আঘাত পোৱা, মোচোকা খোৱা বা থেতেলা খোৱা
খেল-ধেমালি কৰোতে, দৌৰা-দৌৰি কৰোতে প্ৰায়ে হাত-ভৰিত মোচোকা খোৱা যায়। কেতিয়াবা গধুৰ বস্তু শৰীৰত পৰাৰ ফলত কোনো অংশ থেতেলা উঠিব পাৰে। ইয়াৰ লগে লগে প্ৰতিকাৰ নকৰিলে পাছলৈ ফুলি যোৱাৰ লগতে বিষো বাঢ়ি যায়।
- মোচোকা খোৱা ঠাইত চূণ, হালধি আৰু নিমখ একেলগে মিহলাই গৰম কৰি লেপ দি বান্ধি দিব লাগে।
- দিনত ২-৩ বাৰকৈ হালধি গৰম কৰি দিলে বিষ আৰু ফুলা উপশম হয়।
- ভৰিত মোচোকা খালে গৰম পানীৰ তাপ দি ল’ব লাগে। পিছত পিঁয়াজ আৰু কেঁচা তেতেলি পুৰি লেপ দিব।
- চূণ আৰু হালধি মিহলাই বটি লেপ দিলেও বিষ কমে।
- মোচোকা খোৱা ঠাইখিনিত প্ৰথমে খুব পাতলকৈ চূণৰ লেপ দি তাৰ ওপৰত গুড়ৰ লেপ দিলে বিষ আৰু ফুলা কমি যায়।
- অৰ্জুন গছৰ কেঁচা বাকলি আৰু নহৰু মিহিকৈ বটি মোচোকা খোৱা ঠাইত লেপ দিলে বিষ আৰু ফুলা কমি যায়।
- ভেদাইলতাৰ পাত আৰু পচতীয়াৰ পাত একে সমানে লৈ মিহিকৈ বটি লেপ দিলে ফুলা আৰু বিষ কমি যায়।
- মানিমুনিৰ পাত মিহিকৈ বটি লেপ দিলেও উপকাৰ পোৱা যায়।
- এটা আকণৰ পাত লৈ ওপৰফালে ঘিউ বা তেল সানি জুইত তাপ দিব লাগে। সেই গৰম পাতটোৰে আঘাতপ্ৰাপ্ত অংশত সেক দিলে খুব সোনকালে বিষ আৰু ফুলা কমে।
- তুলসীৰ গুটি কেইটামান পানীত তিয়াই থ’ব লাগে। গুটিকেইটা তিতি ফুলি উঠিলে আঘাত পোৱা অংশত এখন পাতল কাপোৰ মেৰিয়াই লৈ তাৰ ওপৰত গুটি কেইটাৰে লেপ দিব লাগে।
- বুকুত আঘাত পালে পচতীয়াৰ পাতকেইটামান কাপোৰ এখনত মেৰিয়াই বান্ধি উতলা পানীৰ ভাপত তপতাব (ভকা বা টেকেলি মুখত দিয়া পিঠা সজোৱাৰ দৰে) আৰু সেই তপত টোপোলাৰে বুকুত সেক দিব।
লিখক: ডা: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.