বহু সময় ধৰি বাহিৰৰ পৰিৱেশত, উচ্চ তাপত থাকিলে শৰীৰৰ ভিতৰভাগৰ তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা ব্যাহত হয় । শৰীৰ অধিক উত্তপ্ত হৈ পৰে । শৰীৰ অধিক উত্তপ্ত হৈ পৰাৰ কাৰণসমূহ হল-শৰীৰৰ উপৰিভাগৰপৰা তাপ নিৰ্গমনত বাধা প্ৰদান কৰা । এই বাধা প্ৰদানৰ কাৰকসমুহ হল- বাহিৰৰ উচ্চ উষ্ণতা, বায়ুৰ আৰ্দ্ৰতা আৰু বতাহৰ নিশ্চলতা ।শৰীৰত পোনপটীয়াকৈ ৰদ পৰাৰ ফলত সূৰ্যাঘাত হব পাৰে ।
এনে দুৰ্দশাগ্ৰস্তই প্ৰথমে ক্লান্তি অনুভৱ কৰে আৰু পাছত মূৰৰ যন্ত্ৰণাই দেখা দিয়ে । তাৰ পাছত মূৰ ঘুৰণি, দুৰ্বলতা, ভৰিৰ বিষ, পিঠিৰ বিষ, মাজে মাজে বমি আদিয়ে দেখা দিয়ে । আৰু পাছত দেখা যায়- কাণেৰে ভোঁ ভোঁ শব্দ শুনা, চকুৰে অন্ধকাৰ দেখা, শ্বাসকষ্ট, বুকু ধৰফৰ কৰা আদি ।
কোনোধৰণৰ সময় ক্ষতি নকৰি দুৰ্দশাগ্ৰস্তক অধিকতৰ শীতল বা ছাঁ পৰা ঠাইলৈ নিব লাগে । তাতে এনেকৈ শুৱাই দিব লাগে যাতে মূৰটো সামান্য ওখ হৈ থাকে ।
দুৰ্দশাগ্ৰস্তক পূৰ্ণ বিশ্ৰাম দিব লাগে, মূৰ আৰু হৃতপিণ্ড অঞ্চল শীতল পানীৰ পটি দি বা শীতল পানী ঢালি ঠাণ্ডা কৰিব লাগে । সেয়া অৱশ্যে খুৱ লাহে লাহে কৰিব লাগে ।
দুৰ্দশাগ্ৰস্তক যথেষ্ট পৰিমাণে শীতল পানীয় খাব দিব লাগে ।
শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াক উত্তেজিত কৰিবলৈ স্পিৰিট অৱ এমনিয়াৰ ঘ্ৰাণ লব দিব লাগে আৰু জেলেনিনৰ টোপাল পানীত মিহলাই খুৱাব লাগে ।
যদি শ্বাস কাৰ্যত ব্যাঘাত ঘটে তেন্তে কৃত্ৰিম উপায়ে শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰিব লাগে ।
ঘৰুৱা ব্যৱস্থা:
কেঁচা আম পুৰি টান সাহখিনি মিহিকৈ বটি গাত লেপ দিয়াৰ লগতে সেই বটা পানীৰে চৰ্বত তৈয়াৰ কৰি খাব লাগে ।
শেহতীয়া উন্নীতকৰণ: : 3/25/2020