অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুজুৰি

চকুজুৰি

eyephoto2.jpg

বহুতো সৰু সৰু অংশ লগ হৈ গঠন হোৱা চকু এটা অতি জটিল অংগ। স্পষ্টকৈ দেখা পোৱাটো নিৰ্ভৰ কৰে, চকুৰ এই উপাদানবোৰে কিমান ভালদৰে সমন্বয় ৰক্ষা কৰি কাম কৰিছে তাৰ ওপৰত।

দুয়োটা চকুৰে একেলগে এটা বস্তুৰ ছবি তৈয়াৰ কৰাটোক দৃষ্টি বোলা হয়। নিখুট দৃষ্টিৰ বাবে দুয়োটা চকুৱেই সুক্ষ্মভাৱে, নিখুটভাৱে, সমানে আৰু একেলগে কাৰ্য্য কৰিব লাগে।

দৃষ্টিশক্তিৰ বাস্তৱ, ভাগসমূহ আৰু ব্যাখ্যা

দৃষ্টিশক্তিৰ দূৰ্বলতা আৰু অন্ধতাৰ বাস্তৱ সত্য

বৰ্তমান সমগ্ৰ পৃথিৱীৰ প্ৰায় ৩৭ নিযুত লোক অন্ধ, আনহাতে ১২৪ নিযুত লোকে ভয়াবহভাৱে দৃষ্টিৰ ৰোগত ভুগি আছে।

  • প্ৰতিৰোধ আৰু তত্‍কালে চিকিত্সা কৰি অন্ধ হোৱাৰ পৰা ৮০ শতাংশ লোকক ৰক্ষা কৰিব পাৰি।
  • বিশ্বৰ ৯০ শতাংশ অন্ধলোকেই উন্নয়নশীল দেশৰ।
  • বিশ্বৰ মুঠ অন্ধলোকৰ তিনিভাগৰ ২ অংশতকৈয়ো বেছি মহিলা।
  • বিশ্বৰ মুঠ অন্ধলোকৰ ৪ ভাগৰ ১ ভাগ (প্ৰায় ৯-১২ নিযুত লোক) ভাৰতবৰ্ষৰ।
  • ভাৰতৰ অন্ধ লোকসকলৰ ৭০ শতাংশ লোক গাঁও অঞ্চলৰ, য’ত ভাল চকুৰ যত্ন লোৱাৰ ব্যৱস্থা নাই। যদি এতিয়াই উপযুক্ত কাৰ্য্যকৰী ব্যৱস্থা লোৱা নহয় তেন্তে অন্ধলোকৰ সংখ্যা ২০২০ চনত বৰ্তমানৰ দুগুণ হবগৈ।

    দৃষ্টিৰ শ্ৰেণীবিভাগ

বিশ্ব স্বাস্থ্য সংস্থাই দৃষ্টিশক্তিৰ তীক্ষ্ণতাৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি কেইবাটাও শ্ৰেণীবিভাগ কৰিছে। এইবোৰ শ্ৰেণীবিভাগ দৃষ্টিৰ তীক্ষ্ণতাৰ জোখৰ দ্বাৰা নিৰূপন কৰা হয়। চকুৱে কোনো এটা বস্তু বিতংকৈ দেখা পোৱাটো সক্ষমতাক দৃষ্টিৰ তীক্ষ্ণতাৰে জোখা হয়৷ দৃষ্টিৰ তীক্ষ্ণতা সাধাৰণতে চকুৰ পৰা ৩ মিটাৰ, ৬ মিটাৰ দূৰৈত একোখন তালিকা ব্যৱহাৰ কৰি জোখা হয়। এই তালিকাত আখৰ, সংখ্যা বা বিভিন্ন আকাৰ বিভিন্ন জোখত থাকিব পাৰে।

তলৰ তালিকাত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতীয় ব্যাখ্যাসহ বিভিন্ন দৃষ্টিৰ শ্ৰেণীভাগবোৰ দিয়া হ’ল

শ্ৰেণীবিভাগ

তীক্ষ্ণ দৃষ্টিৰে ভালদৰে দেখা পোৱা

বিশ্ব স্বাস্থ্য সংস্থাৰ ব্যাখ্যা

ভাৰতৰ ব্যাখ্যা

৬/৬-৬/১৮

স্বাভাৱিক

স্বাভাৱিক

< ৬/১৮ - ৬/৬০

দৃষ্টিশক্তিৰ দূৰ্বলতা

দৃষ্টিশক্তিৰ দূৰ্বলতা

< ৬/৬০ -  ৬/১২০

সাংঘাটিক দৃষ্টিশক্তিৰ দূৰ্বলতা

অন্ধ

< ৩/৬০- ১/৬০

অন্ধ

অন্ধ

<১/৬০–

অন্ধ

অন্ধ

পোহৰৰ অনুভূতি থকা

পোহৰৰ অনুভূতি নথকা

অন্ধ

অন্ধ

দৃষ্টিশক্তি হ্ৰাস পোৱা ৰোগৰ সূত্ৰ

এনে ধৰণৰ কোষীয় পৰিৱৰ্ত্তন আৰু স্নায়ৱিক পৰিৱৰ্ত্তনৰ বাবে সাধাৰণতে চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱা ৰোগ হয়। এই সময়ত চকুৰ ৰোগীজনে চচমা পৰিধান কৰি বা অন্য চিকিত্সা গ্ৰহণ কৰিহে তেওঁৰ দৃষ্টিশক্তি বঢ়াব পাৰে। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে মেগ্ননিফায়াৰ আৰু টেলিস্কোপ আদি ব্যৱহাৰ কৰিও দৃষ্টিশক্তি বঢ়াব পৰা যায়।

এজন মানুহৰ দৃষ্টিশক্তি কমি গ’লেও কাৰ্য্যকৰণ বিষয়ক জ্ঞান থকাৰ কাৰণে তেওঁ কিছুমান বিশেষ কাম অনুমানতে কৰি যাব পাৰে। উদাহৰণ স্বৰূপে এজন মানুহক চিনি পোৱাতো (ওচৰৰ পৰা) তেওঁৰ বিশেষ অসুবিধা নহয় বা কৰবাত খুন্দা-খুটলি খাব পাৰে বুলি তেওঁ বিশেষভাৱে সাৱধান হয় বা পৰাপক্ষত তেনে পৰিৱেশৰ পৰা আঁতৰি থাকে। মানুহে নিজস্ব অভিজ্ঞতাৰ পৰা দৃষ্টিশক্তি যে অতি প্ৰয়োজনীয় সেই বিষয়ে বুজিব পাৰে আৰু এজন কম দৃষ্টিৰ মানুহক তেওঁৰ দৃষ্টিশক্তি বঢ়াবলৈ উপযুক্ত শিক্ষা দিয়াতো যে কিমান প্ৰয়োজনীয় সেই বিষয়েও বুজিব পাৰে।

অন্ধতা আৰু দৃষ্টিশক্তি লোপ পোৱাৰ কাৰণসমূহ

সাধাৰণ কাৰণসমূহ

কি কি অৱস্থাত অন্ধতা আৰু দৃষ্টিশক্তি লোপ পাই আহে?

  • কেটেৰেক্ট,
  • ৰিফ্লেকটিভ এৰৰ্‍,
  • কনজিনাইটেল আই এনমেলি,
  • অপটিক এট্ৰফি,
  • কৰনিয়েল ডিজিজ,
  • গ্লুকমা,
  • ৰেটিনেল ডিজিজ,
  • এমক্লাইস্পপিক,
  • তেজৰ সম্বন্ধ থকা ল’ৰা-ছোৱালীৰ মাজত বিবাহ হ’লে

এইটো দেখা গৈছে যে চকুৰ কেটেৰেক্ট অন্ধতাৰ এটা প্ৰধান কাৰণ আৰু ৰিফ্লেকটিভ এৰৰ পৰা চকুৰ দৃষ্টিশক্তি কমি অহা দেখা যায়। ইয়াৰ উপৰিও কনজিটাইটেল আই এনমেলি, অপটিক এট্ৰফি, কৰনিয়েল ডিজিজ, গ্লুকমা, ৰেটিনেল ডিজিজ, এমব্লাইঅপিক আদিও চকুৰ দৃষ্টিশক্তি লোপ পোৱা বা অন্ধতাৰ কাৰণ।

কেটেৰেক্ট আৰু ৰিফ্লেকটিভ এৰৰ হৈছে অন্ধতা আৰু চকুৰ দৃষ্টিশক্তি কমি অহাৰ প্ৰধান কাৰণ। তাৰোপৰি এই কাৰণ দুটা প্ৰতিৰোধ কৰাৰ কোনো উপায় নাই। অৱশ্যে কেটেৰেক্টৰ বাবে সৰু-সুৰা অপাৰেচন কৰি আৰু ৰিফ্লেকটিভ এৰৰৰ বাবে চচমা ব্যৱহাৰ কৰি দৃষ্টিশক্তিক ধৰি ৰাখিব পৰা যায়। কিন্তু চকুৰ অন্ধতা দূৰীকৰণৰ বাবে আৰু চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱাটো নোহোৱা কৰিবৰ কাৰণে আটাইতকৈ উপযুক্ত চিকিত্সা হৈছে গোটেই শৰীৰটোক সুস্থ অৱস্থাত ৰখা।

কেতিয়াবা দেখা যায় উপযুক্ত চকু চিকিত্সা দিব পৰা চিকিত্সালয়ৰ অভাৱ বা উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চৰ অভাৱ। কেতিয়াবা আকৌ চকুৰ চিকিত্সাৰ ক্ষেত্ৰত হোৱা খৰছ বহন কৰিব নোৱাৰিও মানুহে কেতিয়াবা তাৰ পৰা আঁতৰি থাকে বা আই কেয়াৰ চাৰ্ভিচলৈ বহু দূৰ বাট যাবলগীয়া হ’লেও এলাহ কৰি নোযোৱাকৈ থাকে। বয়সস্থ মানুহৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় যে তেওঁলোকে দৃষ্টিশক্তি হ্ৰাস পাই অহাটো চকুৰ ৰোগ বুলি নধৰি তাৰ কোনো চিকিত্সা নলৈ নিজকে নিজে সম্ভালিব পাৰিম বুলি ভাবি যায়।

তেজৰ সম্বন্ধ থকা ল’ৰা-ছোৱালীৰ মাজৰ বিবাহ

কনচাংগুইনিটি বা কিনচিপ মানে হৈছে পূৰ্ব্ব পুৰুষৰ পৰা একে ধৰণৰ তেজ বহন কৰি অহা দুটা ল’ৰা-ছোৱালী। লেটিন ভাষাৰ কনচাংগুইনিটি শব্দৰ পৰা অহা এই শব্দৰ অৰ্থ হৈছে একে ধৰণৰ তেজৰ নমুনা।

কনচাংগুইনিটি ল’ৰা-ছোৱালীৰ পূৰ্ব্ববৰ্ত্তী বংশত এজন হ’লেও পূৰ্ব্বপুৰুষ থকাতো নিশ্চিত। সেইকাৰণে কনচাংগুইনিটি সূত্ৰটো এনেধৰণৰ একে ধৰণৰ তেজ ধাৰণ কৰা দুটা ল’ৰা-ছোৱালীৰ পৰা জন্ম লাভ কৰা এটা সন্তান।

জিনে সদায় এযোৰ হৈ থাকে যাক আমি আমাৰ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী হিচাবে লাভ কৰো। একে ধৰণৰ তেজৰ নমুনা আহৰণ কৰা দম্পতিৰ পৰা জন্ম লাভ কৰা শিশুৰ জন্মৰ পৰাই বিকলাঙ্গ হোৱাৰ আশংকা প্ৰৱল কাৰণ তেজৰ সম্বন্ধ থকা দম্পতিৰ অনিষ্টকাৰী জিন সন্তানলৈ আহে দুযোৰ হয়। জন্মৰ পৰা বিকলাঙ্গ হোৱা শিশুসকলৰ হাৰ বহুত বেচি হয় যিসকল কনচাংগুইনিটিৰ লগত জড়িত। কিন্তু কিছুমান কনচাংগুইনিয়াচ দম্পতিৰ ঠিক ৰীতিমত আৰু স্বাস্থ্যবান শিশুও জন্ম হোৱা দেখা যায়।

লক্ষণসমূহ

কনচাংগুইনিটিনিয়াচ বিবাহৰ ফলত জন্ম লাভ কৰা কিছুসংখ্যক ল’ৰা-ছোৱালী বেচি দিন জীয়াই নাথাকে বা ছমাহ মান বয়সৰ পৰা শৰীৰৰ বিসংগতিয়ে দেখা দিয়ে। এইবোৰ বিশেষকৈ চকু, কাণ, নাক, মুখ, ডিঙি ইত্যাদি আৰু স্নায়বিক ব্যৱস্থাত আক্ৰমণ কৰে। কেতিয়াবা দেখা যায় শিশুৰ গাৰ ছালৰ ৰং গুলপীয়া হয়। চুলিবোৰ বগা হয় আৰু চকুত দৰ্কাৰী পিগমেন্টৰ অভাৱ হয়। এই অৱস্থাটোক কোৱা হয় এলবিনিজিম।

কনচাংগুইনিটি বিবাহৰ ফলত জন্ম হোৱা শিশুৰ চকু কেৰা, কুকুৰীকণা ৰেটিনিজ পিগমেন্টৰা, ফটফবিয়া, চকুৰ সঠিক দৃষ্টিশক্তি হ্ৰাস, নিচটেগমাচ আৰু ৰিফ্লেকটিভ এৰৰ আদি হোৱাৰ সম্ভাৱনা থাকে। বংশগত অৱক্ষয়, ৰেটিমা শুকাই যোৱা ইত্যাদিও লক্ষণীয়। ইয়াৰ ফলত চকুৰ দৃষ্টিশক্তি কমি যোৱা, টানেল ভিচনৰ ফালে আগবঢ়া আৰু কুকুৰীকণা ৰোগ হোৱা দেখা যায়। এইৰোগে সাধাৰণতে ল’ৰা-ছোৱালী আৰু যুব চামক বেচিকৈ আক্ৰমণ কৰা দেখা যায়।

এলবিনিজিম: এইৰোগ বংশানুক্ৰমে অহা এবিধ ৰোগ যাৰ ফলত চুলি, ছাল আৰু চকুৰ পিগমেণ্টেচন একেষাৰে কমি অহা দেখা যায়। অকুলাৰ এলবিনিজিমত অকল চকুতহে এই ৰোগৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত সাধাৰণতে ফ’টফবিয়া, চকুৰ সুক্ষ্ম নিৰীক্ষণ ক্ষমতা কমি অহা নিচটেগমাচ আৰু ৰিফ্লেকটিভ এৰৰ ইত্যাদিয়ে দেখা দিয়ে।

এনিৰিডিয়া: জন্মগতভাৱে যেতিয়া চকুৰ আইৰিচ নাথাকে সেই অৱস্থাটোকে এনিৰিডিয়া বুলি কোৱা হয়।

কলবমা অফ আইৰিচ/কৰইড: ক্ৰমশঃ বিকাশত যেতিয়া বিসংগতি থাকে, তেতিয়া এই আইৰিচ ক’লবমা চকুত নাথাকে।

প্ৰতিৰোধ

উপৰোক্ত আলোচনাৰ পৰা আমি এইটো বুজি পালো যে তেজৰ সম্পৰ্ক থকা লোকৰ মাজত বিয়া হোৱাটো একেবাৰে অনুচিত। কনচাংগুইনিয়াচ দম্পতিয়ে সন্তান সম্ভৱা অৱস্থাত বা সন্তান পাবলৈ পৰিকল্পনা কৰাৰ সময়ত চিকিত্‍সকৰ লগত জিন সম্পৰ্কীয় পৰামৰ্শৰ অতি প্ৰয়োজন আৰু তাৰ পৰা সন্তানৰ হবলগীয়া বিপদৰ পৰা সন্তানটোক ৰক্ষা কৰিবলৈ দৰ্কাৰী পৰীক্ষাসমূহ কৰিব পৰা যায়।

কেটেৰেক্ট

চকুত থকা লেঞ্চসমূহে দূৰৰ বস্তুসমূহ দেখাত সহায় কৰে। বয়স বঢ়াৰ লগে লগে চকুৰ লেঞ্চসমূহে স্বচ্ছতাৰ গুণ হেৰুৱাই ধূসৰ হৈ পৰে। যাৰ ফলত চকুৰে কোনো এটা বস্তু স্পষ্টকৈ দেখা নোপোৱা হয়। চকুৰ লেঞ্চৰ এই ডাৱৰীয়া বা ধূসৰ বা অস্পষ্ট অৱস্থাটোক কেটেৰেক্ট বুলি কোৱা হয়। পোহৰে চকুৰ ৰেটিনা স্পৰ্শ কৰিব নোৱাৰা কাৰণে চকুৰ দৃষ্টিশক্তি লাহে লাহে কমি আহে, আৰু কেতিয়াবা অন্ধতালৈও যাব পাৰে। বহুতো মানুহৰ ক্ষেত্ৰত দেখা যায় চকুৰ দৃষ্টি অস্পষ্ট আৰু বিকৃত চাৱনী হয়। এই কেটেৰেক্টৰ ফলত।

যদিও সাধাৰণতে ৫৫ বছৰ বয়সৰ ওপৰৰ মানুহৰহে কেটেৰেক্ট হোৱা দেখা যায় তথাপিও কম বয়সীয়া মানুহৰো কেটেৰেক্ট হোৱা দেখা যায়। ৬০ বছৰৰ ওপৰৰ পৃথিৱীৰ শতকৰা ১০ ভাগৰ ৪ ভাগেই কেটেৰেক্টত ভোগে। কেটেৰেক্টৰ পৰাই চকুৰ অন্ধতা আৰম্ভ হয়। কেটেৰেক্টৰ একমাত্ৰ উপায় হৈছে চাৰ্জাৰী। আজিকালি চকুৰ অস্ত্ৰোপচাৰ একেবাৰে বিপদমুক্ত আৰু সহজ।

কেটেৰেক্টৰ সঠিক কাৰণটো এতিয়াও জানিব পৰা হোৱা নাই। কেটেৰেক্ট কেইবা প্ৰকাৰৰো আছে। সৰ্বসাধাৰণতে দেখা পোৱা চেনাইল কেটেৰেক্টবিধ ৫০ বছৰৰ ওপৰৰ মানুহৰ চকুত সাধাৰণতে দেখা দিয়ে। চকুত আঘাট পালে, বাৰ্দ্ধক্যৰ কাৰণে, জিনেটিকচৰ অসমতাৰ কাৰণে চকুৰ এই কেটেৰেক্ট আৰম্ভ হয়। যিবোৰ মানুহ চিগাৰেটৰ ধোৱা, আলট্ৰাভায়লেট ৰশ্মিৰ বা কিছুমান দৰবৰ দ্বাৰা প্ৰভাৱিত হয় তেওঁলোকৰ কেটেৰেক্ট হোৱাৰ সম্ভাৱনা বেচি। ফ্ৰি ৰেডিকেল আৰু অক্সিডাইজিং এজেণ্টৰ পৰাও এটা বয়সত গৈ চকুৰ কেটেৰেক্ট আৰম্ভ হব পাৰে।

লক্ষণসমূহ

  • লাহে লাহে চকুৰ দৃষ্টিশক্তি কমি আহিবলৈ ধৰে।
  • চকুৰে বস্তুবিলাক ধুৱলী-কুৱলী, বিকৃত, হালধীয়া ৰঙৰ আৰু অস্পষ্ট দেখে।
  • ৰাতি বা কম পোহৰত চকুৰে দেখা নাপায় আৰু ৰাতি চকুৰে কম দেখা কাৰণে ৰঙবোৰো ঢিমিক-ধামাক যেন লাগে।
  • সূৰ্য্যৰ পোহৰ বা উজ্জ্বল পোহৰত তাৰ চকমকনিৰ কাৰণে চকুত চাত মাৰি ধৰে আৰু দেখাত অসুবিধা হয়।
  • উজ্জ্বল পোহৰত চকুৰে জ্যোতিৰ্মণ্ডল দেখা যেন লাগে।
  • কেটেৰেক্ট হ’লে চকুৰ খজুৱতী, পানী ওলাই থকা বা মূৰৰ বিষ ইত্যাদি নহয়।

চিকিত্সা

বৰ্তমান সময়ত চকুৰ লেঞ্চৰ ট্ৰেঞ্চপাৰেঞ্চি বা স্বচ্ছ অবস্থা ধৰি ৰাখিব পৰা কোনো দৰব নাই। চকুৰ ভিতৰেদি পোহৰ সোমাব নোৱাৰিলে চচমাইও কোনো সহায় কৰিব নোৱাৰে। সেইকাৰণে কেটেৰেক্টৰ একমাত্ৰ চিকিত্সা হৈছে অপাৰেচন কৰি কেটেৰেক্ট গুছোৱা।

আজিকালি বিভিন্ন পদ্ধতিৰে কেটেৰেক্ট চাৰ্জাৰী কৰা দেখা যায়। চকুৰ দৃষ্টি সামান্য অস্পষ্ট যেন হ’লেই কেটেৰেক্ট চাৰ্জাৰীৰ দৰ্কাৰ নহয়। তেতিয়া চচমা সলনি কৰি চকুৰ দৃষ্টি বঢ়াব পাৰি কিন্তু এইটো কোনো এটা নিৰ্দ্দিষ্ট সময়ৰ বাবেহে। কেটেৰেক্ট অপাৰেচনটো কৰাবলগীয়া হয় যেতিয়া চকুৰ ৰোগীজনে চকুৰ কোনো বস্তু ভালদৰে নেদেখা হয়, নিজে বিচৰামতে কোনো কাম কৰিব নোৱাৰা হয় তেতিয়া।

গ্লুক’মা

চকুৰ অপটিক নাৰ্ভডাল খুউব বেয়া ধৰণে ক্ষয় গ’লে চকুৰ দৃষ্টিশক্তি লাহে লাহে কমি আহে এটা সময়ত নোহোৱা হৈ পৰে। আমি যেতিয়া এটা বস্তু দেখো তেতিয়া বস্তুটোৰ আকৃতিটোৰ বিষয়ে অপটিক নাৰ্ভডালে ৰেটিনাৰ পৰা মগজুলৈ নি আমাক অৱগত কৰে। গ্লুক’মাত ইন্ট্ৰাঅকুলাৰ প্ৰেচাৰত আক্ৰান্ত হোৱাৰ চকুৰ কাৰ্য্যক্ষমতা নোহোৱা কৰি দিয়ে, অপটিক নাৰ্ভডালৰ ক্ষতিসাধন কৰে ফলত চকুৰ দৃষ্টি নোহোৱা হৈ পৰে।

গ্লুক’মা থকা এজন মানুহে যেতিয়া কোনো এটা বস্তুলৈ চাই তেতিয়া তেওঁ বস্তুটোৰ মাজৰ অংশটোহে দেখা পায়। কিন্তু সময়ৰ লগে লগে এইখিনিও নেদেখা হৈ পৰে। সাধাৰণতে আমাৰ মানুহে সাংঘাটিক কিবা এটা অনিষ্ট নোহোৱালৈকে চকুলৈ বৰ বিশেষ এটা মনকান নিদিয়ে। গ্লুক’মাই কোনো ধৰণৰ লক্ষণ নেদেখুৱাকৈয়ে চকুৰ অনিষ্ট কৰি বাঢ়ি আহি থাকে সেইকাৰণে গ্লুক’মাক “স্নিক থিড অফ চাইট” বুলি কোৱা হয় মানে দৃষ্টিৰ খেহেটা চোৰ।

গ্লুক’মাই পৃথিৱীৰ আনুমানিক ৬ কোটি মানুহক আক্ৰান্ত কৰিছে আৰু ভাৰতৰ মানুহৰ অন্ধতাৰ দ্বিতীয় প্ৰধান কাৰণ গ্লুক’মা। ভাৰতত গ্লুক’মাত আক্ৰান্ত ১ কোটি মানুহৰ মাজৰ ১.৫ লাখ মানুহ ইতিমধ্যেই অন্ধ হৈ গৈছে। গ্লুক’মাই দুইটা চকুতে আক্ৰমণ কৰে। যদিও ৪০ বছৰৰ ওপৰৰ বয়সৰ মানুহৰ গ্লুক’মা হোৱা দেখা যায় তথাপি কেতিয়াবা নতুনকৈ জন্ম হোৱা শিশুৰো গ্লুক’মা হোৱা দেখা যায়।

ধৰণ

গ্লুক’মা সাধাৰণতে দুই ধৰণৰ হোৱা দেখা যায়।

১) প্ৰাইমাৰী অপেন এঙ্গোল গ্লুক’মা

প্ৰাইমাৰী অপেন এঙ্গোল গ্লুক’মাত চকুৰ পানী ওলোৱা বাটটো লাহে লাহে বন্ধ হৈ পৰে আৰু ইয়াৰ ফলত চকুৰ ইনাৰ প্ৰেচাৰ বাঢ়িবলৈ ধৰে। যদিও চকুৰ ড্ৰেইনেজ কেনেলৰ সন্মুখভাগে কাম কৰি থাকে, ভিতৰৰ ফালে বাটটো বন্ধ হৈ যোৱাৰ ফলত চকুৰ পৰা ফ্লুইড ওলাই আহিব নোৱাৰে আৰু তেতিয়া চকুৰ ভিতৰৰ প্ৰেচাৰটো বাঢ়িবলৈ ধৰে।

প্ৰাইমাৰী অপেন এঙ্গোল গ্লুক’মাত তেনে কোনো বিশেষ লক্ষণীয় চিন নাথাকে। সময় সাপেক্ষে কৰা চকুৰ পৰীক্ষা অতি প্ৰয়োজনীয়/গ্লুক’মাৰ ক্ষেত্ৰত যিমান পৰা যায় সোনকালে চকুৰ পৰীক্ষা কৰা উচিত আৰু সোনকালে দৰব ব্যৱহাৰ কৰি ইয়াক নিৰাময় কৰিব পৰা যায়।

২) এঙ্গোল ক্লজাৰ গ্লুক’মা

এঙ্গোল ক্লজাৰ গ্লুক’মা হৈছে একপ্ৰকাৰ জটিল চকুৰ ৰোগ। এইৰোগত চকুৰ প্ৰেচাৰটো খুউব সোনকালে বাঢ়ে। চকুৰ আইৰিচ আৰু কৰনিয়া কোচ খাই আহে আৰু ইয়াৰ ফলত ড্ৰেইনেজ কেনেলা সংকুচিত হৈ পৰে।

বয়সস্থলোকৰ লক্ষণসমূহ

  • ৰোগীয়ে চকুৰ ঘূৰণীয়া দৃষ্টি হেৰোৱা বুলি কয়।
  • ৰোগীয়ে চকুৰে জ্যোতিৰ্মণ্ডল, ৰামধেনু, ৰঙীন আঙুঠি সদৃশ বস্তু দেখা বুলি কয়। কেতিয়াবা বেচি পোহৰ দেখা বুলিও কয়।
  • চকুৰ দৃষ্টি অস্পষ্ট বা ধূসৰ হৈ পৰে।
  • চকুৰ বিষ বেদনা বা চকু ৰঙা পৰা বুলিও ৰোগীয়ে কয়।
  • চকুৰ দৃষ্টি ইমান বেচি কমি যায় যে ৰোগীজনে কাৰো সহায় নোলোৱাকৈ ইফাল সিফাল কৰিব নোৱাৰা হয়।
  • চকুত আঘাত পালে বিষ আৰম্ভ হয় আৰু চকুৰ দৃষ্টি কমি গৈ চেকেণ্ডাৰী গ্লুক’মাৰ সৃষ্টি হয়।
  • ডায়েবেটিচত ভোগা ৰোগীও গ্লুক’মাৰ বলি হব পাৰে।

ল’ৰা-ছোৱালী

কেঁচুৱা আৰু শিশুৰ ক্ষেত্ৰত চকু ৰঙা পৰা, চকুৰ পৰা পানী ওলোৱা, চকু ফুলা, কৰনিয়েল ক্লাউডিং আৰু ফ’টফবিয়া দেখা যায়।

ট্ৰমা

চকুৰ অন্ধতাৰ এটা প্ৰধান কাৰণ হৈছে চকুৰ ট্ৰমা। সাধাৰণতে ট্ৰমাত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত দেখা যায় বেচিভাগেই চিকিত্সা বিষয়ক সুবিধা নোপোৱা কাৰণে বা এইৰোগ বিষয়ক উপযুক্ত জ্ঞান বা প্ৰশিক্ষণ নথকা কাৰণে ভোগিবলগীয়া হয়। চকুৰ আঘাটক যথেষ্ট গুৰুত্ব প্ৰদান কৰি পলম নকৰাকৈ চিকিত্সা কৰাটোৱে শ্ৰেয়। তাত্‍ক্ষণিক প্ৰাথমিক চিকিত্সা প্ৰদান আৰু উন্নত চিকিত্সাৰ বাবে চিকিত্সালয়লৈ প্ৰেৰণ কৰাতো অতি প্ৰয়োজন দৃষ্টি ৰক্ষণৰ ক্ষেত্ৰত।

কাৰণসমূহ

ঘৰুৱা আঘাট

  • শস্য খেতি কৰা আৰু খেতি চপোৱা সময়ত পোৱা আঘাট।
  • খৰি ফলা সময়ত পোৱা আঘাট।
  • জ্বলি থকা খৰিৰ পৰা উৰি আহি চকুত টুকুৰা পৰিলে। বান্ধি থকা অৱস্থাত জুইৰ শিখা বা ভাপে পুৰিলে।
  • পতঙ্গই বিন্ধিলে বা কামুৰিলে।
  • বাহিৰৰ বতাহৰ পৰা চকুত ধূলি সোমালে।

শ্ৰম বিষয়ক

  • ধাতুৰ টুকুৰা চকুত সোমালে।
  • জ্বলি থকা টুকুৰা বতাহৰ উৰি আহি চকুত সোমালে।
  • জুইৰ শিখা বা ভাপে পুৰিলে।
  • ফেচিয়েল লেচাৰেচনৰ ফলত।
  • ৰাসায়নিক দ্ৰব্য চকুত পৰিলে।

দূৰ্ঘটনা

  • গাড়ীৰ আইনা ভাঙি চকুত চিটিকি পৰিলে।
  • পৰি পেলাই আঘাট পালে।
  • চকুত চোকা বা ভোটা বস্তুৰে খোঁচ খালে।

ৰাসায়নিক জ্বলন

  • ৰাসায়নিক জ্বলন হ’লে তত্‍ক্ষণাত প্ৰাথমিক চিকিত্সা দিব লাগে।
  • মুখমণ্ডল চকুৰ পতা আৰু চকু ৫ মিনিটৰ কাৰণে ভালদৰে ধুব লাগে।
  • চকুৰ কোণাত বেছিকৈ পানী ঢালিব লাগে। এটা চকুৰ পৰা যাতে আনটো চকুলৈ ৰাসায়নিক দ্ৰব্য বাগৰি নাযায় সাৱধান হব লাগে। শুকান, পৰিষ্কাৰ প্ৰটেকটিভ দ্ৰেচিং চিল্ভেৰে চকু ঢাকি থব লাগে।
  • চকু মোহাৰোতে সাৱধানতা অৱলম্বন কৰিব লাগে।
  • ডাক্তৰী চিকিত্সা তত্‍ক্ষণাত লোৱাতো ভাল।
  • এখন পাতল পেড চকুৰ ওপৰত দি চকু ঢাকি তত্‍ক্ষণাত ৰোগীজনক মেডিগেললৈ লৈ যাব লাগে।
চকুৰ বাবে বিপদজনক অভ্যাস
  • ডাক্তৰক নোসোধাকৈ নিজে দৰবৰ ব্যৱহাৰ কৰাটো অনুচিত।
  • অতীজৰ পৰা চলি অহা বনৌষধিৰে চকুৰ চিকিত্সা যেনে গছৰ পাত লতা আদিৰ ৰস, মানুহৰ প্ৰস্ৰাৱ, জীৱজন্তুৰ প্ৰডাক্ট ইত্যাদিয়ে চকুৰ অকুলাৰ চাৰফেচৰ স্থায়ী ক্ষতিসাধন কৰিব পাৰে। বাহিৰৰ বস্তু চকুত সোমাই চকুৰ দৃষ্টিৰ ক্ষতিসাধন কৰাৰ লগতে অন্ধতাৰ ফালেও আগবঢ়াই নিয়ে।
  • পোক-পতঙ্গৰ পাখিৰ পৰা চকুত আঘাট পালে, ধূলি চকুত সোমালে জ্বলি থকা গৰম কয়লাৰ টুকুৰা বা ধাতুৰ টুকুৰা চকুত সোমালে চকুৰ অনিষ্টসাধন হয়।
  • মেচিনৰ পৰা ওলোৱা সৰু-সৰু টুকুৰাবোৰ চিটিকি গৈ চকুত সোমালে আইলেচৰ ক্ষতিসাধন কৰে।
  • চকুৰ পতাৰ যেতিয়া বিষ হয় আৰু চকু ৰঙা পৰে তেতিয়া সোনকালে তাৰ চিকিত্সা কৰিব লাগে।

চকুৰ ট্ৰমাত ভোগা ৰোগীৰ লগত লাগি থাকোতে কেইটামান গুৰুত্বপূৰ্ণ কথালৈ মন কৰিব লাগে

  • চকুৰ আঘাট যেনে কাটিলে, আচোৰ খালে, জ্বলা টুকুৰা চকুত পৰিলে, ৰাসায়নিক দ্ৰব্য চকুত পৰিলে ইত্যাদি কাৰণত চকুটো সোনকালে নষ্ট হোৱাৰ ভয় থাকে, সেইকাৰণে এনেবোৰ কাৰণত অকণো বিলম্ব নকৰাকৈ ততালিকে চিকিত্সাৰ ব্যৱস্থা কৰিব লাগে।
  • চকুৰ যিকোনো ধৰণৰ সমস্যা বা আঘাটৰ কাৰণে ততালিকে ডাক্তৰী চিকিত্সা লোৱাটো অতি প্ৰয়োজনীয়। কেতিয়াবা আঘাট নোপোৱাকৈও চকুৰ বিষ বা চকু ৰঙা পৰা ইত্যাদি কাৰণতো ডাক্তৰৰ পৰামৰ্শ বা ডাক্তৰী চিকিত্সা লোৱাটো অতি দৰ্কাৰী।
  • কেতিয়াবা কৰ্মৰত অৱস্থাত ৰাসায়নিক দ্ৰব্য আহি চকুত পৰিলে বা ঘৰুৱা কামত ব্যৱহূত চাফা কৰা দ্ৰব্য, বাগিছাত ব্যৱহূত ৰাসায়নিক দ্ৰব্য ইত্যাদি আহি চকুত পৰিলেও চকু জ্বলা-পোৰা কৰিব পাৰে আৰু চকুৰ অনিষ্টসাধন কৰিব পাৰে।
  • কেতিয়াবা যদি এচিড আহি চকুত পৰে তেতিয়া কৰনিয়া আক্ৰান্ত হৈ চকুৰে ধুৱলী-কুৱলী দেখে যদিও যত্ন ল’লে চকু বিপদৰ পৰা ৰক্ষা পৰে। আকৌ কেতিয়াবা যদি এলকালাইন বস্তু যেনে চূণ, নলা চাফা কৰা কেমিকেল বা চডিয়াম হাইড্ৰক্সাইড ইত্যাদি আহি চকুত পৰে তেতিয়া আকৌ চকুৰ কৰনিয়া একেবাৰে নষ্ট হৈ যোৱাৰ ভয় থাকে।
  • এইবিলাক কাৰণত যদি তাত্‍ক্ষণিক চকুৰ চিকিত্সা লোৱা নাযায় তেতিয়া হ’লে চকু নষ্ট হৈ যাব পাৰে আৰু দৃষ্টি নোহোৱাও হৈ যাব পাৰে।
  • ধূলি,বালি, জাবৰ-জোথৰ আদি যিকোনো সময়তে চকুত সোমাব পাৰে। এইবোৰ সোমোৱাৰ পিছত চকুৰ বিষ আৰম্ভ হ’লে বা চকু ৰঙা পৰিলে বুজিব লাগিব যে ইয়াক গুৰুত্ব সহকাৰে লৈ চিকিত্সা প্ৰদান কৰিব লাগে। বাহিৰৰ পৰা চকুত সোমোৱা এইবোৰ বস্তুৱে চকুৰ কৰনিয়া বা লেঞ্চত আঘাট কৰি চকুৰ দৃষ্টি হেৰুৱাত অৰিহণা যোগাব পাৰে। হাতুৰী কোবাই থাকোতে, গ্ৰাইণ্ডিং কৰি থাকোতে বা একনিং কৰি থাকোতে যদি খুউব জোৰে ধাতুৰ টুকুৰা আহি চকুত সোমায় তেতিয়া ই সাংঘাটিক ধৰণে চকুৰ অনিষ্ট কৰে।
  • ট্ৰমাই চকুত আঘাট কৰাৰ ফলত “ব্লেক আই”ৰ সৃষ্টি হয়। কিছুমান ধৰণৰ মূৰৰ আঘাটৰ ফলত চকুৰ চাৰিওফালে থেতেলা খোৱা পৰিলক্ষিত হয়। চকুত ট্ৰমা নাথাকিলেও এনে হব পাৰে। কেতিয়াবা আকৌ মূৰৰ আঘাটৰ ফলত চকুৰ পতা আৰু টিচু ফুলি উঠি চকুৰ অনিষ্ট কৰাও দেখা যায়।
  • কেতিয়াবা টিচু ফুলি হেঁচা প্ৰয়োগ কৰাৰ কাৰণে চকুৰ সাংঘাটিক ধৰণে অনিষ্ট হয়। চকুত ভিতৰত ৰক্তপাত হ’লে চকুৰে নেদেখা হয় ইয়াৰ পৰাই গ্লুক’মা হয় আৰু কৰনিয়াত নষ্ট হৈ যাব পাৰে।
  • চকুত আঘাট পোৱাৰ সময়ত কি কৰা উচিত সেই সম্বন্ধ সঠিক জ্ঞান থাকিলে সময়ৰ অপচয় নোহোৱাৰ উপৰিও চকু জোৰকো দৃষ্টিহীনতাৰ পৰা ৰক্ষা কৰিব পাৰি।

আঘাটৰ পৰা চকুবোৰে ৰক্ষা কৰিব পৰা কেইটামান উপদেশ দিয়া হ’লঃ

  • চকুৰ আঘাটৰ পৰা ৰক্ষা পৰিবলৈ লবলগীয়া সাৱধানতা।
  • ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নিজে চকুত দৰৱ দিয়া, গুণাগুণ নজনাকৈ পৰম্পৰাগতভাৱে চলি অহা নিয়মেৰে চকু চিকিত্সা কৰা ইত্যাদিৰ পৰা সাৱধান হব লাগে।
  • অনভিজ্ঞ ডাক্তৰৰ পৰা কেতিয়াও চিকিত্সা গ্ৰহণ কৰিব নালাগে। চকুত আঘাট পালে ততালিকে চকুৰ অভিজ্ঞ ডাক্তৰৰ ওচৰলৈ গৈ চিকিত্সা লব লাগে।
  • দৰব, ড্ৰাগচ, এচিড, ৰাসায়নিক দ্ৰব্য, গৰম খোৱা-বস্তু, জোং থকা বস্তু সদায় ল’ৰা-ছোৱালীৰ পৰা আঁতৰত ৰাখিব লাগে।
  • সৰু ল’ৰা-ছোৱালীক কেতিয়াও জোঙাল বস্তু, ধনুকাড়, টাং-গুটি আদিৰে খেলিবলৈ দিব নালাগে।
  • গাড়ীত সদায় প্ৰটেকটিভ আইনা ব্যৱহাৰ কৰিব লাগে, কাৰখানাত কাম কৰি থাকোতেও সদায় চকুজোৰ যাতে আঘাটৰ সন্মুখীন নহয় তাৰ বাবে সচেতন হৈ থাকিব লাগে। প্ৰাথমিক চিকিত্সাৰ বিষয়ে সঠিক জ্ঞান আহৰণৰ লগতে আটাইতকৈ ওচৰত থকা স্বাস্থ্য কেন্দ্ৰৰ বিষয়ে অবগত হৈ থাকিব লাগে।

চিকিত্সা

  • হাতেৰে চকু মোহাৰিব নালাগে। ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত কথা নুশুনিলে হাত দুখন পিছফালে নি বান্ধি থব লাগে।
  • চকুত কিবা বাহিৰৰ বস্তু সোমালে তুলা ভিজাইলৈ বা ৰুমালখনৰ কোণাটোৰে উজ্জ্বল পোহৰত চকুৰ পৰা উলিয়াই দিব লাগে।
  • চকুত বাহিৰৰ পৰা সোমোৱা বস্তু যদি দৃষ্টি গোচৰ নহয় তেতিয়া হাতত অলপ পৰিষ্কাৰ পানীলৈ খৰ খৰকৈ হাতৰ পানীখিনিত চকুটো পচাৰি থাকিব লাগে মানে চকুটো এবাৰ মুদি এবাৰ মেলি থাকিলে চকুত থকা বস্তু হাতৰ পানীখিনিত ওলাই আহে।
  • এনে কৰাতো যদি চকুৰ পৰা বাহিৰা বস্তু ওলাই নাহে তেতিয়া চকুৰ ওপৰৰ পটাখন আগলৈ টানি তলৰ পটাখন ওপৰলৈ ঠেলি দিব লাগে। এইদৰে দুইখন পটা লৰচৰ কৰি থাকিলে তলৰ পটাৰ চকুৰ নোমখিনিয়ে চকুৰ ভিতৰত থকা বস্তুটো বাহিৰলৈ উলিয়াই আনে।
  • বাহিৰৰ বস্তু চকুত সোমাই যদি চকুৰ কৰনিয়া আক্ৰান্ত কৰে তেতিয়া কোমল পেড এখনেৰে চকুটো ঢাকি তত্‍ক্ষণাত মেডিগেললৈ লৈ যাব লাগে।

মূল প্ৰাথমিক চিকিত্সা

ৰাসায়নিক দ্ৰব্য চকুত পৰিলে হোৱা জ্বলন

 

Saku2.png

সকলো ধৰণৰ চকুতে যদি ৰাসায়নিক দ্ৰব্য পৰে তেতিয়া হ’লে তত্‍ক্ষণাত পৰিষ্কাৰ পানী বা আন কোনো খোৱা পানীয় চকুত মাৰিব লাগে। আক্ৰান্ত হোৱা চকুটো চাৱাৰ বা দমকলৰ মুখত পাতি দি ধুব লাগে বা এটা পৰিস্কাৰ পাত্ৰত পানী লৈ চকুত ঢালিব লাগে। পানী মাৰি থকা সময়ত চকুটো যিমান পৰা যায় বহলকৈ মেলি ৰাখিব লাগে। এইদৰে প্ৰায় ১৫ মিনিট মান সময় চকুত পানী মাৰি থাকিব লাগে।

  • আইকাপ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।
  • চকুত যদি কনটেক্টলেনচ লগোৱা থাকে তেতিয়া তত্‍ক্ষণাত কনটেক্টলেনচৰ ওপৰতে পানী মাৰিব লাগে তেতিয়া লেনচখন বাহিৰলৈ ওলাই আহিব।
  • লেনচৰ ওপৰত লাগি থকা বাহিৰৰ বস্তু পানী মৰাৰ লগে লগে চকুৰ বাহিৰলৈ ওলাই আহিব পাৰে।
  • চকুত কেতিয়াও বেণ্ডেজ বান্ধিব নালাগে।
  • চকুত পানী মৰাৰ পিছতে ডাক্তৰী চিকিত্সা লোৱাটো দৰ্কাৰ।

চকুত আঘাট পালে

Saku.pngSaku1.pngSAKU2-2.png
  • হাতেৰে চকু মোহাৰিব নালাগে।
  • চকুৰ পানীৰে চকুত সোমাই থকা বাহিৰৰ বস্তু উলিয়াবলৈ চেষ্টা কৰিব লাগে নহ’লে আই-ওৱাচ ব্যৱহাৰ কৰিব লাগে।
  • চকুৰ ওপৰৰ পটাটো হাতেৰে আগলৈ টানি আকৌ তলৰ পটাটোলৈ আনিও চকুত সোমাই থকা বস্তু উলিয়াই আনিব পাৰি।
  • যদি এতিয়াও চকুত সোমাই থকা বস্তু ওলাই নাহে তেতিয়া চকুটো বন্ধ কৰি ঢিলাকৈ এটা বেণ্ডেজ চকুত বান্ধি দিব লাগে আৰু ততালিকে এজন ডাক্তৰ মাতি আনিব লাগে।
  • চকুত ফু মাৰি বতাহ দি থাকিব লাগে।
  • চকুত হেঁচা নপৰাকৈ চকুৰ ওপৰত ঠাণ্ডা বস্তু ৰাখিব লাগে। বৰফৰ টুকুৰা গুৰি কৰি লৈ প্লাষ্টিকৰ বেগত ভৰাই কঁপালত ৰাখিব লাগে। যাতে ইয়াৰ পৰা আঘাট পোৱা চকুটোৱে কিছু আৰাম পায়।
  • চকুৰ খুব বিষ হ’লে, চকুৰে কমকৈ দেখিলে আৰু চকুৰে অন্ধকাৰ দেখিলে তত্‍ক্ষণাত ডাক্তৰী চিকিত্সা প্ৰদান কৰিব লাগে। উপৰোক্ত লক্ষণকেইটা হ’লে বুজিব লাগিব যে চকুৰ ভিতৰৰ অংশত আঘাট লাগিছে।

চকু বা চকুৰ পটা কাটিলে বা চকু ফুটিলে

Saku4.png

  • চকু পানী বা অন্য কোনো জুলীয়া পদাৰ্থৰে ধুব নালাগে।
  • যিটো বস্তুৱে চকুটোক আঘাট কৰিছে সেই বস্তুটো নিজে চকুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব নালাগে।
  • চকুটোত অকণো হেঁচা প্ৰয়োগ নকৰাকৈ টান ঢাকনি এখনেৰে চকুটো ঢাকি থব লাগে। এই ক্ষেত্ৰত পেপাৰ কাপৰ তলৰ অংশও ব্যৱহাৰ কৰিব পৰা যায়।
  • আৰু পলম নকৰি তত্‍ক্ষণাত ডাক্তৰী চিকিত্সাৰ ব্যৱস্থা কৰা উচিত।

সাধাৰণতে চকুৰ কাৰণে লবলগীয়া সাৱধানতা

  • চকুত যেতিয়া চাৰকল, বা কয়লাৰ টুকুৰা, কাঠৰ টুকুৰা, ধূলি-বালি ইত্যাদি সোমায় তেতিয়া হাতেৰে কেতিয়াও চকু মোহাৰিব নালাগে।
  • তেতিয়া চকু দুটা বহলকৈ মেলি লৈ পৰিষ্কাৰ চেঁচা পানী চকুত মাৰিব লাগে।
  • কৰনিয়েল ট্ৰমা থাকিলে চকুত কেতিয়া ঘাঁহৰ অংশ, কাগজৰ টুকুৰা, পেঞ্চিলৰ টুকুৰা, চুৰি-কটাৰীৰ আগ বা চকুত গৰম পানী, তেল, গৰম ভাপ, ছাঁই অঁঙঠা টুকুৰা, চূণ, কচটিক চোডা এচিড অন্য কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য পৰিলে আক্ৰান্ত হোৱা চকুতো পৰিষ্কাৰ পানী মাৰি ধুব লাগে।
  • এনে ক্ষেত্ৰত অভিজ্ঞ চকুৰ ডাক্তৰৰ পৰামৰ্শ তত্‍ক্ষণাত লোৱাটো একান্ত বাঞ্চনীয়।

লব লগা প্ৰতিৰোধক ব্যৱস্থা

  • বিপদসংকুল কাৰ্য্যকলাপ আৰু খেল-ধেমালি কৰোতে ঘৰত, ভ্ৰমণ আৰু কাৰ্য্যক্ষেত্ৰত চকু সুৰক্ষাৰ ব্যৱস্থা লব লাগে।
  • ঘৰ আৰু কৰ্মক্ষেত্ৰত প্ৰাথমিক চিকিত্সাৰ বাকচ সাজু কৰি থব লাগে। ভ্ৰমণকালত কোমল চকুৰ পতি আৰু চকু ধোৱা সামগ্ৰী লৈ ফুৰিব লাগে। যাতে চকুত আঘাট পালে ব্যৱহাৰ কৰিব পৰা যায়।
  • যিকোনো চকু আঘাট ক্ষতিকাৰক নহয় বুলি ভবা উচিত নহয়। যদি কিবা সন্দেহ থাকে চিকিত্সকক দেখুৱা উচিত।

চকুৰ স্বাস্থ্যৰ বাবে ভাল অভ্যাস আৰু প্ৰাথমিক চিকিৎসা

  • চকু আৰু চকুৰ চাৰিওকাষৰ ছালবোৰ বিশুদ্ধ পানী আৰু চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে।
  • প্ৰতিদিনে নিশা শুবলৈ যোৱাৰ আগতে এই কাৰ্য্য কৰা উচিত। ইয়াৰ ফলত দিনটোত চকু আৰু কাষৰ ছালত জমা হোৱা ধূলি আৰু আন বিজাণুবিলাকৰ পৰা মুক্ত হব যায়।
  • কেতিয়াও আনৰ গামোচা, ৰুমাল বা আনে ব্যৱহাৰ কৰা কাপোৰেৰে চকু মোহাৰিব নালাগে। ইয়াৰ ফলত সংক্ৰমণো হব পাৰে।
  • পৰাপক্ষত, কাজল বা চুৰ্মা বা আন তেনে কোনো সামগ্ৰী চকুত লগাব নালাগে। যদি লগাই তেন্তে প্ৰতিজন লোকৰ বাবে পৃথক আহিলা ব্যৱহাৰ কৰা উচিত।
  • চকু সদায় ধূলি, ধোৱা আৰু অতি তীব্ৰ পোহৰৰ পৰা আঁতৰাই ৰাখিব লাগে।
  • শুদা চকুৰে সূৰ্য্যগ্ৰহণ চাব নালাগে।
  • মাখিয়ে সংক্ৰমিত লোকৰ পৰা সুস্থ মানুহৰ দেহলৈ ৰোগৰ বিজাণু কঢ়িয়ায়। সেয়েহে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে।
  • মধুমেহ আৰু উচ্চ ৰক্তচাপে চকুৰ ক্ষতি কৰাৰ উপৰিও দৃষ্টিশক্তি হেৰুৱাই পেলাব পাৰে। এইৰোগবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগে। চকু নিয়মীয়াকৈ পৰীক্ষা কৰোৱাব লাগে।
  • সকলো নিচাযুক্ত দ্ৰব্য মদ, ধপাত আৰু চিগাৰেট স্বাস্থ্যৰ বাবেতো ক্ষতিকাৰক হয়েই, চকুৰ বাবে অতি বেচি ক্ষতিকাৰক। এই বেয়া বস্তুবোৰ এৰিব লাগে।
  • ধনুকাৰ, টাং গুটি, ধৰাল পুতলা, জোঙাল আদি ভয়াৱহ সামগ্ৰী শিশুৰ পৰা আঁতৰাই ৰাখিব লাগে। অভিভাৱকৰ পৰ্য্যবেক্ষণ অবিহনে ফটকা, ফুলজাৰী আদিৰ লগত শিশুক খেলা কৰিবলৈ দিব নালাগে।
  • ৱেলডিং, কাঠৰ কাম আৰু শিল-ভঙা আদি কাম কৰোতে চকুৰ সুৰক্ষা নিশ্চিত কৰিব পৰা চচমা  পৰিধান কৰিব লাগে।
  • নিজে ঔষধ কিনি খাব নালাগে। ৰাষ্টাৰ কাষৰ ঔষধ বিক্ৰী কৰা দোকান, ফেৰীআলা আদিৰ পৰা নিৰাময়মূলক ঔষধ কিনি ব্যৱহাৰ কৰিব নালাগে। কিবা চকুৰ সমস্যা থাকিলে লগে লগে চকু বিশেষজ্ঞক দেখুৱাব লাগে।
  • চচমা ব্যৱহাৰ কৰা সকলে চচমাযোৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। দাগ বা আঁচ পৰিবলৈ দিব নালাগে। আনৰ চচমা ব্যৱহাৰ কৰিব নালাগে, এনে কৰিলে চকুৰ সংক্ৰমণো হব পাৰে।
  • শিশুসকলক চকুত ধৰা-ধৰি খেলিবলৈ দিব নালাগে। এনেকৈয়ো আনৰ চকুৰ পৰা সংক্ৰমণ হব পাৰে।
  • ৰন্ধনকাৰ্য্যত বেকিং পাউদাৰ ব্যৱহাৰ কৰিব নালাগে। বেকিং পাউদাৰে চকুৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন ধ্বংস কৰে।

ভালকৈ পঢ়াৰ অভ্যাস

Saku.jpgSaku3.jpg
  • পঢ়িব লগা পৃষ্ঠাতো চকুৰ পৰা ডেৰ ফুট মান দূৰত লৈ ৪৫-৭০ ডিগ্ৰী কোণত ৰাখি পঢ়িব লাগে।
  • বাচ বা ৰেলগাড়ী গৈ থকা অৱস্থাত পঢ়িব নালাগে। শুই থকা অৱস্থাত, কম বেচি হৈ থকা পোহৰ আৰু কম পোহৰত পঢ়িব নালাগে।
  • অতি সৰু আখৰ পৰ্য্যাপ্ত পোহৰ অবিহনে পঢ়িব নালাগে।
  • অহৰ্নিষে কৰা, চকুত হেঁচা পৰা কাম বা পঢ়াৰ মাজে মাজে চকুক জীৰণি দিব লাগে। অলপ চকু মুদি থাকিলে বা বহু দূৰৰ বস্তু এক মিনিট মান সময় চাই থাকিলেও চকুয়ে জীৰণি পায়।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate