আমাৰ বুকুৰ সোঁফালৰ কামিহাড়বোৰৰ ঠিক তলতেই যকৃতৰ অৱস্থান। এই যকৃতৰ ভিতৰতেই পিত্তথলী বা পিত্তকোষ থাকে । এই পিত্তকোষত উত্পন্ন হোৱা পাত্থৰ বা শিলক পিত্তশিলা বোলা হয়।
পিত্তকোষৰ ভিতৰত এনেধৰণৰ শিল এটাৰপৰা এহেজাৰটালৈকে হ`ব পাৰে ।পিত্তশিলাৰ সংখ্যা যিমানেই বেছি হয়, সিহঁতৰ আকাৰ সিমানেই সৰু হয়। যদি একেটাই মাত্ৰ শিলা হয়, তেন্তে তাৰ আকাৰ থলী বা কোষটোৰ সমানেই হয়গৈ । আনহাতে সংখ্যাত অধিক হ`লে বালিকণাৰ দৰে অতি ক্ষুদ্ৰও হ`ব পাৰে।
পিত্তশিলাবোৰ আকাৰত সৰু হলে ভাল। কাৰণ সৰু সৰু শিলাবোৰে কোনোধৰণৰ অনিষ্ট নকৰি বহুদিন ধৰি পিত্তকোষৰ ভিতৰতে থাকি যায় । তদুপৰি অতি ক্ষুদ্ৰ শিলাবোৰ কমন বাইল-ডাক্টৰ ভিতৰেৰে আহি ক্ষুদ্ৰান্ত্ৰত প্ৰবেশ কৰে আৰু তাৰপৰাই মলৰ সৈতে বাহিৰলৈ নিৰ্গত হয়। অথচ এই ক্ৰিয়া-প্ৰক্ৰিয়াৰ বিষয়ে ৰোগীয়ে কিঞ্চিতমানো গম নপায়।
আমাৰ যকৃতৰ গাত এক-ডেৰ ইঞ্চি দীঘল এডাল নলী আছে । এই নলীডালক হেপাটিক ডাক্ট বা যকৃত-নলী বোলা হয় । আনহাতে পিত্তকোষৰ গাতো দুই-আঢ়ৈ ইঞ্চি দীঘ্ল এডাল নলী আছে । এই নলীডালক পিত্তাশয় বাহিনী বোলা হয় । এই দুয়োডাল নলীৰ মুৰ দুটা আহি একেঠাইতে সংযুক্ত হৈ এডাল উমৈহতীয়া নলীত পৰিণত হৈছে । এই উমৈহতীয়া পিত্তনলীডালকেই কমন বাইল-ডাক্ট বোলা হয়।
পিত্তকোষৰপৰা পিত্ত বাহিৰ হৈ পিত্তনলীৰে ক্ষুদ্ৰান্তত পৰে । এই পিত্তৰসৈতে পিত্তশিলা বাহিৰ হৈ আহিiলে, শিলা যদি ডাঙৰ হয় তেন্তে ভয়ানক যন্ত্ৰণাৰ সৃষ্টি হয়।
যকৃতৰ স্থানত অতি যন্ত্ৰণাদায়ক আৰু অসহ্যকৰ বিষ উত্পত্তি হয় । বিষ যিকোনো সময়তেই হব পাৰে যদিও সাধাৰণতে আহাৰ গ্ৰহণৰ দুই-তিনি ঘণ্টা পিচতহে হয় । বিষ যকৃতৰ স্থানৰপৰা আৰম্ভ হৈ ক্ৰমান্বয়ে ওপৰৰ ফাললৈ অৰ্থাত সোঁকান্ধলৈকে বিস্তৃত হয়। কেতিয়াবা আকৌ গোটেই পেটটোতে বিষ বিয়বি পৰে । সোঁকান্ধৰপৰা গোটেই সোঁহাতখনতে আৰু পিচলৈ বাঁও কান্ধলৈকে বিষ বিয়পিব পাৰে । যকৃত¬ অঞ্চলত বিষ বাঢ়ে আৰু যকৃত স্ফীট হয় । নাড়ীৰ স্পন্দন অতি ক্ষীণ হয়, শৰীৰ চেঁচা পৰে, প্ৰায়ে ঘাম ওলায় । জ্বৰ থাকে, জ্বৰ ১০২°-১০৩° পৰ্যন্ত বাঢ়ে । যেতিয়ালৈকে পিত্তশিলা অন্ত্ৰত গৈ নপৰে তেতিয়ালৈকে এনেধৰণৰ যন্ত্ৰণা হৈ থাকে । পিত্তশিলা অন্ত্ৰত গৈ পৰাৰ লগে লগে যন্ত্ৰণাৰ উপশম হয় আৰু ৰোগীৰ গভীৰ টোপনি আহে ।
কেতিয়াবা আকৌ ৰোগীৰ প্ৰবল বমি হয়। বমিৰ পিচতে যন্ত্ৰণাও কমি যায় । ইয়াৰ কাৰণ, বমি কৰোঁতে বমন ক্ৰিয়াৰ ফলত পিত্তনলীডাল ঢিলা হয় । ফলস্বৰূপে শিথিল পিত্তনলীৰে শিলাবোৰ পুনৰ উভতি আহে অথবা শিথিলতাৰ ফলত শিলাবোৰে নলীৰ বেৰত বিষ-যন্ত্ৰণা সৃষ্টি কৰিব পৰাকৈ চাপ দিব নোৱাৰে ।
শিলবোৰ যদি অতি সৰু হয়, তেন্তে একপ্ৰকাৰ মিৰ মিৰ কৰা বিষৰ উত্পন্ন হব পাৰে ।এনেধৰণৰ পিত্তশিলাক গুটিকাশ্ম বোলা হয় । গুটিকাশ্ম হলে যকৃতৰ স্থানত হেঁচি দিলে বিষ বাঢ়ে, সামান্য পৰিমাণে জণ্ডিছৰ নিচিনা হয়, পৰিপাক শক্তিৰ খেলিমেলি হয়, অজীৰ্ণতাই দেখা দিয়ে, আবেলি বা সন্ধিয়া জ্বৰ জ্বৰ ভাব ইত্যাদি লক্ষণ পৰিলক্ষিত হয় ।
পিত্তশিলাৰোগীক তেল আৰু চৰ্বিজাতীয় আহাৰ অতি কমাই খুৱাব লাগে । মা-মছলা আৰু জ্বলা একেবাৰে খাব দিব নালাগে । বেছিকৈ তেল-চৰ্বিজাতীয় আহাৰ, শাক-পাচলি, ফল-মূল, জ্বলা-মছলা খোৱাৰ ফলত অজীৰ্ণ অৰুচি বৃদ্ধি হোৱাৰ সম্ভাবনা অতি প্ৰৱল হৈ পৰে । দাইল,ডাঙৰ মাছ, দৈ গাখীৰ, টেঙা, কেঁচা আৰু চেঁচা বস্তু খাব দিব নালাগে ।মৈথুন, পৰিশ্ৰম, শোক, ক্ৰোধ আদি একেবাৰে নিষিদ্ধ।
পিত্তশূল নিবাৰণ আৰু পিত্তশিলা বিনা অস্ত্ৰোপচাৰে নিৰ্গমনৰ বাবে হোমিঅ`পেথি হৈছে উত্কৃষ্টমানৰ চিকিত্চা পদ্ধতি । এই পদ্ধতিত অতি সহজে আৰু কম সময়তে পিত্তশিলা পিত্তথলীৰ পৰা বাহিৰ কৰি আনিব পাৰি । লক্ষণ আৰু প্ৰকৃতি অনুযায়ী কলেষ্টিৰিনাম, চেলিড`নিয়াম, বাৰ্বাৰিজ ভালগাৰিজ, ছায়না, কেল্কেৰিয়া কাৰ্ব, ইথাৰ, মেগ ফছ ইত্যাদি প্ৰয়োগ কৰিব পাৰি ।
লিখক: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020