অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাঢ় এছিড আৰু ক্ষাৰৰ বিষক্ৰিয়া

গাঢ় এছিড আৰু ক্ষাৰৰ বিষক্ৰিয়া

গাঢ় এছিড আৰু ক্ষয়কাৰক ক্ষাৰৰ বিষক্ৰিয়াত অতি সোনকালেই জটিল অৱস্থাৰ সৃষ্টি হয়। এনে পদাৰ্থ পান কৰাৰ ফলত মুখগহ্বৰ, ডিঙি, খাদ্যনলী, পাকস্থলী আৰু বেছিভাগ ক্ষেত্ৰতে কণ্ঠনলীৰ শ্লৈষ্মিক ঝিল্লীৰ বিস্তৃত অংশ পুৰি যায়। এই বিষাক্ত পদাৰ্থসমূহ শৰীৰৰ ভিতৰলৈ শোষিত হৈ জীৱন-ধাৰণৰ বাবে অতি প্ৰয়োজনীয় অংগ যেনে যকৃত, বৃক্ক, হাঁওফাঁও, হৃৎপিণ্ড আদি বিনষ্ট কৰিব পাৰে। শ্লৈষ্মিক ঝিল্লী, ছালতকৈ কম সহনশীল হোৱা হেতুকে অতি সোনকালে আৰু অতি গভীৰভাৱে বিনষ্ট হয়।

এছিড লাগিলে মুখৰ শ্লৈষ্মিক ঝিল্লী আৰু ওঁঠৰ শ্লৈষ্মিক ঝিল্লীত পোৰা ঘাঁ আৰু পানী জ্বলাই দেখা দিয়ে। ছালফিউৰিক এছিডে যদি পোৰে তেন্তে পানী জ্বলাৰ ৰং ক’লা হয়; নাইট্ৰিক এছিডে পুৰিলে ধূসৰ হালধীয়া; হাইড্ৰ’ক্লৰিক এছিডে পুৰিলে সেউজ-হালধীয়া আৰু এছেটিক এছিডে পুৰিলে ধূসৰ বগা ৰঙৰ পানী জ্বলা ওলোৱা দেখা যায়।

ক্ষাৰকীয় পদাৰ্থবোৰ আমাৰ কলা আৰু কোষৰ মাজেৰে সহজে সৰকি যাব পাৰে। সেইবাবে বহু গভীৰতালৈ আমাৰ কলা নষ্ট হোৱাৰ সম্ভাৱনা বেছি। ক্ষাৰকীয় পদাৰ্থৰে পোৰা দাহক্ষতৰ উপৰিভাগ দেখিবলৈ ওখৰা-মোখৰা গলিত আৰু ধূসৰ বগা ৰঙৰ।

এছিড বা ক্ষাৰকীয় পদাৰ্থ খোৱাৰ লগে লগে দুৰ্দশাগ্ৰস্তৰ মুখ, উৰ:ফলকৰ পিছফালে আৰু পেটৰ উপৰিভাগত ভীষণ বিষৰ সৃষ্টি হয়। বিষত দুৰ্দশাগ্ৰস্ত কোঁচ খাই যায়। প্ৰায় সকলো ক্ষেত্ৰতে কষ্টকৰ বমি হোৱা দেখা যায়। বমিৰ সৈতে তেজ মিহলি হৈ ওলায়। বিষৰপৰাই স্নায়ুতন্ত্ৰ আঘাতপ্ৰাপ্ত হয়। কন্ঠনলীৰ স্ফীতি হৈ শ্বাসৰুদ্ধ অৱস্থায়ো দেখা দিব পাৰে। বেছি পৰিমাণৰ এছিড বা ক্ষাৰকীয় পদাৰ্থ খোৱা গ’লে হৃৎপিণ্ডৰ দুৰ্বলতাই দেখা দিয়ে আৰু দুৰ্দশাগ্ৰস্তৰ শৰীৰ চেঁচা হৈ যায়।

স্পিৰিট অৱ এম’নিয়া (এম’নিয়াম হাইড্ৰক্সাইড) ৰ দ্বাৰা বিষক্ৰিয়া হ’লে ভীষণ ৰুপ ধাৰণ কৰে। বিষ যন্ত্ৰনাৰ লগে লগে শ্বাসকষ্টই দেখা দিয়ে।

  • যদি গাঢ় এছিডৰ ফলত বিষক্ৰিয়া হয়, খাদ্যনলী আৰু পাকস্থলী ফুটা হৈ যোৱাৰ কোনো উপসৰ্গ নাথাকে তেন্তে প্ৰথমতে ৬ ৰ পৰা ১০ লিটাৰ ঈষৎ উষ্ণ গৰম পানীত ১২০ ৰ পৰা ২০০ গ্ৰাম (প্ৰতিলিটাৰত ২০ গ্ৰাম) মেগনেছিয়াম অক্সাইড মিহলাই পাকস্থলী ধুই পেলাব লাগে। মেগনেছিয়াম অক্সাইড নাথাকিলে কেলছিয়াম অক্সাইড হ’লেও হ’ব।

সাৱধানতা

পাকস্থলী ধৌতকৰণত কেতিয়াও চ’দা ব্যৱহৰ নকৰিব।

  • যদি পাকস্থলী ধুই দিব পৰা কোনো ব্যৱস্থা নাথাকে তেন্তে দুৰ্দশাগ্ৰস্তক গাখীৰ, তেল, কণীৰ বগা বিজলুৱা অংশ, ভাতৰ মাৰ আদি খুৱাব লাগে। এইবিলাক খাদ্যদ্ৰব্যই শ্লৈষ্মিক ঝিল্লীৰ ওপৰত প্ৰলেপৰ সৃষ্টি কৰে।

সাৱধানতা: কাৰ্বলিক এছিডৰ দ্বাৰা বা ফিনল, লাইজল আদিৰ দ্বাৰা বিষক্ৰিয়া হ’লে গাখীৰ, তেল, চৰ্বি দিয়া নিষেধ।

  • ফিনল, লাইজল, কাৰ্বলিক এছিডৰ দ্বাৰা বিষক্ৰিয়া হ’লে মেগনেছিয়াম অক্সাইড পানীত মিহলাই খাব দিব লাগে। লগতে কেলছিয়াম অক্সাইডৰ পানীও খুৱাব লাগে।
  • বিষ কমাবৰ বাবে ওপৰ পেটত ঠাণ্ডা পানীৰ বেগ বা বৰফৰ বেগ ব্যৱহাৰ কৰিব পাৰি।
  • ক্ষাৰকীয় পদাৰ্থৰ দ্বাৰা বিষক্ৰিয়া হ’লে ১ শতাংশ ছাইট্ৰিক এছিডৰ দ্ৰৱ পানীত মিহলাই পাকস্থলী ধুই পেলাব লাগে।
  • যদি পাকস্থলী ধুই পেলাব পৰা নাযায় তেন্তে পাঁচ মিনিটৰ অন্তৰে অন্তৰে ২-৩ শতাংশ ছাইট্ৰিক বা এছেটিক এছিডৰ দ্ৰৱ ডাঙৰ চামুচেৰে এচামুচকৈ খুৱাই থাকিব লাগে।
  • নেমুৰ চৰ্বত বা পানীও খুৱাব পাৰে।

সাৱধানতা: ছডিয়াম হাইড্ৰ’ক্লৰাইড দ্ৰৱৰে কুলু কুলু কৰিবলৈ বা খাবলৈ দিয়া নিষেধ।

যদি পাকস্থলী বা খাদ্যনলী ফুটা হোৱাৰ লক্ষণ দেখা দিয়ে (পেটত ভীষণ বিষ, উৰ:ফলকৰ পিছফালে অসহ্য বিষ) তেন্তে দুৰ্দশাগ্ৰস্তক একো খাব দিব নালাগে আৰু পাকস্থলীও ধুব নালাগে। লগে লগে ওচৰতে থকা ভাল চিকিৎসালয়লৈ যোৱা উচিত।

লিখক: ডা: ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate