মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / মনোবিজ্ঞান আৰু সাংগীতিক চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মনোবিজ্ঞান আৰু সাংগীতিক চিকিৎসা :

মনোবিজ্ঞান আৰু সাংগীতিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান সময়ছোৱাত সমগ্ৰ বিশ্বতে চলি অহা বিজ্ঞান আৰু প্ৰযুক্তবিদ্যাৰ সফল নিক্ষেপণ আৰু প্ৰগতিয়ে মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এনে পৰিস্থিতিত সংগীত কেৱল আমোদ-প্ৰমোদৰ বিষয় হৈ নাথাকি, চিকিৎসা বিজ্ঞান আৰু বিশেষকৈ মনোবিজ্ঞানৰ ক্ষেত্ৰখনত, এই বিষয়ত বহুল চৰ্চা আৰু অনুসন্ধানৰ পথ সুগম হৈ উঠিছে।

প্ৰকৃততে, মানৱ সভ্যতাৰ প্ৰাৰম্ভণিৰপৰা সুমধুৰ ধ্বনিৰ প্ৰয়োগৰ বিষয়ে প্ৰমাণ পোৱা যায়। যেতিয়া ভাষাৰ সৃষ্টি হোৱা নাছিল, তেতিয়া মানুহে আকাৰ-ইংগিতেৰে ভিন্ন শব্দ প্ৰয়োগ কৰি নিজৰ ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।

নাদব্ৰহ্ম বা ধ্বনি এই সমগ্ৰ বিশ্বত বিস্তাৰিত হৈ আছে। এনে ধ্বনি দুই প্ৰকাৰৰ।

  • প্ৰথমটো হৈছে, সুমধুৰ বা সাংগীতিক ধ্বনি। সাংগীতিক ধ্বনিয়ে আমাৰ মন-আত্মাক আনন্দ দিয়ে।
  • দ্বিতীয়টো হৈছে, অসাংগীতিক ধ্বনি বা কোলাহল। এনে ধ্বনিয়ে আমাৰ কৰ্ণত কষ্টৰ অনুভৱ কৰায়।

সাংগীতিক ধ্বনিৰ ক্ষেত্ৰত কোৱা হয় যে প্ৰকৃতিৰপৰা উৎপন্ন হোৱা ধ্বনিৰপৰায়ে স্বৰ অৰ্থাৎ সুমধুৰ ধ্বনিৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে,

  • নদ-নদীৰ কল-কল কৰি থকা অবিৰল ধ্বনি,
  • জীৱ-জন্তু,
  • চৰাই-চিৰিকটিৰ কন্ঠস্বৰ ইত্যাদিৰপৰাই সাংগীতিক স্বৰৰ উৎপত্তি হৈছিল।

এনে সাংগীতিক মধুৰ ধ্বনি যেতিয়া আমাৰ শ্ৰৱণেন্দ্ৰিয় হৈ মগজুলৈ যায়, ই মন আৰু হৃদয়ত ক্ৰিয়া কৰে।

সৃষ্টিৰ পাতনিৰেপৰা মানৱ জাতিয়ে অন্তৰৰ আৱেগ-অনুভূতি, হৰ্ষ-বিষাদ আদি প্ৰকাশৰ এটি প্ৰধান মাধ্যম হিচাপে গীত, বাদ্য আৰু নৃত্যক ব্যৱহাৰ কৰি আহিছে।

নৃত্য-গীতে বা একে আষাৰতে ক’বলৈ গ’লে সংগীতে আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এটা বুজন অংশ অধিকাৰ কৰি আহিছে। আমাৰ দেশত-

  • কেঁচুৱা টোপনি যায় গীত শুনি শুনি,
  • বুঢ়াসকলে কীৰ্তন-ভাগবত পাঠ কৰে সুৰ ধৰি,
  • কৃষক-মজদুৰসকলে দিনটো হাড়ভঙা খাটনি লাঘৱ কৰিবলৈ বিচাৰে সুৰ আৰু ছন্দৰ মাজেৰে।

সামাজিক সকলো উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বণ আদিত গীত-বাদ্যৰ প্ৰচুৰ ব্যৱহাৰ আমি দেখিবলৈ পাওঁ।

কেৱল এয়ে নহয়, আমাৰ দেশৰ বহুতো ঠাইত

  • জাতিৰ ইতিহাস,
  • স্মৰণীয় ঘটনা,
  • মনোৰম কাহিনী আদিও সংৰক্ষিত হৈ আছে মুখে মুখে চলি অহা বিভিন্ন গীত-পদৰ মাজেৰে।

গুজৰাট, ৰাজস্থান আদি স্থানৰ বীৰ গাথাসমূহ, অসমৰ জ্যোতি-ৰাভাৰ গীত, বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদিত জাতীয় ইতিহাসৰ একোটি অধ্যায় সমাহিত হৈ আছে।

এই দেশৰ মন্দিৰত সংগীত, মছজিদত সংগীত, সত্ৰানুষ্ঠানত সংগীত, পথাৰত সংগীত, হাবি-বননিত সংগীত। মুঠতে সংগীত আমাৰ জীৱনত উঠোঁতে-বহোঁতে, খাওঁতে-শোওঁতে ইত্যাদি দৈনন্দিন কাৰ্যৰ সৈতে জড়িত হৈ আছে।

শিক্ষানুষ্ঠানত শিশুক পাঠদান কৰাৰ প্ৰাৰম্ভিকতে প্ৰাৰ্থনা, দেশভক্তিমূলক গীতেৰে ছাত্ৰ-ছাত্ৰীৰ মনত এক নতুন উদ্যম গঢ়ি তোলাত সংগীতে সহায় কৰে।

সাংগীতিক ধ্বনিয়ে মানৱেই নহয়, গছ-গছনি, পশু-পক্ষী, জীৱ-জন্তুৰ ওপৰতো সাকাৰাত্মক প্ৰভাৱ বিস্তাৰ কৰে। মানুহৰ শাৰীৰিক অংগ-প্ৰত্যংগ, শাৰীৰিক প্ৰক্ৰিয়া আৰু মন-মস্তিষ্কত সংগীতে প্ৰভাৱ পেলায়। ইয়াৰদ্বাৰা আত্মসন্তুষ্টি আৰু আত্ম অনুভূতি বিকাশ হয়। হিন্দু ধৰ্ম আৰু দৰ্শন অনুসৰি এই আত্মসন্তুষ্টিয়েই হৈছে সৰ্বোচ্চ লক্ষ্য।

মস্তিষ্কৰ লগত সম্বন্ধিত ভিন্ন ক্ৰিয়া প্ৰণালী, মনোবিজ্ঞানৰ অন্তৰ্গত বিষয়। সংগীতৰ লগত সম্বন্ধিত হ’লে ইয়াক সংগীত মনোবিজ্ঞান বোলা হয়।

বৰ্তমান সময়ত, সাংগীতিক চিকিৎসা বা ইংৰাজীত মিউজিক থেৰাপিৰে শৰীৰৰ বিভিন্ন ৰোগৰ চিকিৎসা সম্ভৱপৰ হৈছে।

কেৱল ভাৰতৰ দৰে দেশতেই নহয়, ভাৰতীয় ৰাগ সংগীতৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় ৰাগ সংগীতেৰে ৰোগ নিৰাময়ৰ প্ৰচেষ্টা চলাই অহা হৈছে। সংগীত হৈছে আত্ম অভিব্যক্তিৰ বা আত্মপ্ৰকাশৰ এক মহত্ত্বপূৰ্ণ মাধ্যম।

এই এক আভ্যন্তৰীণ ফলত সৃষ্টি হোৱা এক সৃজনশীল কলা। সংগীতে শৰীৰ আৰু মনত ভিন্ন ধৰণে ক্ৰিয়া কৰে। ই মানসিক, আৱেগিক, শাৰীৰিক সমস্যা দূৰ কৰি মানৱ মনত প্ৰভাৱ বিস্তাৰ কৰে।

ভাৰতীয় ৰাগ সংগীতে মনত শক্তি দিয়াৰ উপৰি চৌদিশে এক সুস্থ বাতাৱৰণ গঢ় লৈ তোলাত সহায়ক হয়।

সাংগীতিক চিকিৎসাৰ জৰিয়তে বৰ্তমান সময়ত বিশেষভাৱে সক্ষম লোকৰ লগতে, মানসিক বাধাগ্ৰস্ততাত ভোগা ব্যক্তি আৰু শিশুসকলৰ বাবেও ৰোগ নিৰাময়ৰ ভিন্ন উপায় সন্ধান কৰি উলিওৱা হৈছে আৰু ইয়াৰ বাবে স্কুলীয়া শিক্ষাতো সংগীতক এক বিষয় হিচাপে বাধ্যতামূলক কৰা হৈছে।

এনে সাংগীতিক চিকিৎসাসমূহত ভাৰতীয় ৰাগ-সংগীতৰদ্বাৰা চিকিৎসা কৰা হয়। সাংগীতিক ধ্বনিয়ে আমাৰ মন আৰু শৰীৰৰ বিভিন্ন অংশত ক্ৰিয়া কৰাৰ লগতে আত্মিক শুদ্ধতা, মানুহৰ সৰ্বাংগীন উন্নতিৰ লগতে আত্মবোধ বৃদ্ধি কৰে। ‘মনোবিজ্ঞান’ হৈছে ‘মনৰ বিজ্ঞান’।

ই আমাৰ মন-মস্তিষ্কত হোৱা ভিন্ন পৰিৱৰ্তন, ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু ভিন্ন প্ৰভাৱৰ বিষয়ে অৱগত কৰে।

উদাহৰণস্বৰূপে- যিদৰে এজন চিকিৎসকে ৰোগীৰ শাৰীৰিক অৱস্থা এটি বিশেষ ঔষধি প্ৰয়োগ কৰাৰ পিছত বহু সময়লৈ নিৰীক্ষণ কৰে, সেইদৰে এজন মনোচিকিৎসকেও মানুহৰ মনৰ আভ্যন্তৰীণ ক্ৰিয়াসমূহৰ বিষয়ে নিৰীক্ষণ কৰে আৰু মনোবিজ্ঞানিক সমস্যাসমূহ সমাধান কৰে। এই প্ৰক্ৰিয়াক ইংৰাজীত Introspection বোলা হয়।

সাংগীতিক ধ্বনি বা স্বৰ শুনাৰ পিছত, সাংগীতিক ধ্বনিৰদ্বাৰা হোৱা মানৱ মনৰ আৰু মানৱ আচৰণৰ ক্ৰিয়া-প্ৰক্ৰিয়াসমূহৰ পৰীক্ষা আৰু অধ্যয়নেই হৈছে সংগীত মনোবিজ্ঞানৰ বিষয়।

মনোবিজ্ঞানক ইংৰাজী ভাষাত Psychology বোলা হয়। শব্দৰ উৎপত্তি ‘Psyche’ আৰু ‘Logos’ শব্দৰ সংযোগৰ ফলত উদ্ভৱ হৈছে। ‘Psyche’ শব্দৰ অৰ্থ হৈছে ‘আত্মা’ আৰু শব্দৰ অৰ্থ হৈছে ধাৰণাৰ আধাৰিত অধ্যয়ন। গতিকে, সংগীত মনোবিজ্ঞান হৈছে এই আত্মধাৰণা আধাৰিত বিজ্ঞান।

সংগীত এক যোগ সাধনৰ প্ৰক্ৰিয়া। সংগীত সাধনা যোগ ক্ৰিয়াৰ সমতুল্য বুলি ক’লে ভুল নহ’ব। বৈদিক যুগৰ ‘ওঁম’ শব্দৰ উচ্চাৰণৰ মাজত এক অদ্ভুত শক্তিৰ উমান পোৱা যায়।

ওঁম ধ্বনিৰে স্বৰ সাধনা আৰু অভ্যাস আৰম্ভ কৰাৰ ফলত মন-মস্তিষ্ক সতেজ হয়। বৰ্তমানৰ সা, ৰে, গা, মা, পা, ধা, নি- এই সাতোটা স্বৰ, বৈদিক যুগত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, মন্ত্ৰ, অতিস্বৰ-ৰূপত পোৱা গৈছিল।

বৈদিক যুগৰ মন্ত্ৰ উচ্চাৰণৰ সমৱেত(Harmony) সুৰৰ প্ৰয়োগ, উদাত্ত, অনুদাত্ত আৰু স্বৰিত এই তিনি সপ্তকত কৰা হৈছিল আৰু এই সমৱেত স্বৰ উচাৰণ অদ্ভুত প্ৰাকৃতিক শক্তিসম্পন্ন আছিল।

পাশ্চত্য বিদ্বান এডৱাৰ্ড পডুলুচকীৰ মত অনুসৰি-  ‘It seems, therefire, that this kind of mugic has a stimulating effect on the circulation by increasing the blood pressure and pulse rate while lessening action current of the heart’. অৰ্থাৎ, সংগীতৰদ্বাৰা শাৰীৰিক তেজ সঞ্চালন আৰু হৃদয়ৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। সংগীতৰ প্ৰভাৱত মানৱ মনেই নহয়, বৰংসম্পূৰ্ণ শৰীৰো প্ৰভাৱান্বিত হয়।

সংগীতে আমাক আৱেগিক কৰি তোলে। সংগীতে আমাক গাবলৈ আৰু নাচিবলৈ বাধ্য কৰে। সংগীতে মগজুৰ অধিক অংশকে ব্যস্ত কৰি ৰাখে আৰু অংগ-প্ৰত্যংগৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু ইয়াক সতেজ কৰি ৰাখে।

শৰীৰৰ যিবোৰ অংশ সাধাৰণতে খাদ্য, যৌনক্ৰিয়া আৰু ঔষধিৰদ্বাৰা সতেজ হয়, এনে অংশক সংগীতে সতেজ কৰি ৰখাত সহায়।

সংগীতে আমাৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়াৰ সৈতেও জড়িত। যিদৰে বাঁহী, হাৰমনিয়াম আদি সুষিৰ বাদ্যসমূহ বাদন কৰোঁতে বায়ু ভিতৰলৈ টানি আৰু বায়ুত ফু দি বা বায়ুত চাপ প্ৰয়োগ কৰি ইয়াৰ গতি সলনি কৰা হয়, ঠিক এনেদৰে শৰীৰত শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণৰদ্বাৰা ধ্বনিৰ উৎপত্তি হয়। গতিকে, বাঁহী, হাৰমনিয়াম আদি সুষিৰ বাদ্যৰ দৰেই আমাৰ কন্ঠ নলীও হৈছে এটি সুষিৰ বাদ্য।

প্ৰাচীনকালত যুদ্ধক্ষেত্ৰত যোৱাৰ প্ৰাকমুহূৰ্তত, জয়ধ্বনিৰ বাবে সংগীত পৰিৱেশন কৰা হৈছিল। বীৰত্বৰ ভাব সূচাবলৈ বৰ্তমানেও সৈন্য বাহিনীতো সাংগীতিক ধ্বনিৰে March কৰোৱা দেখা যায়।

প্ৰাচীনকালৰেপৰা এই বিষয়ে শুনা যায় যে মাতৃগৰ্ভত থকা শিশুক ভাল কথা, ভাল গান শুনোৱাটো খুবেই প্ৰয়োজন।

মাতৃগৰ্ভত শিশুৱে নিজৰ চৌদিশে চলি থকা চৰিত্ৰসমূহ, কাৰ্যকলাপসমূহ আয়ত্ত কৰিবলৈ চেষ্টা কৰে। প্ৰাচীন হিন্দু শাস্ত্ৰ আৰু আয়ুৰ্বেদিক চিকিৎসাত মাতৃগৰ্ভত থকা শিশুক দৈনিক সংগীত শুনোৱাৰ বিষয়ে কোৱা হৈছে।

ভাৰতীয় বাদ্য বাঁহী, মৃদংগম আৰু সামবৈদিক মন্ত্ৰ উচ্চৰণ কৰি গৰ্ভৱতী মহিলাক শুনোৱাৰ বিষয়ে প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ আছে।

ভাৰতীয় সংগীতৰ মাজত এনে এক অদ্ভুত শক্তি আছে যি মন শান্ত কৰি, গৰ্ভৱতী মহিলাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া, মানসিক আৰু শাৰীৰিক উত্তেজনাৰ হ্ৰাস কৰাত সহায় কৰে।

অধিক উত্তেজিত সংগীতে কিন্তু মাতৃগৰ্ভৰ শিশুক নিৰাপত্তাহীনতাৰ অনুভৱ কৰাব পাৰে। মনোবৈজ্ঞানিক বা গৱেষকৰ মত অনুসৰি ৩৩ মাহৰ এটি শিশুৱে কোনো এটি গান চিনাক্ত কৰি সেই গীতত ইংগিত দিব পাৰে।

বহু সময়ত দেখা যায়, মাতৃগৰ্ভত থকা অৱস্থাত শুনা এটি গীত শিশুৱে জন্মৰ পৰৱৰ্তী সময়তো অত্যন্ত মনোযোগেৰে শুনা দেখা যায়।

সংগীতৰ পৰিভাষা ১৩ শতিকাত পণ্ডিত শাৰংগদেৱে এইদৰে উল্লেখ কৰিছে- গীতং, বাদ্যং, নৃত্যং ক্ৰয়ং সংগীত মূৰ্চ্যতে।

অৰ্থাৎ গীত, বাদ্য আৰু নৃত্য এই তিনিও কলাৰ সমন্বয়কে সংগীত বোলা হয়। দৈনিক নৃত্যত, মাটি আখৰা আদি অভ্যাস কৰাৰ ফলত নানা বিধৰ ৰোগ নিৰাময় কৰিব পৰা যায় আৰু সু-স্বাস্থ্যৰ গৰাকীও হ’ব পৰা যায়।

সংগীত শুনাৰ ভিন্ন মানুহৰ ৰুচি ভিন্ন হ’ব পাৰে। কোনোৱে হয়তো শান্ত কোনোৱে হয়তো মেল’ডিক সংগীত ভাল পায়।

আকৌ কোনোৱে হয়তো পাশ্চাত্য সংগীতৰ ৰ’ক, পপ মিউজিক আদি শুনি আপ্লুত হয়। ঠিক সেইদৰে, কোনোৱে  হয়তো শাস্ত্ৰীয় সংগীত শুনি সুখ আৰু আনন্দ লাভ কৰে। গতিকে, বিভিন্ন লোকৰ ৰুচি ভিন্ন হয়।

কিন্তু ভাৰতীয় সংগীতৰ মাজত এক অদ্ভুত শক্তি নিহিত হৈ আছে। পাশ্চাত্য সংগীত হৈছে হাৰমনি আধাৰিত আৰু ভাৰতীয় সংগীত।

ভাৰতীয় সংগীতৰ মেল’ডিক(সুমধৰ) সংৰচনাই আত্মিক আৰু মানসিক শুদ্ধতা আৰু শান্তি দিয়াৰ লগতে আত্মাক পৰআত্মাৰ লগত সংযোগ কৰাত সহায় কৰে।

ভাৰতীয় ৰাগ সংগীতৰ মূলমন্ত্ৰ হৈছে সংগীতৰ জৰিয়তে ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰা। অৰ্থা ঈশ্বৰ ধ্যান আৰু ইয়াৰ জৰিয়তে মুক্তি লাভ কৰা। ভাৰতীয় ৰাগ সংগীতৰ এই পৱিত্ৰতাৰ বাবেই এই গায়নশৈলীক বৰ্তমান বিশ্বৰ বিভিন্ন দেশে গ্ৰহণ কৰিছে।

ভাৰতীয় ৰাগ সংগীতৰ শিক্ষা আৰু সংগীতৰ ভিন্ন দিশসমূহৰ অধ্যয়ন আৰু গৱেষণাৰ কাৰ্য ভাৰত স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ৰপৰাই বিশ্ববিদ্যালয় স্তৰত আৰু আন আন সাংগীতিক প্ৰতিষ্ঠানত চলি আহিছে।

মানৱ শৰীৰটো এটি বাদ্যযন্ত্ৰৰ দৰে আৰু এই যন্ত্ৰয়ে ইন্দ্ৰিয়ৰ যোগেদি সাংগীতিক ধ্বনি গ্ৰহণ কৰে। সাংগীতিক ধ্বনিৰ যোগেদি শাৰীৰিক সংবেদনৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰভাৱ সম্পূৰ্ণ শৰীৰ, মন, আত্মাত পৰে।

এনে ক্ৰিয়ায়ে মানুহৰ মানসিক আচৰণত সাকাৰাত্মক পৰিৱৰ্তন অনাত সহায়ক হয়। এই সাংগীতিক সংৰচনা মেল’ডি(সুমধৰ ধ্বনি), ৰিডম(লয়), টোনচ(শ্ৰুতি)ৰ দ্বাৰা নিৰ্মিত হয়।

ভাৰতীয় ৰাগ সংগীতত মানসিক শান্তি, আনন্দ দিব পৰা শক্তি নিহিত হৈ আছে। ৰাগ চৰ্চাৰদ্বাৰা-

  • এজমা(Asthama),
  • মাইগ্ৰেইন(Migraine),
  • ডিপ্ৰেচন(Depression)- ৰ দৰে ৰোগ নিৰাময় কৰিব পৰা যায়।

ৰাগ অহীৰ ভৈৰৱত শৰীৰৰ বিষ, হাইপাৰটেনচন(Hypertension) নিৰাময় কৰিব পৰা শক্তি আছে।

ৰাগ আশাবৰীয়ে আত্মবিশ্বাস(Confidence) বৰ্দ্ধন, বাগেশ্ৰী ৰাগৰদ্বাৰা ইনচ’ম্নিয়া(Insomnia) নামৰ ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা আছে।

বসন্ত বাহাৰ ৰাগৰদ্বাৰা গল-স্ত’নচ(Gall Stones) আৰু ৰিউমেটিক আৰথ্ৰাইটিচ(Rheumatic Arthriris) নিৰাময়ৰ ক্ষমতা আছে।

  • ৰাগ ভীমপলাশীত উত্তেজনা(Anxiety) আৰু হাইপাৰটেনচন(Hypertension),
  • ৰাগ চন্দ্ৰকোষৰদ্বাৰা হতাশা(Depression),
  • খামাজ ৰাগৰদ্বাৰা টোপনি(Sleep Disorder) সম্বন্ধিত ৰোগ নিৰাময় কৰিব পৰা যায়।

সেইদৰে, ৰাগ দৰবাৰী কানড়াৰদ্বাৰা মূৰৰ বিষ, এজমা আদি ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা আছে।

এই ৰাগসমূহৰদ্বাৰা হজম কৰিব পৰা ক্ষমতা বঢ়াব পৰা যায়। ৰাগ দীপকৰ জৰিয়তে এছিড, পেটৰ পাথৰ(Gall Stones) ইত্যাদি ৰোগ নিৰাময় হয়।

ৰাগ গুৰ্জৰী তৌড়ীৰদ্বাৰা কফ(Cough), ৰিউমেটিক আৰথ্ৰাইটিচ(Rheumatic Arthritis) আদি ৰোগ নিৰাময় হয়।

ৰাগ গুণকলীৰ জৰিয়তে(Constipation) কনষ্টিপেনচ, মূৰৰ বিষ ইত্যাদি ৰোগ নিৰাময় কৰিব পৰা যায়।

এইদৰে ভাৰতীয় ৰাগ সংগীতৰদ্বাৰা ভিন্ন ৰোগ নিৰাময় কৰিব পৰা বৈজ্ঞানিন অনুসন্ধান কেৱল ভাৰতবৰ্ষতেই নহয় পাশ্চাত্য দেশতো চলি আহিছে।

ভাৰতৰ দক্ষিণে চেন্নাইস্থিত ‘The Raga Research Centre’ –ত বৰ্তমান ৰাগৰ যোগেদি ৰোগ নিৰাময়ৰ বাবে ভিন্ন অনুসন্ধানমূলক কাৰ্য চলি আছে।

সু-ধ্বনিয়ে আমাৰ চাৰিওদিশে সুন্দৰ বাতাবৰণ বিস্তাৰিত কৰে। সাংগীতিক চিকিৎসাত সু-ধ্বনি তৰংগয়ে শ্ৰোতা আৰু ৰোগীৰ মনত ক্ৰিয়া কৰে আৰু আমাৰ শৰীৰৰ সম্পূৰ্ণ সিৰা-উপসিৰা(Nervous System)-ৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে।

মনৰপৰা বেয়া ভাবসমূহ আঁতৰাই ইয়াক সাকাৰাত্মক চিন্তাধাৰালৈ পৰিৱৰ্তিত কৰাত সংগীতে সহায় কৰে।

বৰ্তমান সময়ত কেন্সাৰ ৰোগী, ভিন্ন শাৰীৰিক বিষ-উত্তেনতাত ভোগা ৰোগীৰো চিকিৎসা, সংগীতৰ মাধ্যমেৰে কৰাৰ প্ৰচেষ্টা ভিন্ন দেশে হাতত লৈছে।

বৰ্তমান সংগীত কেৱল আমোদ-প্ৰমোদৰ সাধন হৈ নাথাকি বৈজ্ঞানিক অনুসন্ধানৰ বিষয় হৈ পৰিছে।

সংগীতৰ ভিন্ন দিশসমূহৰ গভীৰ অধ্যয়ন আৰু চৰ্চা বৰ্তমানৰ সামাজিক উন্নতি আৰু মানৱ বিকাশৰ বাবেও গুৰুত্বপূৰ্ণ হৈ পৰিছে।

লেখিকা: ড° সুদৰ্শনা বৰুৱা(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top