অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃত্ৰিম লিভাৰৰ সন্ধানতঃ

কৃত্ৰিম লিভাৰৰ সন্ধানতঃ

 

প্ৰকৃততে নিবন্ধটিৰ শিৰোনাম এখন প্ৰসিদ্ধ গ্ৰন্থৰ নামৰ অনুকৰণ কৰি বা ধাৰ কৰি দিয়া হৈছে। নক’লেও হ’ব যে অধ্যয়নশীল পঢ়ুৱৈসকলে ইতিমধ্যে ধৰিব পাৰিছেই যে বিশ্ববিখ্যাত গ্ৰন্থখনিৰ অসমীয়া ভাষাত অনুদিত সংস্কৰণৰ নাম ‘গডোৰ সন্ধানত’। গডো শীৰ্ষক চৰিত্ৰটিৰ সৈতে আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগৰ তেনে কোনো সম্পৰ্কৰ চিন্তা মনলৈ আনিব নোৱাৰি যদিও সন্ধানৰ প্ৰক্ৰিয়া যেন নিৰন্তৰ একেই।

প্ৰকৃততে লিভাৰটো যদিও মানৱ শৰীৰৰ সৰ্ববৃহৎ অংগ তথাপি ইয়াৰ ওজন (১.৫ কিঃ গ্ৰাম) হৈছে মানৱ দেহৰ মুঠ ভৰৰ মাথোঁ এক ভগ্নাংশহে। আনহাতে কলা নিৰ্মাতাৰ বাবে লিভাৰৰ গাঁঠনি যেন এক দুঃস্বপ্নহে। লিভাৰৰ এনেকি এক যৎসামান্য অংশ কৃত্ৰিমভাৱে নিৰ্মাণ কৰি উলিওৱা কাৰ্য যেন চিকিৎসা বিজ্ঞানীসকলৰ সন্মুখত এক বিৰাট প্ৰত্যাহ্বান ৰূপে দেখা দিছে। অৱশ্যে পঢ়ুৱৈসকলক মই এইখিনিতে লিভাৰৰ সংস্থাপনৰ বিষয়ে বৰ্ণনা কৰা নাই এই কথা পুনৰবাৰ দোহাৰিলো।

কৃত্ৰিম লিভাৰৰ প্ৰস্তুতি বা নিৰ্মাণৰ প্ৰক্ৰিয়াটি এইবাবেই জটিল বুলি কোৱা হৈছে যে লিভাৰ হৈছে এনে এক অংগ যিয়ে নেকি মানৱ দেহত প্ৰায় দুশটা কাম সম্পন্ন কৰে।

লিভাৰৰ কেইটামান উল্লেখনীয় কাম হৈছে-

 

  • তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ।
  • তেজত কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণত উল্লেখনীয় ভূমিকা পালনকাৰী দ্ৰব্য পিত্ত অম্লৰ নিঃসৰণ আৰু তেজৰ তঞ্জন (গোট মাৰা) প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত কেতবোৰ প্ৰ’টিনৰ নিঃসৰণ।
  • তদুপৰি লিভাৰৰ আন এক উল্লেখনীয় কাম হৈছে যে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আমি গ্ৰহণ কৰা দৰববোৰৰ বিপাক কাৰ্য সম্পন্নকৰণ প্ৰক্ৰিয়া। মদ্যপান, ধূমপানৰ ফলত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰৰ বহিৰ্গমনত লিভাৰে সহায় কৰে। এনেবোৰ কাম-কাজৰ প্ৰতিটোৱেই গুৰুত্বপূৰ্ণ। ইয়াৰে কোনোবা এটা ব্যাহত হ’লেই সুস্বাস্থ্যৰ প্ৰতি ভাবুকি আহে।

বিশ্বৰ চুকে কোণে বিভিন্ন দেশৰ বিজ্ঞানীসকলে লিভাৰৰ সৈতে সাদৃশ্যযুক্ত কলা প্ৰস্তুতিৰ প্ৰয়াসত গৱেষণাগাৰত ব্ৰতী হৈছে আৰু এইক্ষেত্ৰত কম-বেছি মাত্ৰাত সফলতাও লভিছে।

দুটা কাৰণৰ বাবে কৃত্ৰিম লিভাৰৰ প্ৰস্তুতি অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰথম কথা, লিভাৰৰ সংৰোপণ প্ৰক্ৰিয়াটি অত্যন্ত খৰচী। দ্বিতীয়তে, এই ক্ষেত্ৰত পৰ্যাপ্ত সংখ্যক দাঁতাৰ (ডনাৰ) অভাৱ। কানপুৰস্থিত আই আই টিৰ জৈৱ অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক অশোক কুমাৰৰ ভাষ্য এই ক্ষেত্ৰত এনে ধৰণৰ- “প্ৰায় ২ নিযুত ভাৰতীয় মানুহৰ লিভাৰৰ সংৰোপণৰ প্ৰয়োজনীয়তা আছে। পাছে দাঁতাৰ অভাৱত ইয়াৰে ভিতৰত এক শতাংশতকৈও কম মানুহেহে এয়া কৰিবলৈ সমৰ্থ হয়”। ভাৰতবৰ্ষৰ প্ৰথমটি কৃত্ৰিম লিভাৰ প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত যি উদ্যোগ লোৱা হৈছে তাৰে হৈছে এখেত ঘাই হোতা।

এই ক্ষেত্ৰত গৱেষণাত ব্ৰতী হৈ থকা অন্য এগৰাকী বিজ্ঞানী হৈছে পদ্মা ৰাজাগোপালন। খড়গপুৰস্থিত আই আই টিৰ একালৰ ছাত্ৰী এইগৰাকী বিজ্ঞানী বৰ্তমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া টেকনিকেল ইউনিভাৰ্ছিটিৰ এগৰাকী অধ্যাপিকা ৰূপে কৰ্মৰত হৈ আছে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অন্তৰ্গত মাছাছুৱেছেট জেনেৰেল হস্পিতালত এটা গৱেষণা প্ৰকল্পত কৰ্মৰত হৈ থকা সময়ত (২০০২ চন) তেওঁ এই বিষয়টি সন্দৰ্ভত অনুৰক্তা হৈ পৰে।

লিভাৰত থকা দুবিধ গুৰুত্বপূৰ্ণ ধৰণৰ কোষ হৈছে- হেপাটোচাইট আৰু ছাইনোছাইডত থকা এণ্ডোথেলিয়েল কোষ। লিভাৰৰ মুঠ কোষবোৰৰ ৮০ শতাংশ হৈছে প্ৰথম বিধৰ আৰু দ্বিতীয়বিধ কোষে সেইবোৰ ৰক্তবাহী ধমনীৰ বেৰত থকা যিবোৰৰ জৰিয়তে বিভিন্ন দ্ৰব্য লিভাৰলৈ পৰিবাহিত হয়। এই দুবিধ কোষৰ মাজত স্পেছ অব ডিছে শীৰ্ষক ঠাইডোখৰত প্ৰ’টিন থাকে।

লিভাৰৰ কলাই যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাব পাৰে। ১০-১৫ শতাংশ কোষ থাকিলেই পুনৰ সৃষ্টি সম্ভৱপৰ হয় যদিও শৰীৰৰ পৰা উলিয়াই আনিলে সেই ক্ষমতা হেৰুৱাই পেলায়।

পাছে কৃত্ৰিম লিভাৰ কাৰ্যক্ষম হ’বলৈ হ’লে ইয়াত থকা কোষবোৰে শৰীৰৰ বাহিৰতো কাৰ্যক্ষম হ’ব লাগিব। ডাঃ ৰাজাগোপালনে তেওঁৰ গৱেষণাৰ প্ৰাৰম্ভিক পৰ্যায়তে উপলব্ধি কৰিছিল যে দুয়োবিধ কোষৰ মধ্যৱৰ্তী শূন্য স্থান অটুট আৰু সঠিক থাকিলেও এই কামফেৰা উজু হ’ব। লিভাৰৰ সূক্ষ্ম গাঁঠনি পুনৰ নিৰ্মাণৰ উদ্দেশ্যে তেওঁ জৈৱিক উপায়েৰে নিৰ্মিত তেনেই ক্ষুদ্ৰকায়যুক্ত পলিমাৰ ব্যৱহাৰ কৰি এক পদ্ধতি উদ্ভাৱন কৰিছিল।

পৰৱৰ্তী সময়ত এই পদ্ধতিৰ আলমতে ত্ৰৈমাত্ৰিক ধৰণৰ লিভাৰৰ কলা কৃত্ৰিমভাৱে নিৰ্মাণ কৰিবলৈ তেওঁলোক সক্ষম হৈছিল। ডাঃ ৰাজাগোপালনৰ দেউতাক পি কে ৰাজগোপালনো আছিল খড়গপুৰ আই আই টিৰ এঝন অধ্যাপক আৰু এনে এক পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ সুবাদতে তেওঁৰ মনত জাগিছিল বিজ্ঞান সাধনাৰ অদম্য স্পৃহা। নিগনিৰ লিভাৰত ইতিমধ্যে তেওঁলোকে কৃত্ৰিম কোষ প্ৰস্তুতিৰ প্ৰয়াসত সফলতা লভা বুলি সদৰী কৰিছিল।

এতিয়া বিজ্ঞানীসকলে একেটা পদ্ধতি মানুহৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছে আৰু তেওঁলোকে আশা পোষণ কৰে যে মানৱ দেহৰ বাহিৰত স্থাপন কৰা এক যন্ত্ৰৰ জৰিয়তে লিভাৰৰ কাম-কাজখিনি সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যাব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ এজেন্সীয়ে অলপতে ডাঃ ৰাজাগোপালনৰ নেতৃত্বাধীন গৱেষকৰ দলটোক আন এক সুদূৰ প্ৰসাৰী বৈজ্ঞানিক প্ৰকল্পৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। ত্ৰৈমাত্ৰিক লিভাৰৰ সাদৃশ্যতাযুক্ত কোষ নিৰ্মাণ কৰি এইটো প্ৰকল্পৰ জৰিয়তে জানিবলৈ চেষ্টা কৰা হ’ব যে কিদৰে লিভাৰে বিষাক্ত দ্ৰব্যবোৰ মানৱ দেহৰ পৰা উলিয়াই দিয়ে। আমাৰ চৌদিশৰ পৰিৱেশত থকা নানা তৰহৰ ৰাসায়নিক দ্ৰব্য তথা ধূলি-ধোঁৱাৰ উপৰি খাদ্যৰ জৰিয়তে গ্ৰহণ কৰা নানা দ্ৰব্যৰ বিপাক ক্ৰিয়া লিভাৰতে সংঘটিত হয়।

আনহাতে একেটা ইনষ্টিটিউটত কৰ্মৰত হৈ থকা আন এজন ভাৰতীয় বিজ্ঞানী ডাঃ টি এম মুৰুলিধৰণ লিভাৰ সম্বন্ধীয় আন এক গুৰুত্বপূৰ্ণ গৱেষণা প্ৰকল্পৰ সৈতে জড়িত হৈ আছে। এই গৱেষণামূলক কৰ্মৰ জৰিয়তে জানিবলৈ চেষ্টা কৰা হৈছে যে একেটা সময়তে কেইবাটাও দৰব মিশ্ৰিত অৱস্থাত খালে (ভেষজ বিজ্ঞানৰ ভাষাত ইয়াক এফ ডি চি ফিক্সড্ ড্ৰাগ কম্বিনেচন বোলে) লিভাৰত যি বিক্ৰিয়া ঘটে তাৰ সৈতে সেই একেই কেইটা দৰব গাইগুটীয়াভাৱে গ্ৰহণ কৰিলে সৃষ্টি হোৱা বিক্ৰিয়াৰ সাদৃশ্যতা আছে নে নাই।

ইতিমধ্যে ওপৰত উল্লিখিত বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে লিভাৰৰ সৈতে সাদৃশ্যতাযুক্ত যি কলা উদ্ভাৱন কৰিছে- তাৰ জৰিয়তে লিভাৰৰ কাম-কাজৰ বিষয়ে ন ন তথ্যৰ সম্ভেদ লভা হৈছে যদিও এতিয়াও এক পূৰ্ণাংগ পৰ্যায়ৰ কৃত্ৰিম লিভাৰৰ আশা যেন সুদূৰ পৰাহত। ডাঃ ৰাজাগোপালনৰ মতে পূৰ্ণাংগ ধৰণৰ কৃত্ৰিম লিভাৰৰ উদ্ভাৱনৰ বাবে অন্ততঃ কেইটামান বছৰৰ দৰকাৰ হ’ব। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটি হৈছে লিভাৰৰ কোষবোৰত স্বকীয়ভাৱে পুনৰ্গঠিত হোৱাৰ ক্ষমতাটি সৃষ্টি কৰাটো সম্ভৱপৰ হোৱা নাই।

অনুৰূপভাৱে লিভাৰৰ বিভিন্ন অংশত থকা অম্লজানৰ মাত্ৰাৰ ভিন্নতা আছে আৰু ফলত এনেবোৰ অংশৰ কাম-কাজ ভিন্ন ধৰণৰ হ’ব পাৰে। গতিকে এইটোও এক ডাঙৰ প্ৰত্যাহ্বান। অৱশ্যে আংশিকভাৱে কাৰ্যক্ষম লিভাৰৰ সৃষ্টি এই ক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ বুলি বিজ্ঞানীসকলে বিবেচনা কৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate