পেটৰ বিভিন্ন ধৰনৰ সমস্যাৰ ভিতৰত গেষ্ট্ৰিকৰ সমস্যাও অন্যতম । গেষ্ট্ৰিক বৰ্তমান পৰিচিত এক ৰোগ । এই ৰোগটোক চিকিৎসা-বিজ্ঞানে গেষ্ট্ৰাইটিছ বুলিহে কয়, এই ৰোগৰ বিষয়ে প্ৰায়ভাগ লোকেই কম- বেছি পৰিমাণে জানে । বৰ্তমান পৰিৱৰ্তিত জীৱন ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাই ল’বলৈ গৈ বহু লোক গেষ্ট্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হয় । পাকস্থলীৰ ভিতৰৰ প্ৰথম স্তৰত, অৰ্থাৎ মিউকাচ মেমব্ৰেন স্তৰত প্ৰদাহ বা ইনফ্লেমেচন হয় আৰু এনেধৰণৰ প্ৰদাহকে গেষ্ট্ৰিক বুলি কোৱা হয় । তদুপৰি ভাইৰেল ইনফেকচনৰ পৰাও এই ৰোগ হ’ব পাৰে । পাকস্থলীত হাইড্ৰ’ক্লৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালেই পাকস্থলীৰ শ্লেষ্মা আৱৰণখনৰ ক্ষতি হয় । যাৰ ফলত হজম প্ৰক্ৰিয়া বিঘ্নিত হয় । আমাৰ পাকস্থলীত থকা বিভিন্ন প্ৰকাৰৰ কোষৰ পৰা এচিড তথা পাচক ৰস নি:সৰণ হয় । পাকস্থলীৰ অক্সিটিক চেলবোৰৰ পৰা প্ৰতিদিনে প্ৰায় ১,০০০-১,৫০০ মিলিলিটাৰ পৰিমাণৰ হাইড্ৰ’ক্লৰিক এচিড নি:সৰণ হয় । খাদ্য গ্ৰহণৰ সময়ত এই এচিডৰ পৰিমাণ বাঢ়ি যায় । তদুপৰি গেষ্ট্ৰিক ৰসৰ আন উপাদানসমূহ হৈছে পেপচিন, গেষ্ট্ৰিক লাইপেজ, লাইছ’জাইম, মিউচিন ইত্যাদি । এই সকলো উপাদান মিলি গেষ্ট্ৰিক ৰসৰ এক নিৰ্দিষ্ট মাত্ৰা ৰক্ষা কৰে আৰু খাদ্যবস্তু হজম হোৱাত সহায় কৰে । যদিহে বহু সময় ধৰি পাকস্থলীত খাদ্য নাথাকে, তেন্তে পাচন প্ৰক্ৰিয়াৰ সময়খিনিত আন ৰসৰ পৰিমাণ বাঢ়ি যায় আৰু সেইবোৰে পাকস্থলীৰ শ্লেষ্মা আৱৰণখনৰ অপকাৰ কৰে । এইদৰেই গেষ্ট্ৰাইটিছৰ আৰম্ভণি হয় আৰু লাহে লাহে উপসৰ্গবিলাক প্ৰকাশ পাবলৈ ধৰে । এই ৰোগ প্ৰৌঢ় বা শিশু, যুৱক-যুৱতী যিকোনো অৱস্থাতে হ’ব পাৰে । অৱশ্যে বয়সৰ তাৰতম্যৰ বাবে ৰোগৰ কাৰণো ভিন ভিন হ’ব পাৰে ।
আজিকালি যুৱ সমাজৰ মাজত ফাষ্টফুড জাতীয় খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ি গৈছে । চিপচ, ম’ম, ৰোল, চাওমিন, অমলেট আদি আজিৰ যুগৰ যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীহঁতৰ প্ৰিয় খাদ্যত পৰিণত হৈছে । কোনো ব্যক্তিয়ে যদি নিয়মীয়াকৈ এনেধৰণৰ আহাৰ খায়, তেন্তে তেওঁৰ সুষম আহাৰৰ অভাৱত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি গৈ লিভাৰত মেদ জমা হৈ ফেটী লিভাৰ নামৰ একপ্ৰকাৰৰ বিসংগতি দেখা দিয়াৰ সম্ভাৱনা থাকে, আৰু এই অপকাৰী আহাৰ গ্ৰহণৰ ফলতে গেষ্ট্ৰিক ৰোগ হয় । আনহাতে বৰ্তমানৰ কৰ্ম-সংস্কৃতিয়ে মানুহৰ জীৱনক ব্যস্ততাৰ মাজলৈ ঠেলি দিছে । ফলস্বৰুপে বহুতো লোকে দিনটোত বিশেষ আহাৰ গ্ৰহন নকৰি সময়ৰ অভাৱত কেৱল চাহ আৰু তেল-মচলাযুক্ত আহাৰ গ্ৰহণ কৰাৰ উপৰি কিছুমান লোকে আকৌ ষ্টেটাছ ছিম্বল হিচাপেও উপৰিউক্ত ফাষ্ট ফুড বা জাংক ফুড খাই শৰীৰৰ সৰ্বনাশ কৰিবলৈ লৈছে । ফলত গেষ্ট্ৰাইটিছে আক্ৰমণ কৰাত সুবিধা পায় । এই খাদ্যবিলাক গ্ৰহণৰ ফলতেই বিভিন্ন দূষিত পদাৰ্থ আমাৰ পাকস্থলীত প্ৰৱেশ কৰে । তেতিয়াই আমাৰ পাচক ৰসসমূহে খাদ্য জীৰ্ণ কৰিব নোৱাৰাৰ ফলত অজীৰ্ণ খাদ্যাংশ পাচক ৰসৰ সৈতে লগ লাগি বিষাক্ত হৈ উঠে আৰু অম্ল বিষত পৰিণত হৈ শৰীৰৰ বায়ু-ৰক্ত আদিক দূষিত কৰি পেলায় । বুকু পৰ্যন্ত এই দূষিত বায়ু গৈ বুকু জ্বলা- পোৰা কৰে । মুখৰ দুৰ্গন্ধ হয়, মুখেদি পানী ওলায়, পেটত গেছ জমা হয় আৰু আহাৰ গ্ৰহণত ৰুচি নথকা নহয় । মানসিক অৱস্থায়ো পৰিপাক তন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় । ব্যক্তি এজন যদি মানসিক চাপ বা দুশ্চিন্তাত ভোগে, তেতিয়া খাদ্যৰ পৰিপাক কাৰ্যত ব্যাঘাত জন্মে । এনেধৰণৰ মানসিক অৱস্থা চলি থাকিলে পাকস্থলীৰ কাৰ্য ব্যাহত হৈ পাচক ৰস নি:সৰণত বাধা দিয়ে । এনেদৰেই গেষ্ট্ৰাইটিছ হ’বলৈ ধৰে ।
পেট, বুকু জ্বলা-পোৰা কৰা, টেঙা পানীৰ উগাৰ অহা আৰু পেটৰ বিষ । পেটৰ বিষ আচলতে মচলাজাতীয় আহাৰ আৰু অত্যধিক তেলজাতীয় আহাৰ গ্ৰহণ কৰিলে হয় ।
গেষ্ট্ৰিকত ভোগা ৰোগীয়ে খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা উচিত । পাকস্থলীত প্ৰদাহ হ’ব নোৱাৰা আহাৰ খোৱা উচিত, যেনে- পাচলিৰ চুপ অথবা সিদ্ধ পৰিমিত খাদ্য । গেষ্ট্ৰিকে আমনি কৰি থকা সময়ত টেঙাজাতীয় ফল-মূল আৰু অতি কঢ়া বস্তু নাখাব । বিশুদ্ধ পানী খোৱাত অভ্যস্ত হ’ব । পুৱা বিছনা ত্যাগ কৰিয়েই পানী খোৱা অভ্যাস গঢ়ি তোলক । গেষ্ট্ৰাইটিছৰ পৰা উপশম পাবলৈ কৰা চেষ্টাতকৈ সেই ৰোগটোৱে যাতে বাহ ল’ব নোৱাৰে তাৰ বাবে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলক । কাৰণ এই ৰোগে স্বাভাৱিক জীৱন যাপনত নানাধৰণৰ বাধাৰ সৃষ্টি কৰে । য’ৰে-ত’ৰে পানী নাখাব আৰু য’তে-ত’তে খাদ্যও নাখাব । ধূমপান বৰ্জন কৰিব । গেষ্ট্ৰাইটিছৰ লগত বৰ বেয়াকৈ জড়িত অত্যধিক ল’ৰা-ঢপৰা, মানসিক চাপ, অতি ব্যস্ততাপূৰ্ণ জীৱন-যাত্ৰাৰ পৰা দূৰত থাকিব । দিনটোৰ কৰ্মব্যস্ততাৰ পিছত কিছু সময় ৰিলেক্স অকল মনৰ বাবেই নহয়, শৰীৰৰ বাবেও অতি দৰকাৰী । কেৱল যে খাদ্যই মানুহ এজনক সুস্থ ৰখি বা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে তেনে নহয় । পৰিমিত খাদ্যৰ লগতে নিয়মিত ব্যায়াম, মানে আসন, প্ৰাণায়াম, ধ্যানৰ কথাহে বুজোৱা হৈছে । খাদ্য আৰু ব্যায়াম বেলেগ বেলেগ গুণবিশিষ্ট । এই দুয়োটাই একেলগে কাম কৰিলেহে এটা সুস্থ-স্বাস্থ্যৱান শৰীৰ আশা কৰিব পাৰি । শৰীৰৰ অপব্যৱহাৰ মানেই শৰীৰৰ ধ্বংস । গতিকে শৰীৰটোক ধ্বংসৰ মুখৰ পৰা বচাবলৈ হ’লে খাদ্যৰ লগতে শাৰীৰিক ব্যায়াম বা আসন-প্ৰাণায়াম, ধ্যান কৰিব লাগিব । যিহেতু আধুনিক জীৱনত-প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত শাৰীৰিক শ্ৰম কৰিব পৰা সুবিধা কম, গতিকে আমি যোগাভ্যাসৰ সহায় ল’বই লাগিব । নিয়মিত যোগাভ্যাসে শৰীৰটোক সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে । ই বিপাক ক্ৰিয়াজনিত ৰোগ বা মেটাব’লিক ডিজিজো প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে । যোগাভ্যাস একমাত্ৰ নিশ্চিত পদ্ধতি- যাৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ দ্বাৰা পৰিপাক তন্ত্ৰৰ বিভিন্ন ৰোগসমূহক প্ৰতিৰোধ আৰু নিৰ্মূল কৰিব পাৰি । তলত কেইটামান উপযোগী আসন, প্ৰাণায়াম আৰু প্ৰাকৃতিক চিকিৎসা বিধি দিয়া হ’ল । উপযুক্ত প্ৰশিক্ষকৰ পৰামৰ্শ লৈ প্ৰক্ৰিয়াবোৰ অভ্যাস কৰিব পাৰে ।
ক) কপালভাতি ক্ৰিয়া-প্ৰাণায়াম :- |
পাঁচ-দহ মিনিট |
খ) বন্ধত্ৰয় বা বাহ্য প্ৰাণায়াম :- |
তিনি-চাৰিবাৰ |
গ) অগ্নিশাৰ ক্ৰিয়া |
তিনি-চাৰিবাৰ |
ঘ) নাড়ীশুদ্ধি প্ৰাণায়াম |
তিনি-চাৰিবাৰ |
ঙ) সহজ অগ্নিশাৰ ধৌতি |
বিশ-ত্ৰিশবাৰ |
চ) ধ্যান |
পাঁচ মিনিট |
ছ) তাৰাসন |
চাৰি-পাঁচবাৰ |
জ) যষ্টিকাসন |
চাৰি-পাঁচবাৰ |
ঝ) মাৰ্জৰাসন |
তিনি-চাৰিবাৰ |
ঞ) পৱনমুক্তাসন |
তিনি-চাৰিবাৰ |
ট) সহজ প্ৰাণায়াম এক নং |
চাৰিবাৰ |
ঠ) ভূজঙ্গাসন, অৰ্থ শলভাসন |
তিনি-চাৰিবাৰ |
ড) শৱাসন |
পাঁচ মিনিট |
পেটৰ পটি, পেটত ঠাণ্ডা-গৰম সেক, উপবাস আদি প্ৰাকৃতিক চিকিৎসাবিধিও প্ৰয়োগ কৰিব পাৰে । উপবাসৰ সময়ত প্ৰচুৰ বিশুদ্ধ পানী খাব পাৰে । পাৰিলে নেমুপানী খাব । আৰু ৰসাল ফলো খাব পাৰে ।
লেখক :- বসন্ত মজুমদাৰ
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 3/18/2020