অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পি এম, চি এমৰ বুকুও ফালিবলগীয়া হয়?

পি এম, চি এমৰ বুকুও ফালিবলগীয়া হয়?

ক’ৰনেৰি আৰ্টাৰি ডিজিজ

‘কি কৰিব ছাৰ, জীৱনটোক সুন্দৰকৈ উপভোগ কৰাৰ দুৰ্বাৰ বাসনা পূৰণ কৰাৰ স্বাৰ্থতে সাতবাৰকৈ সংজ্ঞাহীন হৈ,সাতটাকৈ অস্ত্ৰোপচাৰ কৰাই লৈ,লাখ লাখ মিলিগ্ৰাম পৰিমাণৰ ৰাসায়নিক দ্ৰব্য শৰীৰত প্ৰৱেশ কৰাই লৈও সুন্দৰ সন্ধানী মই যেন ইকূলো নোপোৱা, সিকূলো নোপোৱা,মাজপানীত ৰৈ যোৱা এখন দুৰ্ঘটনাগ্ৰস্ত অচল জাহাজহে।কাব্যৰস মিশ্ৰিত হৈ থকা যেন লগা তেজপুৰীয়া মহিলাগৰাকীৰ এই অনুভূতিৰ প্ৰতি সঁহাৰি দিয়াৰ আগতেই দীঘলীয়া নমস্কাৰ এটাৰে ৫৩বছৰীয়া মানুহজন চেম্বাৰলৈ সোমাই আহি একেবাৰে মোৰ কাষ পাইছিলহি।মই বোলো ‘কিহে ইঞ্জিনীয়াৰ চাহাব,বহুদিনৰ মূৰত দেখোন?ইতিমধ্যে বক্ষ বিদীৰ্ণ কৰা হৈ গ’ল(CABG-Coronary Artery Bypass Graft)নেকি?’

‘নাই নাই ছাৰ, সেইবোৰ একো কৰা নাই।আপোনাৰ সাহসতে ইতিমধ্যে আঠটা বছৰ ভালে-কুশলে পাৰ কৰিলো।এতিয়া মই মোৰ ছোৱালীজনীৰ সমস্যা দুটামান লৈহে আহিছো।আপুনি অৱশ্যে কৈছিল, খাদ্য সদৃশ এই ঔষধবোৰ অত্যাৱশ্যকীয় বুলি বিবেচিত হোৱা অস্ত্ৰোপচাৰৰ সম্পূৰ্ণ বিকল্প নহ’ব পাৰে,সাৱধান।অস্ত্ৰোপচাৰ কৰি ল’ব পাৰিলে ভাল হয় বুলি ভাবিলেও আমিতো আৰু প্ৰধানমন্ত্ৰী বা মূখ্যমন্ত্ৰীৰ দৰে মহামূল্যৱান দেহধাৰী নহয় যে ৰাইজৰ ধনেৰেই আমাৰো মেৰামতি হ’ব?২৫ বছৰৰ পিছত পদোন্নতি এটা পাই চাৰিটা বছৰ সহকাৰী কাৰ্যকাৰী অভিযন্তা হিচাপে গতানুগতিক কামবোৰ কৰি থকা তুলনামূলকভাৱে মূল্যহীন দেহধাৰী এক প্ৰাণীহে মই? বাৰু ছাৰ,পি এম্‌-চি এম্‌ৰ দৰে দেশৰ প্ৰধান হোতাসকলৰ বুকু আৰু কলিজা(Chest and Heart)বোৰ নফলাকৈ ৰাখিব নোৱাৰিনে?কৰ’নাৰী ধমনীৰ এই ৰোগতো বংশানুক্ৰমিক(Genetic)নহয়,ঘাইকৈ জীৱনশৈলী(Lifestyle Related)সৃষ্টহে? তেওঁলোকৰ লগত দেখোন অনবৰতে বিশেষজ্ঞ চিকিত্‌সকৰ দল একোটি জোক লগাদি লাগিয়েই থাকে?ফলা-চিৰা কৰিব নলগা হোৱাকৈ ৰোগটো দেখোন আগতেই প্ৰতিহত কৰিব পাৰি।তাকে নকৰি এফালে অস্ত্ৰোপচাৰ আৰু আনফালে লাখ লাখ চাকি, মমবাতি, নাম-প্ৰসংগ,পূজা-প্ৰাৰ্থনা,নেতা-মন্ত্ৰীৰ যজ্ঞ,সভা-সমিতি,জয়ধ্বনি-উস্‌,ফাট দিয়া বসুমতী পাতালে লুকাওঁ।তেওঁ টপৰাই উত্তৰ দিলে সেইদৰে।মই ক’লো-‘ক্ষোভ, দুখ নকৰিব হেৰি।তেওঁলোকৰ দেহ-মন দেখাত ব্যক্তিগত হ’লেও,সি সম্পূৰ্ণ জনতাৰ উন্নতিৰ স্বাৰ্থতেই আজীৱন ব্যৱহৃত হ’ব বুলি ভাবিয়েই জনতাই শ্ৰম কৰি তেওঁলোকক প্ৰচুৰ দৰ্মহা দিছে,ৰাজভোগো কৰাইছে আৰু শৰীৰো মেৰামতি কৰি দিছে।কিছু অদৃষ্টবাদী হোৱাৰ ভাও ধৰি হ’লেও অকণমান ভাবকচোন-জীৱন মানে স্বৰূপাৰ্থতে কি সেইটো পুনৰীক্ষণ কৰিবলৈ,সামাজিক দায়বদ্ধতাক অধিক উজাগৰ কৰিবলৈকে হয়তো অদৃষ্টই(Destiny)পি এম্‌,চি এম্‌ক হঠাত্‌ মৃত্যুৰ(Sudden Cardiac Death)বিভীষিকা দেখুৱাইছিল,হৃত্‌পিণ্ডক পুনৰ কাৰ্যক্ষম (By Pass Grafting etc.)কৰি তোলাৰ ব্যৱস্থা কৰি দি হয়তো সাংকেতিক বাৰ্তাও দিছিল বা দি আছে-নাঙঠ হৈ কান্দি কান্দি এদিন অকলে আহিছিলা,পুনৰ নাঙঠ হৈয়ে আনক কন্দুৱাই কন্দুৱাই অকলে যাবাগৈ এদিন।পুনৰ জীৱনদাতা জনতাৰ প্ৰতি অধিক কৃতজ্ঞ হোৱা।প্ৰচণ্ড ক্ষমতা দিছো,যুগান্তৰকাৰী সামাজিক উত্‌কৰ্ষ সাধন কৰি যোৱা।জনতাৰ পৰা লুটি-পুতি নিয়া টকাবোৰ ক’ৰবাত আছে যদি উলিয়াই আনা আৰু সেইবোৰ সমাজ উন্নয়নত খটুওৱা।গাণ্ডীৱ ধাৰণ কৰি হ’লেও সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।সময় অধিক নাই, এয়া প্ৰথম সাৱধানবাণীহে দিলো কলিজাৰ ৰোগৰ ৰূপত। তোমালোকৰ জীৱনৰ নাও,এনি-তেনি গৈ গৈ সিপাৰৰ শদিয়াত লাগো লাগো হ’বলৈ আৰু বৰ বেছি দিন নাই যে। সংজ্ঞাহাৰক(Anaesthesia)আৰু শক্তিমন্ত অন্যান্য দ্ৰব্যৰ প্ৰচণ্ড আঘাতজৰ্জৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু অন্যান্য অংগ মোটামুটি কাৰ্যক্ষম হৈ থাকোতেই,জনগণৰ প্ৰতি সেই কালজয়ী কৃতজ্ঞতা প্ৰকাশ কৰা।’ মোৰ উত্তৰটো মন:পুত হোৱাৰ ইংগিত দি কৰণীয়খিনি কৰিয়ে মানুহজন গ’লগৈ। বিশেষ আগ্ৰহ প্ৰকাশ কৰাত মহিলাগৰাকীক মই ক’লো-‘হৃদপিণ্ডত খোপনি পোতা মৃত্যুদূতলৈও কেৰেপকে নকৰা, মৰসাহসী মানুহ দেই এইজন।সম্যক পৰীক্ষাসমূহ (ECG,Coronary Angiography,Stress testing,Echo Cardiography)সম্পন্ন কৰাৰ অন্তত তেওঁৰ আত্মীয় হৃদৰোগ বিশেষজ্ঞ ডা° আগৰৱালাই বোলে ৮ বছৰৰ আগতেই কৈছিল, এমাহৰ ভিতৰতে অস্ত্ৰোপচাৰ নকৰালে পৰিস্থিতি বিষম হ’ব পাৰে।সেই তেতিয়াই তেওঁ মোক চিকিত্‌সাৰ বাবে বাঘে ধৰাদি ধৰিছিলহি।পুত্ৰক বোলে আই এ এছ বিষয়া কৰিব লাগে,মেট্ৰিক ফাইনেল দিবৰ হৈছে।কটন কলেজত পঢ়া তেওঁৰ সহপাঠী কেইবাজনো বোলে এ চি এছ,আই এ এছ বিষয়া হ’ল।ইঞ্জিনীয়াৰিং পঢ়ি তেওঁ ভুল কৰিলে।তেওঁ এতিয়াই বুকু ফলাব নোখোজে,পুত্ৰক আই এ এছৰ পৰীক্ষা দিয়াই হাবিয়াস পূৰাই লৈহে,যি লাগে কৰিব।চিকিত্‌সা আৰম্ভ হ’ল।ছয় মাহৰ পাছত পৰীক্ষা কৰাবলৈ পঠিয়ালো।পৰীক্ষাগাৰটোলৈ সেইদিনা ডা° আগৰৱালা পৰিদৰ্শনৰ বাবে আহিছিল।তেওঁ সুধিলে-‘কি হ’ল হাজৰিকা,আপোনাক হায়দৰাবাদৰ এপল’ হস্পিতাললৈ মাতিছিলো নগ’ল কিয়? তাৰ পিছত হেনো নব্য পৰীক্ষাৰ ৰিপ’ৰ্টবোৰ চাই ক’লে-‘আৰে আচৰিত ঘটনা, আপোনাৰ দেখোন ভালেখিনি উন্নতি ঘটিছে।’অৱশ্যে তথাপি তেওঁ কৈছিল, বাইপাছ চাৰ্জাৰী কৰাই লোৱাটো যুগুত।বুদ্ধিদীপ্তা মহিলাগৰাকীয়ে এইবাৰ ক’লে-ছাৰ ধৰি লওক ৮০-৯০ বছৰীয়া এজন বৃদ্ধ গৃহকৰ্তাৰ হৃদপিণ্ডৰ বাইপাছ ছাৰ্জাৰী কৰিবৰ বাবে গাইগৰুবোৰ বিক্ৰী কৰিবলগীয়া হ’ল, কণ কণ শিশু নাতি-নাতিনীহঁতৰ বাবে পুষ্টিকৰ দ্ৰব্য নোহোৱা হ’ল।কেঁচুৱাবোৰ ঘৰত থৈ বোৱাৰীহঁত বিহু উত্‌সৱলৈ গ’ল।ভোক-পিয়াহ আদি নোপোৱাৰ বেদনাৰ প্ৰতিবাদ কৰি কান্দি-কাটি সৰলমনা শিশুবোৰ এসময়ত শুই পৰিল।এতিয়া এই বুকুফলা গৃহকৰ্তাই যদি বোৱাৰীহঁতক মতাই আনি কয় -‘হেৰ’ কপিলী,প্ৰণৱী,চিদাম্বৰী,এই কেলেহুৱা কেচুঁৱাবোৰে মোক বৰ অশান্তি কৰি আছে।শুই থাকোতেই ইহঁতক মৰিয়াই মৰিয়াই হাড়-মূৰ,দাঁত-মূখ ভাঙি মূখৰ মাত নোহোৱা কৰি পেলাহঁক।এনেকুৱা গৃহকৰ্তাক কি বুলি ভাবিব পাৰি ছাৰ?’উত্তৰত মই ক’লো-অমানুহ,অকৃতজ্ঞ আৰু বহুতো কিবাকিবি।এনাচথেচিয়া(PROPOFOL,LIDOCAIN+EPINEPHRIN etc.)আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱেও কিছু লোকৰ মানসিকতাত দানৱীয়তাৰ ডাঠ ৰং সানিব পাৰেদেই।অৰ্থপূৰ্ণ হাঁহি এটি মাৰি, নিজৰ স্বাস্থ্য-তথ্যসমূহ জমা দি মহিলাগৰাকী গ’লগৈ আৰু মই বুকু ফালিবলগীয়া(Opening Chest)কিন্তু নফলাকৈও স্বচ্ছন্দে থকা মানুহবোৰৰ ভাৱত বিভোৰ হ’লো।হৃদযন্ত্ৰই সোঁ আৰু বাওঁ ধমনী(CORONARY ARTERY)তথা সিহঁতৰ শাখা-প্ৰশাখাৰ জৰিয়তে নিজৰ বাবে আৱশ্যকীয় অম্লজান(Oxygen)আৰু পৰিপুষ্টি লাভ কৰে।ইহঁতৰ ভিতৰৰ বেৰবোৰত চৰ্বি জমা হৈ যদি (Atheroma,Atherosclerosis)ৰক্ত সৰবৰাহ বন্ধ হৈ যায়গৈ,তেতিয়া উপভোক্তা কলিজাৰ পেশীখিনি মৰিয়াব পাৰে।এই কাণ্ডটো মনে মনেও ঘটিব পাৰে(Silent ischemia)আৰু বুকুৰ বা কলিজাৰ বিষৰ(Angina Pectoris,unstable angina,Myocardial infarction)বিভিন্ন অনুভূতি প্ৰকাশ কৰিও ঘটিব পাৰে; সেই ভয়ানক ঘটনাটো(Sudden Cardiac death)ঘটাৰ আগতে।কৰ’নাৰী ধমনীৰ ৰোগসমূহ (Coronary Artery Disease)ঘাইকৈ উল্লিখিত চৰ্বি আধিক্য(Hypercholesterolemia)ঘটাৰ কাৰণেই ঘটে যদিও তাৰ অন্য কিছু কাৰণো (Coronary Spasm,C.A.Embolism,Aneurysm,Vasculitis-SLE,Syphilis)আছে।যিসকল লোকে তৈলাক্ত খাদ্য যেনে পোলাও,গাহৰি,ছাগলী,হাঁহ,কুমলীয়া পাৰ,ব্ৰয়লাৰ আদিৰ মাংস,ক্ৰীম,ঘি,মাখন,কণী,পনীৰ,নাটজাতীয় ফল,নানা তৰহৰ ৰন্ধনতেল অধিক পৰিমাণে খায়,মদ,চিগাৰেট,কোকেইন,(Vasoconstrictor)আদি অধিক পৰিমাণে সেৱন কৰে,সতেজ শাক-পাচলি,ফলমূল প্ৰায়ে নাখায়,পৰিশ্ৰম নকৰে,ব্যায়াম,যোগ,প্ৰাণায়াম নকৰে,তেওঁলোকৰ তেজত নিশ্চিতভাৱে চৰ্বি বা ক’লেষ্টেৰল বাঢ়ি যায়,লাইপ’প্ৰটিন(LDL.,VLDL) বাঢ়ি যায় অথচ উচ্চ ঘনত্বৰ লাইপ’প্ৰটিন(HDL)কমি যায়,ট্ৰাইগ্লিচাৰাইডচও বাঢ়ি যায় আৰু সেইবোৰে কালক্ৰমত কৰ’নাৰী ধমনীৰ ৰোগৰ সৃষ্টি কৰি ২৫ বছৰৰ পৰা ৩৪বছৰৰ লোকৰ দহ হেজাৰজনৰ ভিতৰৰ এজনৰ আৰু ৫৫ বছৰৰ পৰা ৬৪ বছৰৰ লোকৰ এশজনৰ ভিতৰৰ এজনৰ অকালমৃত্যু নিশ্চিত কৰি পেলায়।বিড়ি, চিগাৰেট সেৱী,মেদবহুল তথা বহুমূত্ৰ ৰোগী(mostly Type2 DM)বিশেষ সাৱধান।বংশগতিৰ ইয়াৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও তদ্‌সম্বন্ধিত ৰোগে(Hypothyroidism,Hypertension etc.)ইয়াত সাৰ পানী যোগাব পাৰে।ক’লেষ্টেৰল(Total and LDL)সাধাৰণ অৱস্থাত থাকিলেও প্ৰ’টিন বিশেষৰ(Apoprotein B,C-reactive Protein)আধিক্য ঘটিলে ঘটনা বিষম হ’ব পাৰে।ঔষধৰূপী ৰাসায়নিক দ্ৰব্যবোৰে যেতিয়া কাম নকৰা হয়গৈ,আন কোনো হস্তক্ষেপে(Angioplasty,Stenting,Balooning)যেতিয়া কাম নকৰা হয়গৈ,তেতিয়া বুকু-কলিজা ফালি লৈ বন্ধ ধমনী কাটি পেলাই,দেহৰ আন ঠাইৰ পৰা সিৰ বা ধমনী(Saphenous,internal Mammary artery)কাটি আনি লগাই(CABG)হৃদযন্ত্ৰ চলাই ৰখাৰ প্ৰয়াস কৰিবলগীয়া হয়।প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰী বা যিকোনো মন্ত্ৰী-তন্ত্ৰীৰ বাবে তেওঁলোকৰ কলিজাবোৰ যিমান প্ৰয়োজনীয়,সাধাৰণ প্ৰজাৰ বাবে তেওঁলোকৰ কলিজাবোৰ তাতকৈ কম প্ৰয়োজনীয় নহয়।তেওঁলোকৰ দৰে বুকু ফালিবলৈ কিয়নো বাট চাই থাকেহে?নাথাকিব।জীৱনশৈলী ঠিক-ঠাক কৰক,ছুগাৰ-প্ৰেছাৰ নিয়ন্ত্ৰিত কৰক,উত্‌কণ্ঠা কমাওক,ওমেগা থ্ৰীযুক্ত(PUFA)খাদ্য খাওক আৰু ওপৰত উল্লেখ কৰা বদঅভ্যাসবোৰ ত্যাগ কৰক।

লেখক: ড° ললিত খাটনিয়াৰ, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate