পোৰা আৰু জুলা বন্ধাৰ পৰিণাম অতি দুখ জনক হ’ব পাৰে ইয়াৰ ফলত শৰীৰত দাগ বহা, অংগৰ বিকৃত হোৱা আৰু মানসিক অসুস্থতা অন্যতম।এই সকলোবোৰ দীৰ্ঘম্যাদী আৰু কিছুমান ক্ষেত্ৰত গোটই জীৱনৰ বাবে থাকি যায়। সেইবাবেই যত্ন সহকাৰে সঠিক আৰু ক্ষীপ্ৰ চিকিৎসা অতি প্ৰয়োজন।
যদি পোৰে
যেতিয়া আমাৰ শৰীৰ শুকান গৰম বস্তু, ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহে বা কাষলৈ যায় তেতিয়াই শৰীৰৰ অংগ দগ্ধ হয়।সাধাৰণতে এনেধৰণৰ বস্তুৰ পৰা আমাৰ শৰীৰ প্ৰায়ে দগ্ধ হয়-
- ৰান্ধনী ঘৰৰ সামগ্ৰী যেনে, কেটলীৰ ধাকনি, কেৰাহীৰ হেণ্ডেল, তাৱা ইত্যাদি।
- আধুনিক ইলেকট্ৰিক সামগ্ৰী যেনে, কেটলী, ইস্ত্ৰী ইত্যাদি।
- দূৰ্ঘটনাবসতঃ হোৱা জুই যেনে চৌকা, গেছ-বাৰ্ণাৰ, ইলেকট্ৰিক স্পাৰ্ক।
- দূৰ্ঘটনাবসতঃ কাপোৰ বা আন সামগ্ৰীত জুই লগা।
- কাঢ়া বিজাণুনাশক।
- ৰ’দৰ প্ৰখৰ তাপ আৰু বতাহ।
সাধাৰণতে আমাৰ শৰীৰৰ উদং অংশবোৰতে বেছিকৈ পোৰে।যেনে, হাত, মনিবন্ধনী আৰু মূৰ।উতলা পানীৰ বাস্প, তেল চিটিকনি আৰু আন গৰম জুলীয়া পদাৰ্থই পুৰি জোলাৰ সৄষ্টি কৰে।দুয়োবিধ পোৰাৰ ফলাফল একেই।ই আমাৰ ছালত পানী জোলাৰ সৃষ্টি কৰে। অতি বেছিকৈ পুৰিলে আমাৰ টিছুবোৰক ক্ষতি কৰে।
বেছিভাগ পোৰা কাৰ্য্য সংঘটিত হয় ঘৰত।সেইকাৰণে ইয়াৰ চিকিৎসা ঘৰতে কৰিব লাগে।তাৰোপৰি বেছিভাগ দূৰ্ঘটনাই ৰান্ধনী ঘৰত হয়।সেইবাবেই এনে দূৰ্ঘটনাত আক্ৰান্ত ব্যক্তিক ৰান্ধনী ঘৰতে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।কিন্তু, দূৰ্ঘটনা এৰি চলাটোতহে অধিক গুৰুত্ব দিয়া উচিত।কাৰণ এনে দূৰ্ঘটনাবোৰৰ কোনোটোৱেই কেতিয়াও ঘটা উচিত নহয়।এই দূৰ্ঘটনাত বয়স্ক, শাৰিৰীক অক্ষম আৰু শিশুসকলহে আক্ৰান্ত হয়।শিশু আৰু বৃদ্ধ লোক দগ্ধ হ’লে এওঁলোকক বিশেষভাৱে গুৰুত্ব দি চিকিৎসা ব্যৱস্থা হাতত ল’ব লাগিব।
কিছুমান গুৰুত্বপূৰ্ণ নকৰিবলগীয়া কাম
পুৰিলে শৰীৰত কি ক্ষতি হয় আৰু দক্ষ আৰু উপযুক্ত চিকিৎসা সহায় পোৱাৰ আগতে নিজে কি কৰিব পাৰি সেই কথা আলোচনা কৰাৰ আগতে ইয়াত কেইটামান বিষয় দিয়া হৈছে-
যিবোৰ কেতিয়াও কৰিব নালাগে-
- পোৰা ঠাইত কেতিয়াও মাখন, ময়দা বা চৌদা লগাব নালাগে।
- কেতিয়াও তেল, মলম বা লোচন লগাই চিকিৎসা কৰিব নালাগে।
- পানী জোলা হ’লে ফুটাব নালাগে।
- পৰাপক্ষত পোৰা ঠাই স্পৰ্শ নকৰিব।
- পুৰি গাত আঠা লাগি ধৰা কাপোৰ আদি টানি এৰুৱাবলৈ চেষ্টা কৰিব নালাগে।
আজিকালিৰ বেছিভাগ কাপোৰ-কানি কৃত্ৰিম সূতাৰে তৈয়াৰী। যি গৰমত টফীৰ দৰে গলি যায় আৰু ছালত আঠা লাগি ধৰে।এইবোৰ টানি এৰোৱাবলৈ চেষ্টা কৰিলে ছালৰ লগতে মাংস পেশীও চিঙি অহাৰ ভয় থাকে- যাৰ ফলত বিষ আৰু সংক্ৰমণ হয়।পোৰা কাপোৰবোৰ বিজাণু মুক্ত হৈ যায় সেইবোৰ হাতেৰে স্পৰ্শ নকৰাই ভাল।
সাধাৰণ চিকিৎসা
কিছুমান বিশেষ ধৰণৰ দগ্ধ হোৱা ঘটনাৰ বাহিৰে সাধাৰণ পোৰাৰ এটা সাধাৰণ চিকিৎসা আছে।প্ৰথমেই মনত ৰখা দৰকাৰ যে- সৰু সুৰা পোৰাৰ বাহিৰে বাকী সকলো পোৰা ঘটনাৰো বিপদজনক, বেদনাদায়ক আৰু মানসিকভাৱে কষ্টদায়ক হৈ পৰে।এইবোৰে প্ৰায়েই ভয়ানক অৱস্থাৰ সৃষ্টি কৰে।যেনে, ঘৰত জুই লগা বা পথ দূৰ্ঘটনাত গাড়ীৰ তেলৰ টেংকত জুই লগা।এনে দূৰ্ঘটনাত আক্ৰান্ত ব্যক্তি সাধাৰণতে ভয় আৰু বিহল্বতাৰ মাজত থাকে।তেনে ক্ষেত্ৰত নিজে শান্ত আৰু সুস্থিৰভাৱে থাকি তেওঁক সহায় কৰিব লাগে।মানসিকভাৱে উৎসাহিত কৰিব লাগে।কোমল সুৰত কথা পাতিব লাগে।ছাল আৰু টিছু পুৰি গ’লে দেহত যথেষ্ট পৰিমাণৰ তৰল পদাৰ্থৰ অভাৱ ঘটে।দগ্ধ হোৱা টিছুবোৰে কিছু পৰিমাণৰ তাপ ধৰি থাকে। ইয়াৰ ফলত বেছি ক্ষতি হোৱাৰ উপৰিও যন্ত্ৰণাও বৃদ্ধি পায়।সেইকাৰণে তৎকালীন চিকিৎসাৰ প্ৰকৃত উদ্দেশ্য হৈছে দগ্ধ অংশৰ তাপ কমোৱা। প্ৰাথমিক চিকিৎসাৰে নিশ্চিতভাৱে ক্ষতিগ্ৰস্থ টিছুৰ তাপ কমাব পৰা যায়।
যত্ন
- দগ্ধ হোৱা অংশটো ঠাণ্ডা পানীত ডুবাই দিব লাগে। বালটি, গামলা, ৰান্ধনী ঘৰৰ চিংক (বাচন ধোৱা বেচিন) আদিত এই কামটো কৰিব পৰা যায়। নতুবা পানীৰ টেপ খুলি তাৰ তলত পোৰা অংশটো ধৰি লাহে লাহে পানী পৰিবলৈ দিব লাগে।
- এনেদৰে ১৫ মিনিট সময় বা বিষ সম্পূৰ্ণ ৰূপে কমি নোযোৱালৈকে ৰাখিব লাগে। দগ্ধ অংশটো পানীত ডুবাই ধৰিবলৈ যদি অসুবিধা হয় (যেনে মুখ), তেন্তে এখন পৰিস্কাৰ কাপোৰ ঠাণ্ডা পানীত তিয়াই জলপটিৰ দৰে উক্ত স্থানত লগাই থাকিব লাগে। আৰু সঘনাই এই পটি পুনৰ পানীত তিয়াই ক্ষত স্থানত লগাই থাকিব লাগে। ক্ষত স্থানত একো ঘহিব নালাগে। হেঁচা দিবও নালাগে। এনে পটি দিয়াৰ ফলত টিছুৰ পৰা কিছু তাপো ওলাই যাব। ফলত অংশটো অধিক ক্ষতি, ৰঙচুৱা পৰা, পানী জোলা হোৱা আৰু বিষ হোৱাত বাধা দিব।
- আক্ৰান্ত হোৱাৰ পিছত যিমান সোনকালে পৰা যায় আঙুঠি, খাৰু, জোতা বা আন বস্তু (ক্ষত স্থানৰ ওচৰে পাজৰে থকা) খুলি পেলাব লাগে। কাৰণ ঠাইখিনি ফুলি উঠিলে এইবোৰ পাছত খোলাটো কঠিন হৈ পৰিব পাৰে।
- যন্ত্ৰণা কমিলে, ছালৰ ওপৰত যদি সৰু ঠাইত ক্ষত হয় তেন্তে শুকান কাপোৰেৰে লাহে লাহে হেচি পানীবোৰ মুহাৰি পেলাব লাগে। তাৰ পাছত ড্ৰেচিং গজৰে অংশটো ধাকি পেলাব লাগে। ক্ষত স্থান ডাঙৰ বা গভীৰ হ’লে পানীৰ পৰা তুলি অনাৰ পাছত বৰ আলসুৱা ভাৱে পৰিস্কাৰ কৰিব লাগে।
- চিকিৎসকক বা এম্বুলেঞ্চ মাতিব লাগে।
- ক্ষত স্থান ডাক টিকেট এটাতকৈ ডাঙৰ হ’লে এজন চিকিৎসকক দেখুৱাতো অতি প্ৰয়োজন। আক্ৰান্ত ব্যক্তিক প্ৰাথমিক চিকিৎসাৰ পাছত চিকিৎসকক দেখুৱাব লাগে।
- চিকিৎসালয়ত চিকিৎসা কৰিব লগা ধৰণৰ- আঘাট পোৱা ঠাইখিনি যদি বেছি ডাঙৰ আৰু গভীৰ হয়, তেন্তে চিকিৎসালয়লৈ গৈ থকা অৱস্থাতো আক্ৰান্ত ব্যক্তিৰ ক্ষত অঞ্চল শীতল কৰাৰ চেষ্টা অব্যাহত ৰাখিব লাগে। এনে ক্ষেত্ৰত এখন কাপোৰত বৰফৰ টুকুৰা বান্ধি ল’ব পৰা যায়। আনহাতে, আক্ৰান্ত ব্যক্তিয়ে দগ্ধ অংশটো নেদেখাৰ ফলত মনৰ উদ্বেগো যথেষ্ট কমি যায়। টেবুল ক্লথ বা বিছনা চাদৰ ইয়াৰ বাবে উপযুক্ত। এই কাপোৰ নাইলনৰ হব নালাগে।
চিকিৎসক বা এম্বুলেঞ্চ অহালৈকে আক্ৰান্ত ব্যক্তিক মানসিকভাৱে শান্তনা আৰু আশ্বাস দিব লাগে। আক্ৰান্ত ব্যক্তি শিশু হ’লে, কোঁচত তুলি সাৱতি ধৰি থাকক। এইটো অতি প্ৰয়োজনীয় কথা। পিছে মনত ৰাখিব- এনে কৰোঁতে যাতে ক্ষত স্থানত হেঁচা নপৰে।
বিশেষ চিকিৎসাৰ প্ৰয়োজন হোৱা পৰিস্থিতি।
কাপোৰত জুই লগা
- যদি কাপোৰত জুই জ্বলিয়েই থাকে, তেন্তে পানী ধালি জুই নুমুৱাবলৈ চেষ্টা কৰিব লাগে। আক্ৰান্ত ব্যক্তিক কম্বল, কোট বা আন ডাঙৰ কাপোৰেৰে মেৰিয়াই দিব লাগে। যাতে জুয়ে বতাহৰ সংস্পৰ্শ নাপায় নুমাই যায়। যিজনে এই কাম কৰিব তেওঁ কাপোৰখন সন্মুখৰ ফালে ধৰিব লাগে, যাতে জুয়ে তেওঁক ক্ষতি কৰিব নোৱাৰে। এইটো অতি গুৰুত্বপূৰ্ণ কথা।
- সাধাৰণতে গাত জুই লাগিলে আক্ৰান্ত ব্যক্তি খুব বেছি আতংকিত হৈ পৰে। এনে আতংকৰ ফলতে তেওঁ কোঠাই কোঠাই দৌৰি ফুৰিব পাৰে- ফলত চাৰিওফালে তেওঁৰ গাৰ পৰা জুই বিয়পি পৰাৰ ভয় থাকে। বহুতে আকৌ মুকলি ঠাইলৈ ওলাই আহে বা দৌৰিবলৈ ধৰে- ইয়াৰ ফলত জুই বেছিকৈহে জ্বলে। সেইবাবে আক্ৰান্ত ব্যক্তিক স্থিৰ হৈ একে ঠাইতে থাকিবলৈ উৎসাহিত কৰিব লাগে।
- জুই সম্পূৰ্ণভাৱে নুমাই যোৱাৰ পাছত প্ৰাথমিক চিকিৎসা- আগতে উল্লেখ কৰাৰ দৰে।
চকুত ৰাসায়নিক চিটিকনি পৰা
ইয়াৰ ফলত চকুৰ স্থায়ী ক্ষতি হ’ব পাৰে। দৃষ্টি শক্তিও হেৰুৱাব লগা হ’ব পাৰে। সেইবাবে এনে ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে চিকিৎসা কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। ৰাসায়নটো অতি সোনকালে পনীয়া কৰি পেলাব লাগে।
- আক্ৰান্ত ব্যক্তিক ওপৰ মুৱাকৈ শুৱাই ল’ব লাগে। বুঢ়া আৰু তৰ্জনী আঙুলিৰে চকুৰ পতা মেলি ধৰি নাকৰ ফালৰপৰা চকুৰ ওপৰত অহৰহ পানী ধালি থাকিব লাগে।
- চকুৰ পতা কেইবাবাৰো বন্ধ-খোলা কৰিবলৈ দিব লাগে। যাতে পতাৰ ভাজত বা চকুত ভিতৰত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ অংশ জমাহৈ থাকিব নোৱাৰে।
- কমেও ১০ মিনিট এনেদৰে পানী ঢালি চকু ধুই থাকিব লাগে। ঘড়ী চাই এই কাম কৰিব লাগে। মনত ৰাখিব লাগে যাতে কোনোপধ্যেই ১০ মিনিটৰ কম নহয়।
- ইয়াৰ পাছত চকু জপাই ইয়াৰ ওপৰত এটা পেড দি আলসুৱাকৈ বান্ধি দিব লাগে।
- আক্ৰান্ত ব্যক্তিক শান্তনা দিব লাগে। প্ৰয়োজনত এম্বুলেঞ্চ মাতিব লাগে নতুবা চিকিৎসকক।
বৈদ্যুতিক দগ্ধ
ইয়াৰ ক্ষত স্থান অতি সৰু হয় কিন্তু অতি গভীৰ হ’ব পাৰে। সাধাৰণতে যি অংশৰে বিদ্যুত শৰীৰত সোমায় আৰু শৰীৰৰ পৰা ওলাই যায় সেই অংশতে এনে ক্ষত হয়।
- আক্ৰান্ত ব্যক্তিক চিকিৎসা কৰাৰ আগতে চুইছ অফ বা প্লাগ আদি খুলি পেলাব লাগে।
- আক্ৰান্ত ব্যক্তিয়ে পানী স্পৰ্শ কৰি থাকিলে চুইছ অফ বা প্লাগ নতৰোঁৱাকৈ সেই পানী স্পৰ্শ কৰিব নালাগে। কাৰণ পানীৰ মাজেৰে সহজে বিদ্যুত পৰিবাহিত হয়। আক্ৰান্ত ব্যক্তিক কাষলতিৰ তলত ধৰিব নালাগে।
- আক্ৰান্ত ব্যক্তিৰ উশাহ-নিশাহ পৰীক্ষা কৰিব লাগে। বৈদ্যুতিক তৰংগ বুকুলৈ গৈ হৃদস্পন্দন আৰু উশাহ বন্ধ কৰি দিব পাৰে। প্ৰয়োজনত কৃত্ৰিম শ্বাস আৰু বুকুত মালিচ কৰিব লাগে।
- পোৰাৰ সাধাৰণ চিকিৎসাও কৰি যাব লাগে
উৎস: আইএনডিজি দল।