পালপিটিচন বা বুকুৰ ধৰফৰণি এটা অতি অস্বস্তিকৰ অৱস্থা। যিসকলে এই উপসৰ্গত ভুগিছে তেওঁলোকেহে তাৰ প্ৰকৃত যন্ত্ৰণা উপলব্ধি কৰিব পাৰে। সুস্থ বা স্বাভাৱিক অৱস্থাত মানুহে নিজৰ হৃদস্পন্দন সম্পৰ্কে উদাসীন হৈ থাকে অথবা সচেতন নহয়। কিন্তু যেতিয়া হৃদস্পন্দন বুকুৰ ধপধপনিলৈ পৰিৱৰ্তন হয় তেতিয়াহে ৰোগীজন এই সম্পৰ্কে সচেতন হ’বলৈ লয়। কিছুমান শাৰীৰিক বিসংগতিৰ ফলত শৰীৰৰ স্বাভাৱিক হৃদস্পন্দনৰ গতি ব্যাহত হৈ বুকুৰ ধৰফৰণি আৰম্ভ হয়। বুকুৰ ধৰফৰণি স্বয়ং কোনো ৰোগ নহয়; এটা উপসৰ্গহে। ইয়াক কিছুমান কঠিন অসুখৰ লক্ষণ বুলিও ক’ব পৰা যায়। এই উপসৰ্গৰ অন্তৰালত থকা বহুতো কাৰণৰ ভিতৰত সচৰাচৰ কেইটামান কাৰণক খুব গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয়। যেনে–
(১) হৃদপিণ্ডৰ ক্ৰিয়াৰ বিসংগতিৰ বাবে হোৱা ধৰফৰণি। ই দুই ধৰণৰ হ’ব পাৰে–
(ক) সুস্থ মানুহ এজনৰ হৃদযন্ত্ৰ মিনিটত ৭০ৰ পৰা ৭২ বাৰ স্পন্দিত হয়। যাক আমি হাৰ্ট বিট বোলো। স্বাভাৱিক অৱস্থাত হৃদস্পন্দন হৃদযন্ত্ৰৰ চাইনাচ নোডত আৰম্ভ হৈ এণ্ট্ৰিওভেণ্ট্ৰিকুলাৰ জ’নৰ (অলিন্দ আৰু নিলয়ৰ মাজৰ ঠাই) ভেণ্ট্ৰিকল বা নিলয়লৈ গুচি যায়। কিন্তু যদি কোনো কাৰণত বা কোনো ৰোগৰ বাবে হৃদস্পন্দন চাইনাচ নোডৰ পৰা সৃষ্টি নহৈ আন কোনো ঠাই যেনে অলিন্দ বা নিলয়ৰ পৰা উৎপন্ন হয়, তেন্তে হৃদস্পন্দন চাইনাচ নোড আৰু ইকটোপিক ফ’কাচ – এই দুয়োঠাইৰ পৰা অনিয়মিতভাৱে সৃষ্টি হয় আৰু ৰোগী বুকুৰ ধপ্ধপনিৰ কবলত পৰে।
(খ) ইকটোপিক ট্ৰাকিকাৰ্ডিয়া: এইক্ষেত্ৰত হৃদযন্ত্ৰ স্বয়ং আৰু ইকটোপিক বিটৰ দ্ৰুত স্পন্দন মিলি বুকুৰ ধৰফৰণিৰ সৃষ্টি কৰে। এনেধৰণৰ ট্ৰাকিকাৰ্ডিয়া হ’লে ই চি জি যোগেদি ৰোগ নিৰ্ণয় কৰি সহজে ৰোগৰ চিকিৎসা আৰম্ভ কৰিব পৰা যায়।
হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ যেনে- ইস্কিমিক হাৰ্ট ডিজিজ, ভাল্ভৰ ৰোগ, হৃদপিণ্ড আকাৰত ডাঙৰ হোৱা আদি ৰোগটো বুকুৰ ধৰফৰণি হ’ব পাৰে।
ৰক্ত সঞ্চালন বা হৃদযন্ত্ৰৰ বাহিৰেও অন্য কিছুমান ৰোগত এই উপসৰ্গ দেখা দিব পাৰে। যেনে – ৰক্তাল্পতা, জ্বৰ, হাইপোগ্লাইচিমিয়া বা তেজত শৰ্কৰাৰ পৰিমাণ কমি যোৱা, গেছ হোৱা, বিভিন্ন ধৰণৰ ঔষধ, মদ, মআন্সিক উদ্বেগ, অত্যধিক পৰিশ্ৰম, মহিলাৰ ঋতুজনিত উপসৰ্গ আদি।
বহুতে ট্ৰাকিকাৰ্ডিয়া আৰু পালপিটিচনক একেই অৰ্থত ব্যৱহাৰ কৰে যদিও ই সঠিক নহয়। পালপিটিচন হৈছে হৃদস্পন্দনৰ অনুভূতি সম্পৰ্কে সচেতনতা; আনহাতে ট্ৰাকিকাৰ্ডিয়া হৈছে দ্ৰুত হৃদস্পন্দন। যদি এই স্পন্দন মিনিটত এশবাৰৰো বেছি হয় তেন্তে তাক ট্ৰাকিকাৰ্ডিয়া বুলিব পাৰি। ৰোগীৰ ট্ৰাকিকাৰ্ডিয়া নাথাকিলেও পালপিটিচন হ’ব পাৰে। সাধাৰণ, বেছি আৰু কম- হৃদস্পন্দনৰ এই তিনিটা অৱস্থাতেই পালপিটিচন হ’ব পাৰে। সুস্থ আৰু সাধাৰণ অৱস্থাত হৃদপিণ্ডই যি স্পন্দনৰ সৃষ্টি কৰে সেয়া সাধাৰণ মানুহৰ বোধগম্য নহয়। কিন্তু সুস্থ ব্যক্তিয়ে অত্যধিক কায়িক শ্ৰম কৰাৰ ফলত অথবা আবেগত বিহ্বল হৈ পৰিলে বুকুৰ ধৰফৰণি অনুভৱ হ’ব পাৰে। এনে ধৰণৰ ধৰফৰণি খুব এটা ক্ষতিকৰ নহয়। ই চিন্তনীয় হয় তেতিয়াহে, যেতিয়া হৃদপিণ্ডই দ্ৰুত স্পন্দন সৃষ্টি কৰি বেছি পৰিমাণে তেজ সঞ্চালিত কৰে আৰু এনে সঞ্চালনৰ বাবে জোৰেৰে পাম্প কৰিব লগা হয়। সাধাৰণ মানুহৰ এটা ধাৰণা আছে যে পালপিটিচন মানেই হৃদৰোগৰ লক্ষণ; যদিও বহুক্ষেত্ৰত এনে ৰোগীক পৰীক্ষা কৰি হৃদৰোগৰ কোনো লক্ষণ দেখা পোৱা নাযায়। সেয়ে এনে উপসৰ্গই দেখা দিলে বিচলিত নহৈ সুচিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পালপিটিচন চিনাক্ত কৰাৰ কেইটিমান সহজ উপায় আছে। এই সময়ত ৰোগীক যত্ন সহকাৰে পৰীক্ষা কৰি ৰোগৰ ইতিহাস জানি লৈ কেইটিমান দিশ বিবেচনাৰ বাবে লোৱা হয়। যেনে- হৃদপিণ্ডই স্বতন্ত্ৰভাৱে খুন্দা মাৰিছে নে নাই(জাম্প বা স্কিপচ), আকস্মিকভাৱে আৰম্ভ হৈ ১২০ বা তাতকৈ বেছি নিয়মিত বা অনিয়মিত নাড়ীস্পন্দন সংঘটিত হৈছে নেকি (পেৰাস্কিমল ট্ৰাইকাৰ্ডিয়া বা ৰেপিড হাৰ্ট একচন)। ইয়াৰ বাহিৰে উত্তেজনা বা পৰিশ্ৰমৰ যদি কোনো ভূমিকা নাই তেন্তে ৰক্তাল্পতা, জ্বৰ, হাইপোগ্লাইচিমিয়া আদি কোনো ৰোগৰ বাবে এনে হৈছে নেকি সেইটো বিবেচনা কৰা হয়। যদি খুব দ্ৰুতভাৱে বুকু ধৰফৰায় কিন্তু আকস্মিকভাৱে নহয় আৰু ইয়াৰ লগত পৰিশ্ৰম বা উত্তেজনাৰ কোনো ভূমিকা নাই; তেন্তে ৰক্তক্ষৰণ, হাইপোগ্লাইচিমিয়া, এড্ৰিনেল গ্ৰন্থিৰ টিউমাৰ আদি ৰোগৰ বাবে এনে হ’ব পাৰে। বহু সময় বহি থকাৰ পৰা হঠাৎ থিয় হ’লে যদি বুকু ধৰফৰায়, তেন্তে সেয়া উচ্চ ৰক্তচাপৰ বাবে হ’ব পাৰে। মধ্যবয়সী মহিলাৰ বুকুৰ ধৰফৰণিৰ লগত মুখ ৰঙা পৰা, শৰীৰৰ পৰা ঘাম ওলোৱা আদি উপসৰ্গ থাকিলে, ঋতুবদ্ধৰ উপসৰ্গৰ বাবে এনে হ’ব পাৰে। বুকুৰ ধৰফৰণি উপসৰ্গত বেছিভাগ ক্ষেত্ৰত কথা কোৱাৰ শক্তি অপৰিৱৰ্তিত অৱস্থাত থাকিলেও কিছুমান ক্ষেত্ৰত ৰোগী বাকৰুদ্ধ হৈ পৰে। হৃদপিণ্ডৰ অনিয়মিত স্পন্দনৰ বাবে মস্তিষ্কলৈ স্বাভাৱিক তেজ চলাচলত বাধাৰ সৃষ্টি হ’লে এনে হ’ব পাৰে আৰু কেতিয়াবা ৰোগী অজ্ঞান হৈ পৰিব পাৰে। অনেকৰ মনত প্ৰশ্ন হয় বুকু বেছিকৈ ধৰফৰোৱাৰ অৰ্থ বোধহয় ‘ষ্ট্ৰোক’ হোৱাৰ লক্ষণ। কিন্তু চিকিৎসকৰ মতে বুকুৰ ধৰফৰণি বেছি হ’লেই যে ষ্ট্ৰোক হ’ব সেইটো নহয়। কিন্তু কিছুমান ক্ষেত্ৰত যেনে- হৃৎপিণ্ডৰ অলিন্দৰ অবিন্যস্ত গতিবৃদ্ধিৰ ফলত হৃদপিণ্ড আৰু বাওঁ নিলয়ৰ কাম-কাজ ব্যাহত হ’ব পাৰে আৰু শেষত হাৰ্টব্লক হৈ হৃদস্পন্দন বন্ধ হৈ যাব পাৰে।
পালপিটিচন বা বুকু ধৰফৰণিৰ বাবে চিকিৎসকসকলে যিবোৰ পৰীক্ষাৰ কথা কয়, সেইবোৰ হ’ল- বুকুৰ এক্সৰে, ই চি জি, ইকোকাৰ্ডিওগ্ৰাফি। তাৰোপৰি তেজৰ বিভিন্ন পৰীক্ষা যেনে- শৰ্কৰাৰ পৰিমাণ, লোহিত ৰক্তকণিকাৰ পৰিমাণ নিৰ্ণয়, থাইৰয়ডৰ কাৰ্যকলাপ জনাৰ পৰীক্ষা ইত্যাদি। যদি সাধাৰণ ই চি জি পৰীক্ষাত কোনো অস্বাভাৱিকতা ধৰা নপৰে অথচ চিকিৎসকৰ মনত সন্দেহ থাকে তেন্তে তেনে ৰোগীক লং টাৰ্ম ই চি জি কৰা হয়। এই পদ্ধতিত ৰোগীৰ বুকুত ২৪ ঘণ্টাৰ বাবে এটা যন্ত্ৰ বহুৱাই দিয়া হয়। ইয়াত হৃদস্পন্দনৰ গতি আৰু প্ৰকৃতি স্বয়ংক্ৰিয়ভাৱে লিপিবদ্ধ হয়। ইয়াৰ পৰা চিকিৎসকসকলে কোন সময়ত হৃদস্পন্দনৰ পতন ঘটিছে আৰু ইয়াৰ উৎস কি সেইটো ধৰা পেলাব পাৰে। বুকুৰ ধৰফৰণি বা পালপিটিচন উপসৰ্গৰ পৰা ৰেহাই পাবলৈ হ’লে অত্যধিক চাহ, কফি, মদ্যপান আদিৰ পৰা ৰোগী আঁতৰি থকা উচিত। কাৰণ এনেবোৰ উত্তেজক খাদ্য আৰু পানীয়ই উত্তেজনা বঢ়ায়। মানসিক কাৰণত উত্তেজনা বাঢ়িলে মনোৰোগ চিকিৎসক অথবা মনোবিজ্ঞানীৰ পৰামৰ্শ লোৱা দৰকাৰ।পৰিসংখ্যাৰ ফালৰপৰা এই ৰোগত আক্ৰান্ত পুৰুষ আৰু মহিলাৰ সংখ্যা সমান সমান যদিও বাস্তৱ ক্ষেত্ৰত মহিলাসকলেই এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। কাৰণ হিচাপে কোৱা হয় যে মহিলাসকল পুৰুষতকৈ বেছি দুশ্চিন্তাত ভোগে। বুকুৰ ধৰফৰণি আৰম্ভ হ’লে ৰোগীক সম্পূৰ্ণ বিশ্ৰাম ল’বলৈ দিব লাগে আৰু মানসিক শান্তি যাতে বজাই ৰাখে সেইটো লক্ষ্য কৰিব লাগে। তাৰ লগতে যিটো কাৰণৰ বাবে এনে হৈছে সেই কাৰণ নিৰ্ণয় কৰি তাৰ চিকিৎসা আৰম্ভ কৰিব লাগে। এই সময়ত চিকিৎসকসকলে সাধাৰণতে টোপনিৰ ঔষধ দি শাৰীৰিক মানসিক শান্তি অব্যাহত ৰখাৰ লগতে উদ্বেগ দূৰ কৰাৰ চেষ্টা কৰে। ৰোগৰ প্ৰাথমিক অৱস্থাত যৌন সংসৰ্গৰ পৰা দূৰত থকা উচিত। উপসৰ্গ নাইকিয়া হোৱাৰ পিছত স্বাভাৱিক যৌনমিলনত কোনো বাধা নাই। পালপিটিচনৰ সময়ত হৃদযন্ত্ৰৰ অৱস্থা বা নাড়ীৰ গতি কেনে হয় সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে উপসৰ্গৰ ‘কাৰণ’ৰ ওপৰত। সাধাৰণভাৱে ইয়াকে ক’ব পাৰি যে যদি মানসিক উদ্বেগৰ কাৰণে এনে উপসৰ্গই দেখা দিছে, তেন্তে নাড়ীৰ গতি সামান্য বাঢ়িব পাৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰৰ কোনো ক্ষতি নহয়। কিন্তু যদি হৃদপিণ্ডৰ কোনো ৰোগ এই উপসৰ্গৰ কাৰণ হয় তেন্তে নাড়ীৰ গতি বাঢ়িব বা কমিব পাৰে আৰু অনিয়মিত হ’ব পাৰে। পালপিটিচন বা বুকুৰ ধৰফৰণি আৰম্ভ হ’লে অনাহক দুশ্চিন্তা কৰাৰ প্ৰয়োজন নাই। উপযুক্ত আৰু সঠিক চিকিৎসাৰ দ্বাৰা ইয়াক সম্পূৰ্ণ দূৰ কৰি স্বাভাৱিক জীৱন যাপন কৰিব পাৰি। আলোচনাৰ শেষত ইয়াকে ক’ব পাৰি যে, হৃদপিণ্ডৰ গতি প্ৰকৃতি নিয়মিত ৰূপত থাকিলে ধৰি ল’ব পাৰি যে হৃদযন্ত্ৰৰ কোনো জটিল ৰোগ নাই বা হোৱাৰ সম্ভাৱনা কম। ৰোগীৰ উপসৰ্গৰ সঠিক কাৰণ জনাৰ পিছত কেতিয়াবা বুজনিৰ জৰিয়তেও উপসৰ্গ দূৰ কৰিব পাৰি। ঔষধ প্ৰয়োগৰ প্ৰয়োজন নহয়। উদাহৰণস্বৰূপে মহিলাসকলৰ ঋতুবন্ধৰ সময়ত অত্যধিক চিন্তা আৰু ভয়ৰ কাৰণে বুকুৰ ধৰফৰণি হ’লে যদি বুজাই কোৱা হয় যে ইয়াৰ অন্তৰালত কোনো হৃদৰোগৰ সম্ভাৱনা নাই, তেন্তে এই উপসৰ্গ আপোনা আপুনি নোহোৱা হ’ব। এনেধৰণৰ উৎকণ্ঠাত ভোগা ৰোগীৰ পালপিটিচন বেছি হোৱাৰ মূল কাৰণ হ’ল মস্তিষ্কৰ ক’ৰ্টেস্ক আৰু হাইপোথেলামাচৰ ভাৰসাম্যৰ বিসংগতি।
বুকুৰ ধৰফৰণিৰ কাৰণসমূহৰ এখন তালিকা তলত দিয়া হ’ল–
লিখক: ডা° জয়ন্ত ৰঞ্জন দত্ত, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 6/28/2020
বুকুৰ ধপ্ধপনি নিৰাময়ত হোমিও চিকিৎসা
বুকুৰ বিষ
অসমীৰ বুকুৰ নদ নদী
অসমীয়া কৃষ্টিৰ চমু আভাস:বিষ্ণুপ্ৰসাদ ৰাভা