অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মগজু

এলজাইমাৰ ৰোগ

এলজাইমাৰ এটা মগজুৰ ৰোগ৷ এলইছ এলজাইমাৰ নামৰ লোকজনে প্ৰথমে এই ৰোগৰ ব্যাখ্যা দাঙি ধৰাৰ বাবে তেওঁৰ নামেৰে এই ৰোগটোৰ নামকৰণ কৰা হয়।

উপসৰ্গ

  • এইটো এটা মগজুৰ ক্ৰমবৰ্দ্ধিত আৰু প্ৰাননাশক ৰোগ।
  • এইৰোগত মগজুৰ কোষবোৰ ধ্বংস হয়। ইয়াৰ ফলত-স্মৃতি শক্তি, বিবেচনা শক্তি, আচৰণ আদি শূণ্য হৈ পৰে, ফলত কাম-কাজ আৰু সামাজিক জীৱনত অতি বেছি প্ৰভাৱ পৰে।।
  • সময়ৰ লগে লগে এই ৰোগ ভয়াৱহ হৈ উঠে আৰু প্ৰাননাশক হৈ পৰে।
  • এইৰোগ ডিমনেচিয়া (স্মৃতি শক্তি হেৰাই যোৱা) ৰোগৰ ধৰণৰেই। আন আন দৈনন্দিন জীৱন যাপনত প্ৰভাৱ পেলোৱা ৰোগবোৰৰ দৰে।

এলজাইমাৰৰ ১০টা বিপদ চিহ্ন

১) স্মৃতি হেৰাই যোৱা: সদ্যহতে কৰা বা জনা কথাবোৰ কম সময়ৰ ব্যৱধানত পাহৰি যোৱা। এইটো ডিম্নেচিয়াৰ প্ৰাথমিক লক্ষণ। ক্ৰমান্বয়ে বেছিকৈ পাহৰিবলৈ ধৰে আৰু মনত পেলাবলৈ চেষ্টা কৰিলেও মনত নপৰে।
২) সদাই কৰি থকা কামবোৰ কৰিব নোৱাৰা হোৱা: দৈনিক কৰি থকা কামবোৰৰ পৰিকল্পনা আৰু কাৰ্য্যকৰী কৰিব নোৱাৰা হয়। সাধাৰণভাৱে খাদ্য প্ৰস্তুত কৰিবলৈ পৰ্য্যায় ক্ৰমে কাম কৰা, টেলিফোন কৰা, কিবা খেল-খেলা, গাড়ী চলোৱা আদি।
৩) ভাষাৰ সমস্যা: এলজাইমাৰত আক্ৰান্ত ব্যক্তিয়ে সদাই ব্যৱহাৰ কৰা সাধাৰণ শব্দ, নাম আদি পাহৰি যায়। এইবোৰৰ সমাৰ্থক শব্দও পাহৰি যায়। কথা বতৰা আৰু লিখা-মেলা বুজিব পৰা নাযায়। উদাহৰণস্বৰূপে, এনে ব্যক্তিয়ে সদাই ব্যৱহাৰ কৰা ট্ৰুথ ব্ৰাছডাল বিচাৰিবলৈ এনেদৰেও ক’ব পাৰে-“মুখত ঘঁহা বস্তুটো”।
৪) সময় আৰু ঠাইৰ ক্ষেত্ৰত বিসংগতি: এলজাইমাৰ ৰোগীয়ে নিজৰ ঘৰ আৰু ওচৰ চুবুৰীয়া অঞ্চল পাহৰি যাব পাৰে।
৫) বিচাৰ বিবেচনা কমি যোৱা বা একেবাৰে লুপ্ত হোৱা: এনে ৰোগীয়ে গৰম দিনত বহুত কাপোৰ পিন্ধা বা জাৰকালত শৰীৰ ওলোৱা কাপোৰ পিন্ধা, সঠিকভাৱে পোচাক পিন্ধিবলৈ নজনা, অচিনাকী লোকক কোনো কাৰণ নোহোৱাকৈ টকা পইছা দিয়া আদি ধৰণৰ বিচাৰ বুদ্ধিহীন কাম কৰিব পাৰে।
৬) অসংলগ্ন চিন্তাৰ সমস্যা: এনে ৰোগীৰ কিছুমান জটিল মানসিক কাম কৰাত অসুবিধা পায়-যেনে, সংখ্যাৰে কি কৰিব পাৰি, কেনেকৈ সংখ্যা ব্যৱহাৰ কৰিব পাৰি।
৭) অ’ৰ বস্তু ত’ত থোৱা: এই ৰোগীয়ে বস্তু-বাহানি অ’ত ত’ত থব পাৰে। যেনে, ইস্ত্ৰীটো ফ্ৰীজৰ ভিতৰত থোৱা।
৮) আচাৰ ব্যৱহাৰত পৰিৱৰ্তন: এনে ৰোগীয়ে কোনো নিদিৰ্ষ্ট কাৰণ নোহোৱাকৈয়ে হঁহা, কন্দা, খং কৰা আদি আচৰণ দেখুৱাব পাৰে।
৯) ব্যক্তিত্বৰ পৰিৱৰ্তন: এই ৰোগত ব্যক্তিৰ ব্যক্তিত্ব নাটকীয়ভাৱে সলনি হৈ পৰে। তেওঁলোক অতি বিভ্ৰান্ত; সন্দেহবাদী, ভয়াতুৰ আৰু পৰিয়াল আন সদস্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব পাৰে।
১০) উদ্যমতাৰ অভাৱ: এনে ৰোগীসকল অতি নিস্ক্ৰিয় হৈ পৰিব পাৰে। ঘন্টাৰ পাছত ঘন্টা টিভিৰ সন্মুখত বহি থকা, সময়তকৈ বেছি সময় শোৱা, কোনো কাম কৰিবলৈ এলাহ কৰা আদি।

• এনেবোৰ চিহ্ন বা লক্ষণ কাৰোবাৰ মাজত দেখাৰ লগে লগেই চিকিৎসা কৰোৱাব লাগে। প্ৰাথমিক পৰ্য্যায়ত এলজাইমাৰ বা ডিমনেচিয়াৰ কাৰকবোৰ নিৰ্ণয় কৰিব পাৰিলে উপযুক্ত চিকিৎসা আৰু যত্ন ল’ব পৰা যায়।

উৎস:শৈলেশ মিশ্ৰ, প্ৰতিস্থাপক সভাপতি, চিলভাৰ ইনিংছ ফাউণ্ডেছন।

ৱেবছাইট: বয়োজেষ্ঠ নাগৰিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহ

এলজাইমাৰ আৰু মগজু

বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ চিন্তাশক্তি আৰু স্মৃতিশক্তি কমি আহে। কিন্তু অতি বেছি স্মৃতিশক্তি হেৰুৱা, বিভ্ৰমতা আৰু আন গুৰুত্বৰ পৰিৱৰ্তনবোৰ কেৱল বয়স বৃদ্ধিৰ বাবেই নহয়। ই মগজুৰ কোষ ধবংস হোৱাতো বুজায়। মগজুত ১০ হাজাৰ কোটি স্নায়ুকোষ আছে (নিউৰন)। প্ৰতিটো স্নায়ু কোষেই আন কোষবোৰৰ লগত যোগসূত্ৰ ৰাখি এখন জালৰ দৰে হৈ থাকে। এই যোগসূত্ৰৰ বিশেষ কাম আছে। কিছুমানে চিন্তা কৰা, শিঁকা আৰু মনত ৰখা কাৰ্য্য কৰে। কিছুমানে দেখা, শুনা আৰু ঘ্ৰাণৰ কাম কৰে। কিছুমানে আনকি পেশীবোৰক লৰচৰ কৰাৰ নিৰ্দেশো দিয়ে। নিজৰ নিজৰ কাম কৰিবলৈ মগজুৰ কোষবোৰ এটা এটা কাৰখানাৰ দৰে। কোষে সম্পদ আহৰণ কৰে, শক্তি উৎপাদন কৰে, সামগ্ৰী প্ৰস্তুত কৰে। আৰু অলাগতীয়াল পদাৰ্থবোৰ বৰ্জন কৰে। কোষে তথ্যৰ বিশ্লেষণ আৰু জমা কৰে। সকলো ঠিকে থাকিবলৈ কোষবোৰৰ মাজত সমন্বয় আৰু বৃহৎ পৰিমাণৰ ইন্ধন আৰু অক্সিজেন লাগে। এলজাইমাৰ ৰোগত কোষৰ কাৰখানাৰ অংশটো বন্ধ হৈ যায়। ফলত সকলো কাম-কাজত ইয়াৰ প্ৰভাৱ পৰে। এই ক্ষতি বাঢ়ি যোৱাৰ লগে লগে কোষবোৰে নিজৰ কাম ঠিকমতে কৰাৰ সক্ষমতা নোহোৱা হয়। পিছত কোষবোৰ মৰি যায়।

প্লেইক আৰু ট্ৰাংগলৰ ভূমিকা

প্লেইক আৰু ট্ৰাংগল নামৰ দুটা অস্বাভাৱিক বিকাশৰ বাবেই স্নায়ুকোষৰ ক্ষতি আৰু মৃত্যু হয় বুলি সন্দেহ কৰা হয়। প্লেইক স্নায়ুকোষৰ ভিতৰত বৃদ্ধি হয় আৰু ট্ৰাংগল হৈছে মৃতপ্ৰায় কোষবোৰৰ ভিতৰত পাকখাই থকা আঁহ। প্ৰায়ভাগ লোকৰে বয়সবৃদ্ধিৰ লগে লগে কিছুসংখ্যক প্লেইক আৰু ট্ৰাংগলৰ বিকাশ হয়। এইবোৰ অতি বেছি পৰিমাণে বিকাশ হ’লেই এলজাইমাৰ হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। এই দুয়োটাই প্ৰথমে শিকা আৰু স্মৃতিৰ কোষৰ অঞ্চলত বিকাশ ঘটে। পাছত ই আন অংগবোৰলৈ বিয়পি যায়।

 

  • প্ৰাথমিক অৱস্থা আৰু প্ৰাথমিক সূত্ৰপাত
  •  

    প্ৰাৰম্ভিক অৱস্থা আৰু এলজাইমাৰৰ প্ৰাৰম্ভিক অংশত ৰোগীৰ স্মৃতি, চিন্তা আৰু মনোযোগ দিয়াৰ ক্ষেত্ৰত সমস্যা হোৱা দেখা যায়। ৬৫ বছৰ বয়সতকৈ কম বয়সৰ লোকৰ এনে হ’লে এলজাইমাৰ ৰোগত প্ৰাৰম্ভিক সূত্ৰপাত হোৱা বুলি কোৱা হয়।

    চিকিৎসা
    বৰ্তমানলৈকে এইৰোগৰ কোনো চিকিৎসা নাই। কিন্তু এলজাইমাৰ ৰোগ হোৱা ব্যক্তিৰ উপসৰ্গবোৰৰ চিকিৎসা, প্ৰকৃতভাৱে সেৱা আগবঢ়োৱা আৰু সহযোগ কৰি ৰোগীৰ জীৱন উন্নত কৰিব পৰা যায়।

    আৰু অধিক জানিবৰ বাবে ইন্টাৰনেটত চাওঁক

    ৱেবছাইট:ভাৰতৰ এলজাইমাৰ আৰু সম্পৰ্কীত বিসংগতিৰ সমিতি

    ৱেবছাইট:এলজাইমাৰ সংগঠন

    ষ্ট্ৰ’ক

    মগজুলৈ তেজ কঢ়িয়াই নিয়া শিৰা বাধাপ্ৰাপ্ত হোৱাৰ বাবেই বেছিভাগ ষ্ট্ৰ’ক দেখা যায়। ফলত মগজুৰ সেই অংশ ক্ষতিগ্ৰস্থ হৈ পৰিব পাৰে আৰু মগজুৰ সেই অংশটোৱে নিয়ন্ত্ৰণ কৰাঅংগবোৰ নিয়ন্ত্ৰণহীন হৈ যাব পাৰে। উদাহৰণ হিচাবে কোনোবাখন হাত বা ভৰি ব্যৱহাৰ কৰিব নোৱাৰা, কথা ক’বলৈ সক্ষম নোহোৱা আদি। এই ক্ষতি সাময়িক বা স্থায়ীও হ’ব পাৰে। আংশিক বা সম্পূৰ্ণও হ’ব পাৰে। চিকিৎসকসকলে এইটো দেখা পাইছে যে, কোনো ব্যক্তিৰ প্ৰথম অৱস্থাতে এনে উপসৰ্গই দেখা দিয়াৰ পাছত উপযুক্ত চিকিৎসা কৰিলে ধমনীৰে ৰক্তপ্ৰৱাহ অব্যাহত থাকে আৰু ক্ষতিৰ সম্ভাৱনা অনেক কমি যায়।

    ষ্ট্ৰ’ক কেনেকৈ চিনাক্ত কৰিব

    তলত উল্লেখ কৰা লক্ষণবোৰে দেখা দিলে জৰুৰী চিকিৎসা সেৱা ব্যৱস্থাৰ বাবে খবৰ দিব লাগে। যিমান সোনকালে চিকিৎসা সেৱা পোৱা যায় ভৱিষ্যতৰ ষ্ট্ৰ’ক প্ৰতিৰোধ আৰু স্থায়ী ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

    • হঠাতে শৰীৰৰ এফালৰ মুখ, হাত-ভৰি আদি দূৰ্বল হোৱা বা অসাৰ হৈ পৰা।
    • হঠাতে চকুৰ আগত আন্ধাৰ নামি অহা বা কোনো এটা চকুৰে নেদেখা হোৱা।
    • কথা ক'ব নোৱাৰা, কথা কবলৈ কষ্ট হোৱা বা আনৰ কথা বুজি নোপোৱা।
    • কোনো কাৰণ নোহোৱাকৈ হঠাত্‍ প্ৰচণ্ড মুৰৰ বিষ হোৱা।
    • উল্লেখিত লক্ষণবোৰৰ লগতে কোনো কাৰণ নোহোৱাকৈ মুৰ ঘূৰোৱা, খোজ বেঁকা বেকি হোৱা আৰু বাগৰি পৰা।

    ট্ৰেঞ্চিয়েট ইক্সেমিক এটেক (টিআইএ) বা মিনিষ্ট্ৰ’কও ষ্ট্ৰ’কৰ লক্ষণ হ’ব পাৰে। ওপৰৰ লক্ষণবোৰ এই ষ্ট্ৰ’কৰ বাবেও দেখা যাব পাৰে। এনে ষ্ট্ৰ’ক মাত্ৰ কেইমিনিটমানৰ বাবেহে হয়। তথাপিও ইয়াক অৱহেলা কৰিব নালাগে। টিআইএ হোৱালোকৰ ভবিষ্যতে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা অধিক থাকে। টিআইএ হোৱা বুলি সন্দেহ হ’লে অনতিপলমে চিকিৎসকক দেখুৱাব লাগে

    ষ্ট্ৰ’কৰ সম্ভাৱনা অধিক কৰি তোলা কাৰকবোৰ:
    • অথেৰ’স্কেলছিছ (ধমনী টান হৈ যোৱা)।
    • মধুমেহৰ নিয়ন্ত্ৰণহীনতা।
    • উচ্চ ৰক্তচাপ।
    • কলেষ্ট্ৰৰেলৰ মাত্ৰা অধিক।
    • ধূমপান।
    • আগতে হোৱা।
    • হৃদযন্ত্ৰৰ ৰোগ।

    কেৰটিড ধমনীৰ ৰোগ (মগজুলৈ তেজ কঢ়িয়াই নিয়া ধমনী)।

    ষ্ট্ৰ’ক হোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি?

    ওপৰত উল্লেখ কৰা ষ্ট্ৰ’কৰ সম্ভাৱনা অধিক কৰি তোলা কিবা কাৰক কোনো ব্যক্তিৰ থাকিলে চিকিৎসকৰ লগত এই বিষয়ে পৰামৰ্শ কৰিব লাগে। এইবোৰ কেনেদৰে আঁতৰ কৰিব পৰা যায় বা সম্ভাৱনা কেনেকৈ কমাব পৰা যায় সেই বিষয়ে আলোচনা কৰিব লাগে। ষ্ট্ৰ’কৰপৰা আঁতৰি থাকিবলৈ আন কিছুমান কাম কৰিব পৰা যায়।

    • যদি উচ্চ ৰক্তচাপ থাকে তেন্তে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
    • অতি মাত্ৰাত কলেষ্ট্ৰৰেল আৰু চৰ্বি থকা খাদ্য খাব নালাগে। নিমখ কমকৈ খাই কলেষ্ট্ৰৰেল আৰু ৰক্তচাপ কমাই ৰাখিব পৰা যায়।
    • মধুমেহ থাকিলে তেজত চেনীৰ পৰিমাণ নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব লাগে।
    • মাদক দ্ৰব্যৰ পৰিমাণ সীমিত কৰিব লাগে।

    ধূমপান একেবাৰে বন্ধ কৰিব লাগে। ধূমপান নকৰাসকলে ধূমপান আৰম্ভ কৰিব নালাগে।

    ষ্ট্ৰ’ক হ’ব পৰাৰ সম্ভাৱনা বঢ়াই তোলা সমস্যাবোৰ নিৰ্ণয়ৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে। সকলো সময়তে চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগে।

    উৎস: আইএনডিজি দল।



    © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate