অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোঁচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি

কোঁচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি

অসমৰ ভূমিখণ্ড বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। এই ভূখণ্ডত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ ভিতৰত এটি অন্যতম জনগোষ্ঠী হ'ল কোঁচ ৰাজবংশী সকল। উজনি অসমৰ কোচ ৰাজবংশী সকল ধেমাজি, লক্ষীমপুৰ, যোৰহাট, ডিব্ৰুগড়, ধুবুৰী, কোকোৰাঝাৰ বঙাইগাওঁ আদি জিলাৰ বিভিন্ন এলেকাত সিচঁৰিত হৈ বসবাস কৰা দেখা যায়। সাম্প্ৰতিক সময়ত উঠি অহা প্ৰজন্মই নিজা ভাষা-সংস্কৃতি আয়ত্ব কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। নিজা ঐতিহ্যৰ প্ৰতি এই আগ্ৰহে কোঁচ ৰাজবংশী জাতিটোক প্ৰাণৱন্ত কৰাৰ লগতে জাতিটোৰ বাবে ইতিবাচক বাৰ্তা বহন কৰিছে বুলি ক'ব পাৰি।

অসমত বসবাস কৰা আন জনগোষ্ঠী সমূহৰ দৰেই কোঁচ ৰাজবংশীসকলেও পৰম্পৰাগতভাৱে বিভিন্ন চিকিৎসা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়। এনে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বাবে তেওলোক বিভিন্ন উদ্ভিদ আৰু জৈৱ অজৈৱ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে । এনে চিকিৎসা পদ্ধতিত তন্ত্ৰ মন্ত্ৰৰ পয়োভৰ দেখা নাযায়। ঔষধি উদ্ভিদ সমূহ সহজে পাবৰ বাবে তেওলোকে এখন নিজা বাৰী প্ৰস্তুত কৰি লোৱাও দেখা যায় । তেওঁলোকে নিয়মীয়াকে গ্ৰহণ কৰা খাদ্যতালিকাতো বিভিন্ন বনৌষধিৰ পয়োভৰ দেখা যায় ।

এইবৰ্ষত পদ্মশ্ৰীৰ তালিকাত কেৰেলাৰ ৭৫ বৰ্ষীয়া লক্ষ্মীকুট্টি আম্মা, যি গৰাকী মহিলাই প্ৰায় ৫০০টাতকৈ অধিক পাৰম্পৰিক বন-দৰৱেৰে ৰাইজৰ সেৱা আগবঢ়াই আছে তেওঁৰ নামো সন্নিবিষ্ট কৰি সন্মান প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাৰম্পৰিক ঔষধিৰ গুৰুত্বলৈ চাই এই ক্ষুদ্ৰ প্ৰৱন্ধটো কোঁচ ৰাজবংশী সমাজত প্ৰচলিত কিছু পাৰম্পৰিক বনৌষধিক আলোচনাৰ মাধ্যমেৰে সুধী সমাজৰ সমুখলৈ তুলি ধৰিবলৈ এক বিনম্ৰ প্ৰয়াস কৰা হৈছে।

শীদল:

কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত চিকিৎসা বুলিলেই আমি প্ৰথমে ক'ব লাগিব তেওঁলোকৰ পৰম্পৰাগত খাদ্য  'শীদল'ৰ সম্পৰ্কে । অৱশ্যে উজনী অসমৰ প্ৰায় ৮০ শতাংশ লোকেই ইয়াৰ প্ৰস্তুত প্ৰণালী অথবা ঔষধি গুণ সম্পৰ্কে অজ্ঞ । সীদল প্ৰস্তুত কৰিবলৈ প্ৰথমে কিছুমান সৰু আকৃতিৰ মাছ শুকোৱাই লোৱা হয়। তাৰ পাছতে অমিতাৰ শিপা, ধান জালুক-জলকীয়া ,পিয়াজ, বেতৰ শিপা, নহৰু, মন গমাৰি, কলাখাৰ, কলফুল আদিৰে এটা মিশ্ৰণ প্ৰস্তুত কৰা হয় ।মিশ্ৰণটো লাড়ু আকৃতিৰ কৰি ৰ'দত শুকাবলৈ দিয়া আৰু সংৰক্ষণ কৰা হয়।  শীদলে মেলেৰীয়া ৰোগ আৰু ,গাৰ বিষ নিৰাময় কৰে । ইয়াৰ ছেকা অধিক জ্বলা দি খালে চৰ্দি জ্বৰ ভাল হয় বুলিও বিশ্বাস কৰা হয় ।

আঠীয়া কল:

আঠীয়া কলৰ সৰু সৰু চকল বনাই পানীত ডুবাই থৈ তাত অলপ মিচিৰি মিহলাই প্ৰায় ৮-১০ ঘণ্টাৰ পাছত সেৱন কৰিলে পেটৰ ৰোগ নিৰাময় কৰে ।

কণী:

অকস্মাৎ দেহত জুইয়ে পুৰলি কণীৰ কুহুম  লগোৱা হয়।

জাতিলাও :

দেহত জুইয়ে পুৰিলে জাতিলাওৰ পাত মিহিকৈ খন্দি লগালে ঢৌ নুঠে বুলি বিশ্বাস কৰা হয় ।

তুলসী:

তুলসী গছ কোচ ৰাজবংশীসকলৰ বাবে এবিধ পবিত্ৰ গছ। তুলসীৰ তলত গধূলি চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয়। প্ৰতিঘৰ কোচ ৰাজবংশী লোকৰ ঘৰতে তুলসী গছ দেখা পোৱা যায় । ই মহ নিৰাময় কৰে বুলিও ধাৰণা কৰা হয় । ইয়াৰ ৰস মৌৰ লগত মিহলি কৰি খালে চৰ্দি কাহ ভাল হয় ।  তুলসী পাত খুন্দি তাৰ ৰস চকুত লগালে চকুৰ ৰোগ ভাল হয় ।তাৰোপৰি তুলসীৰ পাতৰ ৰস কুহুমীয়াকৈ গৰম কৰি কাণৰ বিষ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা দেখা যায় ।

যমলাখুটী:

কাণৰ ৰোগ হলে যম লাখুটী খুন্দি ৰস ব্যৱহাৰ কৰা হয়। প্ৰস্ৰাৱৰ ৰোগ নিৰাময়ৰ বাবে ইয়াৰ আলু ব্যৱহাৰ কৰে । তাৰোপৰি ইয়াৰ শিপাও ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।।

মচন্দৰী:

মচন্দৰী সিজাই খালে পেটৰ ৰোগ ভাল হয় ।

মহানিম:

ছালৰ বিভিন্ন ৰোগ যেনে: বসন্ত , খজুৱতি আদি নিৰাময়ত নিমপাতৰ ৰস ব্যৱহাৰ কৰা হয় । ইয়াৰ পাত ভাজি খোৱাও দেখা যায় । ই বমি বন্ধ কৰাত সহায় কৰে ।

কুহিয়াৰ:

প্ৰস্ৰাব গৰম হ'লে কুহিয়াৰ ৰস খালে ভাল হয় । শৌচ অনিয়মীয়া হলেও কুহিয়াৰ পৰা প্ৰস্তুত কৰা ৰস সেৱন কৰা দেখা যায় ।

ভেদাইলতা:

১)ভেদাই লতাৰ পাতৰ ৰসে পেটৰ ৰোগ নিৰাময় কৰে ।

২)ভেদাই লতাৰ ৰস ৰক্তচাপ নিৰাময় ৰ বাবেও ব্যবহাৰ কৰা হয় ।

৩)ভেদাইলতাৰ পাত খুন্দি পিঠাগুড়িৰ সৈতে মিহলাই তেলত ভাজি পিঠা বনাই খোৱাৰ উপৰিও কলা জিৰাৰ সৈতে ভাজি খালে পেটৰ ৰোগ ভাল হয় বুলি বিশ্বাস কৰা হয় ।

মানিমুনি:

মানিমুনি খুন্দি ৰস খালে জ্বৰ আৰু পেটৰ ৰোগ নিৰাময় হয় বুলি বিশ্বাস কৰা হয়। দাঁত টেঙালে মানিমুনি পাত খালে দাঁতৰ টেঙা গুচে।

তিতাফুল:

১)তিতাফুলৰ ৰস খালে জণ্ডিচ ভাল হয় ।

২)তিতাফুল তেলত ভাজি খোৱা হয় । ই পেটৰ অসুখ ভাল কৰে বুলি বিশ্বাস কৰা হয় ।

বচ:

বচৰ আলু খুন্দি খালে পেটৰ কামোৰণি ভাল হয় ।

বিহলঙনি:

বিহলঙনি পাতে বিষ নিৰাময় কৰে বুলি বিশ্বাস কৰা হয়।

মধুৰিআম:

অসহ্যকৰ পেটৰ বিষৰ পৰা উপশম পাবলৈ মধুৰিআমৰ আগ চোবাই খোৱা দেখা যায় ।

নাৰ্জীফুল :

নাৰ্জীফুলৰ পাত মোহাৰি কটা ঠাইত লগালে তেজ বন্ধ হয় আৰু কটা ঘা শুকায় ।

লাইজাবৰি:

লাই জাবৰি খুন্দি তাৰ ৰস ব্যৱহাৰ কৰিলে নাকেৰে তেজ ওলোৱা বন্ধ হয় ।

ইয়াৰ উপৰিও অৰ্জুন গছ,টেঙেচী গছ , দুবৰি বন আদিও বিভিন্ন ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা হয় ।
ভৱিষ্যতেও এইদৰে আন আন পাৰম্পৰিক সমল পাঠকলৈ আগবঢ়াবলৈ নিশ্চয়কৈ চেষ্টা কৰিম।

লেখক: মানস প্ৰতিম দত্ত(অসমীয়া সুখ-দুখ)

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate