অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগৰ ৰিস্ক ফেক্টৰ, ৰোগ প্ৰতিৰোধ ব্যৱস্থা আৰু পৰীক্ষা

হৃদৰোগৰ ৰিস্ক ফেক্টৰ, ৰোগ প্ৰতিৰোধ ব্যৱস্থা আৰু পৰীক্ষা

নিৰৱ ঘাতক

প্ৰায় সকলো মানুহৰেই ধাৰণা যে বুকুৰ বিষ হোৱা মানেই হৃদৰোগ আৰম্ভ হ’ল। কিন্তু অন্যান্য আনুষংগিক কিছুমান উপসৰ্গ নাথাকিলে কেতিয়াবা হঠাৎ হোৱা বুকুৰ বিষে হৃদৰোগৰ সংকেত নিদিব পাৰে। সেয়ে বুকুৰ বিষ মানেই হৃদৰোগৰ বুলি ধাৰণা কৰাটো ভুল। ডায়েবেটিচত ভোগা লোকৰ ক্ষেত্ৰত কিন্তু কথাটো অলপ বেলেগ। ডায়েবেটিচত দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগীয়ে হৃদযন্ত্ৰৰ ডাঙৰ সমস্যা থকা সত্বেও কোনো ধৰণৰ বিষ অনুভৱ নকৰিব পাৰে। এই নীৰৱ ইস্কিমিয়া বিষক অগ্ৰাহ্য কৰিলে হঠাতে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। সেয়ে বুকুৰ বিষ থাকক বা নাথাকক যদি আপোনাৰ ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ জাতীয় দুটা বা ততোধিক ৰিস্ক ফেক্টৰ থাকে তেনেহ’লে বছৰত অতি কমেও এবাৰ হাৰ্ট স্পেচিয়েলিষ্টৰ ওচৰত দেখুৱাই প্ৰয়োজনীয় পৰামৰ্শ লওক।

ৰিস্ক ফেক্টৰবোৰ কি কি?

হৃদৰোগৰ অন্যতম ৰিস্ক ফেক্টৰবোৰ হ’ল-

  • হাই ব্লাডপ্ৰেছাৰ
  • ডায়েবেটিচ
  • ষ্ট্ৰেছ, টেনচন আৰু অশান্তি
  • হাই ব্লাড-কলেষ্টেৰল আৰু অথেৰোস্কেলৰোচিচ বিসংগতি
  • ধূমপানৰ অভ্যাস
  • বংশগত কাৰণ, অৰ্থাৎ যাৰ বংশাত হাৰ্ট এটেকৰ ইতিহাস আছে
  • শাৰীৰিক পৰিশ্ৰমৰ অভাৱ
  • শৰীৰৰ অতিৰিক্ত ওজন
  • কেৰিয়াৰৰ প্ৰতি বেছি উচ্চাকাংক্ষা
  • অতিৰিক্ত চৰ্বিযুক্ত খাদ্য খোৱাৰ অভ্যাস
  • বয়স বৃদ্ধি

এইবিলাক ৰিস্ক ফেক্টৰৰ অধিকাংশই ইচ্ছা কৰিলে সহজেই নিয়ন্ত্ৰণ কৰিব পৰা যায়(বংশগত কাৰণ, বয়স আৰু লিংগৰ বাহিৰে)। দৈনন্দিন জীৱন যাত্ৰা প্ৰণালীৰ কিছু পৰিৱৰ্তন কৰি আৰু চিকিৎসকৰ পৰামৰ্শ লৈ এই ৰিস্ক ফেক্টৰবিলাক নিয়ন্ত্ৰণলৈ আনিব পাৰি। নিয়মীয়াকৈ ব্যায়াম, শাৰীৰিক শ্ৰম, অতিৰিক্ত খাদ্য গ্ৰহণত নিয়ন্ত্ৰণ, ধূমপান আৰু মদ্যপান পৰিত্যাগ কৰিলে হৃদৰোগৰ আশংকা বহুগুণে কমাব পাৰি।

হঠাৎ বুকুৰ বিষ হ’লে

ৰাস্তাত গৈ থাকোঁতে বা চিৰিৰে উঠাৰ সময়ত যদি বুকুৰ বিষ অনুভৱ কৰে তেনেহ’লে লগে লগে খোজকঢ়া বা কাম বন্ধ কৰি বহি দিব। জিভাৰ তলত আধাডোখৰ চৰ্বিট্ৰেট টেবলেট ৰাখি দিব। তাৰ পিছত যিমান সোনকালে পাৰে এজন হাৰ্ট স্পেচিয়েলিষ্টৰ পৰামৰ্শ লৈ ই চি জি আৰু প্ৰয়োজনীয় ৰক্ত পৰীক্ষা কৰি যথাযথ চিকিৎসা কৰাব। গেছ বা এচিডিটি বুলি ভাবি বুকুৰ বিষক অৱহেলা নকৰিব। মাজনিশা বা শেষনিশা বুকুৰ বিষ, জৰজৰকৈ গা-ঘমা আৰু উশাহ-নিশাহ লোৱাত কষ্ট হ’লে এম্বুলেন্স মাতি অক্সিজেন দি চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব।

ধূমপান আৰু হাৰ্ট এটেক

ভাৰত, পাকিস্তান, বাংলাদেশ আদি দক্ষিণ এছিয়াৰ দেশবিলাকত হাৰ্টৰ অসুখ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হ’ল বিড়ি, চিগাৰেট আৰু ধপাত সেৱনৰ অভ্যাস। ধূমপান কৰা ব্যক্তিসকলৰ হাৰ্টৰ অসুখৰ সম্ভাৱনা ধূমপান নকৰা লোকতকৈ পাঁচগুণ বেছি। ধূমপান কৰা লোকৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱাৰ সম্ভাৱনা ধূমপান নকৰা লোকতকৈ প্ৰায় ৭০ শতাংশ বেছি। ধূমপান ত্যাগ কৰিলে দুই-এবছৰৰ ভিতৰতে হাৰ্টৰ অসুখৰ সম্ভাৱনা বহুগুণে কমি যায়। বিড়ি, চিগাৰেটৰ নিকোটিনে তেজৰ কাৰ্বোক্সি হিমোগ্লবিনৰ পৰিমাণ অতিমাত্ৰা বঢ়াই দিয়ে আৰু তাৰ ফলত কলেষ্টেৰলৰ মাত্ৰাৰ তাৰতম্য ঘটে। তদুপৰি নিকোটিনে ধমনীৰ স্পাজম বঢ়াই হঠাতে হাৰ্ট এটেকৰ সম্ভাৱনা বঢ়াই তুলিব পাৰে।

হাৰ্ট ভালে ৰাখিবলৈ খোজ কাঢ়ক

প্ৰতিদিনে নিয়ম কৰি তিনি-চাৰি কিলোমিটাৰ খোজ কাঢ়িব পাৰিলে হাৰ্টৰ অসুখৰ পৰা বাচি থাকিব পাৰে। অৱশ্যে হঠাতে এদিন খৰ খোজেৰে ভাগৰি পৰাকৈ তিনি-চাৰি কি:মি: অতিক্ৰম কৰিলে হাৰ্টৰ বিশেষ উপকাৰ নহয়। নিয়মমতে শৰীৰে সহ্য কৰিব পৰাকৈ খোজ কাঢ়ক। মধ্যমীয়া গতিত খোজ কাঢ়িলে প্ৰতি মিনিটত প্ৰায় ১৪০ মি:লি: অতিৰিক্ত তেজ হাৰ্টলৈ যায়। ফলত হাৰ্টৰ নেচাৰেল বাইপাছ হয় আৰু নতুন ধমনীয়েদি ৰক্ত সঞ্চালন হয়। কেৱল সেয়ে নহয়, নিয়মীয়াকৈ খোজ কাঢ়িলে অথেৰোস্কেলৰোচিচৰ গতি হ্ৰাস পায়। হাই ব্লাড-প্ৰেছাৰ আৰু ব্লাড চুগাৰো নিয়ন্ত্ৰণত থাকে। ওজন ঠিকে থাকে। পুৱা-গধূলি দুবাৰকৈ এইচ ডি এলৰ মাত্ৰা বাঢ়ে আৰু অপকাৰী এল ডি এলৰ মাত্ৰা কমে।

নিয়মীয়াকৈ ধ্যান কৰক

সাংসাৰিক অশান্তি, অফিচৰ কামৰ চাপ আদি বিভিন্ন সৰু-সুৰা উদ্বেগ দীৰ্ঘদিন ধৰি চলি থাকিলে নিউৰোট্ৰান্সমিটাৰৰ স্থায়ী পৰিৱৰ্তন ঘটে। ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। এই সম্ভাৱনা কমাবৰ কাৰণে ৫-১০ মিনিটৰ ধ্যান আৰু অতি কমেও পোন্ধৰ মিনিট প্ৰাণায়াম আৰু যোগাসন কৰাটো অতি দৰকাৰী। গোটেই দিনৰ কাম-কাজৰ অন্তত মানুহ-দুনুহৰ সংগত আড্ডা দিয়া, গান শুনা বা চিনেমা, থিয়েটাৰ, নাচ-গানৰ অনুষ্ঠান চোৱা আদি অৱসৰ বিনোদনৰ ব্যৱস্থাই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। একঘেয়ামী পৰিৱেশৰ পৰা আঁতৰি কিছুদিনৰ কাৰণে সাগৰৰ পাৰলৈ অথবা পাহাৰ বা অৰণ্যৰ পৰিবেশলৈ ফুৰিবলৈ যাওক। এনেবোৰ ব্যৱস্থাই মানুহৰ দুশ্চিন্তা কমায়, টেনচনৰ পৰাও মুক্তি দিয়ে। হাৰ্টৰ সমস্যাৰ পৰাও মুক্তি পায়।

কেইটিমান টিপছ

  • প্ৰচুৰ চালাড আৰু ফল খাওক। দৈনিক আহাৰৰ ৩০-৪০ শতাংশ ফল আৰু পাচলি হ’লে হাৰ্টসহ অন্যান্য ৰোগ নিজে নিজে আঁতৰিব।নিমখ কমাই খাব। কেঁচা নিমখ একেবাৰেই নাখাব।
  • ৰেড মিট(গাহৰি, ছাগলি আদি) বৰ্জন কৰক। বেছিকৈ খোৱাৰ ইচ্ছা হ’লে মাহত এক-দুই টুকুৰা খাব।
  • সাগৰৰ মাছ আৰু সৰু মাছ হাৰ্টৰ কাৰণে ভাল।
  • মিঠাতেল অপকাৰী নহয়, বৰং উপকাৰীহে। কিন্তু বেছি পৰিমাণত নাখাব।
  • মদ্যপান হাৰ্টৰ কাৰণে ভাল বুলি ভাবি খোৱাৰ অভ্যাস নকৰিব।

হৃদৰোগ নিৰ্ণয় কৰিবলৈ কি কি পৰীক্ষা কৰোৱা হয়?

ই চি জি

হাৰ্ট আৰু ই চি জি শব্দ দুয়োটা ওত:প্ৰোতভাৱে জড়িত। হাৰ্টৰ কোনো ধৰণৰ সমস্যা সম্পৰ্কে সন্দেহ হ’লেই চিকিৎসকে প্ৰথমেই ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাম অৰ্থাৎ ই চি জি কৰোৱাৰ পৰামৰ্শ দিয়ে। এই পৰীক্ষাৰ দ্বাৰা হাৰ্টৰ নিম্নোক্ত তথ্যসমূহ পোৱা যায়।

হৃদস্পন্দনৰ গতি, ৰিডম

হৃদযন্ত্ৰৰ মাজেদি যি মৃদু তড়িৎ প্ৰৱাহিত হয় সেয়া যথাযথ হয়নে বা বাঢ়ি গৈছে নেকি, আগতে কোনো হাৰ্ট এটেক হৈছে নেকি আৰু কেইদিনমানৰ ভিতৰত হাৰ্ট এটেকৰ সম্ভাৱনা আছে নেকি ইত্যাদি তথ্য জানিব পাৰি। তদুপৰি শৰীৰৰ বিভিন্ন ট্ৰেচ এলিমেণ্ট সঠিক পৰিমাণত আছেনে নাই, এই বিষয়েও ই চি জি পৰীক্ষাত গম পোৱা দৰকাৰ। কিন্তু সকলো সময়তে ই চি জিত সঠিক ফলাফল পোৱা নাযায়। সেয়ে সঠিক ফলাফল পাবৰ কাৰণে অন্যান্য কিছুমান পৰীক্ষাৰ দৰকাৰ হয়।

হল্টাৰ মনিটৰ

হৃদৰোগৰ সন্দেহ হ’লে ৰোগীৰ শৰীৰত কিছুমান যন্ত্ৰ লগাই দি একেৰাহে ২৪ ঘণ্টা ধৰি ৰোগীৰ হৃদস্পন্দন আৰু ৰিদম আদিৰ নিখুঁত হিচাপ ৰেকৰ্ড কৰা হয়। ৰোগীৰ হাৰ্টৰ কিমান বিসংগতি আছে, ভৱিষ্যতে হঠাৎ বা কোনো বিশেষ মুহুৰ্তত হাৰ্ট বীটৰ তাৰতম্য ঘটিছে নেকি, তাৰ নিৰ্ভুল ৰেকৰ্ড এই পৰীক্ষাত পোৱা যায়।

টি এম টি(ট্ৰেড মিল টেষ্ট)

ব্যায়াম কৰিলে বা খোজ কাঢ়িলে হাৰ্টৰ ওপৰত কিমান চাপ পৰে, সেইটো এই পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। এক্সাৰচাইজ কৰাৰ সময়ত হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি পায়। তেনে অৱস্থাত হৃৎপিণ্ডটোৱে সেই অতিৰিক্ত চাপ সহ্য কৰিব পাৰিছেনে নাই অতিৰিক্ত চাপ সহ্য কৰিব পাৰিছেনে নাই সেই কথা এই পৰীক্ষাৰ দ্বাৰা বুজিব পৰা যায়। হৃদযন্ত্ৰৰ বৰ্ধিত চাপ সহ্য কৰিব পৰাৰ ক্ষমতা কিমান, ষ্ট্ৰেছৰ ফলত হ’ব পৰা ইক্সিমিয়া আছে নেকি ইত্যাদি যাৱতীয় তথ্যও এই পৰীক্ষাৰ যোগেদি জানিব পৰা যায়। এই পৰীক্ষা ‘ট্ৰেড মিল’ত (খোজ কঢ়া যন্ত্ৰ) খোজ কাঢ়ি থকা অৱস্থাত কৰা হয়। টি এমটি কৰাৰ সময়ত এটা কথাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখা উচিত। ৰোগীয়ে যদি পৰীক্ষাটো চলি থাকোতে কোনোধৰণৰ কষ্ট হোৱা বুলি কয়, তেনেহ’লে লগে লগে ট্ৰেড মিল যন্ত্ৰৰ গতি স্তব্ধ কৰি দিব লাগে।

ইকোকাৰ্ডিওগ্ৰাম

আলট্ৰাছাউণ্ডৰ সহায়ত হৃদযন্ত্ৰৰ পৰীক্ষা কৰা ব্যৱস্থাটোৰ নামেই হৈছে ইকোকাৰ্ডিওগ্ৰাম। এই পৰীক্ষাৰ সহায়ত হৃদযন্ত্ৰৰ প্ৰতিটো কোঠা, কপাট(ভাল্‌ভ) ধমনী আৰু সিৰা তথা হৃদযন্ত্ৰৰ বাহিৰৰ পেৰিকাৰ্ডিয়াম নামৰ আৱৰণসহ হৃদযন্ত্ৰৰ সম্পূৰ্ণ অৱয়ৱটোৰ স্পষ্ট ছবি এখন পোৱা যায়। তদুপৰি হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা ঠিকে আছেনে নাই, ভাল্‌ভৰ কিবা ত্ৰুটি হৈছে নেকি আদি সকলো তথ্য বিস্তাৰিতভাৱে জানিব পৰা যায়।

নিউক্লিয়াৰ স্কেন

কোনো ক্ষেত্ৰত বাইপাছ চাৰ্জাৰী আৰু এঞ্জিওপ্লাষ্টিৰ আগে আগে এই পৰীক্ষা কৰোৱা হয়। থেলিয়াম বা টেকনিচিয়ামৰ ইঞ্জেকচন দি গামা কেমেৰাৰ সহায়ত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বা অন্যান্য সমস্যা সম্পৰ্কে জানিব পৰা যায়।

টিল্ট টেবুল টেষ্ট

বহু সময়ত হৃদযন্ত্ৰৰ কিছুমান সমস্যাৰ বিষয়ে বাহিৰৰ পৰা একো ধৰিব পৰা নাযায়। কিন্তু হঠাতে কেতিয়াবা ৰক্তচাপ আৰু হৃদস্পন্দন কমি গৈ ৰোগী অজ্ঞান হৈ পৰিব পাৰে। এনেধৰণৰ সমস্যা ই চি জি বা টি এম টি কৰিলেও ধৰা নপৰিব পাৰে। হৃদযন্ত্ৰৰ অটোনমিক নাৰ্ভাচ চিষ্টেমৰ কিছুমান ত্ৰুটিৰ কাৰণে টিল্ট টেবুল টেষ্ট কৰোৱা হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate