পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যসন্মত ব্যৱস্থাৰ অভাৱত আমি খোৱা খাদ্য-দ্ৰব্যসমূহ ৰোগ জীৱাণুৰ সংস্পৰ্শলৈ আহে। নষ্ট হ’বলৈ ধৰা বা গেলা-পচা খাদ্য-বস্তুসমূহত এনেয়েও বীজাণু বা জীৱাণুৱে আক্ৰমণ কৰে। এনে জীৱাণু দুষ্ট খাদ্যসমূহৰ ভিতৰত মুকলিকৈ ৰখা মাছ-মাংস, গাখীৰ; টিন, প্লাষ্টিক বা কাগজৰ পেকেটত সংৰক্ষিত শুকান মাছ, মাংস, গাখীৰ, গাখীৰেৰে তৈয়াৰী বিভিন্ন খাদ্য যেনে-ক্ৰীম, কুলফি, বৰফ আদিয়েই প্ৰধান। এনে জীৱাণুদুষ্ট খাদ্যসমূহ খালে বিষক্ৰিয়া বা খাদ্যত বিষ সংক্ৰমণ হ’ব পাৰে। কাৰণ, বীজাণু সংক্ৰমিত খাদ্য-দ্ৰব্য খোৱাৰ ফলত শৰীৰৰ ভিতৰভাগত বীজাণুসমূহে আক্ৰমণ কৰে আৰু বীজাণুসমূহৰ জৈৱক্ৰিয়াৰ ফলত কেতবোৰ বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়। এই বিষাক্ত পদাৰ্থসমূহে মানৱ শৰীৰত ৰোগৰ সৃষ্ট কৰে। এইখিনিতে উল্লেখ কৰা ভাল যে জীৱিত অৱস্থাতো পশুৰ মাংসপেশীত আৰু মাছৰ গাত সংক্ৰমণ ঘটি জীৱাণু ৰৈ যাব পাৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে প্ৰস্তুত কৰা প্ৰক্ৰিয়াত বা ক্ৰটিপূৰ্ণ সংৰক্ষণৰ ফলত খাদ্যত বীজাণু সংক্ৰমিত হয়। কুচি কুচিকৈ কটা মাংসত সহজেই জীৱাণু সংক্ৰমিত হয়। ৰ’দত মেলি দিয়া বিভিন্ন খাদ্য বস্তু যেনে-আচাৰৰ বাবে চকলা চকলকৈ কটা আম আদি; মাছ, বিস্কুট, সেমেকা ৰুটি ইত্যাদিত মাখি আৰু তাতোকৈ ক্ষুদ্ৰ জীৱই কণী পাৰে। এই কণীবোৰ আমাৰ শৰীৰৰ বাবে গ্ৰহণযোগ্য নহয়।
ৰোগৰ প্ৰথম উপসৰ্গসমূহ দেখা দিয়ে জীৱাণুদুষ্ট খাদ্য-দ্ৰব্য খোৱাৰ ২-৩ ঘন্টাৰ পাছত। কেতিয়াবা কেতিয়াবা ২০ ৰ পৰা ২৬ ঘন্টাৰ পাছতো লক্ষণবোৰ প্ৰকাশিত হ’ব পাৰে।
সাধাৰণতে ৰোগ আৰম্ভ হয় হঠাতে। গা বেজ বেজাবলৈ ধৰে, মূৰ ঘূৰায় আৰু কেইবাবাৰো বমি হয়। পেটৰ ভিতৰত টানি-মুচৰি নিয়াৰ নিচিনাকৈ পকাব ধৰে, অতিপাত বিষায় আৰু অতি সঘনাই পাতল শৌচ হ’বলৈ ধৰে। শৌচ কেতিয়াবা পুঁজৰ দৰে ফেনযুক্ত হয় আৰু কেতিয়াবা তেজ মিশ্ৰিত হয়। ৰোগ অতি কম সময়তে প্ৰকট আৰু প্ৰবল হয়। লগে লগে শৰীৰৰ ৰক্তচাপ কমি যায়, নাড়ীৰ স্পন্দন আৰু দুৰ্বলতা বৃদ্ধি পায়। গাৰ বৰণ শেঁতা পৰে, পানীৰ পিয়াহ বাঢ়ে আৰু ভীষণ জ্বৰ হয়। জ্বৰ ১০১ ডিগ্ৰী ফাৰেনহাইটৰ পৰা ১০৪ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত হ’ব পাৰে।
উপযুক্ত সময়ত চিকিৎসা সাহাৰ্য নাপালে ৰোগীৰ অৱস্থা অতি বিপৰ্যয়কৰ হ’ব পাৰে। হৃৎপিণ্ড আৰু ৰক্তসিৰাতন্ত্ৰৰ অপৰ্য্যাপ্ততাই দেখা দিব পাৰে। পাছলৈ মাংসপেশীসমূহৰ কম্পন আৰম্ভ হয়, ৰোগীৰ দেহ ক্ৰমান্বয়ে অসাৰ হ’বলৈ ধৰে আৰু শেষত ৰোগীৰ মৃত্যু হ’ব পাৰে।
খাদ্যত বিষক্ৰিয়া সংঘটিত হোৱা বুলি জানিব পাৰিলে অকণো সময় নষ্ট নকৰি পাকস্থলী ধুই পেলাব লাগে অৰ্থাৎ কৃত্ৰিম উপায়ে বমি কৰাব লাগে। প্ৰায় ২ লিটাৰ কুহুমীয়া গৰম পানী ৰোগীক খাব দিব লাগে। পাছত জিভাৰ শেষ ভাগত চাপ দিলে খোৱা পানীখিনি বমিৰূপে ওলাই আহিব। এই পানীৰ লগতে পাকস্থলীত থকা খাদ্য দ্ৰব্যও ওলাই আহিব। এনেদৰে কেইবাবাৰো বমি কৰাব লাগে। পাকস্থলীৰ পৰা যেতিয়া বমিৰ ৰূপত কেৱল পৰিষ্কাৰ পানীহে ওলাব ধৰিব, তেতিয়া আৰু বমি কৰাব নালাগে। ৰোগীয়ে নিজে নিজে বমি কৰিলেও প্ৰচুৰ পৰিমাণে পানী খাব দিব লাগে। অন্ত্ৰৰ পৰা জীৱাণুদুষ্ট খাদ্য তৎকালে বাহিৰ কৰিবলৈ ৰোগীক কাৰ্ব’লেন বড়ি আৰু জোলাপৰ ঔষধ খাব দিব পাৰি। কাৰ্ব’লেন বড়ি হৈছে পাকস্থলীত ব্যৱহাৰ কৰিব পৰা একপ্ৰকাৰ কাঠ কয়লা। জোলাপৰ ঔষধ হিচাপে এৰাগছৰ তেল বা কেষ্টৰ অইল ব্যৱহাৰ কৰিব পাৰি। ৰোগীক ২-১ দিন মুখেৰে কোনো ধৰণৰ গোটা খাদ্য খাব দিব নালাগে যদিও প্ৰচুৰ পৰিমাণে পানী খাব দিব লাগে। অৱশ্যে পাকস্থলী ধুই পেলোৱাৰ পাছত বা কৃত্ৰিম উপায়ে বমি কৰোৱাৰ পাছত গৰম চাহ বা কফি পান কৰি ৰাখিব লাগে। ৰোগীৰ শৌচ আৰু বমি বীজাণুমুক্ত কৰিবলৈ ‘বেড পেন’ ৰ ভিতৰ খন শুকান ব্লিচিং পাউদাৰেৰে মচি ল’ব লাগে।
যিসকল লোকে খাদ্যৰ সৈতে সন্দেহজনক দ্ৰব্য গ্ৰহণ কৰে, তেনে লোকৰ প্ৰতি ২-১ দিন লক্ষ্য ৰখা উচিত। যদি অনুৰূপ উপসৰ্গ পৰিলক্ষিত হয় তেন্তে পাকস্থলী পক্ষালন কৰিব লাগে।
লিখক: ডা: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
ফুড পইজনৰ বিষয়ে লিখা হৈছে ।