সংজ্ঞাহীনতা সংজ্ঞা হেৰুৱাই পেলোৱাটো সদাই এটা জটিল অৱস্থা। ব্যক্তিক জোকাৰিলে, চিঞৰিলে বা চিকুটিলেও যদি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে- এই অৱস্থাটোকে অ জ্ঞান অৱস্থা বুলিব পাৰি। যদি কোনো এজন লোকক অজ্ঞান হোৱা যেন লাগে আৰু তেওঁক জোকাৰি দিলে, চিঞৰিলে বা চিকুটিলে জ্ঞান ঘুৰি আহে আৰু তত্ক্ষআণাত তেওঁ কত আছে তেওঁ কোন হয়-সেয়া কবলৈ পাৰে তেন্তে সেই ব্যক্তিজন টোপনীহে গৈছিল- অজ্ঞান হোৱা নাছিল। কিবা দূৰ্ঘটনাৰ ফলত যি আক্ৰান্ত ব্যক্তি সাধাৰণভাৱে কেৱল অজ্ঞান হৈ পৰে-তেওঁৰ চকুৰ আগত উজ্জ্বল পোহৰ পেলালে চকুৰ পতা জপাই দিয়ে। কিন্তু যি সকলে অতি বেছিকৈ অজ্ঞান হৈ পৰে তেনে ব্যক্তিৰ চকু সদাই সন্মুখৰ ফালে স্থিৰ হৈ থাকে। চকুৰ পতা সাধাৰণ অৱস্থাতকৈ বেছিকৈ মেলখাই থাকে। চকুত তীব্ৰ পোহৰ পেলালেও চকুৰ পতা নজপায়। যদি চকুৰ পতা বেছিকৈ মেলখাই থাকে আৰু চকুৰ মনি এটা ফালেই স্থিৰ হৈ থাকে-তেন্তে বুজিব লাগিব ব্যক্তিজনৰ মৃত্যু আসন্ন। যদি কোনো লোকক সংজ্ঞাহীন যেন লাগে তেন্তে প্ৰথমেই জোকাৰিদিয়া, চিঞৰা আৰু ছিকুটি চাব লাগে। যদি কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নাযায় তেন্তে সংজ্ঞাহীন বুলি নিশ্চিত হব পৰা যায়। Care যত্ন • আক্ৰান্ত ব্যক্তিক ওপৰ মুৱাকৈ ৰিক’ভাৰী পজিছনত ৰাখিব লাগে। • বাওঁ হাতখন আক্ৰান্ত ব্যক্তিৰ নিতম্বৰ তলত থ’ব লাগে। • সোঁ হাত মূৰৰ ওপৰলৈ নিব লাগে। • বাওঁফালৰ পৰা শৰীৰটো ওপৰলৈ টানিব লাগে। • সোঁ ভৰি খন যিমান পাৰি ভাজ লগাই দিব লাগে। • সোঁ হাতখন যিমান পাৰি ভাজ লগাব লাগে। • মুখ আৰু ডিঙিৰ পৰা ওলোৱা সকলো পদাৰ্থ চাফা কৰি পেলাব লাগে। যাতে আক্ৰান্ত ব্যক্তিয়ে সহজে উশাহ ল’ব পাৰে। • বাওঁ হাতখন শৰীৰৰ তলৰপৰা উলিয়াই দিব লাগে। • মূৰটো ওপৰলৈ আৰু পিছলৈ লৰাই দিব লাগে যাতে উশাহ লোৱা পথ মুকলি থাকে। এইটো বাওঁফালৰ ৰিক’ভাৰী পজিছন। যদি পৰা যায় একেদৰে সোঁফালৰ ৰিক’ভাৰী পজিছনত ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিবলৈ আগৰ কাম খিনিয়েই বাওঁফালটো সোঁ বুলি ধৰি লৈ কৰিব লাগে। যদি আক্ৰান্ত ব্যক্তিক স্থান আৰু অৱস্থাৰ বাবে ৰিক’ভাৰী পজিছনলৈ আনিব নোৱাৰি তেন্তে আঙুলীৰে দাঁতৰ কুৱাঁৰি মেলি ধৰি নাকৰ ফালে টানি ধৰিব লাগে। যাতে আক্ৰান্ত ব্যক্তিৰ উশাহ লোৱা পথ সুচল হয়। এনে কৰিলে জিভাখন ডিঙিৰ ফুটাৰ কাষৰ পৰা বাহিৰলৈ ওলাই আহিব আৰু ব্যক্তিয়ে উশাহ লোৱা পথ মুকলি হয়। এনেকৈ যদি জিভাখন বাহিৰলৈ উলিওৱাত ব্যৰ্থ হয় তেন্তে মুখখন মেল খুৱাই ৰুমাল এখনেৰে জিভাখন টানি আনিব লাগে। চিকিৎসক, চিকিৎসাকৰ্মী বা আন সহায় নহালৈকে আক্ৰান্ত ব্যক্তিয়ে যাতে উশাহত কোনো বাধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। অপ্ৰশিক্ষিত আৰু অদক্ষলোকে মুখেৰে টিউব ভৰাই শ্বাস দিয়াৰ ব্যৱস্থা কৰিব নালাগে। ইয়াৰ ফলত আক্ৰান্ত ব্যক্তিৰ অধিক ক্ষতি হব পাৰে। (ক) সংজ্ঞাহীন ব্যক্তিক কেতিয়াও কোনো ধৰণৰ খাদ্য বা পানীয় মুখেৰে খুৱাবলৈ যত্ন কৰিব নালাগে। এনে কৰিলে আক্ৰান্ত ব্যক্তিৰ দম বন্ধ হৈ যাব পাৰে, আৰু শ্বাস নলী বন্ধ হৈ উশাহ ল’ব নোৱাৰে। (খ) চিকিৎসক মাতিব লাগে নাইবা এম্বুলেঞ্চ বা আন গাড়ীত চিকিৎসালয়লৈ নিব লাগে। (গ) চিকিৎসক বা এম্বুলেঞ্চ আহি পোৱালৈকে আক্ৰান্ত ব্যক্তিৰ উশাহৰ পথ সুগম কৰাৰ চেষ্টাৰ লগতে আন আঘাটবোৰৰ পৰিচৰ্য্যাও কৰি থাকিব লাগে। যদি আক্ৰান্ত ব্যক্তি মৃত প্ৰায় হৈ পৰে বা উশাহ নিশাহ আৰু হৃদস্পন্দন বন্ধ হও হও যেন হয়, তেন্তে কিছ অফ লাইফ বা মুখত মুখ লগাই শ্বাস প্ৰশ্বাস দিব লাগে আৰু বুকু মালিছ কৰিব লাগে। চিকিৎসক আৰু এম্বুলেঞ্চ অনতি পলমে মাতিব লাগে। যদি আক্ৰান্ত ব্যক্তি অলপ সময়ৰ আগতে মৃত্যু হৈছে তেন্তে ব্যক্তি যিদৰে আছিল তেনে দৰেই থাকিবলৈ দি চিকিৎসক আৰু প্ৰয়োজন সাপেক্ষে পুলিচক খবৰ দিব লাগে। Causes of unconsciousness সংজ্ঞাহীনতাৰ কাৰণবোৰ দুৰ্বলতা, মূৰত আঘাট পোৱা, ষ্ট্ৰোক, মৃগী আদিৰ বাবে মূলতঃ সংজ্ঞাহীন হয়। হাৰ্ট স্তব্ধ, ডায়েবেটিছ, নিছা সেৱন, অতিপাত ৰক্তক্ষৰণ, এলাৰ্জি, বৈদ্যুতিক শ্বক, পানীত ডোবা, বিষাক্ত গেছ সেৱন আদিৰ বাবেও কম তীব্ৰতাৰ সংজ্ঞাহীন হ’ব পাৰে।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 7/11/2020
ওকালি আৰু বমি : চিকিৎসকৰ দুআষাৰ
ৰোগ নিৰাময়ৰ মহৌষধ হাঁহি
ষ্ট্ৰোক
ষ্ট্ৰকৰ বিষয়ে