অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰোক

ষ্ট্ৰোক মানৱ শৰীৰৰ বাবে এটা অতি সংবেদনশীল প্ৰক্ৰিয়া। ষ্ট্ৰোক শব্দটো সৰ্বসাধাৰণৰ মনত শুনিবলৈ যিদৰে ভয়াবহ, কাৰ্য্যক্ষেত্ৰত ইয়াৰ পৰিণাম তাতোকৈ বেছি ভয়াবহ হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এটি পৰিসংখ্যাই কৈছে, যে কেৱল ষ্ট্ৰোকৰ বাবেই ২০০৮ চনত প্ৰায় ৬.১ মিলিয়ন লোকৰ মৃত্যু হৈছে, যি বিশ্বৰ সকলো কাৰণৰ বাবে হোৱা মৃত্যুৰ প্ৰায় ১১ শতাংশ। যদিও ভাৰতত ষ্ট্ৰোকৰ বাবে হোৱা মৃত্যুৰ সংখ্যা বিশ্বৰ আন আন উন্নত দেশসমূহতকৈ এতিয়াও কম হৈ আছে, তথাপি দিনক দিনে ভাৰতত মানুহৰ জীৱনধাৰণ প্ৰণালীৰ সলনিয়ে ইয়াৰ প্ৰৱণতা বৃদ্ধি কৰিব লাগিছে।

ষ্ট্ৰোকৰ বাবে মানৱ শৰীৰ অতি সংকটজনক অৱস্থা, যেনে- ক’মাৰ দৰে পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে। ষ্ট্ৰোকৰ ফলাফল সাধাৰণতেই বিষময় হয়। কাৰণ, বৃহত্ সংখ্যক লোকেই মৃত্যুমুখত পৰা দেখা যায়। যি কম সংখ্যক লোক মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহে, তেনে লোকসকলো বিভিন্ন ধৰণৰ বিকলাংগতাৰ মুখামুখি হয়, যেনে- শৰীৰৰ এটা ফালৰ অৱশতা, মুখৰ পৰা অনবৰতে লেলাউটি ওলাই থকা, কথা ক’ব নোৱৰা হোৱা, এফালে মুখখন বেঁকা হৈ যোৱা আদি।

ষ্ট্ৰোকৰ প্ৰকাৰ

ষ্ট্ৰোক সাধাৰণতে দুটা প্ৰধান কাৰকৰ বাবে হ’ব পাৰে। প্ৰথম মুখ্য কাৰকটো হৈছে- আমাৰ কেন্দ্ৰীয় স্নায়ৱিক প্ৰণালীৰ অংশীদাৰ মগজুৰ ৰক্ত সঞ্চালন প্ৰণালীৰ বিজুতি। ৰক্ত পৰিবাহী সিৰা-উপসিৰাত তেজ চলাচল প্ৰণালীত বাধা আহিলে লোকজন ষ্ট্ৰোকৰ মুখামুখি হ’ব পাৰে, ইয়াক যোগানৰ অভাৱৰ ষ্ট্ৰোক বোলা হয়।

আন এটা বিসংগতিৰ বাবে ষ্ট্ৰোক হ’ব পাৰে, সেইটো হৈছে- মগজুৰ ৰক্ত পৰিবাহী সিৰা-উপসিৰাৰ ৰক্তক্ষৰণৰ ফলত হ’ব পৰা ষ্ট্ৰোক। ৰক্তক্ষৰিত ষ্ট্ৰোকৰ পৰিসংখ্যা কম যদিও ইয়াৰ আমাৰ শৰীৰৰ ওপৰত মাৰাত্মক হানিকাৰক প্ৰভাৱ আছে।

ষ্ট্ৰোকৰ কাৰণসমূহ

ষ্ট্ৰোক আধুনিক বৈজ্ঞানিক সভ্যতাৰ এক অভিশাপ। ষ্ট্ৰোক হ’বলৈ বিভিন্ন কাৰকে অৰিহণা যোগায়। ধূমপান আৰু সুৰাপান ষ্ট্ৰোক উত্পত্তিৰ এক অন্যতম মুখ্য কাৰক হিচাপে চিহ্নিত হৈছে। তদুপৰি উচ্চ ৰক্তচাপ, মধুমেহ, শ্ৰমহীনতা আদি কাৰকৰো ষ্ট্ৰোক উত্পত্তিত প্ৰভাৱ আছে। শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়িলে ষ্ট্ৰোকৰ প্ৰৱণতা বৃদ্ধি পায়। সেয়েহে উচ্চ চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।

উপসংহাৰ

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে ষ্ট্ৰোক নিয়ন্ত্ৰণ আঁচনিৰ অধীনত বিভিন্ন ব্যৱস্থা লোৱা দেখা গৈছে। অসংক্ৰমিত ৰোগ নিৰাময় ক্লিনিকৰ জৰিয়তে আমাৰ ৰাজ্যতো সজাগতা সভা আৰু বিভিন্ন চিকিত্সা পৰীক্ষা শিবিৰ আয়োজন কৰা দেখা গৈছে। ষ্ট্ৰোকৰ দৰে ভয়াবহ ব্যাধি চিকিত্সাৰ ক্ষেত্ৰত প্ৰয়োজনীয় উক্তিষাৰ হৈছে- ‘প্ৰিভেনশ্যন ইজ্ বেটাৰ দেন্ কিয়’ৰ।‘

লেখকঃ ডাঃ মৃদুল কুমাৰ নাথ, আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate