সৰু সৰু ভোটা বস্তু যেনে কুটা, পোক-পৰুৱা, বালিকণা আদি চকুত সোমালে চকুৰ শ্লৈষ্মিক ঝিল্লী বা কঞ্জাংকটাইভাত খামোচ খাই ৰৈ যায় ।কঞ্জাংকটাইভা হৈছে চকুৰ পতাৰ ভিতৰফালে থকা বহি: আৱৰণ । খামোচ খাই ৰৈ যোৱাৰ পাছত চকুত পোৰণিৰ দৰে অনুভুতিৰ সৃষ্টি হয় । চকু পিট পিটালে এই পোৰণি বিয়পি পৰে । পিছত চকুৰপৰা পানী ওলাবলৈ ধৰে ।চকুত সোমোৱা বস্তুটোক উলিয়াই নিদিলে কঞ্জাংকটাইভাৰ স্ফীতি, চকু ৰঙা পৰা, দৃষ্টি ব্যাহত হোৱা আদি উপসৰ্গৰ সৃষ্টি হয় ।
বাহ্যিক বস্তু সাধাৰণতে চকুৰ ওপৰ বা তলপতাৰ তলিত অৱস্থান কৰে । এনে ক্ষেত্ৰত চকু পিট পিটোৱা বা মোহৰা অনুচিত । এনে কৰিলে কঞ্জাংকটাইভাৰ প্ৰদাহ হব পাৰে ।
প্ৰথমতে দুৰ্দশাগ্ৰস্থৰ চকুৰ তলপতাৰ কঞ্জাংকটাইভা চাব লাগে । দুৰ্দশাগ্ৰস্থক মূৰ লৰচৰ নকৰাকৈ ওপৰফালে চাবলৈ চেষ্টা কৰিব দিব লাগে ।একে সময়তে সাহায্যকাৰীয়ে তলৰ পতাটো সামান্য তলৰ ফালে টানিলেই কঞ্জাংকটাইভাৰ বেছি অংশ দেখা যাব । তাত যদি বস্তুটো আছে তেনেহলে স্ক্ৰুৰ নিচিনাকৈ পকাই লোৱা কাপোৰৰ আগ এটাৰে বস্তুটো বাহিৰ কৰি দিব লাগে ।
স্ক্ৰুৰ নিচিনাকৈ পকাই লোৱা কাপোৰখন পৰিষ্কাৰ হব লাগে আৰু সম্ভব হলে ১% বৰিক এছিডৰ জলীয় দ্ৰৱত তিয়াই চেপি লব লাগে ।যদি বস্তুটো তলপতাত নাথাকে, ওপৰৰ পতাত থাকে তেন্তে বাহ্যিক বিজাতীয় বস্তুটো উলিওৱাটো কিছু কঠিন ।
এইবাৰ দুৰ্দশাগ্ৰস্তক মূৰ লৰচৰ নকৰাকৈ তলফালে চাব দিব লাগে । একে সময়তে শুশ্ৰূষাকাৰীয়ে দুৰ্দশাগ্ৰস্তৰ চকুৰ ওপৰপতাটো সোঁহাতৰ দুই আঙুলিৰে ধৰি সমুখ আৰু সামান্য তলফাললৈ টানি তাৰপাছত বাঁওহাতৰ তৰ্জনী আঙুলি পতাৰ ওপৰত ৰাখি পতাটো ওলোটাই দিব লাগে । বাঁওহাতৰ তৰ্জনী আঙুলিৰ ঠাইত ঘূৰণীয়া শলাকা, পেঞ্চিল আদিও ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ পাছত চকুৰপৰা বস্তুটো আগৰদৰে পকাই লোৱা কাপোৰেৰে উলিয়াই আনি ব্যক্তিজনক ওপৰফালে চাবলৈ ক্ব লাগে । ওপৰফালে চাবলৈ চেষ্টা কৰিলে চকুৰ পতা পুনৰ স্বস্থানত অৱস্থান কৰিব ।
সাৱধানতা: বিন্ধি ৰৈ যোৱা বস্তু চকুত সোমালে উলিয়াবলৈ কোনোধৰণৰ চেষ্টা কৰিব নালাগে । দুৰ্দশাগ্ৰস্তক লগে লগে চিকিত্সালয়লৈ স্থানান্তৰিত কৰিব ।
শেহতীয়া উন্নীতকৰণ: : 4/3/2020