ভাত খাওতে প্ৰায়ে মাছৰ কাঁইট ডিঙিত বিন্ধি লাগি ধৰে। এনেকৈ ডিঙিত কাঁইট লাগিলে আঁহ জাতীয় খাদ্য যেনে ৰুটি, পাউৰুটী, শুকান ভাত, কল আদি গোটা খাদ্য প্ৰায় নোচোবোৱাকৈয়ে গিলি দিব লাগে। এনেকৈ গিলি দিয়াৰ ফলত কাঁইটডাল খাদ্য বস্তুৰ সৈতে তললৈ নামি যাব পাৰে আৰু পাছত মলৰ সৈতে বাহিৰ হৈ যাব। মাংস বা তেনে ধৰনৰ কোনো কোমল বস্তু ডিঙিত লাগি ধৰিলে আঙুলিৰে ঠেলি দিলে লাগি ধৰা বস্তুটো নামি যাব পাৰে। টান বস্তু ডিঙিত লাগি ধৰিলে ডিঙিত আঙুলি সুমুৱাই বমি কৰি দিলে লাগি ধৰা বস্তুটো ওলাই আহিব পাৰে।
লিখকৰ নাম: ৰফিক আলী
শেহতীয়া উন্নীতকৰণ: : 4/23/2020