অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হঠাৎ হোৱা বুকুৰ বিষ অৱহেলা নকৰিব

হঠাৎ হোৱা বুকুৰ বিষ অৱহেলা নকৰিব

হঠাতে যদি কাৰোবাৰ বুকুৰ বিষ হয়, তেনেহ’লে কথাটোত অৱহেলা নকৰিব। বিশেষকৈ চল্লিশোৰ্ধ পুৰুষ অথবা পঞ্চাছোৰ্ধ মহিলাৰ যদি এনে ধৰণৰ বিষ হয়, তেনেহ’লে কথাটো বিশেষভাৱে গুৰুত্ব দিব লগীয়া। এনে বয়সৰ লোকৰ হঠাৎ হোৱা বুকুৰ বিষ প্ৰথমতেই হাৰ্টৰ কাৰণেই হোৱা বুলি ধৰি লোৱা ভাল।

হৃদৰোগ জনিত বুকুৰ বিষ বিভিন্ন ধৰণে দেখা দিব পাৰে। সাধাৰণ মানুহে অৱশ্যে ভাৱে যে হাৰ্টৰ কাৰণে হোৱা বুকুৰ বিষ বুকুৰ বাওঁফালেই হয়। কিন্ত সকলোৰে ক্ষেত্ৰত তেনে নহবও পাৰে। হৃদৰোগ জনিত বুকুৰ বিষৰ ক্ষেত্ৰত কেইটিমান বৈশিষ্ট্য আছে। যেনে- হাৰ্টৰ বিষ সাধাৰণতে বুকুৰ মাজ অংশত ভালেখিনি ঠাই জুৰি হয়। ৰোগীয়ে বুকুত এটা চাপ অনুভাৱ কৰে- বুকু খন গধুৰ গধুৰ লাগে। বুকুৰ সেই অংশত সামান্য এটা অস্বস্তিৰ ভাৱ, কেতিয়াবা জ্বলা-পোৰাৰ ভাব দেখা যায়। ডিঙিৰ ওচৰত প্ৰচণ্ড হেঁচা বা বুকুৰ সোঁমাজত তিব্ৰ বিষ অনুভৱ হয়। হাৰ্ট এটেকে হ’লে এই বিষ কেইমিনিটৰ পৰা কেইবা ঘণ্টালৈকে থাকিব পাৰে।

হৃদৰোগ জনিত বুকুৰ বিষ হ’লে ৰোগীয়ে ঠাণ্ডা দিনতো প্ৰচণ্ড ঘামি উঠিব। বুকুৰ বিষটো ক্ৰমে বাওঁ হাত বা কেতিয়াবা ডিঙিৰ ওপৰলৈ, কেতিয়াবা পিঠিৰ ফাললৈ বা কেতিয়াবা দ্যুও খন হাত লৈকে বিয়পি যাব পাৰে। হাৰ্ট এটেকৰ ঠিক আগৰ পৰ্যায়ত হৃদৰোগ জনিত বিষ সাধাৰণতে ১৫/২০ মিনিটলৈকে স্থায়ী হয়।

হৃদৰোগ জনিত বিষ সাধাৰণতে খুব বেছি শাৰীৰিক পৰিশ্ৰম বা প্ৰবল মানসিক টেনচনৰ পিছতে হয়। কিন্ত যদি বিশ্ৰাম লোৱাৰ পিছতো বিষটো কমা নাই বা বিশ্ৰাম লৈ থকা অৱস্থাটো যদি বিষয়টো হৈ আছে, তেনেহ’লে এই বিষটিক আৰু বেছি গুৰুত্ব সহকাৰে লোৱা উচিত। এই অৱস্থাটোকে ‘আনষ্টেবল এঞ্জাইনা’ বুলি কোৱা হয়। ইয়াৰ পিছতে হাৰ্ট এটেকৰ সম্ভাৱনা সকলোতকৈ বেছি হয়।

বহু সময়ত ৰোগীয়ে বিশ্ৰাম ললে বিষটো ভাল পায়। সেয়ে এনে ধৰণৰ বিষৰ প্ৰতি সকলোৱে গুৰুত্ব দিব নোখোজে। কিন্ত এইটোৱেই আটাইতকৈ ভূল কথা। এনে ধৰণৰ জিৰণি ললে ভাল পাই যোৱা বিষটোৱেই হৈছে ‘ষ্টেবল এঞ্জাইনা’। কিন্ত যি কোনো সময়তে বা যিকোনো কাৰণতে এই ষ্টেবল এঞ্জাইনাই আনষ্টেবল এঞ্জাইনালৈ ৰুপান্তৰিত হব পাৰে আৰু তাৰ পৰিণতিত হাৰ্ট এটেক পৰ্যন্ত হব পাৰে। এই ষ্টেবল এঞ্জাইনাই স্কিনিয়াৰ লক্ষণ। সেয়ে জিৰণি ললে বিষৰ উপশম হ’লেও নিশ্চিত হোৱা উচিত নহয়। জিৰণি ল’লেও যদি বিষ নকমে বা আনষ্টেবল এঞ্জাইনা যদি হয়, তেনেহলে প্ৰচুৰ ঘাম ওলাব পাৰে। লগতে শাৰীৰিক অস্বস্তি আৰু উশাহ-নিশাহ লোৱাত কষ্ট হ’ব পাৰে। তীৰ পিছতেই হাৰ্ট এটেক বা মায়োকাৰ্ডিয়েল ইনফাৰ্কচন (Myocardial Infarction) হয়।

হৃদৰোগৰ বিষ বহু সময়ত খোৱা-বোৱা কৰাৰ পিছতে হয়। তাৰোপৰি এই বিষ ঠিক বুকুৰ মাজ অংশতে হয়। সেয়ে অধিকাংশ লোকেই এই বিষ গেছ বা এচিডিটিৰ কাৰণে হোবা বুলিয়েই ভাবে ফলত সঠিক চিকিৎসা গ্ৰহণত পলম কৰে। সেয়ে ৰোগী আৰু ৰোগীৰ পৰিয়াল এই ক্ষেত্ৰত কিছু সাৱধান হোৱা ভাল।

সাধাৰণতে বুকুৰ বিষ গেচ বা এচিডিটিৰ কাৰণে হয় যদিও অন্যান্য হৃদৰোগৰ কাৰণেও এনে ধৰণৰ বিষ হয় বুলি ৰোগীয়ে ধৰি লোৱাই ভাল। ইস্কিমিক হাৰ্ট ডিজিজ আৰু একিউট হাৰ্ট এটেক এনেধৰণৰ বিষৰ কাৰণে হব পাৰে।

ইস্কিমিক হাৰ্ট ডিজিজ : ধমনীত চৰ্বি জমা হৈ ৰক্তনলীৰ পথৰ আকাৰ সৰু হৈ পৰাৰ ফলত ৰক্ত সঞ্চালন স্বাভাৱিকতে ব্যাহত হয়। এয়াই হ’ল ইস্কিমিক হাৰ্ট ডিজিজ। এই ৰোগৰ দৰেই আন এটি ৰোগ হ’ল এঞ্জাইনা। এঞ্জাইনাৰ বুকুৰ বিষো হঠাৎ আৰম্ভ হয়। কেইমিনিটমান থাকি বিষটো নিজে নিজে নাইকিয়া হয়। অধিক পৰিশ্ৰম কৰিলে বিষটো হয় আৰু জিৰণি ললেই কমে। যদি হঠাৎ বুকুৰ বিষ হয়, তেনেহ’লে আপুনি জিভাৰ তলত ‘চৰবিট্ৰেট’ নামৰ টেবলেটটো লৈ চিকিৎসকৰ পৰামৰ্শৰ বাবে যোগাযোগ কৰক বা ঘৰৰ মানুহক চিকিৎসালয়লৈ নিবলৈ কওক। ইস্কিমিক হাৰ্ট ডিজিজৰ কাৰণে হোৱা বুকুৰ বিষ এঞ্জাইনাৰ বিষতকৈ বেছি সময়লৈ হয়। বিছৰ পৰা ত্ৰিছ মিনিট সময় যদি বিষটো থাকে তেনেহ’লে সেয়া ইস্কিমিক হাৰ্ট ডিজিজ হ’ব পাৰে।

একিউট হাৰ্ট এটেক : হঠাৎ বুকুৰ বিষ, লগতে ঘাম, উশাহ-নিশাহত কষ্ট, হাত-ভৰি চেঁচা পৰি যোৱা, বমি বমি ভাব বা বমি হোৱা আদি লক্ষণে দেখা দিয়ে, তেনেহ’ল্কে সেয়া একিউট হাৰ্ট এটেক হব পাৰে। এই ৰোগৰ আক্ৰমণত ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ৰোগৰ লক্ষণ দেখা পালেই কাষৰ মানুহৰ সহায় লব। লগে লগে হস্পিতললৈ নিবলৈ কব।

একিউট হাৰ্ট এটেকৰ ক্ষেত্ৰত প্ৰথম দুঘণ্টামান সময় অত্যন্ত উদ্বেগ জনক আৰু সংকট পূৰ্ণ। কাৰণ অধিকাংশ ক্ষেত্ৰত এই সময়তে ৰোগৰ জটিল অৱস্থাৰ সৃষ্টি হয়। এনে ৰোগ-লক্ষণ দেখা পালেই ৰোগীক যিমান পাৰে সোনকালে হস্পিতাললৈ নিব।

এই ৰোগৰ চিকিৎসাবোৰ হ’ল- থ্ৰম্বোলাইটিক ট্ৰিটমেণ্ট, বেলুন এঞ্জিওপ্লাষ্টি বা বাইপাছ চাৰ্জাৰি। ৰোগীৰ পৰিস্থিতি চাইকেনে ধৰণৰ চিকিৎসা লব লাগিব সেয়া চিকিৎসকেহে নিৰ্ণয় কৰিব। থ্ৰম্বোলাইটিক ট্ৰিটমেণ্ট কৰা হয় কেৱল ঔষধ প্ৰয়োগৰ দ্বাৰা। ৰোগীৰ অৱস্থা চাই অঞ্জিওগ্ৰাম কৰি এঞ্জিওপ্লাষ্টি কৰা হব পাৰে। ৰোগীৰ ধমনীত তেজ গোট মাৰি তেজ চলাচলত বাধাৰ সৃষ্টিৰ হৈ হাৰ্ট এটেক হ’লে বেলুন এঞ্জিওপ্লাষ্টিৰ সহায়ত সেই বাধা খুলি দিয়া হয়। হাৰ্ট এটেকৰ ক্ষেত্ৰত সাধাৰণতে অস্ত্ৰোপচাৰ কৰা নহয়।

বুকুৰ বিষ হোৱা লোকৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব পূৰ্ণ দিশটো হ’ল ৰিস্ক ফেক্টৰ । এই ৰিস্ক ফেক্টৰ বিলাকৰ ভিতৰত আছে- ধূমপান, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদ বহুলতা, তেজেত কলেষ্টেৰলৰ আধিত্য, বংশগত ভাবে হৃদৰোগ থকাৰ ইতিহাস, মানসিক দুশ্চিন্তা বা উদ্বেগ আদি। বুকুত হঠাৎ বিষ হোৱা ব্যক্তি জন এই বিলাক ৰিস্ক ফেক্টৰৰ ভিতৰৰ যিকোনো এটিৰ ভিতৰত পৰে নেকি সেইটো বিশেষ ভাবে লক্ষ্য কৰিব। এই ৰিস্ক ফেক্টৰ বিলাকৰ ভিতৰৰ এটিও যদি কাৰোবাৰ থাকে, তেনেহ’লে অন্য লোকৰ তুলনাত তেও৬ৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৩-৪ গুণ বেছি। একেলগে দুটা বা তিনিটা ৰিস্ক ফেক্টৰ থকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহু গুণে বেছি।

লেখক: ডাঃ দীপক চক্ৰৱৰ্তী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate