জ্ঞান হেৰুৱাৰ আগতে আক্ৰান্ত ব্যক্তিয়ে তলত উল্লেখ কৰা উপসৰ্গবোৰ অনুভৱ কৰিব পাৰে।
১) চিন্তা শূণ্য, মূৰটো পাতল অনুভৱ কৰা।
২) দুৰ্বলতা ভাৱ।
৩) বমিভাৱ।
৪) চাল শেঁতা পৰা বা চিটচিটনি হোৱা।
যদি কোনো ব্যক্তি অজ্ঞান হোৱাৰ উপক্ৰম হয় তেন্তে তেওঁক
১) সম্মুখলৈ হাউলাই বহাব লাগে।
২) মুৰটো আঠু দুটাত লগাই দিব লাগে। যাতে মূৰটো কলিজাৰ তলত থাকে, ফলত মগজুলৈ ৰক্ত সঞ্চালন হ’ব পাৰে।
যেতিয়া আক্ৰান্ত ব্যক্তি অজ্ঞান হৈ যায়
১) ব্যক্তিজনক মূৰটো তল কৰি ভৰি দুটা অলপ ওপৰ কৰি শুৱাই দিব লাগে।
২) নিকপকপীয়া কৈ পিন্ধা কাপোৰ বোৰ ধিলাই দিব লাগে।
৩) ঠাণ্ডা পানীৰে কাপোৰ সেমেকাইলৈ মুখ আৰু ডিঙি মুহাৰি দিব লাগে।
সাধাৰণতে, এনেদৰে শুৱাই দিলে কম সময়ৰ ভিতৰতে লোকজনে জ্ঞান ঘূৰাই পায়। সম্পূৰ্ণ ৰূপে জ্ঞান ঘূৰাই নহালৈকে তেনেকৈয়ে শুই থাকিবলৈ দিব লাগে। তেওঁৰ পৰিচয় সুধিলে যদি ভালদৰে কব পাৰে তেন্তে জানিব পাৰি যে, তেওঁ সম্পূৰ্ণভাৱে জ্ঞান ঘূৰাই পাইছে। সকলো ক্ষেত্ৰতে সদাই চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/18/2020