অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিডনিৰ পাথৰ হোৱা ৰোগ

আজিৰ পৰা চাৰি দশক আগতে মেডিকেল কলেজলৈ মণিপুৰৰ পৰা পেটৰ বিষৰ ৰোগী আহি ওলালে পোনতেই কিডনিৰ পাথৰৰ কথা  ভাবিবলৈ আমাক আমাৰ চাৰসকলে শিক্ষা দিছিল৷ মণিপুৰৰ বহুতো কিডনিৰ পাথৰৰ ৰোগী অপাৰেচন কৰাবলৈ ডিব্ৰুগড়ৰ অসম মেডিকেল  কলেজলৈ আহিছিল৷ কিন্তু বৰ্তমান কে‌ৱল মণিপুৰতেই নহয় অসম আৰু ভাৰতৰ আন আন ঠাইটো কিডনিৰ পাথৰৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷  আনকি কম বয়সীয়া লোকৰো কিডনিৰ পাথৰ হোৱাটো চিকিৎসকৰ বাবে উদ্বেগৰ বিষয় হ’ব ধৰিছে৷ দিনক দিনে মানুহৰ খাদ্যাভাসৰ পৰিবৰ্তন  আৰু আধুনিক জীৱনশৈলীৰ (লাইফষ্টাইল) ফলত কিডনিৰ পাথৰ হোৱা ৰোগ বাঢ়িছে বুলি অনুমান কৰা হৈছে৷ আজিৰ লিখনিৰ মাধ্যমেৰে  পাঠকসকলক এই ৰোগৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে এটি আভাস দিবলৈ প্ৰয়াস কৰিম৷

কিডনি বা বৃক্ক  হ’ল মানৱ দেহৰ সেই অপৰিহাৰ্য্য অংগ যাৰ কাম হ’ল ৰক্তশোধন কৰি মূত্ৰ উৎপন্ন কৰা৷ শৰীৰৰ ওপৰ পেটৰ মাংসপেশীৰ  আশ্ৰয়লৈ ৰাজহাঁড়ৰ দুকাষে একোটাকৈ কিডনি থাকে৷ দুয়োপিনে দুডাল ইউৰেটাৰ বা মূত্ৰনলীয়ে কিডনিক মূত্ৰাশয় বা ইউৰিনেৰি ব্লাডাৰৰ লগত  সংযোগ কৰিছে৷ মূত্ৰাশয়ৰ পৰা প্ৰসা‌ৱ বাহিৰলৈ ওলোৱা নলী অংশক ইউৰেথ্ৰা বোলে৷ কিডনিত পাথৰ হ’লে তাৰ প্ৰভাৱ বৰ্ণনা কৰা এই গোটেই  মূত্ৰ প্ৰণালীটোতেই পৰে৷

মানুহৰ প্ৰসা‌ৱত এটা নিৰ্দিষ্ট পৰিমাণত পানী, নিমখ,খনিজ তত্ব আদি থাকে যাৰ সন্তুলনত খেলিমেলি হ’লেই পাথৰ সৃষ্টি হোৱা পৰিবশ উৎপন্ন হয়৷ এতিয়া কিডনিৰ পাথৰ কেনে ধৰণৰ হ’ব পাৰে আৰু তেনে হোৱাৰ কাৰণ সমূহৰ ওপৰত আলোকপাত কৰিম৷

১) কেলচিয়ামযুক্ত পাথৰ – বেচি ভাগ কিডনিৰ পাথৰ হ’ল কেলচিয়াম অক্সালেটৰ৷ অৱশ্যে কিছুমান পাথৰ কেলচিয়াম ফচফেটৰো হয়৷ যেতিয়া প্ৰসা‌ৱত কেলচিয়ামৰ মাত্ৰা বাঢ়ি যায় তেতিয়া  পাথৰৰ সৃষ্টি হবলৈ ধৰে৷ কেতিয়াবা জন্মগত বিজুতিৰ ফলতো প্ৰসা‌ৱত  কেলচিয়াম  বাঢ়িব ধৰে৷ আকৌ কিছুমানৰ পেৰাথাইৰয়ড গ্ৰন্থিৰ অতি সক্ৰিয়তাৰ ফলতো শৰীৰত কেলচিয়াম বাঢ়িব পাৰে৷

২) ইউৰিক এচিডৰ পাথৰ- বেচিকৈ মাংস খোৱা মানুহৰ তেজত ইউৰিক এচিড বাঢ়ে৷ তেজত বৰ্ধিত ইউৰিক এচিডে গাউট ৰোগ কৰে ৷ এই ইউৰিক এচিডৰ উপস্থিতিত প্ৰসা‌ৱ বেচিকৈ এচিডিক হয় আৰু কিডনিত ইউৰিক এচিডৰ পাথৰৰ সৃষ্টি হয়৷

৩) সংক্ৰমণৰ ফলত হোৱা পাথৰ – মূত্ৰ প্ৰণালীৰ বাৰে বাৰে হোৱা দীঘলীয়া সংক্ৰমণৰ ফলতো পাথৰ উৎপন্ন হব পাৰে৷ এনে পাথৰ মহিলাৰ বেচিকৈ হোৱা দেখা যায়৷ এনে পাথৰে কম সময়তে ডাঙৰ আকৃতি ধাৰণ কৰিব পাৰে৷

৪) চিষ্টিনে কৰা পাথৰ- কিছুমান মানুহৰ শৰীৰত জন্মগত বিসংগতিৰ কাৰণে চিষ্টিন নামৰ এমাইনো এচিড বেচিকৈ উৎপন্ন হয়৷ প্ৰসা‌ৱত বৰ্ধিত চিষ্টিনে পাথৰ কৰিব পাৰে৷

কিডনিৰ পাথৰ উৎপন্ন হোৱাৰ কিছুমান কাৰক হ’ল

  • পৰিয়ালৰ আন সদস্যৰ পাথৰ ৰোগ থকা
  • নিজৰে পূৰ্বতে পাথৰ ৰোগ হোৱা
  • পানী কমকৈ খোৱা
  • বেচিকৈ ঘমাৰ্ত হোৱা
  • বেচিকৈ মাংস, নিমখ, চেনিযুক্ত খাদ্য খোৱা, ইয়াৰ বিপৰীতে কম কেলচিয়ামযুক্ত খাদ্য খোৱা
  • মেদবহুলতা
  • গেষ্ট্ৰিক বাইপাচ অস্ট্ৰোপচাৰ
  • ক্ৰনিক ডায়েৰিয়া
  • ইনফ্লেমেটৰী বাৱেল ডিজিজ, ক্ৰনজ ডিজিজ
  • কিছুমান ঔষধ – এচপিৰিন, এন্টাচিড, কেলচিয়াম-ভিটামিন ডিৰ বড়ি, কিছুমান এন্টিবায়টিক, মৃগীৰোগৰ দৰব যেনে টপামেক্স, এইডচ ৰোগৰ চিকিৎসাৰ কিছুমান দৰ‌ৱ
  • চাৰকোইডচিচ ৰোগ
  • কৰ্কট ৰোগ
  • নিষ্ক্ৰিয় লাইফষ্টাইল
  • উচ্চ ৰক্তচাপ ইত্যাদি৷

কিডনিৰ পাথৰৰ লক্ষণসমূহ

বহু সময়ত একো লক্ষণ দেখা নোযোৱাকৈয়ো থাকিব পাৰে৷ কিন্তু এটা বা ততোধিধ  পাথৰ  যেতিয়া কিডনিৰ পৰা নামি মূত্ৰনলীলৈ আহে তেতিয়া নিম্নলিখিত লক্ষণসমূহে দেখা দিব পাৰে :- পেটত কঁকালত  প্ৰবল  বিষ, বিষ কৰঙণলৈকে নামি অহা, প্ৰসা‌ৱত তেজ যোৱা, প্ৰসা‌ৱত শ্বেত কণিকা- পূঁজ ওলোৱা, দূৰ্গন্ধময় ঘোলা প্ৰসা‌ৱ হোৱা, ওকলি আৰু বমি হোৱা, প্ৰসা‌ৱত জ্বলাপুৰা কৰা, সঘনাই কম কম প্ৰসা‌ৱ হোৱা,  কঁপনি জ্বৰ হোৱা ইত্যাদি৷
মহিলাৰ তুলনাত পুৰুষৰ কিডনিৰ পাথৰ বেচিকৈ হোৱা দেখা যায়৷ সাধাৰণতে ৰোগীৰ বয়স ৩০-৫০ৰ ভিতৰৰ হয়৷

কিডনিৰ পাথৰে কৰিব পৰা জটিলতা

কিডনিৰ পৰা নামি অহা পাথৰে মূত্ৰ প্ৰণালীৰ যি কোনো ঠাইতে আবদ্ধ হৈ গ’লে মূত্ৰৰ প্ৰবাহ বাধা প্ৰাপ্ত কৰি কিডনি আৰু ইউৰেটাৰক ফুলাই তুলিব পাৰে৷ এনে অৱস্থাক হাইড্ৰনেফ্ৰচিচ আৰু হাইড্ৰইউৰেটাৰ বোলে৷ সময়মতে এনে অৱস্থাৰ চিকিৎসা নকৰিলে কিডনি বিনষ্ট হ’ব পাৰে৷

এই ৰোগৰ প্ৰতিৰোধৰ বাবে ল’বলগীয়া সতৰ্কতাসমূহ

ইয়াৰ বাবে লাইফষ্টাইল আৰু খাদ্যাভাসৰ পৰি‌ৱৰ্তন আৱশ্যক হ’ব পাৰে৷ মদ্যপান আৰু ধূম্ৰপাণ পৰিহাৰ কৰিব লাগিব৷ এলেহুৱা স্বভাৱ এৰিব লাগিব৷ ফাষ্টফুডৰ মোহ বাদ দিব লাগিব৷ অতিমাত্ৰা জৈৱিক প্ৰটিন অৰ্থাৎ সকলো ধৰণৰ মাংস খোৱা কমাব লাগিব৷ ঔষধৰ ব্যৱহাৰৰ ক্ষেত্ৰত যধেমধে এন্টাচিড আৰু এন্টিবায়টিক নোখোৱাই মংগলদায়ক৷ যধেমধে কেলচিয়াম আৰু ভিটামিন-ডিযুক্ত ঔষধ খোৱা বাদ দিব লাগিব৷ বেচি পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন-ডি প্ৰয়োগে তেজ আৰু প্ৰসা‌ৱত কেলচিয়ামৰ মাত্ৰা বঢ়াই পাথৰৰ সৃষ্টি কৰে৷ আমেৰিকাৰ ক্ৰিগটন ইউনিভাৰ্চিটিৰ মেডিকেল চেন্টাৰে এই কথাটোৰ সত্যতা নিৰূপণ কৰিছে৷ আনহাতে খাদ্যত থকা কেলচিয়ামে পাথৰ সৃষ্টি নকৰে৷ বৰঞ্চ কম কেলচিয়ামযুক্ত খাদ্যইহে পাথৰ উৎপন্ন কৰাত সহায়ক হয়৷ গাখীৰ,দৈ,পনীৰ, ফলমূল, সেউজীয়া পাচলি,কণী আদিত কেলচিয়াম থাকে৷ বেচি ফাইবাৰ অৰ্থাৎ আঁহযুক্ত খাদ্য খাবলৈ বাচনি কৰিব৷

আটাইতকৈ লাগতিয়াল কথা হ’ল খোৱা পানীৰ পৰিমাণ৷ দিনে আঢ়ৈৰ পৰা চাৰে তিনি লিটাৰ পানী খোৱাটো একান্ত আৱশ্যক৷ আমি ব্যায়াম কৰোতে বা যি কোনো শ্ৰম কৰোতে ঘামো৷ সেই ঘামত ওলোৱা পানীখিনি ততালিকে পানী বা চৰবত খাই পূৰণ কৰাটো উচিত৷ সদায় এটা কথা লক্ষ্য কৰা ভাল- প্ৰসা‌ৱ যাতে পৰিস্কাৰ আৰু পাতল থাকে – কাৰণ তেনে প্ৰসা‌ৱত সাধাৰণতে পাথৰ উৎপন্ন নহয়৷

অক্সালেটনো কি ? কিডনিত কেচিয়াম অক্সালেট পাথৰ সৃষ্টি হলে চিকিৎসকে অক্সালেটযুক্ত খাদ্য খাবলৈ বাৰণ কৰে৷ সেইবিলাকৰ উদাহৰণ হ’ল – পালেং, ৰঙা মৰীচা, পূৰৈশাক, বীট, মিঠা আলু, ভেন্দি, চয়াবীন, বাদাম, চাহ, চকলেট৷ আজিকালি চিকিৎসকৰ এই নিসিদ্ধকৰণৰ ধাৰণাটো কিছু সলনি হৈছে৷ একেসময়তে কেলচিয়ামযুক্ত খাদ্য আৰু অক্সালেটযুক্ত খাদ্য গ্ৰহণ কৰিলে যেহেতু কেলচিয়াম আৰু অক্সালেটৰ সন্মিলন পাক প্ৰণালীতেই হ’ব গতিকে কিডনিৰ পাথৰ উৎপন্ন হ’বলৈ সুযোগ নাপাব৷ আনহাতে কে‌ৱল মাত্ৰ অক্সালেটযুক্ত খাদ্য গ্ৰহণ কৰিলে কিডনিত প্ৰসা‌ৱৰ নিৰ্মাণ চলি থকা অৱস্থাত অক্সালেটে কেলচিয়ামৰ সৈতে লগ লাগি পাথৰ সৃষ্টি কৰে৷

চেনফ্ৰেন্সচিচকোৰ ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়াৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত কোৱা মতে দৰ‌‌ৱ বা খাদ্যৰ অতিমাত্ৰা  জিংকো  কিডনিৰ পাথৰ সৃষ্টিৰ এক কাৰক হ’ব পাৰে৷

ৰোগৰ চিনাক্তকৰণ

লক্ষণসমূহৰ পৰাই অনায়াসে কিডনিৰ পাথৰৰ উপস্থিতিৰ কথা জানিব পাৰি৷ কিন্তু লক্ষণ দেখা নিদিয়া বহুজনৰ ৰোগ আন যি কোনো কাৰণত কৰা পেটৰ এক্সৰে বা আলট্ৰাচাউণ্ডত ধৰা পৰে৷ আই ভি পি, চিটিস্কেন , এম আৰ আই আদি পৰীক্ষাৰ দ্বাৰা পাথৰৰ অৱস্থান আদিৰ বিষয়ে বিতংকৈ জানিব পাৰি৷ তেজত ইউৰিক এচিড, কেলচিয়ামৰ পৰিমাণ পৰীক্ষা কৰাটো বাঞ্চনীয়৷ প্ৰসা‌ৱৰো বিতং পৰীক্ষাৰ আৱশ্যক৷ প্ৰসা‌ৱত নিৰ্গত হোৱা পাথৰটোৰ বিশ্লেষণ কৰা ভাল৷ কেলচিয়ামৰ পাথৰ সাধাৰণতে মিহি বা খহটা আৰু মজলীয়াৰ পৰা ডাঙৰ আকৃতিৰ হয়৷

চিকিৎসাৰ ব্যৱস্থা

কে‌ৱল বিষ যন্ত্ৰণা বেচি হোৱা ৰোগীকহে চিকিৎসালয়ত ভৰ্তি কৰি চেলাইন, বমি প্ৰতিৰোধক আৰু বিষনাশক বেজী দি চিকিৎসা কৰা হয়৷ ডাঙৰ পাথৰ হোৱা ৰোগীৰ পাথৰ অপাৰেচন কৰি বাহিৰ কৰা হয়৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত লিথোট্ৰিপচি নামৰ শ্বক বা ভাইব্ৰেচন দি বিনা অপাৰেচনে প্ৰসা‌ৱত পাথৰ নিৰ্গত কৰোৱাৰ প্ৰয়াস কৰা হয়৷ কিন্তু এনে শ্বকৱেভ চিকিৎসা লোৱা কিছুমানৰ পৰ‌ৱৰ্তী সময়ত ডায়েবেটিজ ৰোগ হয়৷ পাথৰ মূত্ৰনলী বা ব্লাডাৰত থাকিলে পেটৰ ফলাচিঙা নকৰাকৈয়ো আধুনিক যন্ত্ৰপাতিৰ সহায়ত বাহিৰ উলিয়াই আনিব পাৰি৷

ৰোগ গুৰুতৰ নোহোৱা আন সকলো কিডনিৰ ৰোগীয়ে ঘৰত থাকিয়ে চিকিৎসা লব পাৰে৷ এনে ৰোগীক বিষ কমোৱা দৰ‌ৱ, মূত্ৰনলীৰ শিথিলতা অনা দৰ‌ৱ, বেচিকৈ প্ৰসা‌ৱ হোৱা দৰ‌ৱ ইত্যাদি ৰোগীভেদে দি চিকিৎসা কৰা হয়৷ ৰোগীয়ে প্ৰসা‌ৱত পাথৰ নিৰ্গত হ’লে সেই পাথৰ নিজৰ চিকিৎসকক  দেখুউৱা উচিত৷

কেলচিয়ামযুক্ত পাথৰক ৰোগীক থায়াজাইড ডাইয়ুৰেটিক নাইবা আন ফচফেটযুক্ত ঔষধেৰে চিকিৎসা কৰা হয়৷ ইউৰিক এচিডৰ পাথৰৰ ৰোগীক এলোপিউৰিনল সেৱন কৰিব দিয়া হয়৷ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা পাথৰৰ চিকিৎসা উপযুক্ত এন্টিবায়টিকৰ দ্বাৰা কৰা হয়৷চিষ্টিন পাথৰৰ চিকিৎসা কিছু জটিল৷ নিৰ্দিষ্ট চিষ্টিন প্ৰতিৰোধক দৰবৰ ওপৰিও ৰোগীক বেচিকৈ প্ৰসা‌ৱ হ’বলৈ প্ৰচুৰ পানী খুউৱাৰ প্ৰয়োজন৷

কি কি পথ্য লোৱাটো বাঞ্চনীয়?

ডাবৰ পানী, নেমু, কমলা বা মৌচম্বীৰ চৰবত নিতৌ খাব ৷ চৰবতত নিমখ কমকৈ দিব আৰু পৰাপক্ষত চেনিৰ সলনি চুগাৰফ্ৰি মিলালে  ভাল৷ আঙুৰ হ’ল এবিধ মূ্ত্ৰবৰ্ধক খাদ্য৷ ইয়াত প্ৰচুৰ পানী আৰু প’টাচিয়াম থকাৰ বিপৰীতে কম পৰিমাণত নিমখ থাকে৷ কল আৰু কেঁচা পিয়াজে অক্সালেট পাথৰ সৃষ্টিত বাধা দিয়ে৷ তিতা কেৰেলা হ’ল মেগনেচিয়াম আৰু ফচফৰাচযুক্ত – ইয়ো পাথৰ সৃষ্টিত বাধা দিয়ে৷ ভিটামিন বি-১২ থাকে বাবে তুলসীৰ পাতো কিডনিৰ পাথৰৰ ৰোগত উপকাৰী৷

লিখক: ডা০ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate