অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমি খোৱা পানীটুপিও হৃদৰোগৰ কাৰক হ’ব পাৰে

আমি খোৱা পানীটুপিও হৃদৰোগৰ কাৰক হ’ব পাৰে

বৰ্তমান সমগ্ৰ বিশ্বতে হৃদৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হব ধৰিছে| হৃদৰোগৰ কাৰণ বহুতো| যেনে- উচ্চ ৰক্তচাপ, উচ্চৰক্ত শৰ্কৰা, অত্যধিক উদ্বেগ, অধিক কলেষ্টেৰ’লযুক্ত খাদ্য ইত্যাদি| এইবোৰক নিয়ন্ত্ৰণ কৰিবৰ বাবে চিকিৎসক, বিজ্ঞানী সকলে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে| এই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ প্ৰতি বছৰে এটা দিন ‘বিশ্ব হৃৎপিণ্ড দিৱস’ হিচাপে উদ্‌যাপন কৰি অহা হৈছে| তথাপি বৰ্তমান হৃদৰোগীৰ সংখ্যা কমি যোৱা পৰিলক্ষিত হোৱা নাই| হৃদৰোগ হোৱাৰ কাৰণ বিচাৰি বিশ্বজুৰি গৱেষণা চলি আছে| সম্প্ৰতি ফিনলেণ্ডৰ এটা গৱেষক দলে গৱেষণাৰ যোগেদি প্ৰমাণ কৰি দেখুৱাইছে যে মানুহে দৈনন্দিক খোৱাৰ বাবে ব্যৱহাৰ কৰা পানীটুপিও হৃদৰোগৰ কাৰক হ’ব পাৰে|

আমাৰ সকলোৰে জ্ঞাত যে দ্ৰবীভুত কেলছিয়াম আৰু মেগনেছিয়ামৰ লৱণে পানীক কঠিনতা প্ৰদান কৰে| পানীৰ এই কঠিনতা গ্ৰাম প্ৰতিগেলন নতুবা মিলিগ্ৰাম প্ৰতিলিটাৰ এককত প্ৰকাশ কৰা হয়| পৰীক্ষাৰ দ্বাৰা যদি কোনো পানীৰ নমুনাৰ কঠিনতা ১.০ৰ পৰা ৩.৫ গ্ৰাম প্ৰতিগেলন পোৱা যায়| তেনে পানীক কোমল পানী বুলি ধৰা হয়| এনে কোমল পানী খোৱাপানী হিচাপে ব্যৱহাৰৰ বাবে উপযোগী নহয়| কিন্তু কঠিনতা ১০.৫ গ্ৰাম প্ৰতিগেলেনৰ বা তাৰ বেছি হ’লে তেনে পানীক কঠিন পানী বোলা হয়| বিশ্বৰ ৮৫ শতাংশতকৈ অধিক দেশত এনে কঠিন পানী পোৱা যায়| পৃথিৱীৰ সমুদায় লুণীয়া পানীৰ ৬০ শতাংশই হৈছে ভূতল জল এনে পানী শিলাস্তৰ, মাটিৰ স্তৰ আদিৰ মাজেদি কৈশিক প্ৰক্ৰিয়াৰে নিগৰি তললৈ যাওঁতে লগত খনিজ লৱণো লৈ যায়| এই কাৰণতে ভূতল জল সাধাৰণতে কঠিন হয়| কোনো বিষাক্ত ৰাসায়নিক বা সংক্ৰামক ৰোগৰ বীজাণুৰ দ্বাৰা দূষিত নহলে কঠিন পানী স্বাস্থ্যৰ বাবে হানিকাৰক নহয়| ইয়াৰ কাৰণ হ’ল এনে পানী দৈনন্দিক খোৱাত ব্যৱহাৰ কৰিলে আহাৰৰ জৰিয়তে দেহত প্ৰৱেশ কৰিব পৰা কেলছিয়াম আৰু মেগনেছিয়ামৰ এটা অংশ ইয়াৰ পৰাই আহে| স্নায়ুৰ স্পন্দনে প্ৰেৰণ কৰা, পেশীৰ সংকোচন, কাৰ্বহাইড্ৰেট, মেটাবলিজিম আৰু ফছফটে স্থানান্তৰকৰণৰ বাবে লগা এনেজাইম বোৰক মেগনেছিয়ামৰ প্ৰয়োজন হয়| আনহাতে অস্থি আৰু দাঁত গঠন, হৃদযন্ত্ৰৰ স্পন্দন অটুট ৰখা, তেজ গোট মৰা আদিৰ বাবে কেলছিয়ামৰ প্ৰয়োজন| গতিকে দৈনন্দিক খোৱাৰ বাবে ব্যৱহাৰ কৰা পানীত যদি পৰ্যাপ্ত পৰিমাণৰ কেলছিয়াম আৰু মেগনেছিয়াম নাথাকে, তেন্তে ওপৰত উল্লেখ কৰা মেটাবলিক ক্ৰিয়াবোৰ বাধাগ্ৰস্ত হব| দৈনন্দিক গ্ৰহণ কৰা আহাৰৰ পৰাও যদিও এই অভাৱ পুৰ্ণ হৈ থাকে, তেন্তে সিমান চিন্তাৰ কাৰণ নাথাকে|

ফিনলেণ্ডৰ গৱেষকৰ এটা দলে ফিনলেণ্ডৰ বিভিন্ন অঞ্চলৰ বাসিন্দাৰ মাজত হৃদৰোগীৰ সংখ্যাৰ দীৰ্ঘদিনীয়া বৈষম্যৰ কাৰণ বিচাৰি গৱেষক সকলে গৱেষণা চলাওঁতে এই কথা পোহৰলৈ আহিছে| গৱেষকৰ দলটোৱে ৩৫ ৰ পৰা ৭৪ বছৰ বয়সলৈ ১৮,৯৪৫ গৰাকী পুৰুষ-মহিলাৰ ওপৰত অধ্যয়ন চলাইছিল| প্ৰাৰম্ভিক পৰ্যায়ত হৃদৰোগ থকা ব্যক্তিসকলৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে খোৱাপানীৰ কঠিনতাৰ লগত হৃদৰোগৰ সম্পৰ্ক আছে|

প্ৰায় ১২,৫০০ ভূতল জলৰ নমুনাৰ কেলছিয়াম, মেগনেছিয়াম, ফ্লৰাইড, আইৰন, কপাৰ, জিংক, নাইট্ৰেট, আৰু এলুমিনিয়ামৰ পৰিমাণ নিৰ্ণয় কৰি গৱেষকৰ দলটোৱে দেখা পাইছিল যে দ্ৰৱীভুত খনিজ লৱণৰ উপস্থিতিয়ে কৰা পানীৰ কঠিনতা বৃদ্ধিৰ লগত হৃদৰোগীৰ সংখ্যা হ্ৰাসৰ পোনপটীয়া সম্পৰ্ক আছে| ড° এনি কৌচা আৰু তেওঁৰ সহযোগী সকলৰ গৱেষণাৰ এই ফলাফল কেৱল ফিনলেণ্ডৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবেই এক বৃহৎ অৱদান বুলি স্বীকাৰ কৰিব লাগিব|

সেয়ে নিজকে হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ, কলেষ্টেৰ’ল খাদ্য বৰ্জন, আৰু মানসিক উদ্বেগৰ পৰা মুক্ত ৰখাৰ লগতে দৈনন্দিক ব্যৱহাৰ কৰা পানীত এই খনিজ লৱণবোৰৰ পৰিমাণৰ বিষয়ে নিশ্চিত হোৱাটো অতি প্ৰয়োজন| এইক্ষেত্ৰত নিৰ্দ্দিষ্ট একেটা এলেকাত বাসিন্দা সকলৰ খোৱাপানী যোগানৰ দায়িত্বত থকা কতৃপক্ষৰো দায়িত্ব আছে| এওঁলোকে জনসাধাৰণক যোগান ধৰা পানী কোনো মানবিশিষ্ট গৱেষণাগাৰত পৰীক্ষা কৰোৱাই থাকিব লাগে| জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰ কতৃপক্ষ অদিৰ সমূহীয়া প্ৰচেষ্টাতহে এনে কৰটো সম্ভৱ|

আমাৰ খোৱাপানীত যদি অতিৰিক্ত ফ্ল’ৰাইডযুক্ত খোৱাপানীৰ ব্যৱহাৰে দন্ত ফ্ল’ৰছিছৰো কাৰক হ’ব পাৰে| ছাইষ্টিক ফাইব্ৰেছিছত ভোগা ৰোগীসকলে, শ্বাস-প্ৰশ্বাস আৰু জিনজিনিওৱাজনিত সমস্যাত ভুগিব পাৰে| তদুপৰি দন্তৰ এনামেলৰ আসোঁৱাহতো ভুগিব পাৰে|

উপেন দত্ত

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate