অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থায়ৰক্সিন হৰমনৰ বিকল্প আয়ুৰ্বেদিক চিকিৎসা

থায়ৰক্সিন হৰমনৰ বিকল্প আয়ুৰ্বেদিক চিকিৎসা


থাইৰয়ডৰ বিকল্প চিকিৎসা -

আমাৰ বহু কেইজন সদস্য আৰু সদস্যাই হাইপ'থায়ৰইডিজমৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসা কৰি ভাল পাই থাইৰক্সিন হৰমণ খোৱাটো সম্পূৰ্ণ পৰিত্যাগ কৰিছে। ইতিমধ্যে এই ৰোগ সম্পৰ্কীয় পোষ্ট আছে বাবে কেৱল নিৰাময় উল্লেখ কৰা হ'ল। উল্লেখযোগ্য যে মহিলাই সচৰাচৰ খোৱা থায়ৰক্সিন হৰমন দুবছৰতকৈ অধিক সময় খালে স্তন টিউমাৰ, জৰায়ু টিউমাৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। এই টিউমাৰ পুণৰ স্তন কেঞ্চাৰ আৰু জৰায়ু কেঞ্চাৰলৈ পৰিৱৰ্তন ঘটে।
(১) Kanchanar gugulu--দূটাকৈ দিনে তিনিবাৰ খাব
(২) Pratap Lankeswar ras- দুটাকৈ দিনে তিনিবাৰ খাব।
(৩). Nityananda ras-এটাকৈ দিনে তিনিবাৰ খাব।
ঔষধ তিনিবিধ আয়ুৰ্বেদিক ফাৰ্মাছীত পোৱা যায় আৰু চিকিৎসকৰ পৰামৰ্শ লৈহে খাব।

এই ঔষধৰ উপৰিও দুটা গাজৰ , এটা তিয়হ মিক্সিত বা পটাত পিহিলৈ ৰস উলিয়াব । এই ৰসৰ লগত এচামুত তিচি গুটিৰ গুৰি (এবিধ তৈল বীজ) মিহলাই ৰাতিপুৱা খালিপেটত খাব। আধাঘন্টাৰ পিছতহে আন আহাৰ খাব পাৰিব। এইদৰে কেদিনমান খালে থায়ৰইড গ্ৰন্থিৰ সকলো ধৰণৰ ৰোগ ভাল হোৱাৰ উপৰিও অধিক কাৰ্যক্ষম হয়। থায়ৰইড গ্ৰন্থিয়ে সুচাৰুভাৱে থায়ৰক্সিন হৰমন উৎপাদন, নি:সৰন আৰু তেজৰ জৰিয়তে সঞ্চালন কৰি সম্পূৰ্ণৰূপে সুস্থ কৰিব পাৰে। আহক , এইদৰেই বিদায় দিয়ক থাইৰক্সিন হৰমনৰ ঔষধ।

(ক) যিসকলে থায়ৰক্সিন 25 mg টেবলেত খাই আছে , তেখেত সকলে আয়ুৰ্বেদিক ঔষধ আৰম্ভ কৰাৰ লগে লগেই থায়ৰক্সিন 25 mg টেবলেত খোৱাটো বন্ধ কৰিব।

(খ) যিসকলে থায়ৰক্সিন 100 mg খাই আছে , তেখেত সকলে 100 mg টেবলেত বন্ধ কৰি থায়ৰক্সিন 75 mg টেবলেত ১০ দিন খাব। ১০ দিন খোৱাৰ পিছত থায়ৰক্সিন 50 mg টেবলেত ১০ দিন খাব। এইদৰে ১০ খাই 25 mg টেবলেত ১০ দিন খাব‌। ১০ দিন খোৱাৰ পিছত 25 mg টেবলেত বন্ধ কৰিব পাৰিব‌ । ৰোগীৰ বলাবলৰ ওপৰত ভিত্তি কৰি ৰোগ সোনকালে বা পলমকৈ ভাল হোৱাটো নিৰ্ভৰ কৰে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া

মবাইল নম্বৰ- 9435209704

 

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate