অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থেলাছেমিয়া

থেলাছেমিয়া

থেলাছেমিয়া ৰোগ হৈছে তেজৰ হিম’গ্লবিনৰ বংশগত ত্ৰুটি। এই ৰোগত ভোগাসকলৰ তেজত থকা লোহিত ৰক্ত কণিকা আৰু হিম’গ্লবিন অন্য লোকৰ তুলনাত কম পৰিমাণে উৎপন্ন হয়। হিম’গ্লবিনে দেহৰ সকলো অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে আৰু বিভিন্ন অংশৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৱশ্যক হয়। চিকিৎসা মানে ৰোগীয়ে মাহেকে-পষেকে গোটেই জীৱন তেজ লৈ থকা।

এই ৰোগ দুই প্ৰকাৰৰ-

থেলাছেমিয়া প্ৰধান, থেলাছেমিয়া বাহক।

প্ৰধান: এই ব্যাধি বা ৰুগ্ন অৱস্থাটো ল’ৰাকালতে ধৰা পৰে আৰু মাক/দেউতাক দুয়োৰে পৰা সংক্ৰমণ ঘটে এইটো সাধাৰণতে নিৰ্ণয় কৰে অতি কম মাত্ৰাৰ হিম’গ্লবিন আৰু পেটৰ আকাৰ বৃদ্ধিৰ পৰা যিটো প্লীহাৰ আকাৰ বৃদ্ধিৰ কাৰণে হয়। এই ৰোগত ভোগা ল’ৰা-ছোৱালীয়ে নিজৰ আৱশ্যকীয় হিম’গ্লবিন উৎপন্ন কৰিব নোৱাৰে কাৰণে দুই-এবছৰৰ ভিতৰতে ৰক্তহীনতাত ভোগে। শৰীৰত তেজৰ মাত্ৰা কম হোৱাৰ কাৰণে এনে ল’ৰা-ছোৱালীৰ বৃদ্ধি প্ৰাপ্তিত বাধা জন্মে। তেনে ল’ৰা-ছোৱালীক গোটেই জীৱন তেজ দি থাকিব লাগে।

বাহক: এনে ৰোগীক থেলাছেমিয়া গৌণ বা চাৰিত্ৰিক বৈশিষ্ট্য বুলি কয়। এনে ৰোগী সাধাৰণতে দেখাত স্বাস্থ্যৱান পুৰুষ আৰু কিছুমান সামান্য ৰক্তহীন। এনে ৰোগীৰ মাক-দেউতাক দুয়ো বাহক হয়, তেন্তে তেওঁলোকৰ পৰা জন্ম হোৱা সন্তানৰ ২৫ শতাংশ থেলাছেমিয়া প্ৰধান হোৱাৰ আশংকা থাকে।

৮ মে’ ৰ দিনটো ‘বিশ্ব থেলাছেমিয়া দিৱস’ হিচাপে গোটেই বিশ্বতে পালন কৰা হয়। এই বিকাৰটো তেজত থকা লোহিত ৰক্ত কণিকাৰ ধ্বংসৰ কাৰণে হয় আৰু ইয়াৰ কাৰণে শৰীৰৰ হিম’গ্লবিনৰ মাত্ৰা কমি যায়। এই ৰোগ যি কোনো বয়সৰ পুৰুষ/মহিলা হ’ব পাৰে। এই ৰোগৰ সাধাৰণ লক্ষণ হৈছে- দুৰ্বল ভাব, ৰক্তহীনতা, হাড়ৰ বিকৃতি আৰু প্লীহা বৃদ্ধি কিছু ক্ষেত্ৰত। এই ৰোগ বা বিকাৰ চিকিৎসকে চিকিৎসাৰ দ্বাৰা ধৰা পেলায় বা আৱিষ্কাৰ কৰে।

  • এই বেমাৰৰ চিকিৎসাৰ কাৰণে সকলো ব্লাড বেংকতে সকলো গ্ৰুপৰ তেজ থকা আৱশ্যক।
  • ৰক্তদানৰ কাৰণে উৎসাহিত কৰা, হাস্পতাল আৰু মহকুমা সদৰ কাৰ্য্যালয় আগবাঢ়ি আহিব লাগে যাতে এনে ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰে।
  • থেলাছেমিয়া ৰোগী/অভিভাৱকে তেজ গ্ৰহণ কৰাৰ এদিনৰ আগতে হাস্পতালত নামভৰ্তি কৰে যাতে যথেষ্ট পৰিমাণৰ ৰক্ত সংগ্ৰহ কৰিব পাৰে।

যদিও এই ৰোগ জন্মগত, গৰ্ভৱতী মহিলাৰ কাৰণে চিকিৎসা বৰ্তমান সময়ত উপলব্ধ, যাতে এই চিকিৎসা গ্ৰহণ কৰি ভৱিষ্যৎ প্ৰজন্মক এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। গৰ্ভৱতী মহিলাই গৰ্ভধাৰণৰ ৯ সপ্তাহৰ পিছৰপৰাই এই চিকিৎসা লোৱা আৱশ্যক যাতে তেওঁৰ নৱজাতক এই ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে।

অত্যাধিক চিকিৎসাৰ খৰচ আৰু সীমিত আয়ৰ লোকৰ মাজত এই ৰোগ হ’লে ৰোগী/অভিভাৱক সৰ্বস্বান্ত হ’ব লগা হয়। কোনো স্থায়ী নিৰাময় নাই (একমাত্ৰ ব’ন মে’ৰ ট্ৰেন্সছপ্লান্টৰ বাহিৰে), ইয়াক বাধা দিয়াৰ বাহিৰে গত্যন্তৰ নাই। তাৰ বাবে পৰিয়ালৰ সকলো সজাগ হ’ব লাগিব আৰু থেলাছেমিয়া বাহকক বাধা দিব লাগিব।

লিখক: গিৰীশ চন্দ্ৰ ফুকন।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate