দাঁত সৰিলে বা সৰোৱাৰ পাছত দন্তমূলৰপৰা অত্যধিক ৰক্তপাত হ'ব পাৰে। অত্যধিক ৰক্তপাত বিপদজনক হ'ব পাৰে। সেয়ে যিমান পাৰি সোনকালে এনে ৰক্তপাত বন্ধ কৰিব লাগে।
প্ৰাথমিক সাহায্য:
দুৰ্দশাগ্ৰস্তক বৰফ চুপিবলৈ বা শীতল পানী মুখত লৈ থাকিব দিব লাগে। ৰক্তপাত বন্ধ নহ'লে গৰম পানী মুখত লৈ থাকিব দিব লাগে।
ঘৰুৱা বা বনৌষধিৰে চিকিৎসা ব্যৱস্থা:
- কেঁহৰাজ বা পিত-ভৃংগৰাজৰ পাতৰ গুৰিৰে দাঁত ঘঁহিলে দাঁতৰ গুৰিৰে তেজ আৰু পূঁজ ওলোৱা বন্ধ হয়।
- খৈৰা গছৰ বাকলিৰ ৰসেৰে কুল কুলি কৰিলে তেজ ওলোৱা বন্ধ হয় আৰু মুখৰ ঘাঁ ভাল হয়।
- ডালিমৰ পাত বা ফুলৰ গুৰিৰে দাঁত ঘঁহিলে তেজ ওলোৱা বন্ধ হয়।
- মহানিম, যজ্ঞ ডিমৰু, ভোতোৰা আদিৰ ঠাৰিৰে দাঁত ঘঁহিলে তেজ ওলোৱা বন্ধ হয়।
- জামু গছৰ বাকলি বা দুধকৰি গছৰ বাকলি বা মহানিম গছৰ বাকলি বা যজ্ঞ ডিমৰু গছৰ বাকলি সিজোৱা পানীৰে মুখ ধুলে আৰু মুখত লৈ থাকিলে উপকাৰ পোৱা যায়।
- পোৰা তামোল গুড়ি কৰি দাঁত ঘহিলে উপকৃত হয়।
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.