অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগ প্ৰতিৰোধৰ পাঁচটা বিধান

হৃদৰোগ প্ৰতিৰোধৰ পাঁচটা বিধান

ৰোগীসকলে প্ৰায়ে সোধে যে হৃদৰোগ প্ৰতিৰোধ সম্ভৱনে বা কেনেকৈ আমি হৃদৰোগৰ পৰা বাচি থাকিব পাৰো? ইয়াৰ উত্তৰ হ’ল যে হৃদৰোগ প্ৰতিৰোধ সম্ভৱ যদিও হৃদৰোগৰ কিছুমান কাৰক, যেনে-বংশানুক্ৰম, বয়স অথবা লিংগ আদি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। তথাপি হৃদৰোগৰ অইন বহুতো কাৰক আমি সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰো।হৃদৰোগৰ কাৰণসমূহনো কি, তাকেই প্ৰথমে জানো আহক-

নিয়মিত ৩০ মিনিট ব্যায়াম কৰক

নিয়মিত ব্যায়ামে হৃদৰোগ হোৱাত বাধা প্ৰদান কৰিব পাৰে। তদুপৰি ব্যায়ামৰ লগতে যদি আমি দৈনন্দিন জীৱনশৈলীৰ অলপ পৰিৱৰ্তন কৰো আৰু এটা স্বাস্থ্যসন্মত জীৱন প্ৰণালী বাছি লওঁ, যেনে শৰীৰৰ ওজন নিয়মিত কৰি ৰখা ইত্যাদি, তেন্তে তাৰ দ্বাৰাও আমি হৃদৰোগ হোৱাত বাধা দিব পাৰো। শাৰিৰীক পৰিশ্ৰমে আমাৰ শৰীৰৰ ওজন হ্ৰাস কৰাৰ লগতে উচ্চ ৰক্তচাপ, অত্যাধিক কলেষ্টৰেল তথা মধুমেহ আদি ৰোগ হোৱাতো বাধা প্ৰদান কৰিব পাৰে। সপ্তাহত পাঁচ দিন ২০-৩০ মিনিট ব্যায়াম কৰিব নোৱাৰিলে ১০ মিনিটত ভাগ কৰি তিনিবাৰকৈও কৰিব পাৰি। অন্য কিছুমান কাম যেনে-ঘৰতে অলপ ইটো-সিটো কৰি দি, গৃহিণীক অলপ সহায় কৰি দি, শাকনি বা ফুলনিত ফুল খুচৰি দি আমি কাম কৰিও এটা পৰিশ্ৰমী জীৱনশৈলী বাছি ল’ব পৰা যায়। যেনে ধৰক যদি আপোনাৰ ওচৰত অলপ সময় আছে, তেন্তে ক’ৰবালৈ যাবলৈ হ’লে, আপুনি চাইকেল বা মটৰ চাইকেল, গাড়ী আদিৰে নগৈ খোজ কাঢ়ি যাওক। অলপ পৰিশ্ৰমো হ’ল, অলপ পইচাও ৰাহি হ’ল। ধৰক গাড়ী বা কিবা বাহন লৈয়ে গ’ল তেন্তে লিফ্‌ট ব্যৱহাৰ নকৰি খটখটী বগাই যাওক, অলপ পৰিশ্ৰম নিশ্চয় হ’ব। পুৱা অলপ খৰকৈ খোজ কাঢ়ক বা ঘৰৰ পোহনীয়া কুকুৰটোক লৈ অলপ খোজ কাঢ়ক। মনটোও ভাল লাগিব, অলপ শাৰিৰীক পৰিশ্ৰমো হ’ব। যদি হাতত সময় আছে, তেন্তে এটা ষ্ট’পেজ আগতে নামি দিয়ক। অলপ দূৰ খোজ কাঢ়ি গ’লেও অলপ পৰিশ্ৰম কৰা হ’ব। তেনেদৰে আমি নানান উপায়েৰে আমাৰ দৈনন্দিন জীৱনত সামান্য সাল-সলনি ঘটাই এটা পৰিশ্ৰমী জীৱনশৈলী বাছি লৈও হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰোহক। গতিকে ব্যায়াম মানেই যে ভয়ানক কিবা এটা বা বহুত নিয়ম-কানুন মানিহে কৰিব লাগিব, এনে কথা কেতিয়াও নহয়।

স্বাস্থ্যসন্মত সুষম আহাৰ গ্ৰহণ কৰক

তেল, চৰ্বি আৰু কলেষ্টৰেলযুক্ত আহাৰ কমকৈ গ্ৰহণ কৰিও আমি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰো। আহাৰ সম্বন্ধে ৰোগীৰ বহুত কৌতুহল থাকে। মোৰ এনেকুৱাও হৈছে যে নিশা ১২ বজাতো ৰোগীয়ে ফোন কৰি সোধে-ছাৰ মই চজিনা খাব পাৰিমনে বা মই খৰিচা খাব পাৰিমনে ইত্যাদি। তেল, চৰ্বিৰ উপৰি আমি নিমখ কমাই খাব লাগে। আচলতে নিমখত অতি বেছি পৰিমাণে ছ’ডিয়াম থাকে আৰু আমি ছ’ডিয়াম যিমান পাৰো কমাই খাব লাগে। শাক-পাচলি তথা ফল-মূল বেছিকৈ গ্ৰহণ কৰিব লাগে। কিছুমান মাছত শৰীৰৰ বাবে উপকাৰী উচ্চ ঘনত্বৰ কলেষ্টৰেল থাকে, গতিকে মাছ গ্ৰহণ কৰিব পাৰে। মাংস বা মছলাযুক্ত আহাৰ, তেলত ভজা বস্তু তথা বেকাৰীত বনোৱা বস্তু কমাই খোৱা উচিত। মদ্যপানৰ বিষয়ে বহুত প্ৰশ্ন কৰে। আচলতে দেখা গৈছে যে কম পৰিমাণে পৰিমিত মদ্যপান শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। দুই পেগ বা তাতোকৈ কম পৰিমাণৰ মদ্যপান শৰীৰৰ বাবে উপকাৰী আৰু হৃদৰোগ প্ৰতিৰোধী। বিশেষকৈ ৰে’ড ৱাইন, য’ত ফ্লবনইডছ বুলি এবিধ হৃদৰোগ প্ৰতিৰোধী পদাৰ্থ পোৱা যায়।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা

আগত কোৱাৰ দৰে উচ্চ বা মাত্ৰাধিক কলেষ্টৰেলৰ পৰিমাণে হৃৎপিণ্ড আৰু ৰক্তবাহী নলীৰ বেছ ক্ষতি কৰে। কিন্তু পৰীক্ষা নকৰাকৈ ইয়াৰ বিষয়ে জনাটো সম্ভৱ নহয়। সেয়েহে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱাটো খুবেই জৰুৰী।

  • উচ্চ ৰক্তচাপ-বছৰত অন্তত: এবাৰ ৰক্তচাপ পৰীক্ষা কৰোৱা উচিত আৰু যদি কিবা হীন-ডেঢ়ি থাকে, তেন্তে তাতোকৈ সঘনাই ৰক্তচাপ পৰীক্ষা কৰোৱাটো বাঞ্ছনীয়। সকলো সময়তে আমাৰ ৰক্তচাপ <১২০/৮০ মি:মি মাৰ্কাৰী থকা উচিত।
  • কলেষ্টৰেলৰ মাত্ৰা- বিশ বছৰতকৈ বেছি সময়ৰ সকলোৱে বছৰেকত অন্তত: এবাৰ কলেষ্টেৰেলৰ মাত্ৰাও পৰীক্ষা কৰাব লাগে। কিবা বিসংগতি থাকিলে আৰু সঘনাই পৰীক্ষা কৰোৱাটো বাঞ্ছনীয়। বিশেষকৈ যদি বংশত হৃদৰোগী আছে।
  • ডায়েবেটিছ বা মধুমেহ ৰোগীৰ বাবে পৰীক্ষা- যিহেতু ডায়েবেটিছ ৰোগ হৃদৰোগৰ এটা মুখ্য কাৰক, সেয়েহে ডায়েবেটিছ ৰোগ আছে নেকি জানিবলৈ কৰা ৰক্তশৰ্কৰাৰ পৰিমাণ খালী পেটত পুৱা চোৱাটো দৰকাৰ। এই পৰীক্ষা ত্ৰিশোৰ্ধৰ ব্যক্তিয়ে সঘনাই কৰা উচিত, বিশেষকৈ যদি বংশত মধুমেহ ৰোগী আছে।
  • এনেদৰে মাথোঁ এই পাঁচটা উপায় অৱলম্বন কৰিয়েই আমি হৃদৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব পাৰো।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক

শৰীৰৰ অত্যাধিক ওজনৰ কাৰণে নানা ৰোগে দেখা দিব পাৰে, যেনে উচ্চ ৰক্তচাপ, অত্যাধিক কলেষ্টৰেল, মধুমেহ ৰোগ আদি। শৰীৰৰ ওজন জুখিবৰ বাবে বি এম আই বুলি এক মাপক আমি ব্যৱহাৰ কৰিব পাৰো।

  • বি এম আই-শৰীৰৰ ওজন (কে:জি)/শৰীৰৰ উচ্চতা (মি:)
  • শৰীৰৰ ওজনৰ মাপদণ্ডৰ তালিকা।
  • নিশকতীয়া=<১৮.৫।
  • স্বাভাৱিক =১৮.৫-২৪.৯
  • মাত্ৰাধিক ওজন=২৫-২৯.৯
  • মেদবহুলতা= ৩০ তকৈ বেছি

বা পুৰুষৰ ক্ষেত্ৰত কঁকালৰ মাপ যদি ৪০ ইঞ্চি আৰু মহিলাৰ ক্ষেত্ৰত ৩৫ ইঞ্চিতকৈ বেছি হ’লে শৰীৰত মাত্ৰাধিক ওজন থকাটো বুজাব। উপৰিউক্ত তালিকা অনুযায়ী আপুনি যদি মাত্ৰাধিক ওজনৰ শ্ৰেণীত পৰিছে, তেনেহ’লে অনতিপলমে শৰীৰৰ ওজন হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। বহুতো ৰোগীয়ে প্ৰায়ে শৰীৰৰ ওজন হ্ৰাসৰ দৰব বিচাৰে। কিন্তু এইখিনিতে কৈ থওঁ যে এই দৰবৰ বহুতো পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকে। ওজন হ্ৰাস কৰাৰ দুটা সুব্যৱস্থা আছে। এটা হৈছে নিয়মিত ব্যায়াম আৰু পৰিমিত সুষম আহাৰ গ্ৰহণ। ইয়াৰ বিকল্প নাই। সেয়েহে আপুনি বজাৰত পোৱা বিভিন্ন ঔষধ বা প্ৰক্ৰিয়া গ্ৰহণ কৰি সৰ্বস্বান্ত হোৱাৰ লগতে স্বাস্থ্যৰ অযথা ক্ষতি নকৰিব। ব্যায়াম বুলি কোৱাৰ লগে লগে মোক ৰোগীসকলে বেয়া পায়। কিন্তু আচলতে ব্যায়াম কৰিবলৈ আপুনি কোনো ব্যায়ামগাৰলৈ যাব নালাগে। পুৱা বা গধূলি ৩০-৪৫ মিনিট সপ্তাহত পাঁচ দিন্ন দ্ৰুতগতিৰে খোজ কাঢ়িয়েই আপুনি শৰীৰৰ বাবে লাগতিয়াল ব্যায়াম সম্পন্ন কৰিব পাৰে।

ধূমপান ত্যাগ কৰক

ধূমপান বা ধপাতৰ ব্যৱহাৰ হৈছে হৃদৰোগৰ এটা মুখ্য কাৰণ। ধপাতত থকা নানা বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰে অকল যে আমাৰ হৃৎপিণ্ডৰেই যথেষ্ট ক্ষতি কৰে এনে নহয়, ই আমাৰ শৰীৰৰ তেজৰ নলীৰ ভিতৰভাগতো প্ৰভূত ক্ষতি কৰে। ইয়াৰ ফলত ৰক্তপ্ৰবাহী নলীবোৰ সৰু হৈ যায় আৰু অৱশেষত ধূম্ৰপায়ীসকলে হাৰ্ট এটেকৰ কবলত পৰে। সেয়েহে হৃদৰোগৰ পৰা বাচিবলৈ হ’লে ধূমপান একেবাৰে বৰ্জন কৰাটো বাঞ্ছনীয়। ধূমপান মানে যে অকল চিগাৰেট বা বিড়ি সেইটো নহয়, ইয়াৰ ভিতৰত চোবাই খোৱা ধপাত বা বজাৰত সহজতে কিনিবলৈ পোৱা ধপাতযুক্ত সুগন্ধি পাণ-মছলাও অন্তৰ্ভূক্ত হৈ আছে। চিগাৰেটত থকা নিক’টিন নামৰ পদাৰ্থবিধে হৃৎপিণ্ডৰ গতি অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ উপৰি উচ্চ ৰক্তচাপৰো সৃষ্টি কৰে। ভাল কথাটো এয়ে যে ধূমপান ত্যাগ কৰাৰ পিচতেই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস হৈ যায়। সেয়েহে অনতিপলমে যিসকল ব্যক্তিয়ে ধূমপান কৰে, তেওঁলোকে আজিয়ে, এতিয়াৰ পৰাই ধূম্ৰপান ত্যাগ কৰা উচিত। আনকি বহুত দিনৰ পৰা ধূমপান কৰা ব্যক্তিয়েও ধূম্ৰপান ত্যাগ কৰিলে তাৰ সুফল লাভ কৰিব পাৰে।

লিখক: ডা: বিকাশ ৰায় দাস, জি এন আৰ চি হাস্পতাল,

সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate