হৃৎপিণ্ডৰ স্পন্দনৰ অৰ্থই হ’ল জীৱনৰ স্পন্দন। যেতিয়ালৈকে হৃৎপিণ্ড সুস্থ আৰু স্পন্দনৰ গতি স্বাভাৱিক আৰু সুচাৰূৰূপে চলি থাকে তেতিয়ালৈকে জীৱনৰ গতিও সুচাৰুৰূপে চলি থাকে।
হৃৎপিণ্ডৰ ৰোগৰ ভিতৰত এটি ৰোগ হৈছে ভালভ্। এই ৰোগক ৰিউমেটিক হৃদৰোগ বা আৰ এইচ ডি নামেৰে জনা যায়। সৰুকালতে হোৱা খুব সাধাৰণ যেন লগা ৰোগৰ মাজতে এই ৰোগৰ বীজ লুকাই থাকে। ৰিউমেটিক হৃদৰোগ এনে এটি ৰোগ, য’ত হৃৎপিণ্ডৰ এটা বা তাতকৈ বেছি ভালভ্ নষ্ট হৈ তেজ সঞ্চালন প্ৰক্ৰিয়াত বাধা জন্মায় আৰু সমগ্ৰ হৃদযন্ত্ৰই এক কঠিন অৱস্থাৰ মুখামুখি হয়। আৰম্ভণিতে ৰোগ চিনাক্ত কৰি চিকিৎসা কৰিলে ৰোগীয়ে পিছৰ বয়সত হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰে। কিন্তু চিকিৎসা নকৰিলে ৰোগে খোপনি পোতে আৰু পিছলৈ বিপদ ঘনীভূত হয়।
মানুহৰ হৃৎপিণ্ডত চাৰিটা প্ৰকোষ্ঠ বা চেম্বাৰ থাকে। প্ৰতিটো চেম্বাৰত এফলীয়াকৈ খোলা ভালভ্ বা কপাটিকা থাকে। এই ভালভে তেজ আগলৈ যাবলৈ দিয়ে, কিন্তু পিছলৈ ঘূৰি আহিবলৈ নিদিয়ে। চাৰিটা ভালভ্ৰ ভিতৰত সোঁফালে থাকে ট্ৰাইকাস্পিড ভালভ্ আৰু পালমোনাৰী ভালভ্। বাওঁফালে মাইট্ৰাল ভালভ্ আৰু এওৰটিক ভালভ্ আৰু পালমোনাৰী ভালভ্। বাওঁফালে মাইট্ৰাল ভাল্ভ আৰু এওৰটিক ভাল্ভ। ভাল্ভবোৰ ৰোগাক্ৰান্ত হ’লে হৃৎপিণ্ডই সঠিকভাৱে কাম কৰিব নোৱাৰা হয়, অৰ্থাৎ শৰীৰৰ নানা অংগৰ পৰা অশোধিত তেজ যেনেকৈ হৃৎপিণ্ডলৈ আহিব নোৱাৰে, ঠিক তেনেকৈ শোধিত তেজো হৃৎপিণ্ডৰ পৰা দেহৰ আন অংগলৈ যাব নোৱাৰা হয়। ভাল্ভকেইখনে ভালদৰে কাম নকৰিলে হৃৎপিণ্ডত অপৰিশোধিত আৰু পৰিশোধিত তেজ মিহলি হয়।
শিশুকালত ‘ষ্টেপ্টোকক্কাচ-ই’ নামৰ এবিধ জীৱাণুৰ সংক্ৰমণৰ ফলত ডিঙিৰ বিষ হয়, ডিঙি ফুলে আৰু জ্বৰ হয়। সাধাৰণ চিকিৎসাত জ্বৰ ভাল হৈ যায় যদিও কিছুমান ক্ষেত্ৰত পৰৱৰ্ত্তী পঁচিছ দিনৰ ভিতৰত শিশুৰ ৰিউমেটিক জ্বৰ হবলৈ লয়। এনে জ্বৰৰ সৈতে ঘাম ওলায়, দুই এটা গাঁঠিৰ বিষ আৰু বুকুৰ ধপধপনি বেছি হয়। এই সকলো লক্ষণ সকলোৰে ক্ষেত্ৰত সমানভাৱে দেখা নিদিবও পাৰে। কিছুমানৰ ক্ষেত্ৰত জ্বৰ বেছি হয় আৰু ৰোগীৰ অলপতে ভাগৰ লাগে। এনেবোৰ লক্ষণে হৃৎপিণ্ডৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় আৰু ইয়াত সংক্ৰমণ ঘটে। এই ৰোগত বেছিভাগ ক্ষেত্ৰতে হৃৎপিণ্ডৰ এটা বা দুটা ভাল্ভৰ কাৰ্য্য প্ৰণালীত প্ৰভাৱ পৰে। ভাল্ভ খোলা আৰু বন্ধ হোৱা প্ৰণালী নষ্ট হয়। এই ৰোগত ভাল্ভৰ পেশীসমূহৰ কাৰ্য্য প্ৰণালী বাধাগ্ৰস্ত হোৱা প্ৰক্ৰিয়াটো ৰোগ অনুযায়ী বেলেগ বেলেগ হয়। কিছুমান ক্ষেত্ৰত দেখা যায়-ভাল্ভ সঠিকভাৱে বন্ধ নহয়, যাৰ ফলত তেজৰ সঞ্চালন সঠিকভাৱে নহয়। তেজ ভাল্ভৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিবলৈ লয়। চিকিৎসাৰ ভাষাত ইয়াক ৰিগৰ্জিটেচন বোলা হয়।
ভাল্ভৰ ছিদ্ৰ সৰু হৈ গ’লে ‘ষ্টেনোচিচ’ আৰু সঠিকভাৱে বন্ধ নহ’লে ‘ইনকম্পিটেন্স’ বোলা হয়। প্ৰশ্ন হয়-ভাল্ভৰ এই বিসংগতি ৰিউমেটিক জ্বৰৰ ঠিক পিছতে হয় নেকি? ইয়াৰ উত্তৰত এনেদৰে কব পাৰি যে, প্ৰতিজন ৰোগীৰ ক্ষেত্ৰত এনে বিসংগতিৰ সময় একে নহয়। কিছুমানৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে আৰু কিছুমানৰ ক্ষেত্ৰত পলমকৈ ধৰা পৰে। ভাল্ভ বিকৃত হোৱাৰ গতি প্ৰত্যেকৰে ক্ষেত্ৰত বেলেগ বেলেগ হোৱাৰ কাৰণ কেবাটাও-
ক) ৰিউমেটিক জ্বৰৰ তীব্ৰতাৰ পৰিমাণ আৰু এই জ্বৰ হৈ থকা সময়ৰ দৈৰ্ঘ্য।
খ) ৰিউমেটিক জ্বৰে ভাল্ভৰ পেশীসমুহ কিমান পৰিমাণে আৰু কিদৰে ক্ষতি কৰিছে।
গ) জ্বৰৰ বাবে হৃৎপিণ্ড কিমান সংক্ৰমিত হৈছে।
ঘ) কিমান পৰিমাণে আৰু কিমান তীব্ৰভাৱে ভাল্ভত কেলচিয়াম জমা হৈছে।
এনে ধৰণৰ অৱস্থাবোৰে ৰোগৰ স্থিতি নিৰ্ধাৰণ কৰে। কিছুমান ক্ষেত্ৰত এই ৰোগ তীব্ৰভাৱে হবলৈ ধৰে আৰু দহ-বাৰ বছৰ বয়সৰ ভিতৰত সম্পূৰ্ণকৈ ইয়াৰ গ্ৰাসত পৰে। অৱশ্যে অধিকতৰ ৰোগীৰ মাজত এই ৰোগে বিছ বছৰ বয়সৰ আশে-পাশে হোৱা দেখা যায়।
যিটো ভাল্ভ বেয়া হয় সেই অনুসৰি ৰোগীৰ কষ্ট হয়। তাৰোপৰি ভাল্ভ কিমান পৰিমাণে আৰু কোনফালে বেয়া হৈছে তাৰ ওপৰতো ৰোগৰ লক্ষণ নিৰ্ভৰ কৰে। সাধাৰণতে মাইট্ৰাল ভাল্ভৰ ৰোগ বেছিকৈ হয়। এই ভাল্ভৰ পেশীত হোৱা চাপেই ইয়াৰ কাৰণ, যাক মাইট্ৰাল ষ্টেনোচিচ বোলে। এনে ৰোগত শৰীৰত তেজৰ পৰিমাণ কমি যায় আৰু ৰোগীয়ে দুৰ্বল অনুভৱ কৰে। ৰক্ত সঞ্চালন অনিয়মীয়া হৈ পৰাৰ ফলত কেতিয়াবা তেজ গোট মাৰি ‘ক্লট’ ৰ সৃষ্টি হয়। এনে ক্লট জটিল অৱস্থাৰ সৃষ্টি কৰিব পাৰে। কিয়নো তেজৰ এনে ক্লটে কোনোবা ধমনীত গৈ ৰক্ত প্ৰবাহত বাধাৰ সৃষ্টি কৰিলে বৃক্ক, প্লীহা, মস্তিস্ক আদি অংগ পৰ্য্যাপ্ত তেজৰ অভাৱত ক্ষতিগ্ৰস্ত কৰি পেলাব পাৰে। কিছুমান ৰোগীৰ ব্ৰংকাইটিছ আৰু নিউমোনিয়া আৰু কিছুমানৰ মূৰৰ বিষৰ সমস্যাই দেখা দিয়ে।
কিছুমান ৰোগত ভাল্ভ সঠিকভাৱে বন্ধ নোহোৱাৰ সমস্যা থাকে। এই সমস্যাক মাইট্ৰাল ৰিগৰ্জিটিচন বোলা হয়। এই বিকৃতিৰ বাবে অলপ অলপ তেজ বাওঁ নিলয়ৰ পৰা পুনৰ বাওঁ অলিন্দলৈ ঘূৰি আহে। যাৰ বাবে বাওঁ নিলয়ে মহাধমনীৰ সকলো তেজ পাম্প কৰিব নোৱাৰে। ইয়াৰ ফলত ৰোগী অলপতে ভাগৰি পৰে আৰু দুৰ্বল অনুভৱ কৰে।
মাইট্ৰাল ভাল্ভৰ দৰে এওৰেটিক ভাল্ভো নষ্ট হব পাৰে। এওৰেটিক ভাল্ভ চাপ খাই অহা বিসংগতিক এওৰটিক এটিনোচিচ বোলা হয়। ৰোগৰ আৰম্ভণিতে আতিৰিক্ত ভাগৰ লগা আৰু নিশ্বাস এৰোঁতে কষ্ট পোৱা আদি সমস্যাই দেখা দিয়ে। লাহে লাহে ৰোগীয়ে কাম কাজ কৰিবলৈ অসমৰ্থ হয়। ৰোগ বঢ়াৰ লগে লগে বুকুত তীব্ৰ বিষ হয়, যাক এঞ্জাইনাৰ বিষ বোলা হয়। ইয়াৰ ফলত ৰোগী অজ্ঞান হব পাৰে, হাৰ্ট ফেইলৰো হব পাৰে। এইখিনিতে এটা কথা কৈ থোৱা ভাল যে এই ৰোগ প্ৰায়ে বয়স্কলোকৰ মাজত হোৱা দেখা যায়। ইয়াৰ কাৰণ হ’ল-ভাল্ভ সত্তৰ শতাংশ নষ্ট হোৱাৰ পিছতহে ৰোগ দৃষ্টিগোচৰ হয়।
এওৰেটিক ভাল্ভৰ দ্বিতীয়টো বিকৃতি হ’ল ভাল্ভ সঠিকভাৱে বন্ধ নোহোৱাটো। এনে অৱস্থাত হৃৎস্পন্দন তীব্ৰভাৱে অনুভৱ কৰা যায়। দৰাচলতে এওৰেটিক ভাল্ভৰ এই দুই ধৰণৰ বিসংগতিয়ে ঘাতক ৰূপ ধাৰণ কৰিব পাৰে। কাৰণ ইয়াৰ বাবে হৃৎপিণ্ডৰ কাৰ্যক্ষমতা ক্ৰমাৎ কমি আহি শেষত নিষ্ক্ৰিয় হৈ পৰে, যাৰ ফলত হাৰ্ট ফেইলৰো হয়।
চাৰিটা ভাল্ভৰ ভিতৰত মাইট্ৰাল আৰু এওৰেটিক ভাল্ভৰ ৰোগেই বেছিকৈ হোৱা দেখা যায়। ট্ৰাইকাস্পিড ভাল্ভৰ ৰোগ কম মানুহৰহে হয়। কিন্তু এটা কথা ঠিক যে ৰোগী মাইট্ৰাল ষ্টেনোচিচ ৰোগত আক্ৰান্ত হ’লে, তেজ আগলৈ যাব নোৱাৰা হয় আৰু তাৰ ফলত টাইকাস্পিড ভাল্ভ সুস্থ হৈ থকা সত্ত্বেও সমস্যাৰ সন্মুখীন হ’ব লগা হয়।
লেখিক: ডা: ৰুবী বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 6/1/2020
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।