অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখ গহ্বৰৰ প্ৰদাহ

মুখ গহ্বৰৰ প্ৰদাহ ৰোগৰ লক্ষণ

মুখৰ ভিতৰৰ ঝিল্লি বা সাপৰ মোটৰ নিচিনা ওপৰতে থকা পাতল আৱৰণীখন ফুলি উঠে। সৰু সৰু ফুস্কুৰি বা ফোঁহা ওলায়। পিছলৈ দাঁতৰ আলুতো ঘাঁ হয়। মুখৰ ভিতৰৰ ঘাঁ, ক্ষত আদি ক্ৰমান্বৱে বাঢ়ি যায়। এই ৰোগ সাধাৰণতে ছয় প্ৰকাৰৰ হোৱা দেখা যায়।

(ক)শ্লেষ্মাজনিত প্ৰদাহ

জিভা আৰু আলুৰ আৱৰণী প্ৰদাহিত হয়। জিভা আৰু দাঁতৰ আলুৰ আৱৰণী শুকান, অতিপাত লালবৰ্ণ আৰু চকচকীয়া হয়। মুখৰ ভিতৰখন গৰম বোধ হয়, জিভাত বিষ থাকে, জিভা লৰচৰ কৰিব নোৱাৰে। জিভা ফুলে, উপৰিভাগত মলিযুক্ত বগা ৰঙৰ প্ৰলেপ পৰে। গোটেই মুখৰ ভিতৰখন ৰঙা পৰে, হালধীয়া শ্লেষ্মাৰে ভৰি পৰে। বিষ থাকে, মুখৰ কোনো আস্বাদ নাথাকে, মুখ কেতিয়াবা তিতা তিতা লাগে, কেতিয়াবা টেঙা টেঙা লাগে, দূৰ্গন্ধও থাকে। শিশুৰ দাঁত ওলোৱাৰ সময়ত এই ৰোগ হ’লে লগতে জ্বৰো হয়।

(খ)ক্ষতজনিত প্ৰদাহ

সাধাৰণতে শিশুৰেই এই ৰোগ অধিক হয়। মুখ ভালকৈ পৰিষ্কাৰ কৰি নাৰাখিলে এই ৰোগ হয়। মুখৰ ভিতৰত বগা বগা গাখীৰৰ নিচিনা এক প্ৰকাৰ টুকুৰা, তাৰ চাৰিওকাষটো ৰঙা। এনেধৰণৰ পদাৰ্থ চেকুৰা-চেকুৰকৈ জমা হয়। ২-৩ দিনৰ ভিতৰত এই টুকুৰা দাগবোৰ উঠি আহে আৰু ক্ষতৰ নিচিনা আকাৰ ধাৰণ কৰে। ক্ষত বেছি ডাঙৰ নহয়, এই ক্ষত হয় তলৰপৰা নাইবা এটা কাষৰপৰা আন এটা কাষলৈ বাঢ়ি যায়। জিভাৰ সন্মুখত, গালৰ ভিতৰত, ওঁঠত এই ক্ষত অধিক হয়। (গ)পৰজৈৱিক প্ৰদাহ

এক প্ৰকাৰ কীটৰ দ্বাৰা এই ৰোগ হয়। শিশুৰেই এই ৰোগ অধিক হয়। এইবিধ অতি সংক্ৰামক ৰোগ। কোনো শিশুৰ এই ৰোগ হ’লে ৰোগাক্ৰান্তত শিশুৰ মাতৃৰ স্তন অন্য কোনো শিশুৱে পান কৰিলে সেই শিশুৰো এই ৰোগ হ’ব। জিভাৰ তলত আৰু কাষত এই ক্ষত অধিক হয়। কেতিয়াবা ওঁঠ, তালু আৰু ফেৰিংক্সতো এই ক্ষত হ’ব পাৰে। প্ৰথমতে মুখৰ ভিতৰৰ শ্লৈষ্মিক ঝিল্লি ৰঙা পৰে। তাৰ পিছত ঘূৰণীয়াকৈ বগা গাখীৰৰ চামনিৰ নিচিনা আৱৰণী পৰে আৰু শেষত গোটেই আৱৰণবোৰ একেলগে লগ হৈ এটা ডাঙৰ দাগত পৰিণত হয়। মনকৰিবলগীয়া কথা এই যে, ক্ষতজনিত মুখ গহ্বৰৰ প্ৰদাহত প্ৰথমে বগা দাগ পৰে তাৰ পিছতহে ক্ষত হয়, অতিৰিক্ত লালটি ওলায়। পৰজৈৱিক প্ৰদাহত প্ৰথমে মুখৰ ভিতৰখন ৰঙা পৰে, পিচতহে বগা গোলাকাৰ দাগ পৰে। দাগ সহজে উঠি নযায়, মুখৰ ভিতৰখন শুকান হৈ থাকে।

(ঘ)ঘাঁজনিত মুখ গহ্বৰৰ প্ৰদাহ

৪ৰ পৰা ১০ বছৰৰ বয়সৰ ল`ৰা-ছোৱালীৰ এই ৰোগ অধিক হয়। সুষম খাদ্যৰ অভাৱতেই এই ৰোগ বেছিকৈ হোৱা দেখা যায়। তলৰ কোৱাৰিৰ কোনো এটা ফাল(সাধাৰণতে বাঁওফাল), গালৰ ভিতৰ ভাগত, ওঁঠ, জিভা, দাঁতৰ আলু আদিত কেতবোৰ সৰু হালধীয়া ৰেখাৰ নিচিনাকৈ প্ৰথমতে দাগ পৰে। পিছলৈ অতি সোনকালে গভীৰ ওখ ক্ষতত পৰিণত হয়। ঘাঁৰ ওপৰত গাখীৰৰ নিচিনা বগা দাগ পৰে, কাষবোৰ ৰঙা পৰি থাকে। ঘাঁৰ পৰা সামান্য তেজ বা তেজ মিশ্ৰিত লালটি ওলায়, মুখৰ পৰা পঁচা দুৰ্গন্ধ বাহিৰ হয়। জিভা ফুলে, মলি জমা হয়। এই ৰোগ সোনকালে চিকিৎসা নকৰিলে হাড় নষ্ট হৈ দাঁত সৰিব পাৰে।

(ঙ)পচনজনিত মুখ গহ্বৰৰ প্ৰদাহ

অস্বাস্থ্যকৰ পৰিবেশৰ বাবেই এই ৰোগ হয়। গালৰ এটা অংশ বা কোৱাৰিৰ এটা অংশ প্ৰথমে আক্ৰান্ত হয়। তলৰ ওঁঠ আৰু মুখৰ এটা ফাল ৰঙা পৰে, মুখৰ ভিতৰত ঘাঁ হয়, ঘাঁ অতি সোনকালে চাৰিওফালে বিয়পি পৰে। ঘাঁৰ ওচৰৰ ঠাই ফুলে, দাঁতৰ আলু ফুলে। ডিঙিৰ ভিতৰফালে এখন পঁচা আৱৰণ পৰে, এই আৱৰণ ৩-৪ দিনৰ ভিতৰতে উঠি যায়, তাতে এটা গাঁত হয়। কোনো বস্তু খালে এই গাঁতেৰে বাহিৰ হৈ আহে। বাহিৰৰ পৰা এই গাঁতেৰে ভিতৰৰ দাঁত আৰু হনুৰ হাড় দেখিবলৈ পোৱা যায়। ই অতি মাৰাত্মক ৰোগ, এনে ৰোগৰ ৰোগী শতকৰা ৮০ ভাগেই মৃত্যুমুখত পৰে।

(চ)পাৰদজনিত মুখ গহ্বৰৰ প্ৰদাহ

মুখৰ ভিতৰত, আলুত, জিভা, ওঁঠ আদিত ঘাঁ হয়, দূৰ্গন্ধযুক্ত লালটি ওলায়। কোৱাৰিৰ তলৰ গ্ৰন্থিসমূহ ফুলে, জিভা ফুলে, কোনো বস্তু চোবাই খাব নোৱাৰে। এই ৰোগ সাধাৰণতে অধিক পৰিমানে পাৰদ বা পাৰদযুক্ত ঔষধ সেৱন কৰিলে হয়।

মুখ গহ্বৰ প্ৰদাহত আনুষংগিক ব্যৱস্থা

মুখমণ্ডল আৰু মুখৰ ভিতৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। গুৰুপাক আহাৰ সেৱন কৰিব নালাগে। শ্লেষ্মাজনিত মুখ গহ্বৰ প্ৰদাহত কচলিৰিয়া(Cochleria)Q ২০ টোপাল ৩০ মিলি পানীত মিহলাই কুলু কুলু কৰিব লাগে। ক্ষতজনিত প্ৰদাহত বোৰাক্সQ বা হাইড্ৰাষ্টিছQ ২০ টোপাল ৩০ মিলি পানীত মিহলাই কুলু কুলু কৰিব লাগে। কুলু কুলু কৰাৰ পাছত বিশুদ্ধ গ্লিছাৰিন জিভাৰ ওপৰত সানিব লাগে। পৰজৈৱিক প্ৰদাহত শিশুক গাখীৰ খুৱাই উঠাৰ পিছত কুহুমীয়া গৰম পানীত কপাহ তিয়াই লৈ মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি দিব লাগে। এনে কৰিলে বগা দাগবোৰ উঠি যাব। বোৰাক্স 1Xৰ চূৰ্ণ ৪০ গ্ৰেণ ৩০মিলি পানীত মিহলাই মুখৰ ভিতৰত লগাব লাগে। এনে অৱস্থাত শিশুক বটলেৰে গাখীৰ খুৱাব নালাগে। চামুচেৰেই খুৱাব পাৰিলেই ভাল। বটলেৰে গাখীৰ খুৱালে ৩০ মিলি পৰিষ্কাৰ পানীত বেপ্টেছিয়াQ ৫ মিলি মিহলাই কুলু কুলু কৰাব লাগে আৰু মুখ ধুৱাব লাগে।

মুখ প্ৰদাহত ঘৰুৱা যতন

ডালিমৰ বাকলি ২০০ গ্ৰাম ভালকৈ ধুই দুই লিটাৰ পৰিষ্কাৰ পানীত উতলাব লাগে। পানী উতলি উতলি যেতিয়া চাৰি ভাগৰ এভাগ অৰ্থাৎ আধা লিটাৰমান থাকে তেতিয়া নমাই চেঁচা হ’বলৈ দিয়ক। সেই পানীখিনি চেকি লৈ দিনত দুই-তিনিবাৰকৈ কমেও দুই-তিনি দিন মুখ গহ্বৰ ভালকৈ পক্ষালন কৰিব বা কুলি কুলি কৰিব। ভাতঘিলা বা তকুনাৰ ছাল এঁৱা গাখীৰেৰে বটি মুখ কুলু কুলু কৰিব পাৰে। ডালিমৰ বাকলিৰ দৰে বকুল গছৰ ছাল সিজায়ো একেধৰণে কুলু কুলু কৰিলে তদ্ৰুপ ফল পাব। নিয়ৰৰ পানী মুখত সানিলেও মুখৰ ঘাঁ নোহোৱা হয়।

লিখক: ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate