শীতকালত চাৰিওফালে শুকাই থাকে বাবে আৰু জুইৰ ব্যৱহাৰ বেছিকৈ হোৱা বাবে জুইৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাবোৰ বেছিকৈ হয়। জুইৰ উত্তাপ আৰু জুইৰ লগত ছালৰ সংস্পৰ্শৰ সময় অনুসৰি জুয়ে পোৰা ঠাই টুকুৰাৰ গভীৰতা আৰু ব্যাপকতাৰ পাৰ্থক্য হয়। জুই লাগিলে জুইৰ কাষৰ পৰা সকলোৱে পলাবলৈ বিচাৰে। এইটো মানুহৰ সহজাত প্ৰবৃত্তি। কিন্তু যেতিয়া অকস্মাতে জুয়ে মানুহজনক আগচি ধৰে, তেতিয়া যিমান পাৰি সোনকালে জুইৰ উৎসটো নুমুৱাবলৈ চেষ্টা কৰিব লাগে। এইক্ষেত্ৰত আমি জানিব লাগিব জুই কেনেকৈ নুমুৱাব।
পানীয়ে অতি সহজে আৰু সোনকালে জুই নুমুৱায় আৰু লগে লগে জ্বলা ঘাডোখৰৰ উত্তাপো উপশম হয়।
জুইৰ পানী ছটিয়াওঁতে সাৱধান হ’ব: যাতে ছটিওৱাজনৰ গাত জুই নালাগে। সাধাৰণতে কাপোৰত জুই লাগিলে পানী ঢাকি দিলে কাপোৰ তিতি যায় কাপোৰলৈ জুই সম্প্ৰসাৰিত নহয়।
পানী সহজলভ্য, বিশেষকৈ ৰান্ধনীঘৰত জুই থাকিলে পানী ওচৰতে পোৱা যায়। যদিহে ওচৰত পানী নাথাকে, তেতিয়া জুই লগা মানুহজনে মাটিত বাগৰি দিয়া উচিত। মনত ৰাখিব যে গাত জুই লাগিলে কেতিয়াও দৌৰাদৌৰি কৰিব নালাগে। এনে কৰিলে কোবত জুইকুৰা বেছিকৈ লাগে।
জুই নুমুৱাবলৈ কম্বলেৰে ঢাকি দিবলৈ পৰামৰ্শ দিয়া হৈছিল যদিও বৰ্তমান বিজ্ঞানত কম্বলেৰে জুই ঢকাৰ ওপৰত দ্বিমত প্ৰকাশ কৰিছে। কিয়নো কম্বল সহজলভ্য নহয় আৰু কম্বলখনত জুই লাগি গ’লে জুই লগা ব্যক্তিজনৰ ঘাৰ গভীৰতা বৃদ্ধি পায়।
বেছিকৈ গাত জুই লাগিলে ঘৰুৱা চিকিৎসা কৰাতকৈ সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। কোনো কাৰণতে ৰোগীৰ গাৰ পৰা কাপোৰ খুলিবলৈ চেষ্টা কৰিব নালাগে।
জুয়ে পোৰা ৰোগীয়ে বমি নকৰিলে পানী খাব দিব পাৰি।
জুয়ে পোৰা আঘাতৰ চিকিৎসা ৰোগীৰ বাবে অতি কষ্টকৰ। এই চিকিৎসা প্ৰক্ৰিয়া ব্যয়বহুল আৰু দীঘলীয়া। চিকিৎসা প্ৰদান কৰোঁতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰো যথেষ্ট কষ্ট হয়। জুয়ে পোৰা ৰোগীক বিষ উপশমৰ বাবে বেজী দিয়া হয়। আনহাতে, শৰীৰৰ পৰা জুই লাগোঁতে পানী ওলাই যায় বাবে ৰোগীক চিকিৎসাৰ আৰম্ভণিৰে পৰা ছেলাইন দিয়া হয়। চিকিৎসা বিজ্ঞানত জুয়ে পোৰা ৰোগীৰ জ্বলা অংশৰ শতকৰা হিচাপ উলিয়াই সেই মতে চিকিৎসা প্ৰদান কৰে। সাধাৰণতে চিকিৎসালয়ত জুয়ে পোৰা ৰোগীক ৰখাৰ এটা নিৰ্দিষ্ট বিভাগ থাকে। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক লোকক শতকৰা বিশ ভাগ বা ততোধিক পুৰিলে আৰু শিশুক শতকৰা দহ ভাগ পুৰিলেই বাৰ্ন ইউনিটত ভৰ্তি কৰাব লাগে। এই বিভাগত ৰোগীক সম্পূৰ্ণ বীজাণুমুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰা হয়। সেই পৰিৱেশত এদল চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে বিজ্ঞানসন্মতভাৱে চিকিৎসা আগবঢ়ায়।
জুয়ে পোৰা ৰোগীৰ ঘাবোৰ শুকাই যোৱাৰ পাছতো ছালখন সংকুচিত হৈ বিকৃত হয়, তেৰুয়া ৰোগীক ছাল নিমজ কৰিবৰ বাবে পুনঃসস্থাপনৰ চিকিৎসা আগবঢ়োৱা হয়। এনেধৰণৰ উন্নত চিকিৎসা প্ৰদন কৰিবলৈ বাৰ্ন ইউনিটত ৰোগীৰ বাবে আহল-বহল সুকীয়া কোঠা ড্ৰেছিং ৰুম, অস্ত্ৰোপচাৰ কক্ষ, নাৰ্ছৰ বাবে কোঠা আৰু ঘা শুকোৱাৰ পাছত ৰোগীক ৰাখিবলৈ দুই-চাৰিখন বিছনাযুক্ত ৱাৰ্ডৰ আৱশ্যক। বীজাণুমুক্ত পৰিৱেশৰ বাবে সকলো কৰ্মচাৰীয়ে চিকিৎসালয়ৰ বীজাণুমুক্ত পোছাক, মুখ ঢাকনি, টুপী, হাতমোজা আদি পৰিধান কৰাটো অপৰিহাৰ্য।
চিকিৎসালয়ত জৰুৰীকালীন সেৱা বিভাগৰ জৰিয়তে অগ্নিদদ্ধ ৰোগীক বাৰ্ন ইউনিটত ভৰ্তি কৰোৱা হয়। আছুতীয়া পৰিৱেশত ৰোগীক প্ৰথ্মে পোৰা কাপোৰ গাৰ পৰা আঁতৰাই বীজাণুমুক্ত কাপোৰেৰে শৰীৰ ঢাকি দিয়া হয়। চিকিৎসাত প্ৰথমে প্ৰয়োজন অনুসৰি চেলাইন আৰু বীজাণুনাশক ঔষধ দিয়া হয়। এনে ৰোগীক প্ৰয়োজনত কৃত্ৰিম শ্বাস-প্ৰ্শ্বাসৰ ব্যৱস্থা কৰিব লগা হয়। ৰোগীৰ প্ৰস্ৰাৱ আৰু ছেলাইনৰ পৰিমাণ হিচাপ কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এনে ৰোগীৰ ৰক্তচাপ আৰু নাড়ীৰ গতি সকলো সময়তে লক্ষ্য কৰি থকা প্ৰয়োজন। ৰোগীক বীজাণুমুক্ত পৰিৱেশত ৰখা হয় বাবে ৰোগীক দৰ্শন কৰোঁতে সতৰ্কতা অৱলম্বন কৰা হয়।
ৰোগীক বেণ্ডেজ লগাব লগা হ’লে সেই বেণ্ডেজ প্ৰতিদিনে সলনি কৰিব লাগে। দকৈ জুয়ে পোৰা অংশৰ ছাল সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। তেতিয়া ৰোগী আৰোগ্য হোৱাৰ পিছত সেই ঘা নোহোৱা কৰিবলৈ প্লাষ্টিক ছাৰ্জাৰী কৰা হয়। আজিকালি দকৈ পোৰা ঘা অগ্নিদগ্ধ হোৱাৰ ৪৮ৰ পৰা ৭২ ঘন্টাৰ ভিতৰত সম্পূৰ্ণকৈ কাটি আঁতৰাই শৰীৰৰ অন্য ঠাইৰ পৰা ছাল আনি লগোৱা পদ্ধতিও গ্ৰহণ কৰা হৈছে। অভিজ্ঞ চিকিৎসকে সকলো আধুনিক সুবিধা থকা বাৰ্ন ইউনিটত এই চিকিৎসা প্ৰদান কৰে। জুয়ে পোৰা ৰোগীৰ খাদ্যৰ ক্ষেত্ৰতো বিশেষ মনোযোগ দিয়া হয়। এনে ৰোগীক যথেষ্ট পৰিমাণে প্ৰ’টিন আৰু শক্তিযুক্ত আহাৰ দিয়া হয়, যাতে ৰোগীয়ে সোনকালে আৰোগ্য লাভ কৰে।
লেখক: ডাঃ ৰাতুল বৰুৱা(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 3/18/2020