অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাইপ’থাইয়দিজমৰ চিকিৎসা সন্দেশ

হাইপ’থাইয়দিজমৰ চিকিৎসা সন্দেশ

‘মই এটি বুঢ়া গছ পাত,সৰি যাম শীতৰ শেষত,

তুমি এটি কুঁহিপাত,কুমলীয়া,চুমি যাবা নতুন বেশত’।

সেইফালে চাওক, এইবুলি লঠঙা ডালত কোমল কোমল কুঁহিপাত মেলি নতুনকৈ যৌৱন অহাৰ বতৰা দি থকা গছজোপাৰ ফালে দেখুৱাই ,মানুহজনৰ প্ৰশ্নটোৰ উত্তৰ পোনপটীয়াকৈ নিদি আওপকীয়াকৈ দিয়াৰ প্ৰয়াস কৰিলো।মানুহজন মানে জেতুকা পাতৰ ৰসৰ ৰঙেৰে চুলিবোৰ তেনেই ৰঙচুৱা কৰি পেলোৱা উজনিৰ হাজৰিকা।চিনিয়ৰ বি ডি অ’ হিচাপে চাকৰিৰ পৰা অৱসৰ পোৱা হাজৰিকা হ’ল তেজাল মুখৰ, তজবজীয়া ৰঙিয়াল মানুহ। মহানগৰীত জীয়েকৰ লগত ফ্লেট এটা লৈ আছে আৰু গাৱঁৰ ঘৰত গৰু-গাই,পথাৰ-সমাৰ চোৱা-চিতা কৰি থকা পৰিবাৰৰ আওপুৰণি গাঁঠিৰ বিষৰ চিকিৎসাৰ বাবে মোৰ ওচৰলৈ মাজে-সময়ে অহা-যোৱা কৰে। পিছে আজি সেই উদ্দেশ্য লৈ অহা নাই।আহিছে দুটামান প্ৰশ্নলৈ-হ’ৰ্মন কি বস্তু,সেইবোৰৰ কাম কি,আৰু বহুদিন ধৰি থাইৰ’ক্সিন(Thyroxine)খাই থকা ছোৱালী এজনী বোৱাৰী কৰি আনিব পাৰিনে নোৱাৰি?হাজৰিকাই মনে মনে পাঙি আছিল যে তেখেতৰ নলে-গলে লগা বন্ধুৰ ছোৱালীজনীকে তৈলক্ষেত্ৰত চাকৰি কৰি থকা অভিযন্তা পুত্ৰলৈ বোৱাৰী কৰি আনিব।ঊনৈশ বছৰৰ দেওনাত এই ভৰি দিওঁ,এই ভৰি দিওঁ কৰি থকা বন্ধুৰ ছোৱালীজনী গাই-গাৰিয়ে,স্বভাৱে-চৰিত্ৰই,চেহেৰাই-পাতিয়ে তেওঁৰ পুতেকৰ লগত ৰজিতা খাই পৰিব।ছোৱালীজনী মাজতে তেলত দিয়া লুচি ফুলাদি ফুলি গৈছিল।ঔষধ খোৱাৰ পৰা বৰ্তমান কমিছে।সিদিনা বন্ধুৰ লগত একেলগে ঔষধ কিনিবলৈ গৈহে তেওঁ গম পালে যে ছোৱালীজনীৰ থাইৰয়দ গ্ৰন্থিৰ অসুখ হৈছে আৰু সেই ঔষধ বিধ(Thyronorm)গোটেই জীৱনকাল অৱধি খায়েই থাকিব লাগিব।কথাটো গম পাই হাজৰিকাই বৰ দুখ পালে।কিন্তু বন্ধুৰ আগত তেখেতৰ মনোভাৱ বেকত নকৰিলে।থাইৰক্সিন সন্নিবিষ্ট থাইৰ’নৰ্ম(Eltroxin,Thyrox,Roxin,Fertibex)যে এবিধ হ’ৰ্মন, সেই কথাটো হাজৰিকাই ভূ পায়।

হ’ৰ্মনৰ বিষয়ে যত্‌পৰোনাস্তি বখানিবলৈ গৈ মই ক’লো,ই হ’ল এবিধ শক্তিশালী ৰাসায়নিক দ্ৰব্য যি নেকি দেহস্থ কোষসমূহ জাগৃত কৰি সময় সাপেক্ষে কৰ্মক্ষম কৰি তুলিব পাৰে।মানুহৰ কথাটো বাদেই,সৌ গছজোপালৈকে নেছায় কিয়?সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই,বসন্তৰ আগমনৰ বতৰা পাই,হ’ৰ্মন ওলাই আহিছে(Phyto hormones)সৰ্‌সৰ্‌কৈ শুকান শুকান ডালবোৰত ফুল ফুলাৰ মন্ত্ৰ দিবলৈ।জীৱ-জন্তুৰ ক্ষেত্ৰত;কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সহযোগিতা কৰি পিটিউটাৰি,থাইৰয়দ,এড্ৰিন্যালচ,যৌনগ্ৰন্থি আদিকে ধৰি ক্ষুদ্ৰ ক্ষুদ্ৰ অন্ত:স্ৰাবী গ্ৰন্থিবোৰে দেহৰ প্ৰায় সমস্ত কাম-কাজ পৰিচালনা কৰে।এই গ্ৰন্থিসমূহে উত্‌পন্ন কৰা হ’ৰ্মনসমূহ ৰক্ত প্ৰৱাহৰ লগত চামিল হৈ শৰীৰৰ দিহিঙে-দিপাঙে পং পঙাই ফুৰি অংগবিশেষত চমত্‌কাৰ প্ৰভাৱ পেলায়।ঠিক তদ্ৰূপভাৱে প্ৰভাৱান্বিত হৈ পৰা,আপুনি বোৱাৰী কৰি আনিব খোজা ছোৱালীজনীক ১৮টা বসন্তই চোঁৱৰ বুলাই সুন্দৰ চুলিটাৰি,সুন্দৰ চকুযুৰি,নিমজ মুখমণ্ডল আৰু গাৰ ছাল তথা ফুটন্ত উদ্ভিন্ন যৌৱনেৰে হয়তো এজনী পূৰ্ন যৌৱনা গাভৰু কৰি তুলিব খুজিছিল।কিহে দিছিল বা দিব খুজিছিল লোহোৰা লোহোৰ ,গোল গোল মৃসণ হাত-ভৰিবোৰ,কোমল কণ্ঠস্বৰ মিহলি মিঠা মিঠা কথাবোৰ আৰু চালে চকুৰোৱা গাভৰু দেহৰ মদিৰ মাদকতাবোৰ?সেই হ’ৰ্মনবোৰেই বিশেষকৈ স্ত্ৰী হ’ৰ্মন(Oestrogen,Progesteron,Prolactan)বোৰে।পিছে এইখিনি কাম কৰিবলৈ যাওঁতে কেতিয়াবা হঠাতে আউল লাগিব পাৰে।আপোনাৰ বন্ধুৰ জীয়েকৰ ক্ষেত্ৰত থাইৰয়দ গ্ৰন্থিত লাগি গ’ল আউল।পুৰুষেই হওক বা নাৰীয়েই হওক,এজন ভাল স্বাস্থ্যৰ মানুহৰ দেহৰ আন্ত:স্ৰাবী গ্ৰন্থিসমূহে উপযুক্ত পৰিমাণৰ হ’ৰ্মন উত্‌পাদন আৰু বিতৰণ কৰি সদায় সমতা ৰক্ষা কৰি থাকিবলৈ চেষ্টা কৰে।প্ৰতিটো আন্ত:স্ৰাৱী গ্ৰন্থিয়ে ইটোৱে সিটোৰ কাম-কাজৰ ওপৰত নিয়ত চকু ৰাখে আৰু প্ৰতিকূল পৰিস্থিতিত পতিত নোহোৱা পৰ্যন্ত দেহৰ সামগ্ৰিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত সিহঁতে নিজস্ব উত্‌পাদন প্ৰয়োজনসাপেক্ষে কম-বেছি কৰি গৈ থাকে।এটা মাত্ৰ হ’ৰ্মন গ্ৰন্থিত বিসংগতিয়ে দেখা দিলেই অন্যান্য হ’ৰ্মন গ্ৰন্থিতো তাৰ প্ৰতিকূল প্ৰভাৱ পৰি সমগ্ৰ দেহতে বিসংগতিৰ সৃষ্টি কৰে, কম-বেছি পৰিমাণে।গতিকে আপোনাৰ ভাবী বোৱাৰীৰ দেহত সৃষ্টি হোৱা থাইৰয়দ গ্ৰন্থিৰ অকাৰ্যকাৰিতাই স্বাভাৱিকতেই সমগ্ৰ দেহ সত্ত্বাত তাৰ বিৰূপ প্ৰভাৱ পেলাব,যদি উপযুক্ত চিকিৎসাৰে তাৰ আশু নিৰাময় নিশ্চিত কৰা নহয়। অৱশ্যে বোৱাৰী কৰি আনিব পৰা যাবনে নেযায়, সেইটো অকল থাইৰয়দৰ অকাৰ্যকাৰিতাৰ ওপৰতে নিৰ্ভৰশীল নহয়।তাৰ বাবে অন্যান্য দিশো বিচাৰ্য।আহকচোন বাৰু চিকিৎসাৰ বিষয়টো খুচৰি-মুচৰি চাওঁ।

চিকিৎসা সন্দেশ: বিশেষজ্ঞসকলে (Endocrinologists)হাইপ’থাইৰয়দিজমৰ চিকিৎসাৰ পৰিপূৰক হিচাপে নানাবিধ থাইৰয়দ হ’ৰ্মনৰ প্ৰয়োগ কৰা দেখা যায়।তাৰ ভিতৰত কৃত্ৰিমভাৱে প্ৰস্তুত ‘এল্‌ থাইৰ’ক্সিন’(T4),ট্ৰাইডায়ত থাইবনিম্ (Lithothyronin),উক্ত দুই প্ৰকাৰ হ’ৰ্মনৰ মিশ্ৰণ তথা জন্তুৰ পৰা আহৰিত হ’ৰ্মনেই প্ৰধান।এইবোৰৰ ভিতৰত এল্‌থাইৰ’ক্সিন নামৰ ঔষধ বিধকে প্ৰথম পচন্দ হিচাপে গণ্য কৰা দেখা যায়।কিয়নো উক্ত ঔষধৰ শতকৰা ৭০ ভাগেই প্ৰায় সকলো পৰিস্থিতিতে কোনো হৰণ-ভগণ নোহোৱাকৈ দেহত গৃহীত হয়।ইয়াৰ জৰিয়তেই পাৰ্শ্বৱৰ্তী কলাত T4ৰ পৰা T3 উত্‌পাদিত হয়।সাধাৰণতে বয়সস্থ লোকৰ ক্ষেত্ৰত তাৰ খোৰাক(Maintenance)কমাই আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বঢ়াই ৰখাৰ পোষকতা কৰা হয়।খোৰাক নিয়ন্ত্ৰণৰ বেলিকা সময়সাপেক্ষ ৰাসায়নিক পৰীক্ষাৰ (TSH)যথেষ্ট গুৰুত্ব আছে।লিথ’থাইৰ’নিন্‌ চডিয়াম(T3)গাইগুটীয়াভাৱে দীৰ্ঘকাল অৱধি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে আপত্তি দৰ্শায়।কিয়নো এইবিধ ঔষধৰ লুটি-বাগৰ মৰা স্বভাৱ এটা আছে।এই ঔষধৰ গৱেষণালব্ধ নিৰ্দ্দিষ্ট নুন্যতম খোৰাক ব্যৱহাৰ কৰিলেও দেখা যায় ই অতি দ্ৰুতভাৱে T3ৰ পৰিমাণ(Serum)প্ৰতি ১০০ মিলিলিটাৰ তেজত ৩০০ৰ পৰা ১০০০নেন’গ্ৰাম পৰ্যন্ত (4.62 to 15.4nmol/L)বৃদ্ধি কৰি তোলে,যিটো গ্ৰহণযোগ্য কথা নহয়।অৱশ্যে ২৪ ঘণ্টাৰ ভিতৰত ই স্বাভাৱিক অৱস্থালৈ পুনৰ প্ৰত্যাৱৰ্তিত হৈও পৰে।সেইকাৰণে এইবিধ ঔষধ সেৱন কৰি থকা ৰোগীৰ T3পৰীক্ষা কৰোতে বিশেষজ্ঞসকলে বিশেষভাৱে লক্ষ্য ৰাখিবলগীয়া হয়, কিমান সময়ৰ পূৰ্বেনো উক্ত ঔষধ সেৱন কৰা হৈছিল।অন্যথা পৰীক্ষাৰ ফলাফলে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।তদুপৰি,উল্লিখিত ঔষধ ব্যৱহাৰ কৰা ব্যক্তি যিহেতু (ৰাসায়নিক দৃষ্টিৰে)থাইৰয়দ গ্ৰন্থিৰ অতিকাৰ্যৰ প্ৰভাৱাধীন দীৰ্ঘ সময় ধৰি থাকিবলগীয়া হয়,হৃদযন্ত্ৰৰ ৰোগতপতিত হোৱাটো তেনে লোকৰ বাবে তেনেই সহজ।ঠিক তেনেদৰে মিশ্ৰিত প্ৰকাৰৰ ঔসধ তথা জান্তৱ থাইৰয়দৰ পৰা আহৰিত ঔষধৰো তদ্ৰূপ অসুবিধাই আছে।

আৰম্ভণিতে উল্লেখ কৰা হৈছিল যে হাজৰিকাৰ ভাবী বোৱাৰীয়ে থাইৰ’নৰ্ম (Thyroxine)ঔষধ বহুদিন ধৰি সেৱন কৰি আছে।সমকক্ষ আন কেইবিধমান ঔষধ হ’ল থাইৰক্স,ৰক্সিন, এলট্ৰক্সিন আৰু ফাৰ্টিৰেক্স আদি।মেদবহুল ব্যক্তি, যাৰ মেদবহুলতাৰ কাৰণ থাইৰয়দৰ বিসংগতি নহয়,যাৰ কলিজাৰ ৰোগ আছে(Myooar dial infaraction),যাৰ থাইৰয়দ গ্ৰন্থি বিষাক্ত হৈ(Thyrotoxicosis)পৰিছে,তেনে ব্যক্তিৰ বাবে উক্ত ঔষধৰ প্ৰয়োগ বিধেয় নহয়।তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, প্ৰাৰম্ভিক অৱস্থাত কোনো উমঘাম নাপালেও পৰৱৰ্তী কালত উক্ত ঔষধে বুকু ধপ ধপোৱা,কলিজাৰ স্বাভাৱিক স্পন্দন ব্যাহত কৰা,বুকুৰ বিষ সৃষ্টি কৰা,শৰীৰৰ ওজন অস্বাভাৱিকভাৱে কমি যোৱা,নিদ্ৰাহীনতা,সমস্ত শৰীৰ থৰ থৰকৈ কপোৱা ধৰণৰ স্নায়ুৰোগ হোৱা,মূৰৰ বিষ হোৱা,অত্যাধিক ঘাম ওলোৱা,মানসিক খেলি-মেলিৰ সৃষ্টি হোৱা আদি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।গৰ্ভৱতী মহিলা অথবা কেঁচুৱাক পিয়াহ খুৱাই থকা মহিলাৰ ক্ষেত্ৰত এইজাতীয় ঔষধৰ প্ৰয়োগ কৰাটো যথেষ্ট চিন্তনীয় বিষয়।কথাতেই কয় বোলে ‘ধানটোৱে প্ৰতি কণটো,মানুহটোৱে প্ৰতি মনটো’।কিছুমান মানুহে ভাবে ‘পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা:’।গাভৰুকালৰে পৰা থাইৰ’ক্সিন সেৱন কৰি অহা বোৱাৰীগৰাকী জন্মদাত্ৰী হ’বলৈ আগবঢ়া পথটো যে অঘৈয়া হুলেৰে ভৰা সেইটো হ’লে তেনেই পানীনসৰকা কথা।সম্প্ৰতি প্ৰচলিত চিকিৎসাৰ বিপৰীতে পাৰ্শ্বপ্ৰতিক্ৰিয়াহীন জৈৱতাত্ত্বিক চিকিৎসাই ক্ষেত্ৰবিশেষে যি চমত্‌কাৰ ধনাত্মক ফলাফল নিশ্চিত কৰিব ধৰিছে, সি স্বাভাবিকতে আশাৰ বতৰা লৈ আহিছে; প্ৰকৃতিলৈ যৌৱনৰ বতৰা কঢ়িয়াই অনা বসন্ত ঋতুৰ দৰেই।

লেখক: ড° ললিত খাটনিয়াৰ

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate