অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসহ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ

অসহ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ

গ্ৰীষ্মৰ দহনত বজাৰত উপলব্ধ শীতল পানীয়ৰে শৰীৰ শাঁত পেলাবলৈ যত্ন কৰাতকৈ আমাৰ চৌপাশে থকা সহজলভ্য বতৰৰ কিছুমান ফল-মূলেৰেও শৰীৰ শীতল কৰি ৰাখিব পাৰো। উৎকট গৰমত একাপ নেমুৰ চৰ্বতে আপোনাৰ দেহ শাঁত পেলাব পাৰে। নেমুৰ পানীত চেনি আৰু সৈন্ধৱ লৱণ মিহলাই খালে শৰীৰ শাঁত পৰাই নহয়, শৰীৰে যথেষ্ট শক্তিও পায়।

আয়ুৰ্বেদ মতে গ্ৰীষ্মকালত উপলব্ধ তৰমুজ শীতবীৰ্য। একাপ তৰমুজৰ ৰসে আপোনাৰ শৰীৰ শীতল কৰাই নহয়, আপোনাৰ দৈহিক ক্লান্তিও আঁতৰাই নিব। তৰমুজৰ ৰসে প্ৰস্ৰাৱ অৱৰোধ, পেটৰ জ্বালাও দূৰ কৰে। শিশু-বৃদ্ধ সকলোৰে প্ৰিয় আমতো আছে শৰীৰ শীতল আৰু শক্তি দিব পৰা অনেক উপাদান। গৰমকালিৰ আন এবিধ ফল হ’ল তিয়হ। তিয়হৰ টুকুৰা বা ৰসত জালুকৰ গুৰি সৈন্ধব লৱণ মিহলাই খালে গ্ৰীষ্মৰ উষ্ণতা, তৃষ্ণা দূৰ হোৱাৰ লগতে ক্ষুধাও বৃদ্ধি হয়। মজলীয়া আকাৰৰ মাত্ৰ ৫-৬ টা পকা লিচুৰ এগিলাচ চৰ্বতে আপোনাক উৎকট গৰমৰ ক্লান্তি আৰু তৃষ্ণাৰ পৰা সকাহ দিব পাৰে। গ্ৰীষ্মৰ উষ্ণতাৰ পৰা ৰক্ষা পাবলৈ ডাব নাৰিকলৰ পানীৰ কোনো বিকল্প নাই। ডাবৰ পানীয়ে উষ্ণতা দূৰ কৰাই নহয়, আপোনাৰ পাকস্থলী সুস্থ ৰাখি ক্ষুধাও বৃদ্ধি কৰিব পাৰে। মাটি-কঁঠালৰ ৰস খালেও গ্ৰীষ্মজনিত উষ্ণতা সহজে দূৰ হোৱাৰ লগতে লু (গৰম বতাহ) ৰ পৰা শৰীৰক ৰক্ষা কৰে। আয়ুৰ্বেদ মতে কুঁহিয়াৰৰ ৰসে গ্ৰীষ্মকালীন উষ্ণতাৰ পৰা সহজে ৰেহাই দিব পাৰে। কুঁহিয়াৰৰ ৰসে উষ্ণতা বা তৃষ্ণা দূৰ কৰাই নহয়, দৈহিক ক্লান্তিৰ পৰাও সকাহ দি গ্ৰীষ্মকালত সুস্থ কৰি ৰাখিব পাৰে। গ্ৰীষ্মৰ অসহ্য গৰমৰ পৰা পৰিমাণ পাবলৈ বেলৰ চৰ্বত মৌচুমীৰ ৰস আদিও ব্যৱহাৰ কৰিব পাৰি।

লিখক: প্ৰসাদ দাস, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate