অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা :

প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা :

প্ৰাত্যহিক জীৱনত ৫০ বয়সোৰ্ধ পুৰুষকসলে সতকাই সম্মুখীন হোৱা এটা সমস্যাই হৈছে BPH| প্ৰায় ৯০ শতাংশ পুৰুষৰ ক্ষেত্ৰতে এই ৰোগবিধ হোৱা দেখা যায়|

প্ৰষ্টেট গ্ৰন্থিটো এটা আখৰোট(walnut) আকাৰৰ গ্ৰন্থি যিটো মূত্ৰথলীৰ ঠিক তলত মূত্ৰবাহী নলী (Urethra)ৰ দুয়োকাষে অৱস্থিত|

তএই গ্ৰন্থিটোৱে এবিধ ৰস ক্ষৰণ কৰে যাক Semen বুলি কোৱা হয়, যিয়ে শুক্ৰাণুসমূহৰ পৰিবহণ আৰু গৰ্ভধাৰণত সহায় কৰে|

বয়সৰ লগে লগে এই গ্ৰন্থিটো বিভিন্ন কাৰণত আকাৰত ডাঙৰ হয়(কাৰণসমূহ আলোচনা কৰা নহয়), যাৰ ফলত মূত্ৰবাহী নলীৰ দুয়োকাষে যথেষ্ট চাপৰ সৃষ্টি হয় ফলস্বৰূপে প্ৰস্ৰাৱ নিৰ্গমনত যথেষ্ট অসুবিধা হয়|

লক্ষণ -


১)প্ৰস্ৰাৱৰ বেগ ৰাখিব নোৱাৰা(Urgency),

৩)সঘনাই পেচাব লগা(Frequency),

৩)পেচাৱ কৰাৰ সময়ত বল দিব লগা, টোপ টোপকৈ হোৱা(Hasitancy),

৪)ৰাতিৰভাগত বেছিকৈ পেচাৱ লগা।

এই ৰোগবিধৰ চিকিৎসা সময়মতে নকৰিলে পেচাব সম্পূৰ্ণৰুপে বন্ধ হোৱা দেখা যায়| ইয়াৰ লগতে কিডনী উৰ্ধক্ৰমীয়(Ascending urinary tract infection)বীজাণু সংক্ৰমণ, পেচাৱত ৰক্ত অহা(Himaturia) আদি সমস্যাই দেখা দিয়ে|

পৰীক্ষা(Investigations)-

১)তলপেটৰ আল্ট্ৰাচ'নগ্ৰাফী

২)PSA(Prostat specific antigen)

৩)Fine needle biopsy

৪)Urine culture and sensitivity test

চিকিৎসা:

আধুনিক চিকিৎসা পদ্ধতিত Dutasteride, Tumsulosin জাতীয় ঔষধ আৰু লগতে পেচাবৰ সংক্ৰমণৰ ওপৰত ভিত্তি কৰি উপযুক্ত Antibiotics দিয়া হয়|

আয়ুৰ্বেদিক উপচাৰ -

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ব্যৱহৃত নিম্নলিখিত ঔষধিসমূহ অত্যন্ত উপযোগী:

  • Kanchanar guggulu,
  • Rudra Ras,
  • Triphala guggulu,
  • Chandraprabha Vati,
  • Renalka syp,
  • Himplasia Tablet,
  • Neeri syp,
  • Green punarnava syp ইত্যাদি(উল্লেখিত ঔষধসমূহ চিকিত্সকৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব)।

লেখক: ডাঃ মেদিনী বৰ্মন

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate