অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিছুমান ফলপ্ৰসু আয়ুৰ্বেদিক চিকিৎসা :

কিছুমান ফলপ্ৰসু আয়ুৰ্বেদিক চিকিৎসা :



আমি সুস্বাস্থ্যৱান হৈ জীয়াই থাকিবলৈ সকলো চিকিৎসা পদ্ধতিৰ প্ৰয়োজন আছে। জৰুৰীকালীন চিকিৎসা, অত্যাধুনিক অস্ত্ৰোপচাৰ, ভেকচিন, এন্টিবায়োটিক আদিৰ বাবে এলোপেথিক চিকিৎসা প্ৰয়োজন, সেইদৰেই কম খৰছী অথচ সম্পূৰ্ণ আৰোগ্য লাভৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন আছে। সৰু লৰা-ছোৱালীৰ ৰোগৰ বাবে হোমিওপেথি চিকিৎসা কম খৰছী আৰু উপযোগী। সেয়েহে ৰোগ আৰু বয়স অনুসৰি আমাক সকলো চিকিৎসা লাগিব। ইয়াৰ বাবে সকলো চিকিৎসকে সেৱাৰ মনোবৃত্তিৰে কৰ্তব্য পালন কৰা উচিত। তাৰোপৰি আমি সকলোৱে জনা উচিত কোন ৰোগৰ কাৰণে কোনটো পদ্ধতিৰ চিকিৎসা অধিক ফলপ্ৰসু। এই বিষয়ে আমি কিছু জানিলে কম খৰছতে আৰোগ্য লাভ কৰিব পাৰো ইয়াত আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে উল্লেখ কৰিব ওলাইছো।
(১) জন্দিচ, ভাইৰেল হেপাটাইটিচ, লিভাৰৰ চিৰ'চিচ, ফেটি লিভাৰ ইত্যাদি কৰি সকলো প্ৰকাৰ যকৃত ৰোগৰ বাবে আয়ুৰ্বেদিক চিকিৎসা অধিক ফলপ্ৰসূ। সেয়েহে বৰ্তমান সময়ত সকলো দেশত যকৃত ৰোগৰ আয়ুৰ্বেদিক ঔষধৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে।
(২) কিডনী ষ্টন আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা সম্পূৰ্ণ বাহিৰ হয়। সাধাৰণতে এলোপেথিক ফাৰ্মাছীত পোৱা এই ৰোগৰ ঔষধ প্ৰায় সকলো খিনি আয়ুৰ্বেদিক ঔষধ। ইয়াৰোপৰি কিডনী ফেইলাৰ ৰোগৰ ভাল আয়ুৰ্বেদিক চিকিৎসা আছে। পলিচিষ্টিক কিডনী নামৰ ৰোগত আয়ুৰ্বেদিক ঔষধ প্ৰয়োগ কৰিলে কিডনীত হোৱা সকলো প্ৰকাৰ চিষ্ট বিনা অস্ত্ৰোপচাৰে সম্পূৰ্ণ ভাল হয়।
(৩) ৬০ বছৰ বয়সত প্ৰায়বোৰ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বাঢ়িবলৈ ধৰা ৰোগবিধক এনলাৰ্জ প্ৰষ্টেট বোলা হয়। এই ৰোগ নিৰাময়ৰ কাৰণে অস্ত্ৰোপচাৰ কৰা হয় যদিও সম্পূৰ্ণ ভাল নহয়, ৪-৫ বাৰতকৈ অধিক অস্ত্ৰোপচাৰ কৰা ৰোগীও পোৱা যায়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে বাঢ়ি যোৱা প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ দিনক দিনে কমিবলৈ ধৰে। এই দৰে ২-৪ মাহ ঔষধ খালে এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়। তাৰোপৰি অস্ত্ৰোপচাৰ কৰোঁতে যিমান খৰচ হয় , তাৰ ১০%-১৫% খৰছতে আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা এই ৰোগ ভাল হয়।
(৪) সন্তানহীন মহিলা সকলৰ IUI,IVF কৰিলে ৪-৫ লাখ পৰ্যন্ত টকা খৰচ হয় যদিও বহুত কম সংখ্যক মহিলাই গৰ্ভধাৰণ কৰে। এই গৰ্ভৱতী সকলৰ অধিক সংখ্যকৰ ২-৩ মাহত গৰ্ভস্ৰাৱ হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে মাত্ৰ ২-৪ হেজাৰ টকা খৰচ হোৱাৰ লগতে ৮০%-৯০% গৰ্ভৱতী হয়। কিন্তু এই গৰ্ভৱতী সকলৰ গৰ্ভস্ৰাৱ হোৱাৰ সম্ভাৱনা প্ৰায়েই নাথাকে।
(৫) মহিলাৰ অস্ত্ৰোপচাৰৰ প্ৰায় ২৫% অস্ত্ৰোপচাৰ কেৱল জৰায়ু বিচ্যুতি বা Prolapsed Uterus নামৰ জৰায়ু বাহিৰলৈ ওলাই অহা ৰোগৰ কাৰণে কৰা হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা প্ৰথম আৰু দ্বিতীয় ডিগ্ৰীৰ জৰায়ু বিচ্যুতি বিনা অস্ত্ৰোপচাৰে ৮০% ভাল হয়। সন্তান জন্মৰ পিছত আয়ুৰ্বেদিক ঔষধ অশোকাৰিষ্ট আৰু দশমূলাৰিষ্ট প্ৰত্যেকৰে দুচামুচকৈ মূঠ চাৰি চামুচকৈ দিনে তিনিবাৰ দুমাহ খালে মহিলাৰ এই ৰোগ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা নাথাকে। তাৰোপৰি বগাস্ৰাৱ, ৰক্তস্ৰাৱ, মাহেকীয়া গণ্ডগোল ইত্যাদি নানান ৰোগ আয়ুৰ্বেদিক চিকিৎসাত কম খৰচতে সহজেই ভাল হয়।
(৬) নাড়ীব্ৰণ বা ভগন্দৰ (Fistula) ৰোগবিধ অস্ত্ৰোপচাৰ কৰিলেও বাৰেপতি পুণৰ হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ "ক্ষাৰসূত্ৰ" নামৰ বিশেষ চিকিৎসাৰ লগতে ঔষধ খালে ৯৫% ৰোগী সম্পূৰ্ণ ভাল হয়। উল্লেখযোগ্য হে এই ক্ষাৰসূত্ৰ প্ৰশিক্ষণ ল'বলৈ বিদেশৰ পৰা বহুত শল্য চিকিৎসক আমাৰ দেশলৈ আহে। ইয়াৰোপৰি অৰ্শ বা পাইলছ ৰোগৰ বাবে আয়ুৰ্বেদিক চিকিৎসা অধিক ফলপ্ৰসু।
(৭) আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ২০ প্ৰকাৰ মূত্ৰমেহ বা পেচাব সম্বন্ধীয় ৰোগ উল্লেখ কৰিছে। ইয়াৰ ভিতৰত প্ৰধান মধুমেহ বা ডায়েবেটিচ মেলিটাচ। অগ্ণাশয় বা পেঙ্ক্ৰিয়াচৰ বিটা কোষবোৰ মৰিযোৱাৰ পৰিপ্ৰেক্ষিতত ইনচুলিন উৎপাদন কমাৰ বাবে এই ৰোগ হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে নতুনকৈ বিটাকোষ সৃষ্টি হয় আৰু এই বিটাকোষে পুণৰ স্বাভাৱিক ভাৱে ইনচুলিন উৎপাদন কৰি এই ৰোগ নিৰাময় কৰে। সেয়েহে আয়ুৰ্বেদিক চিকিৎসা কৰিলে পেঙ্ক্ৰিয়াটাইটিচ হোৱাৰ সম্ভাৱনা কমি যায়। অৱশ্যে বংশগত হলে বিটাকোষ নতুনকৈ সৃষ্টি নহয়।
(৮) নানান ধৰণৰ বাতবিষ, হৃদৰোগ, পক্ষাঘাত বা পেৰালাইচিচ, প্লীহা ৰোগ, ডেঙ্গু , হাপানী, নাৰ্ভৰ ৰোগ চাইনাচাইটিচ,চিষ্ট, সাম্য অৰ্বুদ, লিউক'ডাৰ্মা, পুৰণি পেটৰ ৰোগ , চৰ্মৰোগ ইত্যাদি অনেক ৰোগ আয়ুৰ্বেদিক চিকিৎসাত কম খৰছতে ভাল হয়।
(৯) উচ্চ ৰক্তচাপ আৰু হাৰ্ট ব্লক আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা সম্পূৰ্ণ ভাল হয়। নৱক গুগুলু , কৈশোৰ গুগুলু আৰু আৰোগ্য বৰ্ধনী আদি শ্ৰোতমূক্তি আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ কেমাহমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰিলে হাৰ্টব্লক ভাল হয়।
(১০) মৃগী ৰোগকে আদি কৰি নানান প্ৰকাৰ কন্ভালচন ৰোগ আৰু বাৰ্ধক্যজনিত ৰোগৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসা সৰ্বোত্তম। এই ক্ষেত্ৰত "পঞ্চকৰ্ম চিকিৎসা" অধিক উপযোগী।


লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং- 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate