাস আৰু পাছত পাচনতন্ত্ৰলৈ নিবিয়পে।

লক্ষণ

ছাল: প্ৰথমে ছাল কোনো এঠাইত খজুৱায় আৰু ই ঘাঁলৈ পৰিবৰ্তিত হয়। সংক্ৰমণ হোৱাৰ ৭-১০ দিনৰ ভিতৰত ঘাঁবোৰে কোষৰ ৰূপ লয় আৰু ক’লা বৰণৰ ইস্বাৰ তৈয়াৰ হয়।

শ্বাসতন্ত্ৰ: অলপ অলপ জ্বৰ, অবসাদ, ঘাঁমি যোৱা, বুকুৰ অসুবিধা আদিৰ বাহিৰে আন কোনো বিশেষ লক্ষণে দেখা নিদিয়ে (ওপৰৰ শ্বাস নলীৰ লক্ষণে দেখা দিয়াটো বিৰল)।

পৰিপাক তন্ত্ৰ: বমিভাব, বমি হোৱা, আভোক, জ্বৰ আদিৰ পৰা অতিপাত পেটৰ বিষ, হেমাটেমেছিছ আৰু তেজ যোৱা ডায়েৰিয়া।

ছালৰ ওপৰত লক্ষণ

২য় দিন          ৪ৰ্থ দিন          ৬ষ্ঠ দিন         ১০ম দিন

ৰোগ ব্যৱস্থাপনা

  • ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগেই চিকিত্সকক দেখুৱাব লাগে।
  • ভালদৰে নিসিঁজা মাংস আন পশুজাত খাদ্য খাব নালাগে।
  • গৰু বা আন ঘৰচীয়া জন্তুৰ লগত কাম-কাজ কৰিব লগা হ’লে নিজকে সুৰক্ষিত কৰি লব লাগে।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate