মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / কৰ্কট ৰোগৰ নৱতম চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ্কট ৰোগৰ নৱতম চিকিৎসা :

কৰ্কট ৰোগৰ নৱতম চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

সমগে বিশ্বতেই শংকাগ্ৰস্ততাৰ উদ্ৰেককাৰী ৰুগ্নাৱস্থা হিচাপে পৰিগণিত হৈছে কৰ্কট ৰোগ । শৰীৰৰ প্ৰতিটো অংগই এই অৱস্থাটিত আক্ৰান্ত হ’ব পাৰে আৰু ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ এক সাদৃশ্য স্থান তথা অংগভেদে হ’লেও পৰিলক্ষিত হয় । অনিয়ন্ত্ৰিত নিৰিখত কোষৰ সংখ্যা বৃদ্ধিয়েই হৈছে এই সাদৃশ্যৰ আধাৰ । এই ৰুগ্নাৱস্থাটিৰ গৱেষণা আৰু চিকিৎসাৰ ক্ষেত্ৰত বিগত বছৰটোত বহুখিনি যুগান্তকাৰী ঘটনা ঘটিছে বুলিব পাৰি । ইমিউনোথেৰাপী বা দৈহিক সুৰক্ষা ব্যৱস্থা অধিকতৰ মজবুত কৰি প্ৰয়োগ কৰা চিকিৎসাৰ ইতিমধ্যে বিভিন্নধৰণৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত কৰা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে এইক্ষেত্ৰত দুটা চিকিৎসা পদ্ধতিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন দিছে । সেই দেশত জিন (Gene) চিকিৎসাৰ বাবে আজিৰ পৰা ঠিক এবছৰৰ পূৰ্বে FDA  ই অনুমতি দিছে । আৰম্ভণিতে এইবিধ চিকিৎসাৰ সংক্ষিপ্ত নাম আছিল কাৰ (CAR  অৰ্থাৎ কাৰমেৰিক এণ্টিজেন ৰিচেপ্টৰ) টি (T) কোষ ইমিউনোথেৰাপী । শৈশৱকালত প্ৰাদুৰ্ভাৱ থকা ALL  (একিউট লিম্ফোব্লাষ্টিক লিউকিমিয়া) নামৰ তেজৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উপযোগী এইবিধ চিকিৎসাক আজিকালি কিমৰিয়াহ (Kymriah) বুলিও নামকৰণ কৰা হৈছে । আনহাতে পুন:পৌনিকভাৱে বা বাৰম্বাৰ ঘটা হডজকিন লিম্ফোমাৰ প্ৰশমনৰ বাবে আমেৰিকাৰ FDA নামৰ কৰ্তৃপক্ষই শেহতীয়াভাৱে অনুমোদন কৰিছে দ্বিতীয় এবিধ CAR   টি-কোষ ইমিউনো চিকিৎসা ।

ইমিউনোথেৰাপী হৈছে এনে এক ধৰণৰ চিকিৎসা, য’ত নেকি কৰ্কট আদিকে ধৰি নানা ৰোগৰ বিপক্ষে যুঁজিবলৈ মানৱ দেহৰ অসংক্ৰামণ্যতা তন্ত্ৰৰ একোটা অংশ ব্যৱহাৰ কৰা হয় । আমাৰ শৰীৰৰ অসংক্ৰামন্যতা তন্ত্ৰই বাহ্যিক শত্ৰুৰ (ৰোগৰ বীজাণু আদি) বিপক্ষে আমাক সুৰক্ষা প্ৰদান কৰে । ক’বলৈ গ’লে ই হৈছে এখন দেশৰ সৈন্যবাহিনীৰ লেখীয়া । এই অসংক্ৰামন্যতা তন্ত্ৰটি এনেদৰে ‘প্ৰোগ্ৰামিং’ কৰা থাকে যে ই যিকোনো অনাহুত বাহ্যিক দ্ৰব্যক তাৎক্ষণিকভাৱে চিনাক্তকৰন কৰি ধ্বংস কৰাৰ প্ৰয়াস কৰে । আমাৰ কোষকেন্দ্ৰত থকা ডি এন এ- ৰ বিজুতিৰ ফলত সৃষ্টি হোৱা কৰ্কট ৰোগ এইক্ষেত্ৰত শংকাৰ কাৰক এইবাবেই হৈ পৰে যে সংখ্যাতীত হাৰত বৃদ্ধি পোৱা কৰ্কট ৰোগজনিত কোষবোৰক আৱৰণীৰে ঢাক খাই থকা হেতুকে চিনাক্তকৰণ কৰাত অসুবিধাৰ সৃষ্টি হয় ।CAR T- কোষ চিকিৎসাত প্ৰতিটো অনুপানৰ নিজস্ব বৈশিষ্ট্য থাকে আৰু প্ৰতিজন ব্যক্তিৰ বাবে ই ভিন্ন । প্ৰযুক্তিৰ জৰিয়তে ব্যক্তিবিশেষৰ অসংক্ৰামন্যতা তন্ত্ৰৰ পৰা ইয়াক আহৰন কৰা হয় । জেনেটিক প্ৰযুক্তিৰ জৰিয়তে আক্ৰান্ত ব্যক্তিৰ দেহত থকা কৰ্কট ৰোগসৃষ্ট কোষবোৰ ধ্বংসৰ বাবে এইবোৰ দৰব প্ৰয়োগ কৰা হয় । কিমৰিয়াহ নামৰ দৰববিধ আকৌ আক্ৰান্ত ব্যক্তিজনৰে শৰীৰৰ অসংক্ৰামন্যতা তন্ত্ৰৰ পৰা প্ৰস্তুত কৰা হয় । প্ৰায় তিনি সপ্তাহ সময়ৰ দৰকাৰ হোৱা এই দৰব প্ৰস্তুতিৰ প্ৰক্ৰিয়াটিত প্ৰথমে ৰোগীৰ শ্বেতৰক্তকণিকাসমূহ আহৰণ কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিস্থিত লেব’ৰেটৰীত অত্যাধুনিক আভিযান্ত্ৰিক প্ৰযুক্তিৰে এই কোষবোৰক কৰ্কট ৰোগসৃষ্ট কোষবোৰ চিনাক্তকৰণৰ সামৰ্থ্য প্ৰদান কৰা হয় । তৃতীয়টো পৰ্যায়ত এনেদৰে ‘প্ৰোগামিং’ কৰা কোষবোৰ পুনৰ ৰোগীৰ শৰীৰত সুমুৱাই দিয়া হয় । ফলত কৰ্কট ৰোগসৃষ্ট কোষবোৰ ধ্বংস হয় । অৱশ্যে এটা কথা অনস্বীকাৰ্য যে এই দৰবৰ জৰিয়তে কৰা চিকিৎসা অত্যন্ত ব্যয়বহুল । ভাৰতীয় মূল্য হিচাপত এবাৰ শৰীৰত প্ৰয়োগ কৰাৰ বাবদ খৰচ হয়গৈ প্ৰায় তিনি কোটি টকা । অৰ্থাৎ সৰ্বসাধাৰন সাধ্যাতীত হৈছে এই চিকিৎসা । তদুপৰি একেবাৰে অত্যাধুনিক ধৰণৰ এই চিকিৎসা পদ্ধতিৰ প্ৰতি দৈহিক অসংক্ৰামন্যতা তন্ত্ৰই কিদৰে সঁহাৰি জনায় সেয়াও এতিয়ালৈকে কেৱে ঠিৰাংকৈ নিৰুপণ কৰিব পৰা নাই । কেতিয়াবা অস্বাভাৱিকৰণৰ সঁহাৰিৰ বাবে বিৰুপ প্ৰতিক্ৰিয়াৰো শংকা থাকে ।

শেহত কৰ্কট ৰোগত ইমিউনোথেৰাপী বা অসংক্ৰামন্যতাজনিত চিকিৎসাৰ ভূমিকাৰ বিষয়ে পঢ়ুৱৈসকলৰ অৱগতিৰ অৰ্থে দুআষাৰমান উল্লিখিব খুজিছোহঁক । ভাৰতত এইবিধ চিকিৎসাৰ অন্যতম হোতা ডা: পংকজ মালহোত্ৰাৰ মতে কেতবোৰ নিৰ্দিষ্ট দৰব এইক্ষেত্ৰত ব্যৱহৃত হয় । সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে- ম’ন’ক্লনেল এণ্টিবডী, ইণ্টাৰফেৰণবোৰ, ওপৰত উল্লেখিত T কোষ চিকিৎসাৰ উপৰি নানা পৰিস্থিতিত ব্যৱহাৰ হোৱা কৰ্কট ৰোগৰ প্ৰতিষেধক ছিটা । শেহৰবিধৰ এক অন্যতম উদাহৰণ হৈছে জৰায়ুৰ কৰ্কট ৰোগৰ বিপক্ষে প্ৰতিষেধমূলক ছিটা । প্ৰাসংগিকভাৱে উল্লেখনীয় যে ডা: পংকজ মালহোত্ৰা হৈছে চণ্ডীগড়স্থিত সুবিখ্যাত পি জি আই এম ই আৰৰ- ক্লিনিকেল হিমাটোলজী বিভাগৰ অধ্যাপক । CAR T- কোষ চিকিৎসা এতিয়ালৈকে ভাৰতত উপলব্ধ হোৱা নাই যদিও অন্যান্য চিকিৎসা পদ্ধতিসমূহ ইতিমধ্যে পোৱা গৈছে । ডা: মালহোত্ৰাৰ মতে অনতিপলমে এইবিধ চিকিৎসা ভাৰতত উপলব্ধ হ’ব । যিবোৰ ক’ৰ্পৰেট খণ্ডৰ চিকিৎসালয়ে ঘাইকৈ মেডিকেল টুৰিজিমৰ ওপৰত নিৰ্ভৰশীল সেইবোৰৰ বাবে এইধৰনৰ চিকিৎসাৰ সূচনা তথা প্ৰৱৰ্তন উজু হ’ব যদিও নি:কিন জনগণৰ সুবিধাৰ্থে চৰকাৰী খণ্ডস্থিত কৰ্কট হস্পিতালবোৰতহে এনে চিকিৎসাৰ আৰম্ভ কৰাটো সময়ৰ আহ্বান ।

লেখক :- ডা: মিহিৰ কুমাৰ গোস্বামী

উৎস :- অসমীয়া খবৰ

2.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top