অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যক্ষ্মা

যক্ষ্মা

মাইক্ৰবেক্টেৰিয়াম টিউবাৰকিউলছিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা যক্ষ্মা ৰোগ হয়।

সংবহন

সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ পৰা বতাহৰ মাধ্যমেৰে এই ৰোগ বিয়পে। এজন আক্ৰান্ত ব্যক্তিৰ পৰা এবছৰত ১০ জন লোকলৈ এই ৰোগ সংক্ৰমণ হব পাৰে।

লক্ষণ

যক্ষ্মাৰ সাধাৰণ লক্ষণবোৰ হ’ল

  • একেলেঠাৰিয়ে তিনি সপ্তাহতকৈ অধিক দিন কাঁহ হৈ থকা, মাজে মাজে কফৰ লগত তেজ ওলোৱা।
  • জ্বৰ হোৱা, সাধাৰণতে নিশাৰ ভাগত।
  • ওজন কমি যোৱা।
  • আভোক।

যক্ষ্মা আৰু এইছআইভি

এইছআইভি সংক্ৰমিত লোকৰ যক্ষ্মা হোৱাৰ সম্ভাৱনা অতি বেছি। এইছআইভি লোকক যক্ষ্মাৰ বেক্টেৰিয়াই সোনকালে আৰু সহজে আক্ৰমণ কৰাৰ ভয় থাকে। এজন এইছআইভি সংক্ৰমিত ব্যক্তিৰ যক্ষ্মা হোৱাৰ সম্ভাৱনা আন লোকতকৈ ৬ গুণ অধিক। এই সকলোলোকেই যক্ষ্মাৰোগ বিয়পাব পাৰে। যক্ষ্মাৰোগ ভাল কৰিব পৰা যায়, আনকি এইছআইভি থকা লোকৰো যক্ষ্মা ভাল কৰিব পৰা যায়। ডটছ্‍(DOTS) চিকিত্সাৰে চিকিত্সা কৰিলে এইছআইভি থকা লোকৰ যক্ষ্মাৰোগ ভাল কৰিব পাৰি আৰু এনে ৰোগত মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

শিশুৰ যক্ষ্মা

কিছুমান শিশুৰ যক্ষ্মাৰোগ হোৱাৰ সম্ভাৱনা অধিক। এনেবোৰ হ’ল:

  • যিবোৰ শিশুৰ পৰিয়ালত যক্ষ্মা সংক্ৰমিত লোক আছে।
  • শিশু থকা পৰিয়ালত যক্ষ্মা হোৱাৰ সম্ভাৱনা থকা বয়স্ক লোক থাকিলে।
  • এইছআইভি সংক্ৰমিত শিশু।
  • যক্ষ্মাৰ প্ৰাদুৰ্ভাব থকা ঠাইত শিশুৰ জন্ম হ’লে।
  • চিকিত্সা ব্যৱস্থা অনুন্নত অৱ্স্থাৰ ঠাইত শিশুৰ জন্ম হ’লে।

ভেকচিন

শিশু অৱস্থাত বিছিজি (BCG) নামৰ বেজী দিলে যক্ষ্মা কিছুপৰিমাণে প্ৰতিৰোধ হয়।

চিকিত্সা

ডাইৰেক্টলী অবজাৰ্ভড ট্ৰিটমেণ্ট, চৰ্ত কৰ্চ বা ডটছৰে (DOTS) এই ৰোগৰ চিকিত্সা কৰা হয়। এই ৰোগৰ চিকিত্সা অতি কমেও ছমাহৰ হয়।

হাওঁফাওঁৰ বাহিৰত হোৱা যক্ষ্মা

লক্ষণ

সংক্ৰামক হোৱা ঠাইখিনি উখহি উঠে (লিম্ফে নোড), লৰচৰ কৰাত অসুবিধা আৰু অতিপাত মূৰৰ বিষ আৰু স্নায়ুতন্ত্ৰৰ কাম-কাজ ঠিক মতে নোহোৱা (যক্ষ্মা মেনিনজাইটিছ) ইত্যাদি।

হাওঁফাওঁৰ ভিতৰত এই ৰোগ নোহোৱাৰ বাবে এই ৰোগত কাঁহ নহয়।

ৰোগৰ বিকাশ

  • প্ৰাথমিক সংক্ৰমণত তেজ বা লিম্ফৰ সহায়ত হাওঁফাওঁৰ বাহিৰে শৰীৰৰ সকলো অংগলৈ বিয়পি পৰে। প্ৰতিৰোধ ক্ষমতা বেছি থকা ব্যক্তিৰ ক্ষেত্ৰত এই বেক্টেৰিয়াবোৰৰ মৃত্যু হৈ যায়। কিন্তু প্ৰতিৰোধ ক্ষমতা কম থাকিলে এই বেক্টেৰিয়া শৰীৰৰ কোনো অংশত কেইবা মাহ বা বছৰ পৰ্য্যন্ত সুপ্ত অৱস্থাত থাকিব পাৰে, ইয়াৰ পাছত ৰোগ হব পাৰে।
  • এই বেক্টেৰিয়া কাঁহৰ ফলত বাহিৰলৈ আহি মাজতে গিলা যাব পাৰে। ফলত ডিঙিৰ লিম্ফ নোড আৰু পাচনতন্ত্ৰ সোমাই পৰিব পাৰে।
  • এম, বভিচৰ দ্বাৰা আক্ৰান্ত গৰুৰ গাখীৰৰ দ্বাৰা মানুহৰ দেহত এই ৰোগৰ সংক্ৰমণ হয়।

শৰীৰৰ যিবোৰ অংগত সংক্ৰমণৰ অধিক সম্ভাৱনা থাকে

  • ডিঙিৰ চাৰিওকাষৰ লিম্ফনোড।
  • হাড় আৰু হাড়ৰ যোৰা, এনে অংশৰ আধাভাগ শিৰা আক্ৰান্ত হয়।
  • প্ৰজনন আৰু পেচাব নলীকাত সংক্ৰমণ হয়। মহিলাসকলৰ জৰায়ুত এইৰোগ হোৱাৰ সম্ভাৱনা থাকে। পুৰুষসকলৰ এপিডিজাইমিছত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। উভয়ৰে ক্ষেত্ৰত পেচাব নলী মূত্ৰ থলী আদি প্ৰভাৱিত হয়।
  • পেট: পাকস্থলী আৰু পেৰিট’নিয়ামত প্ৰভাৱ পেলায়।
  • মেনিনজাইটিছ: সময়ত উপযুক্ত চিকিত্সা নকৰিলে ই মাৰাত্মক হব পাৰে।
  • পেৰিকাৰ্ডিয়াম: ইয়াৰ বাবে হূদপিণ্ডত সংক্ৰমণ হয়।
  • ছাল: লক্ষণীয় ভাবে বিভিন্ন ৰূপলৈ সলনি হব পাৰে।

মনলৈ অহা প্ৰশ্নবোৰ:

যক্ষ্মা কিহৰ বাবে হয় ?

যক্ষ্মা বংশগত ৰোগ নহয়। এইটো এটা সংক্ৰামক ৰোগ। যিকোনো লোকৰে যক্ষ্মা হব পাৰে। যক্ষ্মাত আক্ৰান্ত ব্যক্তিয়ে মুখত কোনো আৱৰণ নোলোৱাকৈ হাঁছিয়ালে বা কাঁহিলে এই ৰোগৰ বেক্টেৰিয়া বায়ুত বিয়পি পৰে। এই বেক্টেৰিয়া কোনো সুস্থলোকে উশাহৰ যোগেৰে শৰীৰত প্ৰৱেশ কৰাৰ ফলত যক্ষ্মা ৰোগ হয়।

এই ৰোগৰ লক্ষণবোৰ কি কি?

তিনি সপ্তাহতকৈ বেছি দিন একেলেঠাৰিয়ে কাঁহ হোৱা। কাঁহৰ লগত কফ, জ্বৰ, ওজন কমি যোৱা, আভোক আদি লক্ষণবোৰ দেখা যায়। যদি ইয়াৰে কোনোবাটো লক্ষণ তিনি সপ্তাহৰ বেছি দিন থাকে তেন্তে অনতি পলমে ডটছ যক্ষ্মাকেন্দ্ৰ বা ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাব লাগে আৰু কফ পৰীক্ষা কৰিবলৈ দিব লাগে।

যক্ষ্মাৰোগ নিশ্চিত কৰিবলৈ কি পৰীক্ষা কৰা হয় আৰু এনে পৰীক্ষাৰ সুবিধা ক’ত আছে?

এইৰোগ নিৰ্ণয় কৰিবলৈ তিনিদিন একেলেঠাৰিয়ে কফ পৰীক্ষা কৰিব লাগে। এই পৰীক্ষাত কফত যক্ষ্মাৰ বেক্টেৰিয়া আছেনে নাই চোৱা হয়। দিল্লীত থকা এনচিটি য়ে বিভিন্ন ঠাইত ডটছ কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰবোৰৰ যোগেৰে যক্ষ্মা সম্পৰ্কীয় সকলো সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

ভালদৰে কঁহাৰ পাছত ওলোৱা কফহে পৰীক্ষাৰ বাবে দিব লাগে। কফৰ ঠাইত থু যাতে দিয়া নহয়-সেইটো মন কৰিব লাগে। কফৰ ঠাইত থু পৰীক্ষাৰ বাবে দিলে প্ৰকৃত ভাৱে ৰোগ নিৰ্ণয় কৰিব পৰা নাযায়।

যক্ষ্মাৰ চিকিত্সা কেনেধৰণৰ?

যক্ষ্মাৰোধক ঔষধ নিয়মীয়াকৈ সম্পূৰ্ণ কৰ্চটো খালে এই ৰোগ সম্পূৰ্ণকৈ নিৰাময় কৰিব পৰা যায়। ৰোগীয়ে এনে ঔষধ একেলেঠাৰিয়ে কমেও ছমাহ নিয়মীয়াকৈ খাব লাগিব। প্ৰয়োজন সাপেক্ষে কোনো কোনো ক্ষেত্ৰত এবছৰলৈকো খাব লগা হব পাৰে। অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল কেৱল চিকিত্সকৰ পৰামৰ্শ মতেহে এই ঔষধ খোৱা বন্ধ কৰিব লাগে। এই ঔষধ নিয়মীয়াকৈ নাখালে বা কৰ্চটো সম্পূৰ্ণ নকৰিলে ৰোগ কেতিয়াও ভাল নহয় আৰু ইয়াৰ ফলাফল প্ৰানঘাটিও হব পাৰে।

যক্ষ্মাৰোগ নিৰাময় হয়নে?

হয়। নিৰাময় কৰিব পাৰি। যদিহে ৰোগীয়ে চিকিত্সকৰ পৰামৰ্শমতে নিয়মীয়াকৈ ঔষধৰ সম্পূৰ্ণ কৰ্চটো প্ৰয়োজনীয় সময় অবধি খাই থাকে, তেন্তে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়।

যক্ষ্মাৰোগ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?

যক্ষ্মাত আক্ৰান্ত লোক কাঁহোতে হাঁচিয়াওতে মুখত কাপোৰেৰে ধাকি নললে বা য’তে ত’তে থু-খেকাৰ পেলালে এই ৰোগ বিয়পি পৰে। গতিকে ৰোগীয়ে কাঁহোতে বা হাঁচিয়াওতে সদায় মুখত কাপোৰেৰে ধাকি লব লাগে। যতে ততে থু-খেকাৰ পেলাব নালাগে। থু-খেকাৰ পেলাবৰ বাবে পৃথক বাচন ব্যৱহাৰ কৰি সদায় তাতে পেলাব লাগে। ঘৰতো ৰোগীয়ে থু-খেকাৰ পেলাবলৈ নিৰ্দিষ্ট ঢাকনি থকা পাত্ৰ ব্যৱহাৰ কৰিব লাগে।

থু খেকাৰবোৰ পেলাই দিয়াৰ আগতে এইবোৰ উতলাই বিজাণূবোৰ মাৰি পেলাব লাগে। যক্ষ্মাৰ লক্ষণে দেখা দিলে ভয় কৰিব নালাগে বা আনৰপৰা লুকুৱাবও নালাগে। আক্ৰান্ত ব্যক্তিয়ে নিজে পৰীক্ষা কৰাব লাগে আৰু যথেষ্ট সতৰ্কতা অবলম্বন কৰিব লাগে।

যক্ষ্মা ৰোগীয়ে কেনে ধৰণৰ খাদ্য খোৱা উচিত?

ৰোগীয়ে যি ভাল পায় তাকে খাবলৈ দিব লাগে। যক্ষ্মা ৰোগীয়ে সকলো ধৰণৰ খাদ্য খাব পাৰে। যক্ষ্মাৰোগীৰ বাবে বিশেষ কোনো নিৰ্দিষ্ট খাদ্য নাই। কোনো ব্যক্তিক কিবা খাদ্যই অপকাৰ কৰিলে সেই খাদ্য খাব নালাগে।

কিবোৰ বস্তুৰ পৰা যক্ষ্মাৰোগীয়ে আঁতৰি থাকিব লাগে?

বিড়ি, চিগাৰেট, হোকা, চাধা, মদ বা আন সকলো নিছাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে।

যক্ষ্মাত কৰিব লগা আৰু নলগা

কৰিব লগা

যদি তিনি সপ্তাহলৈ কাঁহ নকমে তেতিয়া হ’লে একেৰাহে দুদিন কফ পৰীক্ষা কৰোৱাব লাগে। এই পৰীক্ষা চৰকাৰী কফ মাইক্ৰস্কপী কেন্দ্ৰত বিনামূলীয়াকৈ কৰা হয়।

  • চিকিত্সকে দিয়াৰ দৰে নিয়মীয়াকৈ সকলো ঔষধ সম্পূৰ্ণ সময়ছোৱা খাব লাগে।
  • যক্ষ্মা যে আৰোগ্য হয়-সেই কথা ভালদৰে বুজি লব লাগে।
  • কাঁহ আৰু হাঁচিওৱাৰ সময়ত মুখ, নাক ৰুমালেৰে ধাকি লব লাগে।
  • ঘৰুৱা বিজাণূ নাশক দি লোৱা পাত্ৰতহে থু-খেকাৰ পেলাব লাগে।

নকৰিব লগা

  • তিনি সপ্তাহতকৈ বেছিদিন কাঁহ হৈ থাকিলে চিকিত্সকক দেখুৱাৰ বিষয়টো অবজ্ঞা কৰিব নালাগে।
  • কেৱল এক্সেৰ ওপৰতে যক্ষ্মাৰোগ নিৰ্ণয় কৰাত ভৰসা কৰিব নালাগে।
  • চিকিত্সকে নোকোৱালৈকে ঔষধ খোৱা বন্ধ কৰিব নালাগে।
  • যক্ষ্মা ৰোগীক অবজ্ঞা আৰু বৈষম্যমূলক আচৰণ কৰিব নালাগে।
  • যতে ততে থু-খেকাৰ পেলাব নালাগে।

ডটছ কি?

যক্ষ্মাক আৰোগ্য কৰা চিকিত্সা ভাইৰেক্টলী অবজাৰ্ভড ট্ৰিটমেন্ট, চৰ্ট কৰ্চক চমুকৈ ডটছ বুলি কোৱা হয়। বিশ্বৰ প্ৰাথমিক স্বাস্থ্য সেৱাত ই এটা ব্যাপক কৌশল-য’ত যক্ষ্মা ৰোগীক চিনাক্ত কৰি চিকিত্সা কৰা হয়। ইয়াত পাচটা উপাদান আছে:

  • ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ প্ৰকল্পৰ প্ৰতি ৰাজনৈতিক দ্বায়বদ্ধতা।
  • তিনি সপ্তাহ বা তাতোকৈ বেছি দিন কাঁহি থকা লোক, যক্ষ্মাৰ সংক্ৰমণ হৈছে বুলি সন্দেহ হোৱা লোকসকলক প্ৰতিটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগ নিৰ্ণয় কৰিব পৰাকৈ অনুবীক্ষণিক সেৱা আগবঢ়োৱা।
  • অবিৰাম আৰু নিয়মীয়াকৈ যক্ষ্মাৰ ঔষধৰ যোগান।
  • সমগ্ৰ স্বাস্থ্যসেৱা ব্যৱস্থাটোত এটা নিৰ্ভৰযোগ্য, উচ্চ মানৰ যক্ষ্মা ৰোগৰ ঔষধৰ যোগান ব্যৱস্থা স্থাপন কৰাটো ডটছ কৌশলৰ এটা অবিছেদ্য অংগ। ইয়াৰ ফলত যক্ষ্মাৰোগীৰ অবিৰত চিকিত্সা নিশ্চিত কৰিব পৰা যায়।
  • প্ৰাথমিক পৰ্য্যায়ৰ চিকিত্সাত ৰোগীক পৰ্য্যবেক্ষণ কৰা স্বাস্থ্যকৰ্মী সকলে চিকিত্সাৰ প্ৰাথমিক পৰ্য্যায়ত ৰোগীৰ লগত অসুবিধাবোৰ আৰু পৰামৰ্শ প্ৰদান কৰিব আৰু শক্তিশালী যক্ষ্মাৰোগৰ ঔষধৰ মিশ্ৰণ নিজৰ উপস্থিতিত ৰোগীয়ে খুৱাটো প্ৰত্যক্ষ কৰিব।
  • এই প্ৰকল্পৰ তদাৰক আৰু প্ৰতিজন ৰোগীৰ চিকিত্সাৰ মূল্যায়নৰ বাবে উপদেশক আৰু দায়বদ্ধতাৰ ব্যৱস্থা আছে।

ডটছৰ ঊপকাৰিতা কি?

  • ডটছৰ ৰোগ নিৰাময়ৰ হাৰ ৯৫ শতাংশতকৈয়ো অধিক।
  • তত্‍কালে আৰু নিশ্চিতভাৱে ডটছে এই ৰোগ নিৰাময় কৰিব পাৰে।
  • ডটছৰ বাবে ভাৰতৰ ১৭ লাখ যক্ষ্মাৰোগীৰ জীৱন সলনি হৈ পৰিছে।
  • দৰিদ্ৰতা নিৰ্মূল কৰণৰ এটা বিশেষ কৌশল হ’ল ডটছ। জীৱন ৰক্ষা কৰা, ৰোগৰ সময়কাল কমোৱা আৰু নতুন সংক্ৰমণ ৰোধ কৰা মানেই কৰ্মদিনৰ সংখ্যা বঢ়াই তোলা।
  • ডটছৰ বাবে এইছ আই ভি সংক্ৰমিত যক্ষ্মাৰোগীসকলৰ জীৱনকাল বঢ়াই তোলে।
  • ডটছে যক্ষ্মাৰোগীৰ নিশ্চিত আৰোগ্যৰ বাবে প্ৰয়োজনীয় ঔষধৰ বিৰামহীন সৰবৰাহ নিশ্চিত কৰি চিকিত্সাৰ ব্যৰ্থতা আৰু বহু ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ বিকাশত বাধা দিয়ে।
  • ডটছৰ ফলত স্বাস্থ্য সেৱাৰ পৰিসৰ প্ৰসাৰিত কৰিছে। ডটছৰ ফলত আনুসংগিক স্বাস্থ্যসেৱা ব্যৱস্থাবোৰৰ লক্ষনীয় ভাৱে বিকাশ হৈছে।
  • ডটছ সকলো স্বাস্থ্যকেন্দ্ৰতে বিনামূলীয়াকৈ পোৱা যায়।

ঔষধ প্ৰতিৰোধী যক্ষ্মা কি?

বৰ্তমান সময়ত যক্ষ্মাৰোগ এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে। আজিকালি দেখা দিয়া ঔষধ প্ৰতিৰোধী যক্ষ্মাত সচৰাচৰ ব্যৱহাৰ কৰা যক্ষ্মাৰ এনিবায়টিক ঔষধে ফল নিদিয়ে। এই ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ মূল কাৰণ হ’ল- ৰোগীসকলে নিয়মীয়াকৈ যক্ষ্মাৰ ঔষধ গ্ৰহণ নকৰা আৰু আধাতে চিকিত্সা সমাপ্ত কৰা। নিয়মীয়াকৈ ঔষধ গ্ৰহণ আৰু চিকিত্সা সম্পূৰ্ণ সময়জুৰি কৰিলে ঔষধ প্ৰতিৰোধী যক্ষ্মা হবলৈ নাপায়। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ চিকিত্সাৰ বাবে যথেষ্ট দামী ঔষধৰ প্ৰয়োজন হয় আৰু বহুক্ষেত্ৰত এনে ঔষধ ব্যৱহাৰৰ পাছতো ৰোগী আৰোগ্য নহবও পাৰে। এনে যক্ষ্মাৰ চিকিত্সা দুবছৰ বা তাতোকৈ অধিক দিন কৰিব লগা হব পাৰে।

যক্ষ্মা আৰু এইছ আই ভি ৰ সম্পৰ্ক কি?

যিকোনো ব্যক্তিৰ যক্ষ্মাৰ সংক্ৰমণ হব পাৰে। কিন্তু এইছ আই ভি সংক্ৰমিত লোকৰ সহজে যক্ষ্মা হোৱাৰ আশংকা বেছি থাকে। কোনো ব্যক্তিৰ কেৱল যক্ষ্মাৰ সংক্ৰমণ হ’লে ইয়াৰ বেক্টেৰিয়া শৰীৰত থাকি সকলো সময়তে ৰোগৰ আংশকা বৃদ্ধি কৰে। যেতিয়া এইছ আই ভি সংক্ৰমিত হৈ শৰীৰৰ প্ৰতিৰোধী ক্ষমতা ধ্বংস কৰে তেতিয়া যক্ষ্মাৰ বেক্টেৰিয়া বোৰে বংশবৃদ্ধি কৰি শৰীৰক আক্ৰমণ কৰে।

উত্স: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate