অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকৰ পৰা সাৱধান

ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকৰ পৰা সাৱধান

চোকা ৰ’দত ঘাম-ঘামচিয়ে বৰ আমনি কৰে। বেছি গৰম পৰিলে হিটষ্ট্ৰোক বা ছানষ্ট্ৰোক হোৱাৰ ভয় থাকে। কেতিয়াবা হিটষ্ট্ৰোক মৃত্যু কাৰকো হৈ পৰে। সাধাৰণতে প্ৰচণ্ড গৰমত বয়সস্থ লোক বহু সময়লৈ ৰ’দত থাকিলে হিটষ্ট্ৰোক হোৱাৰ ভয় থাকে। শৰীৰৰ উত্তাপ ১০৬ ডিগ্ৰী ফাৰেনহাইটৰ বেছি হ’লে মৃত্যুৰ আশংকাও বৃদ্ধি পায়। অৱশ্যে সৰুৰে পৰা যিসকলে গৰমৰ লগত সহৱস্থান কৰে তেওঁলোকে এনেকুৱা পৰিস্থিতিত নিজকে খাপ খুৱাই ল’ব পাৰে। কিন্তু যিসকলৰ গৰমত বেছি সময় থকাৰ অভ্যাস নাই তেওঁলোকৰ বাবে গৰমত প্ৰচণ্ড ৰ’দত হিটষ্ট্ৰোক হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। গতিকে কিছুমান নিয়ম মানি চলিলে হিটষ্ট্ৰোক বা ছানষ্ট্ৰোকৰ পৰা হাত সাৰিব পাৰি।

  • গৰমত বাহিৰলৈ ওলালে সদায় লগত পানী লৈ যোৱা উচিত। কাৰণ প্ৰখৰ ৰ’দৰ কাৰণে পিয়াহ লাগে। লগতে হঠাৎ দুৰ্বল অনুভৱ কৰিলে ছাঁ থকা ঠাইত জিৰণি লৈ মুখমণ্ডলত পানী মাৰিব লাগে।
  • ছানষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ পিন্ধা কাপোৰ ঢিলা কৰি দিব লাগে। ঘৰত থাকিলে দুৱাৰ-খিৰিকী খুলি দিব লাগে, যাতে সতেজ বতাহ অহা-যোৱা কৰিব পাৰে।
  • দুপৰীয়া ৰ’দৰ তাপ বেছি। পৰাপক্ষত এই সময়ত ঘৰৰ পৰা বাহিৰলৈ যাব নালাগে। প্ৰয়োজনত যাবলগীয়া হ’লেও ছাতি ব্যৱহাৰ কৰিব লাগে।
  • ছানষ্ট্ৰোক বা হিটষ্ট্ৰোক আক্ৰান্ত ব্যক্তিৰ শৰীৰত খনিজ লৱণযুক্ত পানী ভাগ কমি যায়। সেয়ে অ’ আৰ এছ নাইবা নিমখ-চেনি মিহলোৱা পানী খাব লাগে।
  • হিটষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ শৰীৰ চেঁচা পানীৰে মোহাৰি দিব লাগে। তেতিয়া ৰোগীয়ে আৰাম পায়।
  • শিশুসকল ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকত বেছিকৈ আক্ৰান্ত হয়। কাৰণ শিশুসকলে প্ৰচণ্ড গৰমতো দৌৰা-দৌৰি কৰি থাকে, বিভিন্ন খেল খেলি থাকে। তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ লগত শৰীৰৰ বাবে দৰকাৰী খনিজ লৱণ ওলাই যায়। সেয়ে শিশুসকলক গৰমৰ দিনত বাহিৰত খেলা খেল যেনে-ফুটবল, বেডমিন্টন, ক্ৰিকেট, ভলীবল আদি খেলিবলৈ দিয়া উচিত।
  • গৰমত পলিষ্টাৰ, নাইলন আদি কাপোৰ ব্যৱহাৰ কৰিলে গৰম বেছি লাগে। কপাহী কাপোৰ গৰমৰ বাবে উত্তম। কাৰণ কপাহী কাপোৰেৰে ঘাম শুহি লয়। গতিকে গৰমত কপাহী নাইবা চিফন কাপোৰ পিন্ধিব লাগে।
  • শৰীৰ শীতল ৰাখিবলৈ গৰমত প্ৰচুৰ পানী খাব লাগে। আক্ৰান্ত ব্যক্তিক ঠাণ্ডা পানীৰে জলপতি দিব লাগে।
  • ৰ’দত কাম কৰি থাকোতে খোজ কাঢ়ি থাকোতে মূৰ ঘূৰোৱা যেন লাগিলে নাইবা অস্বাভাৱিকভাৱে ঘামিলেও ছাঁ থকা স্থানত বিশ্ৰাম ল’ব লাগে। বিশ্ৰাম লোৱাৰ পিছতো আৰাম অনুভৱ নহ’লে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লেখিকা: ললিতা শৰ্মা লহকৰ।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate