মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / সন্তানহীন দম্পতিয়ে গ্ৰহণ কৰক আয়ুৰ্বেদিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সন্তানহীন দম্পতিয়ে গ্ৰহণ কৰক আয়ুৰ্বেদিক চিকিৎসা

সন্তানহীন দম্পতিয়ে গ্ৰহণ কৰক আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।


হেজাৰ হেজাৰ বছৰ ধৰি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত সন্তানহীন দম্পতিৰ ফলপ্ৰসু চিকিৎসা কৰি অহা হৈছে। চৰক, সুশ্ৰুত ইত্যাদি কৰি সংহিতাত এই চিকিৎসা বিশেষকৈ উল্লেখ কৰা হৈছে। ইতিমধ্যে অসমতো ভালেমান দম্পতিয়ে এই চিকিৎসাৰ দ্বাৰা সন্তানৰ মুখ দেখিবলৈ সক্ষম হৈছে। অতি কম খৰছী আৰু পাৰ্শ্বক্ৰিয়াবিহীন ঔষধৰ দ্বাৰা গৰ্ভধাৰণ কৰি জন্ম দিয়া সুস্থ-সবল সন্তানে বংশ ৰক্ষা কৰাৰ আনন্দ কিমান তাক ভুক্তভোগীয়ে বুজি পায়। অসমত থকা শত-সহস্ৰ দম্পতিয়ে প্ৰথমে গ্ৰহণ কৰক আয়ুৰ্বেদিক চিকিৎসা। গড়হিচাবত মাত্ৰ তিনিহেজাৰমান টকা ব্যয়সাপেক্ষ এক-দুইমহীয়া আয়ুৰ্বেদিক চিকিৎসাত হব পাৰে গৰ্ভৱতী। ৰোগৰ কাৰণ জনাৰ বাবে প্ৰয়োজন এখন USG বা TVS , প্ৰয়োজন নহয় আন ব্যয়বহুল পৰীক্ষা কৰাৰ। প্ৰথমে এই চিকিৎসা গ্ৰহণ কৰিলে অনায়াসে ৮০%-৯০% মহিলাই গৰ্ভধাৰণ কৰাটো নিশ্চিত। আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা পুৰুষৰ শুক্ৰ বৃদ্ধি কৰি মহিলাৰ গৰ্ভধাৰণ কৰিব পাৰি।
কিন্তু IUI বা IVF কৰা মহিলাৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা কৰোঁতে বহু জটিলতাৰ সন্মুখীন হব লগীয়া হয়। অত্যাধিক হৰমন প্ৰয়োগৰ উপৰিও অত্যাধিক USG, TVS, MRI কৰাৰ ফলত জৰায়ু, ডিম্বাশয়, ডিম্ববাহী নলীৰ ওপৰত হোৱা ৰেডিয়েচনৰ বাবে নানানটা জটিলতা আহি পৰে। ইয়াৰোপৰি এই চিকিৎসা গ্ৰহণ কৰি থাকোতে কেবাটাও বছৰ অতিবাহিত হয়। সেয়েহে সন্তানহীন দম্পতিয়ে নিজে বিবেচনা কৰি সিদ্ধান্ত লওক, কেনেধৰণৰ চিকিৎসা গ্ৰহণ কৰিব। আমাৰ উদ্দেশ্য কোনো চিকিৎসা পদ্ধতিৰ সমালোচনা কৰাটো নহয়। এক কম খৰচী আৰু ফলপ্ৰসু চিকিৎসা গ্ৰহণৰ বাবে অৱগত কৰাটোহে উদ্দেশ্য।


লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top