মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / কাঁইট, হুল আদিয়ে বিন্ধিলে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাঁইট, হুল আদিয়ে বিন্ধিলে

কাঁইট, হুল আদিয়ে বিন্ধিলে

কাম বন কৰোতে প্ৰায়ে কাঁইট, হুল বিন্ধে। মাছ মাৰিব বা বাছিবৰ সময়ত মাছৰ কাঁইটে প্ৰায়ে বিন্ধে। কাঁইটৰ দৰে জোঙা বস্তুৰে প্ৰথমতে কাঁইটডাল উলিয়াব লাগে। তেজ ওলালে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু পাছত যন্ত্ৰণা নিবাৰণৰ ব্যৱস্থা ল’ব লাগে।

ঘৰুৱা ব্যৱস্থা

  • মাছৰ কাঁইট বা যিকোনো জোঙা বস্তুৱে বিন্ধিলে বিন্ধা বস্তুটো উলিয়াই লৈ ফুটাটোৰ চাৰিওফালে পিঁয়াজ বটি লেপ বটি দিব লাগে। ফুটাটোত লেপ নিদিব। বিষ-যন্ত্ৰণা কমি যাব।
  • শিঙি, মাগুৰ, শিঙৰা আদি মাছে বিন্ধিলে জয়ন্তী ফুলৰ শিপা বটি লগাব।
  • মাছৰ কাঁইটে বিন্ধাৰ ফলত অসহ্যকৰ বিষ হ’লে গৰম পানীত নিমখ মিহলাই সেই পানীত বিন্ধা অংগটি ডুবাই ৰাখিব।

লিখক: ডা: ৰফিক আলী।

2.86153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top