অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগ আৰু আয়ুৰ্বেদিক চিকিৎসা

হৃদৰোগ আৰু আয়ুৰ্বেদিক চিকিৎসা

বৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ শৰীৰটোৰ প্ৰতি গুৰুত্ব দিবলৈ কৰোৱে সময় নাই। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, হৃদৰোগ, মানসিক অশান্তি, কেন্সাৰ আদি ৰোগ সাংঘাটিকভাবে বৃদ্ধি পাব ধৰিছে। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে কোনো ৰোগৰ মূল কাৰণ হিচাপে বাহ্যিক কাৰকবোৰ উল্লেখ কৰা হৈছে। কিন্তু যোগ আৰু আয়ুৰ্বেদ চিকিৎসা অনুসৰি বাহ্যিক আৰু শৰীৰৰ আভ্যন্তৰীণ কাৰকৰ বাবেহে ৰোগৰ উৎপত্তি হয়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি খোৱা-বোৱা, থকা-মেলা, শাৰীৰিক ক্ৰিয়াসহ জীৱনশৈলী পৰিৱৰ্তন কৰি কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰা সম্ভৱ হয়। সেয়েহে পশ্চিমীয়া দেশবোৰত যোগাসন, ধ্যান, প্ৰাণায়াম আদিৰ জনপ্ৰিয়তা বাঢ়িছে।

উল্লেখ্য যে আয়ুৰ্বেদ শাস্ত্ৰত হৃদৰোগ সন্দৰ্ভত বহলাই আলোচনা কৰা হৈছে। হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ চিকিৎসা, খোৱা-বোৱা পথ্য-অপথ্য আদিৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰাচীন কালৰ প্ৰসিদ্ধ চিকিতসক চড়কে উল্লেখ কৰা অনুসৰি হৃদৰোগ, পাঁচ প্ৰকাৰৰ-বাতিক হৃদৰোগ, পৈত্তিক হৃদৰোগ, শ্লৈস্মিক হৃদৰোগ,সন্নিপাটজনিত হৃদৰোগ আৰু কৃমিজাত হৃদৰোগ। বিভিন্ন কাৰণত প্ৰথমে ৰক্ত দূষিত হৈ সেই ৰক্ত  হৃদযন্ত্ৰলৈ গৈ হৃদৰোগৰ উতপত্তি কৰে। চড়কে উল্লেখ কৰা অনুসৰি হৃদৰোগৰ লক্ষণবোৰ হৈছে জ্বৰ, মুৰ্ছা যোৱা, কাহ, হিকটি, মুখৰ ৰুচি নাইকীয়া হোৱা, পিয়াহ লগা, বমি বা বমিৰ ভাব, বিষ, কফ আৰু স্বভাৱ খিংখিঙিয়া হোৱা।

আয়ুৰ্বেদ অনুসৰি হৃদৰোগৰ মুখ্য কাৰণবোৰ হৈছে হৃদযন্ত্ৰৰ মাংাসপেশী বৃদ্ধি, হৃদযন্ত্ৰ ফুলি উঠা, ধমনীৰ বেৰত বিস্ংগতিয়ে দেখা দিয়া আদি। আকৌ ৰক্তচাপ বৃদ্ধিৰ বাবেও হাৰ্ট এটেক হোৱাৰ প্ৰবল আশ্ংকা থাকে।

সুশ্ৰুতে চাৰি প্ৰকাৰৰ হৃদৰোগৰ কথা উল্লেখ কৰিছে। প্ৰস্ৰাৱৰ বেগ ধৰি ৰাখিলে, মানসিক আঘাট আৰু শোক পালে, বুকুত আঘাত পালে, উষ্ণ আৰু ৰুক্ষ খাদ্য বেছিকৈ খালে, অজীৰ্ণ আদিৰ বাবে যিবোৰ দোষৰ উতপত্তি হয়, এইবোৰে হৃদৰোগৰ সৃষ্টি কৰে।প্ৰসাৱৰ বেগ ধৰি ৰাখিলে শিৰা আৰু ধমনীৰে বায়ু প্ৰবাহিত হৈ হৃদযন্ত্ৰ পায়গৈ। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ভিতৰভাগত চাপ পৰে আৰু হৃদযন্ত্ৰৰ পেশী ফাটি যায়। ইয়াকে ‘হাৰ্ট ফেইলৰ’ হোৱা বুলি কোৱা হয়।

অনিদ্ৰা, মানসিক চাপ আদি দীৰ্ঘদীন ধৰি চলি থাকিলে পাচক ৰসৰ নি:সৰণ অনিয়মীয়া হয়। ইয়াৰ ফলত খাদ্য ভালকৈ অজম নহয়। এই অৱস্থাত বায়ু আৰু পিত্তি খাদ্য জীন নিয়াৰ পৰিৱৰ্তে বুকু, পেট, হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত শাৰীৰিক দূৰ্বলতা,ৰক্তসঞ্চালন বাধাপ্ৰাপ্ত হোৱআদি সমস্যাই দেখা দিয়ে। সুশ্ৰুতৰ মতে পিয়াহ, ভাগৰ, শুস্কতা, মূৰ্ছা আদি কাৰণৰ ববে হ্ৰিদৰোগ হ’লে ইয়াক পিত্তজনিত হৃদৰোগ বুলি কোৱা হয়।

একেদৰে কফ জমা হোৱাৰ বাবে বুকু গধুৰ লগা, অৰুচি, জড়তা আদি হ’লে ইয়াক কফজনিত হৃদৰোগ বুলি কোৱা হয়। যেতিয়াই বাত, কফ, পিত্তৰ বাবে হৃদৰোগ হয়, ইয়াক ত্ৰিদোষী হৃদৰোগ বোলা হয়। এই বিধ হৃদৰোগ হ’লে বুকুৰ বিষ, অৰুচি আদি লক্ষণে দেখা দিয়ে।এই লক্ষণবোৰ অতিত্বেছি হ’লে ইয়াক সন্নিপাত হৃদৰোগ বুলি কোৱা হয়। সন্নিপাত হৃদৰোগ হ’লে কফ আৰু পিত্ত বঢ়াই তোলা খাদ্য যেনে- গিড়, তিল, গাখীৰ আদি খালে হৃদযন্ত্ৰৰ যিকোনো অংশত ক্ষুদ্ৰ টেমুনাৰ সৃষ্টি হব পাৰে  আৰু এইবিলাকৰ পৰা দূষিত ৰস নিৰ্গত হয় আৰু ইয়াত ক্ৰিমিৰ উতপত্তি হয়।এই ক্ৰিমিয়ে হৃদযন্ত্ৰটোৰ অনিষত সাধন কৰে। ইয়াকে ক্ৰিমিজনিত হৃদৰোগ বুলি কোৱা হয়। আধুনিক চিকিৎসা পদ্ধতিত এনেধৰণৰ হৃদৰোগৰ কথা কোনো উল্লেখ পোৱা নাযায়।

হৃদৰোগৰ আয়ুৰ্বেদিক চিকিৎসা

আয়ুৰ্বেদ অনুসৰি যিকোনো ৰোগৰ চিকিৎসাৰ মূল অংগ হৈছে তিনিটা। এই বিষয়ে তলত আলোচনা কৰা হ’ল। এই তিনিটা মূল অংগ হৈছে পথ্য সেৱন, আহাৰ আৰু ঔষধ।

পথ্য সেৱন

পথ্যসেৱন মানে অকল খোৱা বোৱাত গুৰুত্ব দিয়াকে নুবুজায়। বৰঞ্চ যিবোৰ কাৰকৰ বাবে ৰোগৰ উতপত্তি হৈছে, সেইবোৰ ত্যাগ কৰাকে বুজায়। ঊলেখ্য যে হৃদৰোগ হোৱাৰ কাৰণবোৰ হৈছে মানসিক চাপ, তেজত অত্যধিক পৰিমাণৰ কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি, পৰিশ্ৰমহীন অকলশৰীয়া জীৱন, নিচাযুক্ত দ্ৰব্য সেৱ আদি।

সেয়েহে সহজ সৰল জীঅন যাপন কৰিব লাগে। ক্ৰোধ, মানসিক চাপ আদিৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে। পাৰিবাৰিক কাৰণৰ বাবেবহু সময়ত মানসিক চাপৰ সৃষ্টি হয়্ আৰু এনে অৱস্থাই ৰক্তচাপ বৃদ্ধি কৰে।

পথ্য সেৱনৰ দ্বাৰাই ৰোগৰ পৰা আৰোগ্য লাভ্ কৰাটো সম্ভৱ। যদি ঔষধ খোৱাৰ পিছতো পথ্য সেৱন বিধি পালন কৰা নহয়, তেতিয়া হ’লে নিৰোগী হোৱা সম্ভৱ নহয়। সেয়েহে চড়কে ঔষধ খোৱাতকৈ পথ্য সেৱনত অধিক গুৰুত্ব দি গৈছে।

আহাৰ

ৰোগ বিশেষে যি আহাৰ খোৱা উচিত, তাকে সেই ৰোগৰ ‘পথ্যহাৰ’ বুলি কোৱা হয়। আহাৰ সদায় পাতলীয়া, সহজে হজম হোৱা আৰুপুষ্টিকৰ হ’ব লাগে। চড়কৰ মতে যি আহাৰ দেখিবলৈভাল, ৰুচিকৰ, জিভাত লাগিলেই খাবলৈ মন যায়, তেনে আহাৰহে খাব লাগে। চড়কে হৃদৰোগীৰ বাবে আম, নেমু, নাচপতি, আঙুৰ, বগৰী, আমলখি, আপেল আদিৰ ফলৰ ৰস বৰ উপকাৰী বুলি উল্লেখ কৰিছে। এই ফলবিলাকৰ ৰস মিঠা, শীতল আৰু তৃপ্তিদায়ক হোৱাৰ বাবে হৃদযন্ত্ৰৰ বাবে আৰু হৃদৰোগৰ বাবে উপযোগী পথ্য। এইবোৰ ফলৰ উপৰি সেউজীয়া শাক-পাচলি খোৱা উচিত।

আয়ুৰ্বেদ অনুসৰি বাত, পিত্ত, আৰু কফৰ স্থান হৈছে হৃদযন্ত্ৰ একেদৰে অক্সিজেনৰ পৰিমাণ কম হ’লেও হৃদযন্ত্ৰৰ পেশীবোৰে ঠিকমতে কাম কৰিব নোৱাৰে। হৃদযন্ত্ৰক শক্তি প্ৰদান কৰা দ্ৰব্যবোৰৰ ভিতৰত অৰ্জুন, স্বৰ্ণ, মুক্তা আদি প্ৰধান। এই দ্ৰব্যবোৰ শীত বীৰ্য। এইবিলাকে হৃদযন্ত্ৰৰ শক্তিদায়ক আৰু অবলম্বক কফ বঢ়াই তোলে। ইয়াৰ পৰা হৃদযন্ত্ৰই শক্তি লাভ কৰে আৰু হৃদস্পন্ৰ গতি স্বভাৱিক কৰি ৰাখে। কিছুমান দ্ৰব্য উষ্ণবীৰ্য। এইবিলাকৰ পৰা লাভ কৰা উষ্ণতাই হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী সঠিকভাবে চলাই ৰাখে।

ঔষধ

আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰত হৃদৰোগৰ চিকিৎসাৰ বাবে মুলত: ‘অৰ্জুন’ গছ ব্যৱহাৰ কৰা হয়। অৰ্জুন গছৰ চাল চূৰ্ণ, বটিকা, গুটিকা আৰু অৰিষ্ট আদি বিভিন্ন ৰুপত প্ৰ য়োগ কৰা হয়। অৰ্জুন গছৰ চালত কেলচিয়াম,এলুমিনিয়াম, মেগনেচিয়াম আৰু টেনিক এচিড আদি ৰাসায়নিক দ্ৰব্য পোৱা যায়। ইয়াৰ উপৰিও অৰ্জুনিন, লেক্ট’ন আৰু উদ্বায়ী তেল পোৱা যায়। হৃদৰোগত অৰ্জুন গছৰ চালৰ প্ৰয়োগৰ বিষয়ে প্ৰাচীন আয়ুৰ্বেদিক চিকিতসক বাগ্‌ভটে প্ৰথমে উল্লেখ কৰি গৈছে। পিছলৈ চক্ৰ দত্তৰ দৰে প্ৰখ্যাত চিকিতসকসকলেও হৃদৰোগত অৰ্জুন গছৰ চাল হৃদৰোগীৰ বাবে উপকাৰী বুলি উল্লেখ কৰিছে। অৰ্জুনৰ চাল হৃদযন্ত্ৰৰ কাৰণে স্ংকোচক আৰু শীতল ৰসায়নযুক্ত। অৰ্জুন চালৰ ব্যৱহাৰে ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে।

লিখক: ডা: সত্যপাল গ্ৰোভাৰ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate