অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদত অগ্নিকৰ্ম চিকিৎসা :

আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে বৰ্তমান প্ৰায় সকলো লোকেই অৱগত। এনেকুৱা বহুতো ৰোগ আছে যাৰ নিৰাময় কেৱল আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰেই সম্ভৱ।কিছুমান বিশেষ ৰোগত সফলতা, কম পাৰ্শ্বক্ৰিয়া, কম খৰচী আদি বিভিন্ন কাৰণত বৰ্তমান সময়ত আমাৰ বহু সংখ্যক লোকেই আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰতি আকৰ্ষিত হৈছে। ছোচিয়েল মিডিয়া সমূহো এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে। ই এক অতি শুভ লক্ষণ। আজি এই লিখনিত মই আয়ুৰ্বেদৰ এবিধ বেলেগ চিকিৎসাৰ বিষয়ে আপোনালোকক জনাব খুজিছো। সেইটো হ'ল অগ্নিকৰ্ম চিকিৎসা। কি এই অগ্নিকৰ্ম চিকিৎসা?

অগ্নিকৰ্ম হৈছে আয়ুৰ্বেদৰ শল্যতন্ত্ৰত বৰ্ণিত এবিধ অনুশল্য চিকিৎসা বিধি। শল্যতন্ত্ৰৰ প্ৰধান গ্ৰন্থ সুশ্ৰুত সংহিতাত আচৰ্য্য সুশ্ৰুতে অগ্নিকৰ্ম চিকিৎসাৰ বিষয়ে সুন্দৰ আৰু বিস্তৃত বৰ্ণনা কৰি থৈছে।

অগ্নিকৰ্ম চিকিৎসা কি?

অগ্নিকৰ্ম হৈছে আয়ুৰ্বেদৰ শল্য তন্ত্ৰত বৰ্ণিত এবিধ অণুশল্য বিধি। বিভিন্ন ধৰণৰ উপাদান বা সঁজুলিৰ সহায়ত শৰীৰৰ কলা দগ্ধ কৰি বিশেষ কোনো ধৰণৰ উপসৰ্গ নোহোৱাকৈ বহুতো ৰোগৰ এই বিধিৰে চিকিৎসা কৰা হয়।

অগ্নিকৰ্মৰ বাবে ব্যৱহৃত উপাদানসমূহ

হাজাৰ হাজাৰ বছৰ আগতে আয়ুৰ্বেদত অগ্নিকৰ্মৰ বাবে বেলেগ বেলেগ ৰোগৰ ক্ষেত্ৰত বেলেগ বেলেগ দহন উপকৰণ ব্যৱহাৰ কৰা হৈছিল। ৰোগৰ স্থান আৰু কঠিনতাৰ ওপৰত নিৰ্ভৰ কৰি এই উপকৰণবোৰ ব্যৱহাৰ কৰা হৈছিল। যেনে ছালত অগ্নিকৰ্ম কৰিবৰ বাবে পিপ্পলী,অজা শকৃত(ছাগলীৰ বিষ্ঠা), গো-দন্ত, শৰ, শলাকা, সূৰ্য্যকান্ত, বৰ্তি আদি ব্যৱহাৰ কৰা হৈছিল।

মাংসপেশীৰ কোনো ৰোগত অগ্নিকৰ্ম কৰিব লগা হলে, লো, সোণ, তাম, কাঁহ আদি ধাতু ব্যৱহৃত হৈছিল।শৰীৰৰ বেছি গভীৰ আৰু মজবুত অংগ সমূহ যেনে, হাঁড়, শিৰা, স্নায়ু আদিত অগ্নিকৰ্ম মধু, ঘৃত, গুড়, তেল, বচা আদিৰে কৰা হৈছিল।

অগ্নি কৰ্মৰ বাবে পঞ্চধাতু শলাকা -

শৰীৰৰ যিকোনো ঠাইত অগ্নিকৰ্ম কৰিবলৈ বৰ্তমান পঞ্চ ধাতুৰে নিৰ্মিত এবিধ শলাকা ব্যৱহাৰ কৰা হয়। এই শলাকাত থকা পাঁচ বিধ ধাতু হৈছে, তাম, সীহ, টিন, কাঁহ আৰু পিতল। এই আটাইবোৰ ধাতু সম পৰিমাণত লৈ পঞ্চ ধাতু শলাকা নিৰ্মাণ কৰা হয়।

  • কি কি ৰোগত অগ্নিকৰ্ম কৰা হয়-
  • হাঁড় আৰু গাঁঠিৰ বিষ আৰু স্তব্ধতা
  • মাংসপেশীৰ সংকোচন
  • টেনিছ এলবো(tennis elbow)
  • গোৰোহাৰ বিষ(calcaneal spur)
  • গ্ৰীধ্ৰশী(sciatica)
  • কঁকালৰ বিষ
  • ডিঙিৰ বিষ
  • কান্ধৰ গাঁঠিৰ বিষ(frozen shoulder)
  • অৰ্শ(piles)
  • ৱাৰ্ট(wart)
  • প্লেনতাৰ ফেচাইটিছ(planter fascitis)
  • কৰ্ণ(corn)
  • সন্ধিবাত(osteo arthritis) ইত্যাদি।

অগ্নিকৰ্মই কেনেকৈ কাম কৰে -

প্ৰধানকৈ বাতজ আৰু বাত কফজ ৰোগৰ ক্ষেত্ৰত অগ্নিকৰ্ম প্ৰয়োগ কৰা হয়। সেইবাবে বিভিন্ন ধৰণৰ বিষ ৰোগত অগ্নিকৰ্মৰ প্ৰয়োগে ভাল ফলাফল দিয়ে। পঞ্চ ধাতু শলাকা গৰম কৰি ৰোগাক্ৰান্ত স্থানত 2ৰ পৰা 5 চেকেণ্ড মান সময় দহন কৰা হয়। অগ্নিকৰ্মৰ বাবে সাধাৰণতে আটাইতকৈ বিষ যুক্ত ঠাইটো (most tendered point) বাছি লোৱা হয়। অগ্নিকৰ্মৰ ফলত যি তাপ শক্তি নিৰ্গত হয়, সেই তাপ শক্তি দহন কৰা ঠাইডোখৰৰ চাৰিওফালে সম্প্ৰসাৰিত হয়। তাৰোপৰি অগ্নিকৰ্মৰ আন কিছুমান প্ৰভাৱ হল-

  • অগ্নিকৰ্ম প্ৰয়োগ কৰা স্থানৰ ৰক্ত চলাচল বৃদ্ধি হয়।
  • সেই স্থানৰ স্নায়ুবোৰ সক্ৰিয় কৰি তোলে কলা সমূহৰ জাৰণ শক্তি বৃদ্ধি কৰে।
  • সংক্ৰমণ ৰোধ কৰে
  • গাঁঠিৰ জড়তা নাশ কৰে
  • আক্ৰান্ত ঠাইৰ শোথ বা ফুলি উঠা ৰোধ কৰে।
  • মাংস পেশীৰ জড়তা নোহোৱা কৰে।

অগ্নিকৰ্ম কৰাৰ পিছত দহন কৰা স্থানত সতেজ এলোভেৰাৰ বীজালুৱা অংশ বা যষ্ঠীমধু চূৰ্ণ প্ৰয়োগ কৰা হয়।

অগ্নিকৰ্মৰ লাভালাভ-

  • অগ্নিকৰ্ম এবিধ সহজ আৰু সুৰক্ষিত পদ্ধতি।
  • গাঁঠিৰ বিষ, বা লিগামেণ্ট (ligament) টেন্দন(tendon) মাংসপেশীৰ বিষ আদিৰ বাবে উপযোগী আৰু সুবিধাজনক চিকিৎসা।
  • কম সময়ৰ ভিতৰতে কৰিব পৰা চিকিৎসা। হস্পিতালত ভৰ্তি থকাৰ প্ৰয়োজন নহয়।
  • ই কম খৰচী চিকিৎসা পদ্ধতি।
  • ৰোগীৰ দৈনিক কাৰ্য্যসূচীত কোনো প্ৰভাৱ নপৰে
  • অগ্নিকৰ্ম চিকিৎসাৰ বাবে বেলেগকৈ ঔষধ খোৱাৰ প্ৰয়োজন নহয়।
  • অভিজ্ঞ চিকিৎসক বা চিকিৎসা কৰ্মীৰ দ্বাৰা কৰা অগ্নিকৰ্ম চিকিৎসাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।
  • 2ৰ পৰা 4 সপ্তাহৰ ভিতৰত চিকিৎসাৰ সুফল পোৱা যায়।
  • অগ্নিকৰ্ম এবিধ সম্পূৰ্ণ ভাৰতীয় চিকিৎসা পদ্ধতি ।

লেখিকা :- বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate